Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক অন্বেষণ Class 12 Advance Assamese Chapter 6 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
অন্বেষণ Class 12 Advance Assamese Chapter 6 Solutions
অন্বেষণ – সীতানাথ ব্রহ্মচৌধুৰী
কবি পৰিচয়ঃ সীতানাথ ব্রহ্মচৌধুৰী (১৯০৮-১৯৮২) অসমীয়া ৰমন্যাসবাদী কবিসকলৰ ভিতৰত এজন অন্যতম কবি। তেওঁৰ জন্ম হয় গোৱালপাৰাৰ ভালুকমাৰীত।
তেওঁ নিচেই সৰু কালৰপৰাই কাব্য চর্চা কৰিবলৈ লয়। তেওঁৰ কাব্য কীৰ্ত্তিৰ ভিতৰত কমলকলি, আবেগ, চকুলো আৰু ফুলেশ্বৰী দৈমাৰী। তেওঁ গাওঁ সংগঠন নামৰ আন এখন গ্রন্থও ৰচনা কৰি থৈ গৈছে। প্রকৃতি প্রেম, মানব প্রেম আৰু সৌন্দৰ্যৰ কীৰ্তন তেওঁৰ কবিতাৰ প্ৰধান বিষয়। তেওঁ অসম সাহিত্য সভাৰ তিনিচুকীয়া আৰু ডিফু অধিবেশনত সভাপতিত্ব কৰিছিল।
কঠিন শব্দৰ অৰ্থ:
নিৰুপমা: অতুলনীয়। লবণুঃ মাখন। অধীৰ: অস্থিৰ।
পাঠভিত্তিক প্রশ্ন-উত্তৰ:
১। কবি পৰিচয়সহ কবিতাটিৰ সাৰাংশ লিখা।
উত্তৰ: ওপৰৰ কবি পৰিচয় চাই পিছত তলৰখিনি যোগ দিয়া।
সীতানাথ ব্রহ্মচৌধুৰীৰ ‘অন্বেষণ’ শিৰোনামাৰ কবিতাটি এক প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্রেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ ছবি প্রকট কৰি তুলিছে।
কবি পূর্বজন্মত বিশ্বাসী। কবিয়ে জাতিষ্মৰৰ দৰে পূৰ্বজনমৰ প্ৰেয়সীৰ কথা মনত পেলাইছে। তাই আছিল অনুপমা সৌন্দৰ্যৰ প্রতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জোকাৰি দিছিল। কবিয়ে এই জনমতো তাইক পাবলৈ ব্যাকুল হৈ পৰিছে। সমস্ত জগত বিচাৰি চলাথ কৰিছে। কিন্তু তাইক ক’তো বিচাৰি পোৱা নাই। পূর্ব জনমত তাইৰ সৌন্দর্যময়ী লাবণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল। প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল কবিৰ প্ৰেয়সীৰ দেহৰ প্রতিটো অংগ। কবিৰ ওঁঠৰ এটি মাথো প্রেমভৰা চুমাত প্রেয়সী প্রেমত মতলীয়া হৈ পৰিছিল। পূৰ্ব জনমৰ বিদায় লগ্নত প্রিয়তমা আৰু কবিৰ দুচকু দুখৰ চকুলোৰে ভৰি পৰিছিল।
কবিয়ে তেওঁৰ পূৰ্ব জনমৰ সেই প্রেয়সীজনী এতিয়া ক’ত কেনেদৰে আছে সেয়া নাজানে। সেই মোহময়ী প্রেয়সীক কবিয়ে ক’তো বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰিছে।
২। কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰ: ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) সীতানাথ ব্রহ্ম চৌধুৰী কিমান চনত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ ১৯০৮ চনত।
(খ) সীতানাথ ব্রহ্ম চৌধুৰীয়ে ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰ: গোৱালপাৰাৰ ভালুকমাৰীত।
(গ) সীতানাথ ব্রহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: ‘কমলকলি’ আৰু ‘চকুলো’।
(ঘ) সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতাত কি ভাৱৰ প্ৰকাশ ঘটিছে?
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতাত ৰোমান্টিক ভাবাদর্শ, প্রেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে।
(ঙ) অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সীতানাথ ব্রহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰ: তিনিচুকীয়া আৰু ডিফু অধিবেশনত।
(চ) সীতানাথ ব্রহ্ম চৌধুৰীয়ে কলেজীয়া শিক্ষা ক’ত গ্রহণ কৰিছিল?
উত্তৰ: গুৱাহাটীৰ কটন কলেজত।
(ছ) সীতানাথ ব্রহ্ম চৌধুৰীয়ে কিমান চনত মৃত্যু বৰণ কৰিছিল?
উত্তৰ: ১৯৮২ চনত।
(জ) সীতানাথ ব্রহ্ম চৌধুৰীৰ তিনিখন কাব্য গ্রন্থৰ নাম লিখা। H. S. ’20
উত্তৰ: সীতানাথ ব্রহ্মচৌধুৰীৰ তিনিখন কাব্য গ্রন্থৰ নাম হ’ল: কমলকলি, আবেগ আৰু চকুলো
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
অতিৰিক্ত প্রশ্ন-উত্তৰ:
(ক) ‘বিৰহ কাতৰ মই, বিৰহত মৰো দেই-পুৰি, অ’ মোৰ প্ৰাণৰ প্রিয়া, ক’ত যাম তোমাক বিচাৰি।’
– কবিৰ বিবহৰ চিত্ৰ ইয়াত কিদৰে প্ৰকাশ পাইছে? H. S. ’15, ’16
উত্তৰ: অনুশীলনীৰ ১ নং প্রশ্নোত্তৰ চোৱা।
(খ) ‘নিজ মনে গান গাই বিৰহৰ কৰুণ সংগীত সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছো বিচাৰি’
– ইয়াত কবিয়ে কিদৰে বিৰহৰ কৰুণ সংগীত গাই গাই ঘূৰি ফুৰিছে, লিখা। H. S. ’17, ’18
উত্তৰ: অনুশীলনীৰ ১ নং প্রশ্নোত্তৰ চোৱা।
(গ) ‘অন্বেষণ’ কবিতাটিৰ মূলভাব লিখা। H. S. ’19
উত্তৰ: প্রেম এক সহজাত প্রবৃত্তি। ইয়াৰ আবেদন কোনেও নুই কৰিব নোৱাৰে। শাৰীৰকি সৌন্দর্যই প্ৰেমৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কিয়নো মানুহে সুন্দৰ বস্তুক ভাল পায়। সেয়ে এবাৰ প্ৰেমত পৰিলে মিলনৰ বাবে প্রেমিক-প্রেমিকা উদ্বাউল হৈ পৰে।