Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

By Rabbi Masrur

Published On:

SEBA Class 10 Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

তৃতীয় খণ্ডঃ আঞ্চলিক ভূগোল

ষষ্ঠ অধ্যায়

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

অনুশীলনী: প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন বৃহৎ আৰু বৈচিত্র্যময় দেশ। ইয়াৰ মুঠ মাটিকালি প্রায় ৩২,৮৭,২৬৩ বর্গ কিলোমিটাৰ। আয়তনৰ দিশত ভাৰত পৃথিৱীৰ সপ্তম বৃহত্তম দেশ। উত্তৰত হিমালয় পর্বতমালা, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰব সাগৰে দেশখনক সীমাবদ্ধ কৰিছে। ভাৰত এখন সংবিধানসম্মত গণতান্ত্রিক গণৰাজ্য। ভৌগোলিক গঠন, জলবায়ু, উদ্ভিদ, জনসংখ্যা আৰু সাংস্কৃতিক বৈচিত্র্যৰ বাবে ভাৰত বিশ্বত বিশেষ স্থান অধিকাৰ কৰিছে। কৃষি, উদ্যোগ আৰু সেৱাখণ্ড মিলি ভাৰতৰ এক সবল অর্থনীতি আছে।

২। ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পর্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা।

উত্তৰঃ ভাৰত ৮০৪ উত্তৰ অক্ষাংশৰ পৰা ৩৭° উত্তৰ অক্ষাংশলৈ আৰু ৬৮° পূব দ্রাঘিমাংশৰ পৰা ৯৭° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত। কর্কটক্রান্তি ৰেখাই দেশখনৰ প্ৰায় মাজেদি পাৰ হৈ গৈছে, যাৰ ফলত ভাৰতত উষ্ণমণ্ডলীয় আৰু উপ-উষ্ণমণ্ডলীয় দুয়ো ধৰণৰ জলবায়ু পোৱা যায়।
৮২°৩০ পূর্ব দ্রাঘিমাংশ (মির্জাপুৰ ওচৰত) ভাৰতৰ মান সময়ৰ আধাৰ।

দেশখন উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃতি প্রায় ৩,২১৪ কিলোমিটাৰ আৰু পূবৰ পৰা পশ্চিমলৈ প্রায় ২,৯৩৩ কিলোমিটাৰ। উপকূলৰ মুঠ দৈর্ঘ্য প্রায় ৭,৫১৬.৬ কিলোমিটাৰ। বৃহৎ আকাৰৰ ফলত ভাৰতত ভৌগোলিক আৰু জলবায়ুগত বৈচিত্র্য দেখা যায়, যি কৃষি আৰু বসবাসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

৩। ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰৰ সহায়ত বুজাই দিয়া।

উত্তৰঃ ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক ছয়টা প্রধান প্রাকৃতিক বিভাগত ভাগ কৰা হয়-

১) হিমালয় পার্বত্য অঞ্চল

২) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

৩) দাক্ষিণাত্য মালভূমি অঞ্চল

৪) উপকূল অঞ্চল

৪। ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ তলত ভাৰতৰ ভূপ্রাকৃতিক অঞ্চলৰ চময় বর্ণনা দিয়া হ’ল-

হিমালয় অঞ্চলঃ ই এক নতুন ভাঁজ পর্বত। তিনিটা অংশ-হিমাদ্রী, হিমাচল আৰু শৈৱালিক। ই বহুতো নদীৰ উৎসস্থল।

উত্তৰ ভাৰতৰ সমভূমিঃ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসৰে গঠিত উৰ্বৰ অঞ্চল। কৃষিৰ বাবে অতি উপযোগী আৰু অধিক জনবসতিপূর্ণ।

উপদ্বীপীয় মালভূমিঃ প্রাচীন কঠিন আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ দ্বাৰা গঠিত। খনিজ সম্পদত সমৃদ্ধ।

ভাৰতীয় মৰুভূমিঃ থাৰ মৰুভূমি, কম বৰষুণ আৰু বালিয়াৰী ইয়াৰ বৈশিষ্ট্য।

উপকূলীয় অঞ্চলঃ পূব উপকূলব-দ্বীপ আকৃতিৰ। পশ্চিম উপকূল সংকীর্ণ আৰু খাৰুৱা।

৫। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।

উত্তৰঃ ভাৰতৰ জলবায়ুৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল-

১) মৌচুমী জলবায়ু প্রধান।

২) ঋতুভেদ স্পষ্ট।

৩) বৰষুণৰ অসম বণ্টন।

৪) তাপমাত্ৰাৰ আঞ্চলিক বৈচিত্র্য।

৫) মৌচুমী বায়ুৰ আগমন আৰু প্ৰত্যাৱৰ্তনৰ ওপৰত কৃষি নিৰ্ভৰশীল।

৬। মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়-ব্যাখ্যা কৰা।

উত্তৰঃ জুন মাহত দক্ষিণ-পশ্চিম মৌচুমী বায়ু আৰব সাগৰ আৰু বঙ্গোপসাগৰৰ পৰা আর্দ্রতা সংগ্ৰহ কৰি ভাৰতত প্ৰৱেশ কৰে। ই দেশৰ অধিকাংশ অঞ্চলত বৰষুণ প্রদান কৰে। কৃষি সম্পূৰ্ণভাৱে এই বৰষুণৰ ওপৰত নিৰ্ভৰশীল।

অক্টোবৰ-নৱেম্বৰত উত্তৰ-পূব মৌচুমী বায়ু বয়, যাৰ ফলত তামিলনাডু উপকূলত বৰষুণ হয়। মৌচুমীৰ আগমন, বিৰতি আৰু প্ৰত্যাৱৰ্তনে ভাৰতৰ তাপমাত্ৰা আৰু বৰষুণ নিয়ন্ত্রণ কৰে। মৌচুমীৰ ব্যৰ্থতা কৃষিক্ষেত্রত দুর্ভিক্ষ সদৃশ পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

৭। কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায়? চিত্র আঁকি উল্লেখ কৰা।

উত্তৰঃ ভাৰতত পোৱা প্রধান প্রাকৃতিক উদ্ভিদসমূহ-

১) উষ্ণমণ্ডলীয় চিৰসেউজ বন

২) উষ্ণমণ্ডলীয় পর্ণপত্র বন (আর্দ্র আৰু শুষ্ক)

৩) কণ্টকময় বন

৪) পর্বতীয়া বন

৫) মেনগ্রেভ বন

৮। ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। সদাবাহাৰ বন অধিক বৰষুণীয়া অঞ্চলত (২০০ চে.মি. ওপৰত) পোৱা যায়। পর্ণপত্র বন ১০০-২০০ চেমি বৰষুণীয়া অঞ্চলত পোৱা যায়। শুষ্ক পর্ণপত্র বন কম বৰষুণীয়া অঞ্চলত দেখা যায়। কণ্টকময় বন ৫০ চে.মি.ৰ তলত বৰষুণ হোৱা অঞ্চলত জন্মে। পর্বতীয়া বন উচ্চতাৰ লগত সলনি হয়। মেংগ্রেভ বন বদ্বীপ অঞ্চলত লৱণাক্ত পানীত জন্মে।

৯। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ভাৰত বিশ্বৰ অন্যতম জনবহুল দেশ। ২০১১ চনৰ জনগণনা অনুসৰি জনসংখ্যা ১২১ কোটিতকৈ অধিক। উন্নত স্বাস্থ্যসেৱা, মৃত্যুহাৰ হ্রাস আৰু জীৱনকাল বৃদ্ধিৰ ফলত জনসংখ্যা বৃদ্ধি পাইছে। যদিও বর্তমান জন্মহাৰ কিছু কমিছে, তথাপিও বৃহৎ ভিত্তিজনিত জনসংখ্যা বৃদ্ধিৰ হাৰ গুৰুত্বপূৰ্ণ।

১০। জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয়-ব্যাখ্যা কৰা।

উত্তৰঃ উৰ্বৰ মাটি, পানীৰ সুবিধা, অনুকূল জলবায়ু, উদ্যোগ-ব্যৱসায় আৰু পৰিবহণ সুবিধা আদি কাৰকৰ বাবে ভাৰতৰ জনসংখ্যা সকলো ঠাইত সমান নহয়। পাহাৰীয়া, মৰুভূমি আৰু ঘন বনাঞ্চলত অনুকূল পৰিস্থিতিৰ অভাৱত জনসংখ্যা কম। এইদৰে ভৌগোলিক আৰু আর্থ-সামাজিক কাৰণ জনসংখ্যা বিতৰণ নিয়ন্ত্ৰণ কৰে।

১১। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা।

উত্তৰঃ গংগা সমভূমি, বিহাৰ, পশ্চিমবংগ আদি অঞ্চলত উচ্চ ঘনত্ব। ৰাজস্থানৰ মৰুভূমি, অৰুণাচল প্রদেশ আদি অঞ্চলত ঘনত্ব কম। ২০১১ চনত প্রতি বর্গ কিলোমিটাৰত ভাৰতৰ জনসংখ্যাৰ গড় ঘনত্ব আছিল প্রায় ৩৮২ জন।

১২। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাষ দিয়া।

উত্তৰঃ ২০১১ চনৰ তথ্য অনুসৰি ভাৰতৰ প্রায় ৩১ শতাংশ লোক নগৰীয়া অঞ্চলত বাস কৰে। উদ্যোগ, বাণিজ্য, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুযোগে নগৰীকৰণ বৃদ্ধি কৰিছে। মুম্বাই, দিল্লী, কলকাতা, চেন্নাই, বেংগালুৰু আদি মহানগৰত জনসংখ্যা দ্রুত বৃদ্ধি পাইছে।

১৩। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট আলোচনা কৰা।

উত্তৰ ভাৰতৰ প্ৰধান কৃষি অঞ্চলসমূহ হ’ল-

গংগা সমভূমিঃ মাটি সাৰুৱা বাবে ধান আৰু গম উৎপাদনৰ বাবে উপযোগী।

পাঞ্জাব-হৰিয়ানা অঞ্চলঃ সেউজ বিপ্লৱৰ প্ৰভাৱ; গম আৰু ধান উৎপাদন হয়।

দাক্ষিণাত্য মালভূমিঃ কাপাহ, ডাইল আৰু তেলবীজ উৎপাদন হয়।

অসম-পশ্চিমবংগঃ চাহ উৎপাদনৰ বাবে বিখ্যাত।

১৪। ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা চমুকৈ বর্ণনা দিয়া।

উত্তৰঃ ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা হ’ল-

মুম্বাই-পুণে অঞ্চলঃ বস্ত্র, গাড়ী, ৰাসায়নিক শিল্প।

হুগলী অঞ্চলঃ মৰাপাট শিল্পৰ কেন্দ্ৰ।

চোটানাগপুৰ অঞ্চলঃ লোহা-ইস্পাত আৰু খনিজ ভিত্তিক শিল্প।

আহমেদাবাদ-বৰোদা অঞ্চলঃ বস্ত্ৰ আৰু পেট্রোৰাসায়নিক শিল্প।

১৫। চমুটোকা-

উত্তৰঃ

(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃ পলিমাটি, অধিক জনসংখ্যা, খাদ্য উৎপাদনৰ মূল অঞ্চল।

(খ) ভাৰতীয় অর্থনীতিত কৃষিৰ গুৰুত্বঃ খাদ্য, কেঁচামাল, ৰপ্তানি আয় আৰু অধিকাংশ লোকৰ জীৱিকা।

(গ) মৌচুমী উদ্ভিদঃ মৌচুমী বৰষুণৰ ওপৰত নিৰ্ভৰশীল বনাঞ্চল।

(ঘ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণঃ দক্ষিণ-পশ্চিম মৌচুমী বায়ু মুখ্য বৰষুণ প্রদানকাৰী।

(ঙ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহঃ উচ্চ জন্মহাৰ, মৃত্যুহাৰ হ্রাস, চিকিৎসাৰ উন্নতি।

(চ) জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহঃ উৰ্বৰ মাটি, জলবায়ু, উদ্যোগ, পৰিবহণ সুবিধা।

(ছ) লাভা মৃত্তিকাঃ ক’লা মাটি; দাক্ষিণাত্য মালভূমিত পোৱা যায়; কাপাহ খেতিৰ বাবে উপযোগী।

(জ) হুগলী শিল্প অঞ্চলঃ পশ্চিমবংগ; জুট, কাগজ, ইঞ্জিনিয়াৰিং উদ্যোগ।

(ঝ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যঃ বৰফগলা আৰু বৰ্ষপুষ্ট; বৃহৎ ডেল্টা গঠন কৰে।

(ঞ) দক্ষিণ ভাৰতৰ নদী বিলাকৰ বৈশিষ্টঃ মৌচুমী নিৰ্ভৰ; জলপ্রপাত আৰু ডেল্টা গঠন কৰে।

(ট) ভাৰতীয় দ্বীপসমূহঃ আন্দামান-নিকোবৰ আগ্নেয়; লক্ষদ্বীপ প্ৰৱাল।

(ঠ) হিমালয় পার্বত্য অঞ্চলঃ নতুন ভাঁজ পর্বত; বহু নদীৰ উৎসস্থল; প্রাকৃতিক প্রাচীৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

বহুবিকল্পধর্মী প্রশ্নোত্তৰ

১। ভাৰতৰ মুঠ আয়তন কিমান?

(ক) ২৮.৭ লাখ বর্গ কিমি

(খ) ৩২.৮ লাখ বর্গ কিমি

(গ) ৩০.৫ লাখ বর্গ কিমি

(ঘ) ৩৫.২ লাখ বর্গ কিমি

উত্তৰঃ (খ)

২। কর্কটক্রান্তি ৰেখাই ভাৰতক কোন দিশত বিভক্ত কৰিছে?

(ক) পূব-পশ্চিম

(খ) উত্তৰ-দক্ষিণ

(গ) উপকূলীয় অঞ্চল

(ঘ) মৰুভূমি অঞ্চল

উত্তৰঃ (খ)

৩। ভাৰতৰ মান সময় কোন দ্রাঘিমাংশৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত?

(ক) ৭৫° পূব

(খ) ৯০° পূব

(গ) ৮২০৩০ পূব

(ঘ) ৬৮° পূব

উত্তৰঃ (গ)

৪। উত্তৰ ভাৰতৰ সমভূমি কোন নদীৰ পলিৰে গঠিত?

(ক) নর্মদা

(খ) তাপ্তী

(গ) গংগা-ব্রহ্মপুত্র-সিন্ধু

(ঘ) মহানদী

উত্তৰঃ (গ)

৫। থাৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত?

(ক) গুজৰাট

(খ) ৰাজস্থান

(গ) পঞ্জাৱ

(ঘ) মহাৰাষ্ট্ৰ

উত্তৰঃ (খ)

৬। দক্ষিণ-পশ্চিম মৌচুমী বায়ু সাধাৰণতে কেতিয়া আৰম্ভ হয়?

(ক) জানুৱাৰী

(খ) মার্চ

(গ) জুন

(ঘ) ছেপ্টেম্বৰ

উত্তৰঃ (গ)

৭। ক’লা মাটি কিহৰ বাবে উপযোগী?

(ক) ধান

(খ) গম

(গ) কঁপাহ

(ঘ) চাহ

উত্তৰঃ (গ)

৮। মেংগ্রোভ বন সাধাৰণতে ক’ত পোৱা যায়?

(ক) মৰুভূমি অঞ্চলত

(খ) পাহাৰীয়া অঞ্চলত

(গ) ব-দ্বীপ অঞ্চলত

(ঘ) মালভূমিত

উত্তৰঃ (গ)

৯। ২০১১ চনৰ জনগণনা অনুসৰি ভাৰতৰ গড় জনঘনত্ব কিমান আছিল?

(ক) ৩২৫ জন প্রতি বর্গ কিমি

(খ) ৩৮২ জন প্রতি বর্গ কিমি

(গ) ৪৫০ জন প্রতি বর্গ কিমি

(ঘ) ২৯০ জন প্রতি বর্গ কিমি

উত্তৰঃ (খ)

১০। আন্দামান-নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত?

(ক) আৰব সাগৰ

(খ) বঙ্গোপসাগৰ

(গ) লাক্ষাদ্বীপ সাগৰ

(ঘ) কাস্পিয়ান সাগৰ

উত্তৰঃ (খ)

১১। চোটানাগপুৰ মালভূমি কিহৰ বাবে বিখ্যাত?

(ক) চাহ

(খ) জুট

(গ) খনিজ সম্পদ

(ঘ) কফি

উত্তৰঃ (গ)

১২। ভাৰতৰ উপকূলৰ মুঠ দৈর্ঘ্য প্রায় কিমান?

(ক) ৫,০০০ কিমি

(খ) ৬,২০০ কিমি

(গ) ৭,৫১৬.৬ কিমি

(ঘ) ৮,১০০ কিমি

উত্তৰঃ (গ)

১৩। গংগা নদী কোন সাগৰত মিলিত হয়?

(ক) আৰব সাগৰ

(খ) বঙ্গোপসাগৰ

(গ) ভাৰত মহাসাগৰ

(ঘ) লোহিত সাগৰ

উত্তৰঃ (খ)

১৪। ভাৰতৰ কোন অঞ্চলত চাহ উৎপাদন অধিক হয়?

(ক) ৰাজস্থান

(খ) পঞ্জাৱ

(গ) অসম

(ঘ) মধ্যপ্রদেশ

উত্তৰঃ (গ)

১৫। পশ্চিম উপকূল সাধাৰণতে কেনে ধৰণৰ?

(ক) বিস্তৃত আৰু ডেল্টাযুক্ত

(খ) সংকীর্ণ আৰু খাৰুৱা

(গ) বালিয়াৰীযুক্ত

(ঘ) বৰফেৰে আবৃত

উত্তৰঃ (খ)

চমু প্রশ্নোত্তৰ (১/২ নম্বৰ)

১। ভাৰতৰ আয়তনৰ দিশত বিশ্বত স্থান কিমান?

উত্তৰঃ ভাৰত বিশ্বৰ সপ্তম বৃহত্তম দেশ।

২। ভাৰতৰ মান সময় কোন ঠাইৰ ওচৰত অৱস্থিত?

উত্তৰঃ ৮২০৩০ পূব দ্রাঘিমাংশ, মির্জাপুৰ ওচৰত।

৩। হিমালয় কোন প্ৰকাৰৰ পৰ্বত?

উত্তৰঃ নতুন ভাঁজ পর্বত।

৪। উত্তৰ ভাৰতৰ সমভূমি কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ নদীৰ পলিৰে গঠিত।

৫। ডেক্কান মালভূমি কিহৰ বাবে গুৰুত্বপূৰ্ণ?

উত্তৰঃ খনিজ সম্পদ আৰু ক’লা মাটিৰ বাবে।

৬। মৌচুমী বায়ু কি?

উত্তৰঃ ঋতু অনুসৰি দিশ সলনি কৰা বায়ুক মৌচুমী বায়ু বোলে।

৭। চিৰসেউজীয়া বন কিমান চেমি বৰষুণীয়া অঞ্চলত জন্মে?

উত্তৰঃ ২০০ চেমিৰ ওপৰত বৰষুণ হোৱা অঞ্চলত।

৮। ভাৰতৰ জনসংখ্যা বৃদ্ধি হোৱাৰ এটা মুখ্য কাৰণ কি?

উত্তৰঃ মৃত্যুহাৰ হ্রাস।

৯। নগৰীকৰণ বুলিলে কি বুজা যায়?

উত্তৰঃ নগৰীয়া জনসংখ্যাৰ বৃদ্ধি আৰু নগৰৰ বিস্তাৰ।

১০। থৰ মৰুভূমিৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বৰষুণ অতি কম।

১১। লক্ষদ্বীপ কেনে ধৰণৰ দ্বীপ?

উত্তৰঃ প্ৰৱাল দ্বীপ।

১২। গংগা-ব্রহ্মপুত্র বদ্বীপ ক’ত অৱস্থিত?

উত্তৰঃ বঙ্গোপসাগৰ উপকূলত।

১৩। ক’লা মাটি ক’ত অধিক পোৱা যায়?

উত্তৰঃ ডেক্কান মালভূমিত।

১৪। ভাৰতৰ জলবায়ু মূলত কেনে ধৰণৰ?

উত্তৰঃ মৌচুমী জলবায়ু।

১৫। চোটানাগপুৰ অঞ্চলত কোন শিল্প বিকশিত হৈছে?

উত্তৰঃ লোহা-ইস্পাত আৰু খনিজ ভিত্তিক শিল্প।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment