Join WhatsApp

Join Now

Join Telegram

Join Now

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰচনা Kaziranga National Park Essay in Assamese

By Rabbi Masrur

Published On:

Kaziranga National Park Essay in Assamese

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰচনা Kaziranga National Park Essay in Assamese

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰচনা Kaziranga National Park Essay in Assamese — অসমৰ গৌৰৱ, এক- শিঙীয়া গঁড়ৰ স্বৰ্গভূমি আৰু বিশ্ব ঐতিহ্য স্থান। প্ৰকৃতিৰ মনোহৰ সৌন্দৰ্য, বন্যপ্ৰাণী আৰু জীৱ-বৈচিত্ৰত ভৰপূৰ এই উদ্যান অসমৰ পৰ্যটনৰ মণিৰত্ন।

👉 Read also:

পৰিচয়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন বিশ্ব ঐতিহ্য স্থান। ই অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। উদ্যানখনৰ মাটিৰ ক্ষেত্ৰফল ৪৩০ বৰ্গ কিলোমিটাৰ। কাজিৰঙাৰ ওচৰৰ প্ৰধান চহৰ হ’ল যোৰহাট আৰু তেজপুৰ। ১৯০৫ চনত ভাৰত চৰকাৰে ইয়াক  ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। কাজিৰঙা বিশেষকৈ এক- শিঙীয়া গঁড়ৰ বাবে বিশ্বজুৰি খ্যাত। বিশ্বৰ দুই-তৃতীয়াংশ এক- শিঙীয়া গঁড় ইয়াত বাস কৰে।

নামৰ উৎপত্তি

‘কাজিৰঙা’ শব্দটো কৰ্বি ভাষাৰ ‘কাজিৰ-আ-ৰঙ’ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ‘কাজিৰ গাঁও’। জনপ্ৰিয় জনশ্ৰুতি অনুসৰি, পুৰণি সময়ত এই অঞ্চলখন এখন কৰ্বি মহিলাৰ অধীনত আছিল, তেঁওৰ নাম আছিল কাজিৰ। তাৰ নামৰ পৰা এই স্থানখনৰ নাম কাজিৰঙা হৈছে বুলি কোৱা হয়।

ভৌগোলিক অৱস্থান

কাজিৰঙাৰ মাজেদি পূৰ্বৰ পৰা পশ্চিমলৈ দিফলু আৰু ভেঙৰা নামৰ দুটা নদী আৰু বহুতো সৰু পানীৰ ধাৰা বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ বোকাৰ দ্বাৰা ইয়াৰ মাটি অত্যন্ত উৰ্বৰ। উদ্যানখনৰ মুঠ এলেকাৰ ২৮ শতাংশ গছ-গছনি, ৬৬ শতাংশ ঘাঁহৰ ভূমি আৰু ৬ শতাংশ জলাভূমিৰে আৱৰি আছে।

উদ্যানখনৰ উদ্ভিদ আৰু প্ৰাণী সম্পদ

কাজিৰঙা বহু মূল্যৱান গছ-পুলিৰে ভৰপূৰ। ইয়াত শাল, শিশু, কপাহ, জামু, আজাৰ, সোনাৰু, চেগুন আদি বিভিন্ন গছ দেখা যায়।

প্ৰাণীবোৰৰ মাজত গঁড়, মহ, হাতী, হৰিণ, বান্দৰ, দেউখীয়া, বাঘজাতীয় প্ৰাণী, শিয়াল, চিতা আদি উল্লেখযোগ্য।
কাজিৰঙাত বহু প্ৰকাৰৰ পক্ষীও বাস কৰে — মুৰ্গী, হাঁহ, শকুন, ৰাজহাঁহ, টুনী, কাউৰী, বুলবুলি, ফেঁচা, গৰুড়, বগলী,  আদি ইয়াৰ কিছু উদাহৰণ।

উদ্যানখনৰ সমস্যা

কাজিৰঙা বৰ্তমান বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।

  • চোৰাং চিকাৰী: প্ৰতিবছৰে  শিঙৰ বাবে বহু গঁড়  আৰু দাঁতৰ বাবে বহু হাতী চোৰাং চিকাৰীয়ে হত্যা কৰি আছে ।
  • বননিধন: জনসংখ্যা বৃদ্ধিৰ ফলত বহু বনাঞ্চল ধ্বংস কৰি উদ্যানখনৰ মাটি অধিকৃত কৰা হৈছে।
  • বন্যা আৰু ভূমিক্ষয়: প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ বন্যাই বহু জন্তু-পক্ষীৰ জীৱন নষ্ট কৰে আৰু উদ্যানখনৰ মাটি ক্ষয় কৰে।

সংৰক্ষণ আৰু চৰকাৰী ব্যৱস্থা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ চৰকাৰে পৰিচালিত কৰে। সংৰক্ষণ আৰু উন্নয়নৰ বাবে ভাৰত চৰকাৰে সময়ে সময়ে অৰ্থিক সহায় আৰু পৰামৰ্শ প্ৰদান কৰে । ইয়াৰ ৰক্ষাৰ বাবে বিশেষ বনবিভাগীয় দল আছে যিয়ে আধুনিক সঁজুলিৰে উদ্যানখনৰ ৰক্ষণাবেক্ষন কৰি আছে।

পৰ্যটন আৰু অৰ্থনৈতিক গুৰুত্ব

কাজিৰঙা এতিয়া বিশ্ব ঐতিহ্য স্থান হিচাপে পৰিচিত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু এক- শিঙীয়া গঁড় উপভোগ কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও বহু পৰ্যটক আহে। উদ্যানখন ভ্ৰমণৰ বাবে চৰকাৰৰ হাতী, গাড়ী আৰু হোটেলৰ ব্যৱস্থা আছে। কোহৰাত পৰ্যটকৰ বাবে অতিথিশালা আছে। প্ৰতিবছৰে অসম চৰকাৰে কাজিৰঙাৰ পৰা উল্লেখযোগ্য অৰ্থনৈতিক লাভ কৰে।

👉 Read also:

সামৰণি:

কাজিৰঙা কেৱল এখন উদ্যান নহয়, ই অসমৰ জৈৱ-বৈচিত্ৰৰ এক ভাণ্ডাৰ। অসম আৰু ভাৰতবাসীয়ে ইয়াক লৈ গৌৰৱ কৰে। এই বিশ্ব ঐতিহ্যক চোৰাং চিকাৰী, কাঠচোৰ আৰু অবৈধ দখলকাৰীৰ পৰা ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ সংৰক্ষণৰ বাবে স্থানীয় লোকে চৰকাৰৰ সৈতে একেলগে কাম কৰাটো প্ৰয়োজনীয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment