Join WhatsApp

Join Now

Join Telegram

Join Now

আৰব উপদ্বীপ Arabian Peninsula এক চমৎকাৰিক পৰ্যটনস্থল

By Nzmina Begum

Published On:

আৰব উপদ্বীপ Arabian Peninsula এক চমৎকাৰিক পৰ্যটনস্থল

আৰব উপদ্বীপ Arabian Peninsula এক চমৎকাৰিক পৰ্যটনস্থল

দক্ষিণ-পশ্চিম এছিয়াৰ বৃহৎ উপদ্বীপ হৈছে আৰব উপদ্বীপ। প্ৰাচীন পাৰস্য নাম আৰবিস্তান। উপদ্বীপটোৰ তিনিওফালে সাগৰ আৰু উত্তৰ সীমান্তত ই এছিয়াৰ মূল ভূখণ্ডৰ লগত যুক্ত।

আৰবৰ উত্তৰে তুৰস্ক, ছিৰিয়া আৰু জৰ্ডান, উত্তৰ-পূবে ইৰাক; উত্তৰ-পশিচমে ভূমধ্য সাগৰ; পূবে ওমান উপসাগৰ আৰু পাৰস্য উপসাগৰ; দক্ষিণে এডেন উপসাগৰ আৰু আৰব সাগৰ; আৰু পশ্চিমে লোহিত সাগৰ।

উত্তৰ-পশ্চিমত আফ্ৰিকাৰ লগত যুক্ত অংশটো ছুৱেজ খালৰ জৰিয়তে বিচ্ছিন্ন হৈছে। উপদ্বীপটোৰ মাটিকালি 26 লাখ বৰ্গ কিলোমিটাৰ।

আৰব উপদ্বীপত অৱস্থিত দেশবোৰ হ’ল–বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ছৌডি আৰব, সংযুক্ত আৰব গণৰাজ্য আৰু য়েমেন। এই উপদ্বীপত পৃথিৱীৰ সৰ্বাধিক পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সঞ্চিত হৈ আছে।

উপদ্বীপটোৰ প্ৰায় সমগ্ৰ অঞ্চল মালভূমি আৰু পশ্চিমৰ পৰা পূবলৈ ক্ৰমে এঢলীয়া। মাটি অনুৰ্বৰ, জলবায়ু শুকান আৰু মৰুময়। সামান্য পৰিমাণে খেতি হয়, খেজুৰ অঞ্চলটোৰ প্ৰধান ফল।

অৱশ্যে সঞ্চিত খাৰুৱা তেলৰ বাবে আৰব পৃথিৱীৰ অন্যতম সমৃদ্ধ ভূখণ্ডত পৰিণত হৈছে। পৃথিৱীৰ প্ৰায় 25 শতাংশ খাৰুৱা তেল সঞ্চিত হৈ আছে আৰব উপদ্বীপৰ ছৌডি আৰবত। উপদ্বীপটোৰ ভিতৰত ছৌডি আৰবেই আটাইতকৈ বৃহৎ আৰু প্ৰভাৱশালী।

প্ৰথম মহাসমৰৰ পাছত আৰব বিভিন্ন স্বাধীন ৰাষ্ট্ৰ আৰু শ্বেখশাসিত ৰাষ্ট্ৰত বিভক্ত হয়। ইছলাম ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান মক্কা আৰবত অৱস্থিত।

1945 চনৰ 22 মাৰ্চত আৰব ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ অৰ্থে ‘আৰব লীগ’ নামেৰে এক ৰাজনৈতিক সংস্থা গঠন কৰা হয়।

ইয়াৰ সদস্য দেশবোৰে আৰব লীগক ৰাষ্ট্ৰসংঘৰ এক আঞ্চলিক সংগঠন বুলি বিবেচনা কৰে। আৰব লীগৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 21। সংযুক্ত আৰব গণৰাজ্য প্ৰতিষ্ঠাৰ পাছত এই লীগৰ গুৰুত্ব ভালেখিনি হ্ৰাস পাইছে। আৰব লীগৰ মুখ্য কাৰ্যালয় ইজিপ্টৰ কাইৰোত অৱস্থিত।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment