Class 12 Class 12 Assamese Grammar ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক অসমীয়া ব্যাকৰণ Class 12 Assamese Grammar for HS Annual Exam Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
অসমীয়া ব্যাকৰণ Class 12 Assamese Grammar for HS Annual Exam
গোট-৪ ব্যাকৰণ (নম্বৰ ২০)
প্রশ্নঃ (ক) প্রত্যয় কাক বোলে? নির্দিষ্টবাচক প্রত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নির্দিষ্টতাবাচক প্রত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা। H.S. ’17
উত্তৰঃ প্রধানকৈ নতুন শব্দ সৃষ্টিৰ বাবে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বর্ণ সমষ্টিক প্রত্যয় (Affix) বোলে। উদাহৰণঃ
দয়া + আলু = দয়ালু
ধান + অনি = ধাননি
ফুল + অনি = ফুলনি
কোনো বস্তু বা বিষয় নির্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত যিবোৰ প্রত্যয় (বর্ণ বা বর্ণ সমষ্টি) ব্যৱহাৰ কৰা হয়, সেইবোৰক নির্দিষ্টবাচক প্রত্যয় বোলে। এই প্রত্যয়বোৰ বিশেষ্য, বিশেষণ আৰু সংখ্যাবাচক শব্দৰ পিছত যোগ হোৱাৰ উপৰি দ্বিতীয় পুৰুষৰ বাহিৰে কিছুমান সর্বনামৰ পিছতো যোগ হয়। উদাহৰণ:
(ক) -কুৰা = জুইকুৰা
(খ) -আখি = কলআখি
(গ) কণ = ল’ৰাকণ
(ঘ) -গাল = ভাতগাল
(ঙ)-খিলা = পাতখিলা ইত্যাদি।
অথবা
প্রশ্নঃ শব্দ-বিভক্তি মানে কি বুজা? অসমীয়া ভাষাত শব্দ-বিভক্তি কেই প্ৰকাৰ? উদাহৰণসহ বুজাই লিখা। H.S. ’17
উত্তৰঃ বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণ:
জাহিদে (জাহিদ + এ) পঢ়িছে।
ডাঙৰক (ডাঙৰ + ক) শ্রদ্ধা কৰিব লাগে।
অসমীয়া ভাষাত শব্দ বিভক্তি সাত বিধ।
প্রত্যেক বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি।
তলত উদাহৰণসহ ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল-
(১) প্রথমা অ, ই, এ ল’ৰা, ল’ৰাই, ল’ৰায়ে
(২) দ্বিতীয়া ক ল’ৰাক
(৩) তৃতীয়া বে, দি, দ্বাৰা ল’ৰাবে, ল’ৰায়েদি, ল’ৰাৰ্দ্ধাৰা
(৪) চতুর্থী অক, লৈ ল’ৰাক, ল’ৰালৈ
(৫) পঞ্চমী পৰা ল’ৰাৰ পৰা
(৬) ষষ্ঠী ল’ৰাৰ
(৭) সপ্তমী ত ল’ৰাত।
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্ব্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটাব পাৰি। উদাহৰণ:
বিশেষ্য একবচন বহুবচন
ছোৱালী ছোৱালীক ছোৱালীবোৰক।
মই মোক আমাক।
২। তলৰ যিকোনো পাঁচটা শব্দৰ প্রত্যয় ভাঙি দেখুওবা: H.S. ’17
জপনা, জিৰণীয়া, কাহুৰা, বাঢ়নী, গাঁৱলীয়া, ধাননি, ভগনীয়া।
উত্তৰঃ
জপনা = জাপ + অনা (কৃৎ প্রত্যয়)
জিৰণীয়া = জিৰা + অনীয়া (কৃৎ প্রত্যয়)
কাহুৰা = কাহ+ উৰা (তদ্ধিত প্রত্যয়)
বাঢ়নী বাঢ় অনী (কৃৎ প্রত্যয়)
গাঁৱলীয়া = গাওঁ অলীয়া (তদ্ধিত প্রত্যয়)
ধাননি = ধান + অনি (কৃৎ প্রত্যয়)
ভঙনীয়া = ভাঙ + অনীয়া (কৃৎ প্রত্যয়)
প্রশ্নঃ তলত দিয়া খণ্ডবাক্যবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা (যিকোনো চাৰিটা) H.S. ’17
খাই পাত ফলা, তেজকে পানী কৰ, আঁচলৰ ধন, শঠা মিতিৰ, জয়দেউ কাকতি, পানীত হঁহ নচৰা, চকুৰ পচাৰতে।
উত্তৰঃ
খাই পাত ফলা (অশলাগী, বিশ্বাসঘাতক): কৰিমৰ সংগ মই কেতিয়াবাই এৰিলোঁ, সি খাই পাত ফলা বিধৰ ল’ৰা।
তেজকে পানী কৰ (অতি কষ্ট কৰা): ৰমেনকাইয়ে তেজকে পানী কৰি সংসাৰখন চলাই আছে।
আঁচলৰ ধন (অতি মৰমৰ): এই ঘাত মাউৰা ল’ৰাজন বুঢ়ী আইৰ আঁচলৰ ধন।
শঠা মিতিৰ (স্বার্থ সিদ্ধিৰ বাবে কপটভারে পতা বন্ধু): ৰাজেনে মোৰ লগত শঠা মিতিৰ পাতি বিপদৰ পৰা উদ্ধাৰ হোৱাৰ সপোন দেখিছিল।
জয়দেউ কাকতি (অতিপাত অনুনয় বিনয় কৰা): ল’ৰাজনে গুৰুজীক জয়দেউ কাকতি কৰিও আশীর্বাদ নাপালে।
পানীত হাঁহ নচৰা (অতি নিস্বঃ অৱস্থা): কৃষকৰ অৱস্থা আজি পানীত হাঁহ নচৰাৰ দৰে হৈছে।
চকুৰ পচাৰতে (অকস্মাতে, হঠাৎ): চকুৰ পচাৰতে ঘটনাটো ঘটিল।
প্রশ্নঃ (ক) ক্রিয়া-বিভক্তিৰ কাক বোলে? পুৰুষ অনুযায়ী উদাহৰণসহ ক্রিয়া-বিভক্তি প্রয়োগ দেখুওৱা। H.S. ’18
উত্তৰঃ ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণঃ
তাই ৰামায়ণ পঢ়িছে।
ইয়াত ‘পড়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়িছে’ ক্রিয়াটো সম্পন্ন হৈছে। সেইদৰে,
ধৰ + ইছে = ধৰিছে
লিখ+ ইছে লিখিছে
কৰ + ইছে = কৰিছে।
পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰক ক্রিয়া বিভক্তি বোলে।
তলত পুৰুষ অনুযায়ী ক্রিয়া বিভক্তিৰ প্রয়োগ দেখুওৱা হ’ল:
(ক) প্ৰথম পুৰুষৰ বিভক্তি: বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ‘ও’ আৰু ভৱিষ্যত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ‘ইস্’ হয়। যেনেঃ
মই খাওঁ (খা + ওঁ) (বর্তমান কাল)
মই ভাত খাম (খা + ম) (ভবিষ্যত কাল)
(খ) দ্বিতীয় পুৰুষৰ বিভক্তিঃ দ্বিতীয় পুৰুষত বিভক্তি ৰূপ দুটা তুচ্ছৰূপ আৰু মান্যৰূপ। তুচ্ছ ৰূপত ‘অ’ আৰু ‘-ই’ ক্রিয়া বিভক্তি যোগ হয়। যেনেঃ
তুচ্ছ ৰূপত- তই বা তহঁতে অংকটো কৰিবি (কর্ + ইব্ + ই) (বর্তমান কাল)
মই ভাত খাম (খাম) (ভবিষ্যত কাল) মান্য ৰূপত ‘আ’ যোগ হয়। যেনে:
তুমি বা তোমালোকে অংকটো কৰা (কর্ + আ) (বর্তমান কাল)
মই ভাত খাম (খাম) (ভবিষ্যত কাল)
(গ) তৃতীয় পুৰুষৰ বিভক্তি: তৃতীয় পুৰুষত প্রয়োগ হোৱা ক্রিয়া বিভক্তি দুটা। ব্যঞ্জনান্তৰ ‘এ’ আৰু স্বৰান্তত ‘-য়’ৰ প্রয়োগ হয়। যেনেঃ
সি/ সিহঁতে তেওঁ / তেওঁলোকে কৰে (কৰ + এ) সি / সিহঁতে / তেওঁলোকে খায় (খায়)
বিশেষ দ্রষ্টাব্য যে অতীত আৰু ভৱিষ্যত কালৰ তৃতীয় পুৰুষত কোনো বিভক্তি যোগ নহয়।
প্রশ্নঃ সম্বন্ধ বাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে? অসমীয়া ভাষাৰ এই বিভক্তিবোৰৰ প্রয়োগ দেখুওৱা।
উত্তৰঃ অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পাছত পুৰুষ অনুযায়ী নির্দিষ্ট বিভক্তি কিছুমান যোগ হয়, সেইবোৰকেই সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি বোলে।
অসমীয়া ভাষাৰ এই বিভক্তিকেইটা হৈছে:
-ৰ (-এৰা), ৰ (অ’ৰ), -ক (-অক)
প্রথম পুৰুষত কোনো বিভক্তি যোগ নহয়।
দ্বিতীয় পুৰুষৰ বিভক্তি: ৰা (-এৰা), – ৰ (- এব)। যেনেঃ
মান্য ৰূপ: তোমাৰ মাৰা (মা+বা)
তুচ্ছ ৰূপ: তোৰ মাৰ (মা + ব)
তৃতীয় পুৰুষৰ বিভক্তিঃ ক (এক) যেনেঃ
হৰিৰ শহুৰেক (শহুৰ + এক)
প্রশ্নঃ তলৰ যিকোনো পাঁচোটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱা। H.S. ’18
অনাহক, আওবাট, শোৱন, নাচনী, কান্দুৰা, ধৰুৱা, খেতি।
উত্তৰঃ
অনাহক = অনা হক (কৃৎ প্রত্যয়)
আওবাট = আও+ বাট (কৃৎ প্রত্যয়)
শোরন = শো + অন (কৃত প্রত্যয়)
নাচনী = নাচ + অনী (কৃৎ প্রত্যয়)
কান্দুৰা = কান্দ
উৰা (কৃত প্রত্যয়)
ধৰুৱা ধাৰ উৱা (তদ্ধিৎ প্রত্যয়)
খেতি = খেত + ই (তদ্ধিত প্রত্যয়)
প্রশ্নঃ তলত দিয়া জতুৱা ঠাচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা (যিকোনো চাৰিটা)ঃ H.S. ’18
কপাল ফুল, কাণে কাণ মাৰি, গা টঙা, চকু চৰহা, উৰলি পুঙা, মুখ বজোৱা।
উত্তৰঃ কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) : ল’ৰাজনে চাকৰিত সোমোৱাৰ লগে লগে প্রমিলাৰ কপাল ফুলিল।
কাণে কাণ মাৰি (কোনোমতে): বাজেনে কাণে কাণ মাৰি দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰিল।
গা টঙা (বেমাৰৰ পৰা সুস্থ হৈ উঠা): নিমাতিয়ে এমাহৰ মূৰত গা টঙালে।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা, হিংসুক): দেৱব্ৰত এজন চকু চৰহা ল’ৰা।
উকলি পূঙা (থান থিত নোহোৱা): ৰাকেশৰ দৰে উৰুলি পুঙাক কোনেনো বিশ্বাসত ল’ব?
মুখ বজোৱা (কাজিয়া কৰা): দেবেনে কাৰণে-অকাৰণে মুখ বজাই থাকে বাবে কোনেও ভাল নাপায়।
প্রশ্নঃ (ক) কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয় কাক বোলে? দুয়োটাৰে মাজত মূল্য পার্থক্য ক’ত উদাহৰণ সহ বুজাই লিখা। H.S. ’19
(৪) তদ্ধিত প্রত্যয় (Secondary Affix): প্রতিপাদিকৰ পিছত বেলেগ বেলেগ অর্থত যুক্ত হৈ যি প্রত্যয়ে নতুন পদ গঠন কৰে তাকে তদ্ধিত প্রত্যয় বোলে।
সাধাৰণতে তদ্ধিত প্রত্যয়বোৰ হ’ল: অতি, আইত, অনি, অৰি, অবিয়া, অতিয়া, অলীয়া, আৰুৱা, আঙ, আই, আল, আলি ইত্যাদি। উদাহৰণ:
হয় বা পোৱা অর্থত ‘অতি’ প্রত্যয় হয়। যেনেঃ
পাঁচ + অতি = পাঁচতি
পটু অর্থত ‘আইত’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
অথ+ আইত = অঘাইত বিয়পি থকা অর্থত ‘অনি’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
বন+ অনি = বননি গুণবাচক অর্থত ‘অৰি’, ‘অৰী’ আদি প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
লগ+ অৰি লগৰী অভ্যাস বা পেশা অৰ্থত ‘অৰীয়া’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
ভাও + অৰীয়া ভাৱৰীয়া। ইত্যাদি।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে যিবোৰ প্রত্যয় ধাতুৰ পিছত যোগ হৈ নতুন শব্দ সাধন কৰে সেয়াই কৃত প্রত্যয়। আনহাতে বিশেষ অর্থ
বুজাবৰ বাবে বিশেষ্য আদি শব্দৰ পিছত যিবিলাক প্রত্যয় যোগ হৈ নতুন শব্দ সাধন হয়, সেয়াই তদ্ধিত প্রত্যয়।
প্রশ্নঃ কাৰক কাক বোলে? অসমীয়াত কাৰক কেইপ্ৰকাৰৰ? প্রতিবিধৰে সূত্র লিখি উদাহৰণ দাঙি ধৰা। H.S. ’19
উত্তৰ : বাক্যত ক্ৰিয়াৰ সৈতে সম্বন্ধ থকা পদক কাৰক (Case) বোলে। উদাহৰণ:
“সভাপতিয়ে সভাখনত তহবিলৰ পৰা টকা উলিয়াই নিজ হাতেৰে দুখীয়াক দান কৰিলে।”
এই বাক্যটোৰ ‘দান কৰিলে’ ক্রিয়া পদটো সম্পন্ন হোৱাৰ ক্ষেত্রত সভাপতিয়ে সভাখনত তহবিলৰ পৰা টকা উলিয়াই নিজ হাতেৰে দুখীয়াক-এই
প্রত্যেকটো পদেই সহায় কৰিছে। ক্ৰিয়াটোক বিভিন্ন ধৰণে প্রশ্ন কৰিলে তলত দিয়া ধৰণে উত্তৰবোৰ পোৱা যায়-
প্রশ্ন উত্তৰ:
কোনে দান কৰিলে? সভাপতিয়ে।
কি দিছিল? টকা দিছিল।
কিহেৰে দিছিল নিজ হাতেৰে।
ক’ৰপৰা দিছিল? তহবিলৰ পৰা।
ক’ত দিছিল? সভাখনত।
কাক দিছিল? দুখীয়াক।
উল্লেখিত ছয়টা পদৰ প্ৰত্যেকৰে ‘দান কৰিলে’ -এই ক্রিয়া পদটোৰ লগত সম্বন্ধ আছে। ইহতব প্রত্যেকটোৱেই একো একোটা কাৰক। কাৰক ছয় প্ৰকাৰৰ, যথাঃ
(১) কর্তা কাৰক (Nominative Case): বাক্যত ক্রিয়া সম্পন্ন কৰোতাক কর্তা কাৰক বোলে। কর্তা কাৰকত প্রথমা বিভক্তি হয়। অকর্মক ক্ৰিয়াৰ কর্তাত বিভক্তি উহ্য থাকিব পাবে। উদাহৰণ:
নৰেনে অংক কৰিছে।
কর্তাক দুটা ভাগত ভাগ কৰা হৈছে, যথাঃ
(ক) মুখ্য বা স্বতন্ত্র কর্তা আৰু
(খ) প্রযোজক কর্তা।
যি কর্তাই নিজে ক্রিয়া সম্পন্ন কৰে তাকে মুখ্য কর্তা বা স্বতন্ত্র কর্তা বোলে। উদাহৰণ :
মাধবে মহাভাৰত পঢ়িছে।
হান্নানে ফুটবল খেলিছে।
বিঃ দ্রঃ বাক্যত ক্রিয়াটো অসমাপিকা হ’লে সেই ক্রিয়াক কেৱলীয়া কর্তা বোলে। উদাহৰণ:
বেলি মাৰ যোৱাত আমি ঘৰলৈ ওভতি আহিলো।
তাই পঢ়ি থাকোতে সি আহিছিল।
উক্ত বাক্য দুটিত ‘বেলি’ আৰু ‘তাই’ কেৱলীয়া কর্তা।
আনহাতে পাঁচনী ক্ৰিয়াৰ কৰ্তাক পাঁচনী কর্তা আৰু যাক পাঁচি কাৰ্য কৰা হয় তাক প্রযোজক কর্তা বোলে। প্রযোজক কর্তাত কর্ম কাৰকৰ দ্বিতীয়া বিভক্তি যোগ হয়। উদাহৰণ:
ল’ৰাটোক মাকে গাখীৰ খুৱালে।
(২) কর্ম কাৰক (Accusative Case): কর্তাই যি কৰে বা যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো কার্য সম্পাদন কৰে তাকে কৰ্ম কাৰক বোলে। কর্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। কিন্তু কেতিয়াবা ই লোপ পাব পাৰে। উদাহৰণ:
শিক্ষকে ছাত্রক শাস্তি দিলে।
(৩) কৰণ কাৰক (Instrumental Case): যাৰ দ্বাৰাই কৰ্তাই ক্রিয়া সম্পাদন কৰে তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয়া বিভক্তি হয়।
উদাহৰণ :
তাই পেঞ্চিলেৰে লিখিছে।
(৪) সম্প্রদান কাৰক (Dative Case): যাক কোনো বস্তু নিজ স্বত্ব ত্যাগ কৰি দান কৰা হয় তেতিয়া দানৰ পাত্ৰক সম্প্রদান কাৰক বোলে। সম্প্রদান কাৰকত চতুর্থী বিভক্তি (অক, লৈ) যোগ হয়। উদাহৰণ :
মই ভিক্ষাৰীজনক দহ টকা দিলো।
(৫) অপাদান কাৰক (Ablative Case): য’ব পৰা ভয় পোৱা, উৎপন্ন হোৱা, আৰম্ভ হোৱা, লজ্জিত হোৱা বা পৃথক হোৱা বোধ জন্মে তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত পঞ্চমী বিভক্তি ‘পৰা’ যোগ হয়। উদাহৰণ:
কুঁহিয়াৰৰ পৰা চেনি হয়।
(৬) অধিকৰণ কাৰক (Locative Case): বাক্যত থকা ক্রিয়াৰ আধাৰকে অধিকৰণ কাৰক বোলে। আন কথাত য’ত বা যিহত ক্রিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে। অধিকৰণ কাৰকত সপ্তমী বিভক্তি ‘ত’ যোগ হয়। উদাহৰণ:
সি পুখুৰীত গা ধুইছে।
প্রশ্নঃ ত লৰ যিকোনো পাঁচোটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি দেখুওৱাঃ H.S. ’19
বিহুবা, শোবন, খুলীয়া, জুইকুৰা, নদীয়াল, মগনিয়াৰ, ৰোৱনী।
উত্তৰঃ
বিহুৱা বিহু + আ (তদ্ধিত প্রত্যয়)
শোরন = শো + অন (কৃত প্রত্যয়)
খুলীয়া = খোল + ঈয়া (তদ্ধিত প্রত্যয়)
জুইকুৰা = জুই + কুৰা (নিদ্ধিষ্টবাচক প্রত্যয়)
নদীয়াল = নদী আল (তদ্বিৎ প্রত্যয়)
মগনিয়াৰ = মাগ + অনিয়াৰ (কৃত প্রত্যয়)
বোৱনী = বো + অনী (কৃত প্রত্যয়)
প্রশ্নঃ তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনো চাৰিটা)ঃ H.S. ’19
উনৈশত বা বলা, নোম টেঙৰ, পানীৰ তলৰ কাঁইট, ভূতৰ ওপৰত দানহ, অজীণ পাতকী, চকু চৰহা।
উত্তৰঃ উনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): ৰমেনে পিয়নৰ চাকৰিটো পাই আনন্দত আত্মহাৰা হ’ল।
নোম টেঙৰ (অতি চতুৰ) ৰাজেশৰ দৰে নোম টেঙৰ ল’ৰাক কোনো দায়িত্ব দিব নোৱাৰি।
পানীৰ তলৰ কাঁইট (নেদেখা শত্রু): নবীন যে মোৰ পানীৰ তলৰ কাঁইট আজিহে গম পালোঁ।
ভূতৰ ওপৰত দানহ (বিপদৰ ওপৰত বিপদ): বানপানীৰ পিছে পিছেই মহামাৰীয়ে দেখা দিয়াটো আমাৰ বাবে ভুতৰ ওপৰত দানহহে।
অজীণ পাতকী (অকৃতজ্ঞ, বিশ্বাসঘাতক): মৃগেন যে ইমান অজীন পাতকী তাৰ প্ৰমাণ আমি পালোঁ।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা)ঃ চকু চৰহা মানুহ সকলোৰে অপ্রিয় হয়।
প্রশ্নঃ চমুকৈ লিখাঃ
(ক) বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ। H.S. ’20
উত্তৰঃ বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণঃ
বহিমে পঢ়িছে।
তেওঁ স্কুললৈ গ’ল।
ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘বহিম + এ = বহিমে’, পঢ় ইছে = পঢ়িছে’, আৰু দ্বিতীয় বাক্যটিত ‘স্কুল + অলৈ = স্কুললৈ’ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰেই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন।
বিভক্তি দুইবিধ, যথাঃ
(১) শব্দ বিভক্তি আৰু
(২) ক্রিয়া বিভক্তি।
(খ) অসমীয়া শব্দ বিভক্তি।
উত্তৰঃ বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণ:
জাহিদে (জাহিদ + এ) পঢ়িছে।
ডাঙৰক (ডাঙৰ) + ক) শ্রদ্ধা কৰিব লাগে।
অসমীয়া ভাষাত শব্দ বিভক্তি সাত বিধ।
প্রত্যেক বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত উদাহৰণসহ শব্দ ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল-
(১) প্রথমা অ, ই, এল’ৰা, ল’ৰাই, ল’ৰায়ে
(২) দ্বিতীয়া ক ল’ৰাক
(৩) তৃতীয়া বে, দি, দ্বাৰা ল’ৰাবে, ল’ৰায়েদি, ল’ৰাৰদ্বাৰা
(৪) চতুর্থী অক, লৈ ল’ৰাক, ল’ৰালৈ
(৫) পঞ্চমী পৰা ল’ৰাৰ পৰা
(৬) ষষ্ঠীব ল’ৰাৰ
(৭) সপ্তমী ত ল’ৰাত।
(গ) প্রত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ।
উত্তৰঃ প্ৰধানকৈ নতুন শব্দ সৃষ্টিৰ বাবে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বর্ণ সমষ্টিক প্রত্যয় (Affix) বোলে।
উদাহৰণ:
দয়া + আলু = দয়ালু
ধান + অনি ধাননি
প্রত্যয় চাৰিবিধ, যথাঃ
(১) স্ত্রী প্রত্যয়
(২) বিভক্তি
(৩) কৃত প্রত্যয় আৰু
(৪) তদ্ধিত প্রত্যয়
(ঘ) তদ্ধিত প্রত্যয়ঃ ইয়াৰ সংজ্ঞা আৰু উদাহৰণ।
উত্তৰঃ তদ্ধিত প্রত্যয় (Secondary Affix): প্রতিপাদিকৰ পিছত বেলেগ বেলেগ অর্থত যুক্ত হৈ যি প্রত্যয়ে নতুন পদ গঠন করে তাকে তদ্ধিত প্রত্যয় বোলে।
সাধাৰণতে তদ্ধিত প্রত্যয়বোৰ হ’ল: অতি, আইত, অনি, অৰি, অৰিয়া, অতিয়া, অলীয়া, আৰুৱা, আঙ, আই, আল, আলি ইত্যাদি। উদাহৰণ:
হয় বা পোৱা অৰ্থত ‘অতি’ প্রত্যয় হয়। যেনেঃ
পাঁচ + অতি = পাঁচতি
পটু অর্থত ‘আইত’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
অঘ+ আইত = অঘাইত
বিয়পি থকা অর্থত ‘অনি’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
বন + অনি = বননি
গুণবাচক অর্থত ‘অবি’, ‘অৰী’ আদি প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
লগ+ অৰি = লগৰী
অভ্যাস বা পেশা অৰ্থত ‘অৰীয়া’ প্রত্যয় ব্যৱহাৰ হয়। যেনেঃ
ভাও + অৰীয়া = ভাৱৰীয়া। ইত্যাদি।
প্রশ্নঃ তলৰ যিকোনো ছয়টা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি দেখুওৱাঃ H.S. ’20
ৰণুৱা, জিৰণীয়া, মগনিয়াৰ, উজনি, পতিয়ন, বেগাই, সাধুতা, গাঁবলীয়া, খেতি।
উত্তৰঃ
ৰণুৱা = বণু + আ (তদ্ধিত প্রত্যয়)
জিবণীয়া = জিৰা + অনীয়া (কৃৎ প্রত্যয়)
মগনীয়াৰ = মাগ + অনীয়াৰ (কৃত প্রত্যয়)
উজনি = উজা + অনি (কৃৎ প্রত্যয়)
পতিয়ন = পতি + অন (কৃত প্রত্যয়)
বেগাই = বেগ আই (তদ্ধিত প্রত্যয়)
সাধুতা = সাধু তা
গাওঁলীয়া = গাওঁ + অলীয়া (কৃৎ প্রত্যয়)
খেতি = খেত + ই (তদ্ধিত প্রত্যয়)
প্রশ্নঃ তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনো চাৰিটা)ঃ H.S. ’20
ঢৌতে খৰ মৰা, কাণ বাগৰা, গোৰ মাৰি গংগাত পেলোৱা, শালৰ মাজত শিঙি, চকুৰ মণি, পেটে-ভাতে খা, নাদৰ ভেকুলী, সোণৰ সোলেং।
উত্তৰঃ ঢৌতে খৰ মৰা (ব্যস্ততাৰ মাজত সময় উলিয়াই): মই পাঠ্যপুথি পঢ়াৰ আৰে আৰে ঢৌতে খৰ মাৰি অন্যান্য সৃষ্টিশীল সাহিত্য অধ্যয়ন কৰে।
কাণ বাগৰা (লোকৰ মুখ বাগৰি অহা কথা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
গোৰ মাৰি গংগাত পেলোৱা (অনিষ্ট কৰোতে হিতসাধন কৰা): এতিয়াহে বুজিলো চাকৰিৰ পৰা বখাক্ত কৰা মানে হৰেনক গোৰ মাৰি গংগাত পেলোৱাৰ দৰে হ’ল।
শালৰ মাজত শিঙি (ডাঙৰৰ মাজৰ সৰু): ৰাজেন শালৰ মাজত শিঙিৰ দৰে মন্ত্ৰীজনৰ পিছে পিছে ঘুৰি ফুৰে।
চকুৰ মণি (অতি আদৰৰ): নাতিনীজনী আইতাকৰ চকুৰ মণি।
পেটে-ভাতে খা (কোনোমতে খাই বৈ জীয়াই থকা): মনিৰামে সৰু-সুৰা ব্যৱসায় কৰি পেটে-ভাতে খাই আছে।
নাদৰ ভেকুলী (সংকীর্ণ মনৰ): আমি ৰাৱণৰ লগত মিলিব নোৱাৰো কাৰণ সি নাদৰ ভেকুলী।
সোণৰ সোলেং (অতি আদৰৰ বা সন্মানৰ বস্তু) : ককাদেউতাকৰ পৰা পোৱা চকীখন হলিৰামৰ বাবে সোণৰ সোলেং।