Join WhatsApp

Join Now

Join Telegram

Join Now

অপেৰা Opera গান অসমীয়াৰ হৃদয়ৰ সংগীত

By Nzmina Begum

Published On:

অপেৰা । Opera

অপেৰা Opera গান অসমীয়াৰ হৃদয়ৰ সংগীত

(অপেৰা Opera) হৈছে গীত নাইবা আবৃত্তিৰ ভংগীৰ জৰিয়তে সংলাপ প্ৰক্ষেপণ কৰা আৰু অর্কেস্ট্রা আদি সমন্বিত নাটক। সাধাৰণভাৱে ক’বলৈ গ’লে সংগীত আৰু নাটকৰ সংমিশ্ৰণত সৃষ্ট এক বিস্তৃত নাটকীয় ৰচনাই হ’ল অপেৰা, —যাৰ সমস্ত অংশতেই বাদ্যযন্ত্ৰ সক্ৰিয় হৈ থাকে।

আধুনিক অৰ্থৰ অপেৰাৰ মূল পোৱা যায় ষষ্ঠদশ-সপ্তদশ শতিকাৰ ইটালীয়ান সংগীত প্ৰধান নাটকত। 1597 চনত ইটালীৰ ফ্লোৰেন্সত অপেৰাৰ জন্ম হয় বুলি কোৱা হয়।

1620 চন মানত ফ্লোৰেন্সৰ পৰা এই অপেৰাৰ বিকাশ হয় ৰোমত । ক্ৰমে ফ্ৰান্স (1671), জাৰ্মানী (1678), ৰাছিয়া (1836), ইংলেণ্ড আদি দেশতো অপেৰাৰ আৰ্হিয়ে প্ৰেৰণা যোগায়।

ইউৰোপত অপেৰাৰ কাৰণে সংগীত ৰচনা কৰি মোজাৰ্ট, ৱাগানৰ আদি লোক অমৰ হৈ আছে। পাশ্চ্যতৰ প্ৰভাৱতো ভাৰততো অপেৰা বা গীতাভিনয়ৰ আৰ্হি সোমায়।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘বাল্মীকিৰ প্ৰতিভা’ এই ধৰণৰ ৰচনা। ইয়াৰ সমগীতত পাশ্চাত্য প্ৰভাৱো লক্ষ্য কৰিব পাৰি। অসমীয়া ভাওনাকো অপেৰা শ্ৰেণীৰ নাটকত সুমুৱাব পাৰি।

মঞ্চত প্ৰদৰ্শিত সকলো কাৰ্যসূচীৰ ভিতৰত অপেৰাকেই আটাইতকৈ দৰ্শনীয় শাস্ত্ৰীয়-সংগীতানুষ্ঠানৰূপে আখ্যা দিয়া হয়। কলা-কুশলীৰ আটক ধুনীয়া ৰূপসজা আৰু দৃষ্টিনন্দন মঞ্চসজ্জাৰে অপেৰা পাশ্চাত্যৰ এক বিশিষ্ট মঞ্চকলাৰূপে স্বীকৃত।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment