Class 10 Social Geography Part 2 Chapter 3 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত পৃথিৱীৰ ভূগোল Class 10 Social Geography Part 2 Chapter 3 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Geography Part 2 Chapter 3 Solutions

পৃথিৱীৰ ভূগোল Class 10 Social Geography Part 2 Chapter 3 Solutions

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে? HSLC ’17

উত্তৰঃভূমধ্য সাগৰে।

২। প্রাকৃতিকভাবে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা কিহে পৃথক কৰিছে? HSLC ’18

উত্তৰঃ ইউৰাল পৰ্বতমালা আৰু লেনা নদীয়ে।

৩। পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো কি? HSLC ’19

উত্তৰঃ এণ্ডিজ পর্বতমালা।

৪। আয়তনৰ ফালৰ পৰা এছিয়াৰ ক্ষুদ্রতম ৰাষ্ট্ৰ কোনখন?

উত্তৰঃ মালদ্বীপ।

৫। আলটিনটাঘ পর্বতশ্রেণী কোন দেশত অৱস্থিত?

উত্তৰঃ চীনত।

৬। এছিয়াৰ উষ্ণতম ঠাইখনৰ নাম কি?

উত্তৰঃ জেক্কোৱাবাদ (পাকিস্থান)।

৭। এছিয়াৰ শীতলতম ঠাইখনৰ নাম কি?

উত্তৰঃ ভার্চুয়ানস্ক (ৰাছিয়া)।

৮। পৃথিৱীৰ সৰ্ববৃহৎ দক্ষিণবাহী নৈ কোনখন?

উত্তৰঃ ডানিয়ুব।

৯। গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ কোনখন দেশ বিখ্যাত?

উত্তৰঃ আর্জেন্টিনা।

১০। এছিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ ৪৪.৬ নিযুত বর্গ কি.মি.

১১। আৰব সাগৰলৈ বৈ যোৱা ভাৰতৰ দুখন নদীৰ নাম লিখা। HSLC ’15

উত্তৰঃ নর্মদা আৰু তাপ্তী।

১২। পৃথিৱীৰ বৃহত্তম মহাসগৰখন কি? মহাসাগৰখনৰ মুঠ মাটিকালি উল্লেখ কৰা। HSLC ’17

উত্তৰঃ প্রশান্ত মহাসাগৰ। ইয়াৰ মাটিকালি হ’ল ১৬৫.২ নিযুত বর্গ কি.মি.।

১৩। এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?

উত্তৰঃ: ইউৰাইল পর্বতমালাই।

১৪। পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত?

উত্তৰঃ এণ্ডিজ পর্বতমালা। ই দক্ষিণ আমেৰিকাত অৱস্থিত।

১৫। মাটিকালিৰ ভিত্তিত পৃথিবীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম কি?

উত্তৰঃ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ হ’ল এছিয়া আৰু ক্ষুদ্রতম মহাদেশ হ’ল ওচেনিয়া।

১৬। পৃথিবীৰ কোনখন দেশ দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ ৰাছিয়া।

১৭। উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম কি? এই পর্বতমালাৰ দৈৰ্ঘ কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতমালা হ’ল ৰকি পৰ্বতমালা। ইয়াৰ দৈর্ঘ হ’ল ৮০০০ কিলোমিটাৰ। ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত।

১৮। এচিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূৱ দিশলৈ প্রবাহিত নদীৰ নাম লিখা।

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত দুখন নদী হ’ল ওবি আৰু লেনা আৰু দক্ষিণ দিশলৈ প্রবাহিত দুখন নদী হ’ল আমুৰ আৰু হোৱাংহো।

১৯। অষ্ট্ৰেলিয়াৰ একোখনকৈ পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰঃ অষ্ট্ৰেলিয়াৰ এখন পর্বতশ্রেণী হ’ল স্নবি, এখন নদীৰ নাম হ’ল ডার্লিং আৰু এখন মৰুভূমিৰ নাম হ’ল টানামী।

চমু প্রশ্নোত্তৰঃ

১। পৃথিবীত সর্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা। HSLC ’17

উত্তৰঃ পৃথিৱীত সৰ্বমুঠ ১৯৮ খন দেশ আছে। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশখন হ’ল ৰাছিয়া আৰু ক্ষুদ্রতম দেশখন হ’ল ভেটিকান চিটি।

২। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? ইক’ত অৱস্থিত? HSLC ’18

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মৰুভূমি হ’ল চাহাৰা।ই আফ্রিকা মহাদেশত অৱস্থিত।

৩। উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত? HSLC ’19

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণী হ’ল ৰকি পৰ্বতশ্রেণী। ই আমেৰিকা মহাদেশৰ পশ্চিম অংশত অৱস্থিত।

৪। ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা।

উত্তৰঃ ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম ইটালি আৰু গ্রীচ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিবীৰ অৱস্থা আদিতে কেনে আছিল?

নাইবা

মহাদেশীয় বিস্থাপন সূত্ৰটো চমুকৈ বৰ্ণনা কৰা। HSLC ’18, 22

উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্র অনুসৰি আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত আছিল আৰু ইয়াৰ চাৰিওফালে জলভাগে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক ‘পেঞ্জিয়া’ আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক ‘পান্থালাছা’ বোলা হয়। সময় অতিক্ৰম কৰাৰ লগে লগে ইয়াৰ প্ৰায় সোঁমাজেৰে পূৱা-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক ‘টেথিছ সাগৰ’ বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক ‘গণ্ডোৱানালেণ্ড’ বোলা হয়।

আজিৰ পৰা প্ৰায় ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেও পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেও বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।

২। মহাসাগৰৰ তলিভাগৰ ভূ-অবয়ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ: মহাসাগৰৰ তলিভাগ অসমান। স্থলমণ্ডলত পহাৰ-পৰ্বত, মালভূমি, সমভূমি আদি থকাৰ দৰে সাগৰ-মহাসাগৰৰ তলিভাগো শৈলশিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে অসমান কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগস্থলৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায়। সাধাৰণতে উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সামুদ্রিক শৈলসিৰা, দ্বীপ আদি আছে। উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত। ইয়াক মহীসোপান বুলি কোৱা হয়।

৩। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

নাইবা

মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বর্ণনা কৰা। HSLC ’20

নাইবা

পৃথিবীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। HSLC ’23

উত্তৰঃ পৃথিৱীৰ সাগৰপৃষ্ঠৰ ওপৰত মাটিৰে আগুৰি থকা অংশক ‘স্থলমণ্ডল’ বোলে। আনহাতে ভূপৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশকে ‘জলমণ্ডল’ বোলা হয়।

পৃথিৱীৰ বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাবে নাথাকি দুয়োটা অংশই ইটোৱে- সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। এই ক্ষেত্রত কাস্পিয়ান সাগৰ, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইটা সাগৰ, মহাসাগৰ ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অস্ট্রেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত। উল্লেখ্য যে ভূ-পৃষ্ঠৰ ২৯ শতাংশ স্থলভাগ আৰু বাকী ৭১ শতাংশ জলমণ্ডল। মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ সর্ববৃহৎ আৰু মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ।

৪। এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। HSLC ’20, 23

উত্তৰঃ এছিয়া মহাদেশক ভূ-প্রাকৃতিক গঠন অনুসৰি আঠোটা ভাগত ভাগ কৰা হৈছে, যেনে-

(১) উত্তৰৰ বিশাল সমভূমি অঞ্চল।

(২) মধ্য এছিয়াৰ পাৰ্বত্য আৰু মালভূমি অঞ্চল।

(৩) পশ্চিম এছিয়াৰ মালভূমি অঞ্চল।

(৪) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চল।

(৫) পূব এছিয়াৰ পাৰ্বত্য অঞ্চল।

(৬) বৃহৎ নদী উপত্যকা অঞ্চল।

(৭) উপকূল অঞ্চল।

(৮) সাগৰীয় দ্বীপসমূহ। তলত প্রতিটো ভাগৰে নিজস্ব কিছুমান বৈশিষ্ট্য আছে, যেনে-

(১) উত্তৰৰ বিশাল সমভূমি অঞ্চল: এই অঞ্চলৰ অধিকাংশ নিম্নভূমি যদিও কিছুমান পর্বত- পাহাৰ, মালভূমি আৰু নদী উপত্যকা আছে।

(২) মধ্য এছিয়াৰ পাৰ্বত্য আৰু মালভূমি অঞ্চল: এই অঞ্চলটোত সৰু-বৰ ভংগিল পর্বতশ্রেণীৰ লগতে মালভূমিও আছে। পৃথিৱীৰ সৰ্বোচ্চ ‘পামিৰ মালভূমি’ এই অঞ্চলতে অবস্থিত।

(৩) পশ্চিম এছিয়াৰ মালভূমি অঞ্চল: এই অঞ্চলটো ইৰাণ, আফগানিস্থান আৰু তুৰস্কলৈ বিস্তৃত হৈ আছে। এই অঞ্চলত থকা মালভূমিবোৰ হৈছে ইৰাণ মালভূমি, কুর্দিস্থান মালভূমি, আর্মেনিয়া মালভূমি আৰু এনাতলীয় মালভূমি।

(৪) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চল: এই অঞ্চলটো প্রায়ে বালিময় মৰুভূমি। আৰব মালভূমিটো এই অঞ্চলৰ অন্তৰ্গত।

(৫) পূৱ এছিয়াৰ পাৰ্বত্য অঞ্চল: এই অঞ্চলটো প্রশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চলত বিস্তৃত হৈ আছে।

(৬) বৃহৎ নদী উপত্যকা অঞ্চল: এই উপত্যকা অঞ্চলটো মহাদেশখনৰ বৃহৎ নদী আৰু উপনৈসমূহৰ দ্বাৰা সৃষ্টি হৈছে। এই অঞ্চলবোৰ অতি সাৰুৱা আৰু কৃষি প্রধান।

(৭) উপকূল অঞ্চলঃ এছিয়া মহাদেশৰ উপকূল অঞ্চলটো ভগ্ন প্ৰকৃতিৰ আৰু কিছুমান উপকূল অঞ্চল পৰ্বতেৰে ভৰা।

(৮) সাগৰীয় দ্বীপসমূহ: এছিয়া মহাদেশৰ সাগৰীয় দ্বীপসমূহ মহাদেশখনৰ পূৱত আৰু দক্ষিণত অৱস্থিত।

৫। কাৰণ দর্শাই উত্তৰ লিখাঃ

(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয়?

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ বৃহৎ অংশ উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই উত্তৰ গোলার্ধত বাস কৰে।

(খ) এচিয়া মহাদেশৰ জলবায়ু বৈচিত্রময় কিয়?

নাইবা

এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰণ কি? HSLC ’17

উত্তৰঃ বিশালতাৰ বাবেএছিয়া মহাদেশৰ জলবায ভিন্ন। ই ১০° দক্ষিণ অক্ষ ৰেখাৰ পৰা সুমেৰু বৃত্তলৈকে বিস্তৃত হৈ আছে। বিষুৱ ৰেখাৰ পৰা যিমানে সূৰ্যৰ পোহৰ ক্ৰমান্বয়ে কমকৈ পৰে। সেয়ে এছিয়া মহাদেশত বিষুবীয় জলবায়ুৰ পৰা আৰম্ভ কৰি মেৰুদেশীয় জলবায়ু বিৰাজমান। ইয়াৰ ওপৰিও মহাদেশখনৰ অৱস্থান, আকাৰ, উচ্চ পর্বতমালা, মালভূমিবোৰৰ অৱস্থিতি, সাগৰৰ প্রভাব, মৌচুমী বতাহৰ লগতে অন্যান্য বতাহৰ প্রভাৱৰ ফলত এছিয়া মহাদেশত জলবায়ুৰ ভিন্নতা বিৰাজমান।

(গ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়?

উত্তৰঃ এন্টার্কটিকা মহাদেশ পৃথিবীৰ দক্ষিণ গোলার্ধত অৱস্থিত। এইখন মহাদেশ বছৰৰ অধিকাংশ সময় বৰফেৰে আবৃত থাকে। ইয়াৰ উপৰি ইয়াত বছৰৰ ছয়মাহ দিন আৰু ছয়মাহ ৰাতি হৈ থাকে বাবে ইয়াত মানুহৰ স্থায়ী বসতি সম্ভর নহয়।

৬। এছিয়া মহাদেশৰ কৃষিকার্যত প্রভাব পেলোৱা কাৰকসমূহ কি কি? HSLC ’15

উত্তৰঃ এচিয়া মহাদেশৰ কৃষি কার্যত প্রভাৱ পোলোৱা প্ৰধান কাৰক হৈছে জলবায়ু। কৃষি উৎপাদনত জলবায়ুয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। কৃষিৰ বাবে বৰষুণ, উৰ্বৰ ভূমি আৰু সমতল অঞ্চল, কৃষ কাৰ্যৰ লগত জড়িত লোক আদিৰ প্রয়োজন। এছিয়া মহাদেশত এই সকলোবোৰ কাৰক বিদ্যামন। ইয়াত প্রায় গোটেই বছৰ বৰষুণ হয়। সমতল ভূমিৰ পৰিমাণো যথেষ্ট। এছিয়া মহাদেশৰ পূৱ প্ৰান্তত কঁপাহ, কুঁহিয়াৰ, ধপাত, সৰিয়হ, ৰবৰ আৰু মছলা জাতীয় শস্য উৎপাদন হয়। আনহাতে পশ্চিমৰ মৰুভূমিময় অঞ্চলত খেজুৰ, বগৰী, ঘেঁহু, আঙুৰ, আপেল আদি সৰহকৈ উৎপাদন হয়।

৭। এছিয়া মহাদেশৰ প্ৰধান প্রাকৃতিক সম্পদৰ বিতৰণ আৰু ব্যৱহাৰৰ এক খতিয়ান দাঙি ধৰা। HSLC ’15

উত্তৰঃ এছিয়া মহাদেশখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। ই প্রাকৃতিক সম্পদত চহকী। ইয়াৰ প্ৰাকৃতিক সম্পদসমূহক তলত দিয়া ধৰণে ভাগ কৰা হৈছে:

(ক) ভূমিসম্পদঃ পৃথিৱীৰ মুঠ কৃষিভূমিৰ প্ৰায় ৩১ শতাংশ এছিয়া মহাদেশত অৱস্থিত। এছিয়াৰ নদী উপত্যকা অঞ্চল, ব-দ্বীপ অঞ্চল আৰু উপকূল অঞ্চলৰ কৃষিভূমি অতিকৈ সাৰুৱা। এনে অঞ্চলবোৰত ধান, মাহ, সৰিয়হ, ঘেঁহু, মৰাপাট আদি উৎপন্ন হয়।

(খ) জলসম্পদ: এছিয়া মহাদেশ জলসম্পদত অতি চহকী। এছিয়া মহাদেশৰ জলসম্পদ প্রধানকৈ বিদ্যুৎ উৎপাদন আৰু জলপৰিবহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।। এছিয়া মহাদেশ বিদ্যুৎ উৎপাদনত পৃথিৱীৰ দ্বিতীয় স্থানত আছে।

(গ) বনজ সম্পদ: এছিয়া মাহদেশখনত জলবায়ু, ভূ-প্রকৃতি আৰু মাটিৰ গুণাগুণৰ বাবে ইয়াৰ হাবিত বিভিন্ন ধৰণৰ মূল্যৱান তৰু-তৃণ, গছ- গছনি, নানা ধৰণৰ ঔষধি গছ উৎপন্ন হয়।

(ঘ) খনিজ সম্পদ: এছিয়া মহাদেশত কম- বেছি পৰিমাণে প্রায় সকলো ধৰণৰ খনিজ সম্পদেই পোৱা যায়। ইয়াৰ ভিতৰত পেট্র’লিয়াম অন্যতম। মধ্যপ্রাচ্যৰ আৰবীয় দেশবিলাকত প্ৰচুৰ পৰিমাণে তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে।

৮। ৰাজধানীসহ ইউৰোপ মহাদেশৰ পাঁচখন দেশৰ নাম লিখা। HSLC ’17

উত্তৰ: দেশৰ নাম ৰাজধানী

ডেনমার্ক কোপেন হেগেন

পর্তুগাল লিচবন

আয়াৰলেণ্ড ডাব্লিন

জার্মানী বার্লিন

অস্ট্রিয়া ভিয়েনা

৯। উত্তৰ আমেৰিকাৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। HSLC ’17

উত্তৰঃ পৃথিৱীৰ পশ্চিমপ্রান্তত থকা এখন ডাঙৰ মহাদেশখন হ’ল উত্তৰ আমেৰিকা। ইয়াৰ মাটিকালি ২৪.৩ নিযুত বর্গকি.মি। ই পৃথিৱীৰ উত্তৰ গোলার্ধত অৱস্থিত। ভূপ্রাকৃতিক দিশত উত্তৰ আমেৰিকা এক বৈচিত্রময় মহাদেশ। মহাদেশখনৰ উচ্চতম ঠাই মেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেথভেলী। ইয়াৰ পশ্চিম আৰু পূৱ অংশ পর্বতময়। অন্যান্য অংশ উচ্চ আৰু নিম্ন সমতল ভূমি। ভূপ্রাকৃতিকভাৱে আমেৰিকা মহাদেশখনক প্রধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনেঃ

(ক) ৰকি পর্বতমালা, 

(খ) বিশাল উচ্চ সমভূমি অঞ্চল,

(গ) আপেলেছিয়ান উচ্চ সমভূমি অঞ্চল আৰু

(ঘ) উপকূলীয় নিম্ন সমভূমি অঞ্চল।

১০। পৃথিবীৰ উপৰিভাগত থকা ভূঅবয়বৰ বিষয়ে চমুকৈ লিখা। HSLC ’19

উত্তৰঃ পৃথিৱীৰ সাগৰপৃষ্ঠৰ ওপৰত মাটিৰে আগুৰি থকা অংশক ‘স্থলমণ্ডল’ বোলে। আনহাতে ভূপৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদি পানীৰে আগুৰি থকা বৃহৎ অংশকে ‘জলমণ্ডল’ বোলে। পৃথিৱীৰ বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে নাথাকি দুয়োটা অংশই ইটোৱে- সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। এই ক্ষেত্রত কাস্পিয়ান সাগৰ, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইটা সাগৰ, মহাসাগৰ ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অস্ট্রেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনটো?

(ক) প্রশান্ত মহাসাগৰ
(খ) ভাৰত মহাসাগাৰ
(গ) আটলান্টিক মহাসগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ) আটলান্টি মহাসাগৰ।

প্রশ্নঃপৃথিবীৰ ক্ষুদ্রতম মহাদেশ কোনখন?

(ক) উত্তৰ আমেৰিকা মহাদেশ
(খ) ইউৰোপ মহাদেশ
(গ) এন্টার্কটিকা মহাদেশ
(ঘ) ওছেনিয়া মহাদেশ
উত্তৰঃ (ঘ) ওছেনিয়া মহাদেশ।

প্রশ্নঃ ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অবস্থিত?

(ক) আটলান্টিক মহাসাগৰ
(খ) উত্তৰ মহাসাগাৰ
(গ) প্রশান্ত মহাসগৰ
(ঘ) ভাৰত মহাসাগৰ
উত্তৰঃ (ক) আটলান্টিক মহাসাগৰ।

প্রশ্নঃ এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? HSLC 20

(ক) ভূমধ্য সাগৰ
(খ) লোহিত সাগৰ
(গ) কাস্পিয়ান সাগৰ
(ঘ) আৰব সাগৰ
উত্তৰঃ (ক) ভূমধ্য সাগৰ।

প্রশ্নঃ এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে?

(ক) ইউৰাল পর্বতমালা
(খ) ককেচাচ পর্বত
(গ) কাস্পিয়ান সাগৰ
(ঘ) ভল্লা নদী
উত্তৰঃ (ক) ইউৰাল পর্বতমালা।
উত্তৰঃ (ক) উত্তৰ আমেৰিকা।

প্রশ্নঃ ব্রাজিলৰ ৰাজধানী কি?

(ক) ৰিও ডি জেনেইৰো
(খ) চাও পাওলো
(গ) ব্রাচিলিয়া
(ঘ) লিমা
উত্তৰঃ (গ) ব্রাচিলিয়া।

প্রশ্নঃ মাটিকালিৰ পিনৰ পৰা পৃথিৱীৰ বৃহত্বম দেশ কোনখন? HSLC ’24

(ক) অস্ট্রেলিয়া
(খ) কানাডা
(গ) চীন
(ঘ) ৰাছিয়া
উত্তৰঃ (ঘ) ৰাছিয়া।

প্রশ্নঃ কাইৰো কোনখন দেশৰ ৰাজধানী? HSLC ’24

(ক) ইজৰাইল
(খ) ইজিপ্ত
(গ) জাপান
(ঘ) ইউক্রেইন
উত্তৰঃ (খ) জাপান।

প্রশ্নঃ কোনখন সাগৰে এচিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে? HSLC ’24

(ক) ভূমধ্য সাগৰ
(খ) লোহিত সাগৰ
(গ) কাস্পিয়ান সাগৰ

(ঘ) আৰব সাগৰ
উত্তৰঃ (খ) লোহিত সাগৰ।

প্রশ্নঃ প্রাকৃতিকভাবে ইউৰোপ মহাদেশক এছিয়া মহাদেশক পৃথক কৰি ৰাখিছে- HSLC ’24

(ক) কাৰাকোৰম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে
(খ) হিমালয় পর্বতমালা আৰু আমুৰ সাগৰে
(গ) উৰাল পর্বতমালা আৰু উৰাল সাগৰে
(ঘ) ৰকি পৰ্বতমালা আৰু লেনা নদীয়ে
উত্তৰঃ (গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে।

প্রশ্নঃ তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্বম? HSLC ’22

(ক) ভাৰত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) দক্ষিণ মহসাগৰে
উত্তৰঃ (গ) প্রশান্ত মহাসাগৰ।

Leave a Comment

" target="_blank" rel="nofollow">