SEBA Class 10 Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগোল
তৃতীয় খণ্ডঃ আঞ্চলিক ভূগোল
পঞ্চম অধ্যায়
জাপানৰ আঞ্চলিক ভূগোল
অনুশীলনী
১। জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পর্কে লিখা।
উত্তৰঃ জাপান পূব এছিয়াৰ এখন দ্বীপ-ৰাষ্ট্ৰ। ই প্রশান্ত মহাসাগৰৰ পশ্চিম প্রান্তত অৱস্থিত। জাপান উত্তৰ অক্ষাংশ ২৪° ৰ পৰা ৪৬০ আৰু পূব দ্রাঘিমাংশ ১২২°ৰ পৰা ১৪৬ৰ ভিতৰত অৱস্থিত। উত্তৰত ওখোটস্ক সাগৰ, পশ্চিমত জাপান সাগৰ, পূবত প্রশান্ত মহাসাগৰ আৰু দক্ষিণত পূব চীন সাগৰ অৱস্থিত। জাপান চাৰিটা প্রধান দ্বীপ-হ’কাইডো, হোনশু, শিকোকু আৰু কিউশু-আৰু প্রায় ৬,৮০০ৰো অধিক সৰু দ্বীপৰ সমষ্টি। ই প্রশান্ত আগ্নেয় বলয়ত অৱস্থিত হোৱা বাবে ইয়াত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্দ্গীৰণ সঘনাই ঘটে। ভৌগোলিক অৱস্থানৰ বাবে ই সামুদ্রিক জলবায়ু প্রধান।
২। জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দাঙি ধৰা।
উত্তৰঃ জাপান এখন পর্বতময় আৰু আগ্নেয় উৎপত্তিৰ দ্বীপ ৰাষ্ট্ৰ। দেশখনৰ প্রায় ৭৫ শতাংশ এলেকা পর্বতময়। ইয়াত ১০০ৰো অধিক আগ্নেয়গিৰি আছে, যাৰ ভিতৰত কেইবাটাও সক্রিয়। ফুজি পর্বত (৩,৭৭৬ মিটাৰ) দেশখনৰ সৰ্বোচ্চ শৃংগ। সমভূমি অঞ্চল সীমিত আৰু সেয়া মূলতঃ উপকূলীয়া অঞ্চলত অৱস্থিত। নদীসমূহ চুটি আৰু তীব্র সোঁতযুক্ত। প্রাকৃতিক সম্পদ সীমিত হ’লেও উন্নত প্রযুক্তি আৰু উদ্যোগৰ জৰিয়তে জাপান বিশ্বৰ অন্যতম শক্তিশালী অর্থনীতি হিচাপে বিকশিত হৈছে।
৩। জাপানৰ প্ৰধান প্রাকৃতিক বিভাগসমূহ কি কি? প্রতিটো বিভাগৰে ভূ-প্রকৃতি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ জাপানৰ প্ৰধান প্রাকৃতিক বিভাগসমূহ হৈছে-
১) হ’কাইডো অঞ্চলঃ এই অঞ্চল উত্তৰাংশত অৱস্থিত। আগ্নেয় পর্বতমালা আৰু বিস্তৃত সমভূমি ইয়াৰ বৈশিষ্ট্য। জলবায়ু শীতল। দুগ্ধ পালন আৰু ঘেঁহু খেতি অধিক হয়।
২) হোনশু অঞ্চলঃ আটাইতকৈ বৃহৎ আৰু গুৰুত্বপূৰ্ণ দ্বীপ। ইয়াত ফুজি পর্বত অৱস্থিত। কান্তো আৰু কিনকি সমভূমি ইয়াত অৱস্থিত। অধিকাংশ নগৰ, উদ্যোগপ্রধান।
৩) শিকোকু অঞ্চলঃ ই এলেকাত সৰু আৰু অধিকাংশ অংশ পর্বতময়। কৃষিযোগ্য ভূমি কম। উপকূলীয় মৎস্য শিকাৰ গুৰুত্বপূৰ্ণ।
৪) কিউশু অঞ্চলঃ দক্ষিণ-পশ্চিমত অৱস্থিত। আগ্নেয় গঠন প্রধান। উষ্ণ জলবায়ু। চাহ, ধান আৰু মিঠা আলু উৎপাদনৰ বাবে বিখ্যাত।
৪। জাপানৰ ভূ-অৱয়বৰ এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ জাপানৰ ভূ-অবয়ব মূলতঃ পর্বতময়। দেশখনৰ প্রায় তিনিচতুর্থাংশ এলেকা পর্বতমালা। সমভূমি অঞ্চল অতি সংকীর্ণ আৰু উপকূলীয় অঞ্চলত অৱস্থিত। দেশখন প্রশান্ত আগ্নেয় বলয়ত অৱস্থিত হোৱাৰ বাবে ভূমিকম্প আৰু চুনামিৰ সম্ভাৱনা অধিক। ফুজি পর্বত হৈছে এটি সুন্দৰ শংখাকৃতি আগ্নেয় শৃংগ। নদীসমূহ চুটি আৰু জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী।
৫। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ জাপানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বৰ্তমান অত্যন্ত কম। ইয়াত বয়স্ক লোকৰ সংখ্যা বেছি। দেশখনত জনসংখ্যা মূলতঃ উপকূলীয়া সমভূমিত কেন্দ্রীভূত। কান্তো সমভূমি (ট’কিঅ’ অঞ্চল), কিনকি অঞ্চল (ঔছাকা-কোবি) আৰু চুকিও অঞ্চল (নাগোয়া)ত জনসংখ্যা অধিক। পৰ্বতময় আৰু অন্তৰ্ভাগৰ অঞ্চলত জনসংখ্যা কম। উদ্যোগ, পৰিবহণৰ সুবিধা আৰু নগৰায়নৰ বাবে এই অসমান বিতৰণ দেখা যায়।
৬। জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ জাপানৰ জনসংখ্যাৰ ঘনত্বৰ তাৰতম্যৰ কাৰণসমূহ হ’ল-
১) পৰ্বতময় ভূ-প্রকৃতিৰ বাবে বাসযোগ্য ভূমিৰ অভাৱ
২) কৃষিযোগ্য সমভূমিৰ সীমাবদ্ধতা
৩) উদ্যোগ আৰু বাণিজ্যৰ বিকাশ
৪) উন্নত পৰিবহণ আৰু বন্দৰৰ সুবিধা
৫) নগৰায়ন আৰু আধুনিকীকৰণ
৬) উপকূলীয়া অঞ্চলৰ অৰ্থনৈতিক সুবিধা
৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰঃ জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা তুলনামূলকভাবে কম, তথাপিও ই অত্যন্ত গুৰুত্বপূর্ণ। ইয়াত কৃষি অত্যাধুনিক বিজ্ঞানসম্মত পদ্ধতিত কৰা হয়। মুখ্য শস্য ধান। বেদিকা কৃষি পদ্ধতি পাহাৰীয়া অঞ্চলত দেখা যায়। সাৰ, উন্নত বীজ, যন্ত্রপাতি আৰু জলসিঞ্চন ব্যৱস্থাৰ ব্যাপক আছে। চাহ, ফল-মূল, শাক-পাচলি আৰু দুগ্ধ উৎপাদনো গুৰুত্বপূর্ণ।
৮। জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ জাপানৰ প্ৰধান কৃষি অঞ্চল আৰু সিহঁতৰ বৈশিষ্ট্যসমূহ হ’ল-
১) কান্তো সমভূমি ধান, শাক-পাচলি; অধিক জনবসতি।
২) কিনকি অঞ্চল- ধান আৰু উদ্যান শস্য।
৩) চুবু অঞ্চল- ফল-মূল, চাহ উৎপাদন।
৪) কিউশু অঞ্চল চাহ, ধান, মিঠা আলু।
৫) হ’কাইডো অঞ্চল ঘেঁহু, দুগ্ধ পালন আৰু পশুপালন।
৯। জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ আৰু সিহঁতৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ জাপানৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহ আৰু সিহঁতৰ চমু বিৱৰণ তলত দিয়া হ’ল-
১) কেইহিন (ট’কিঅ’-ইয়োকোহামা) অঞ্চলঃ ই জাপানৰ আটাইতকৈ বৃহৎ ঔদ্যোগিক অঞ্চল। ইলেক্ট্রনিক, গাড়ী, যন্ত্রপাতি, ৰাসায়নিক উদ্যোগ আদিৰ বাবে বিখ্যাত।
২) হানশিন (ঔসাকা-কোবি) অঞ্চলঃ লোহা-ইস্পাত, বস্ত্র, জাহাজ নির্মাণ আদি উদ্যোগৰ বাবে জনাজাত।
৩) চুকিও (নাগোয়া) অঞ্চলঃ গাড়ী উদ্যোগ (বিশেষকৈ টয়োটা) আৰু যন্ত্রপাতি উদ্যোগত উন্নত।
৪) কিতাকিউশু অঞ্চলঃ লোহা-ইস্পাত আৰু ভাৰি উদ্যোগৰ বাবে গুৰুত্বপূর্ণ।
১০। চমু টোকা
(ক) জাপানৰ দ্বীপসমূহঃ
উত্তৰঃ জাপান হৈছে প্রশান্ত মহাসাগৰৰ পশ্চিম প্রান্তত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ই ৬,৮০০ৰো অধিক দ্বীপৰ সমষ্টি। ইয়াৰ ভিতৰত চাৰিটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ দ্বীপ হৈছে-হ’কাইডো, হোনশু, শিকোকু আৰু কিউশু।
এই দ্বীপসমূহ সমুদ্ৰৰ দ্বাৰা পৃথক হলেও উন্নত পৰিবহণ ব্যৱস্থাৰ দ্বাৰা সংযুক্ত। জাপানৰ ভূ-প্রকৃতি, জনবসতি আৰু অর্থনীতি এই দ্বীপসমূহৰ গঠন আৰু অৱস্থানৰ সৈতে ওতঃপ্রোতভাবে জড়িত।
(খ) হ’কাইডো অঞ্চলৰ ভূ-প্রকৃতি
উত্তৰঃ হ’কাইডো জাপানৰ উত্তৰাংশত অৱস্থিত দ্বিতীয় বৃহৎ দ্বীপ। ইয়াৰ ভূ-প্রকৃতি প্রধানকৈ আগ্নেয় পর্বতময়। অঞ্চলটোত বহুসংখ্যক আগ্নেয় শৃংগ আৰু লাভাক্ষেত্র দেখা যায়। কিছুমান অংশত বিস্তৃত সমভূমি আছে, বিশেষকৈ ইসিকাৰী সমভূমি উল্লেখযোগ্য।
এই অঞ্চলত জনসংখ্যা তুলনামূলকভাবে কম। কৃষি আৰু পশুপালন, বিশেষকৈ দুগ্ধ উৎপাদন, এই অঞ্চলৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক কার্য।
হ’কাইডোৰ ভূ-প্রকৃতি জাপানৰ অন্যান্য দ্বীপসমূহতকৈ পৃথক আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অত্যন্ত মনোমোহা।
(গ) জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ণ
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানে দ্রুত উদ্যোগীকৰণৰ জৰিয়তে বিশ্বৰ শক্তিশালী অর্থনীতি হিচাপে উন্নতি কৰে। প্রযুক্তিগত দক্ষতা, গুণগত মানসম্পন্ন উৎপাদন আৰু ৰপ্তানি-ভিত্তিক অর্থনীতি ইয়াৰ সফলতাৰ মূল কাৰণ।
(ঘ) জাপানৰ বেদিকা কৃষি
উত্তৰঃ পর্বতময় এঢলীয়া ভূমিত ধাপ কাটি কৰা কৃষিক বেদিকা কৃষি বুলি কোৱা হয়। ই ভূমিৰ সদ্ব্যৱহাৰ নিশ্চিত কৰে।
(ঝ) জাপানৰ খনিজ সম্পদ
উত্তৰঃ জাপানত কয়লা, তাম, গন্ধক আদি সীমিত পৰিমাণে আছে। খনিজ সম্পদৰ অভাৱৰ বাবে দেশখনে অধিকাংশ কেঁচামাল আমদানি কৰে আৰু প্রস্তুত সামগ্ৰী ৰপ্তানি কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ
বহুবিকল্পধর্মী প্রশ্নোত্তৰ
প্রঃ জাপান কোন মহাসাগৰৰ পশ্চিম প্রান্তত অৱস্থিত?
(ক) আটলান্টিক মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) আর্কটিক মহাসাগৰ
উঃ (গ)
প্রঃ জাপানৰ সৰ্বোচ্চ শৃংগ কোনটো?
(ক) কিলিমান্জাৰো
(খ) ফুজি পর্বত
(গ) এভাৰেষ্ট
(ঘ) আল্লছ
উঃ (খ)
প্রঃ জাপানৰ আটাইতকৈ বৃহৎ দ্বীপ কোনটো?
(ক) কিউশু
(খ) শিকোকু
(গ) হ’কাইডো
(ঘ) হোনশু
উঃ (ঘ)
প্রঃ জাপান কোন আগ্নেয় বলয়ত অৱস্থিত?
(ক) মধ্য আটলান্টিক বলয়
(খ) প্রশান্ত আগ্নেয় বলয়
(গ) ভূমধ্যসাগৰীয় বলয়
(ঘ) আর্কটিক বলয়
উঃ (খ)
প্রঃ জাপানত সঘনে ভূমিকম্প হোৱাৰ মূল কাৰণ কি?
(ক) মৰুভূমি অৱস্থান
(খ) আগ্নেয় বলয়ত অৱস্থান
(গ) অধিক বনাঞ্চল
(ঘ) শীতল জলবায়ু
উঃ (খ)
প্রঃ কান্তো সমভূমি কোন দ্বীপত অৱস্থিত?
(ক) হ’কাইডো
(খ) হোনশু
(গ) শিকোকু
(ঘ) কিউশু
উঃ (খ)
প্রঃ জাপানৰ মুখ্য খাদ্য শস্য কোনটো?
(ক) ঘেঁহু
(খ) মাকৈ
(গ) ধান
(ঘ) জোৱাৰ
উঃ (গ)
প্রঃ কেইহিন উদ্যোগ অঞ্চল কোন দুটা নগৰৰ সৈতে জড়িত?
(ক) নাগোয়া কোবি
(খ) ট’কিঅ’-ইয়োকোহামা
(গ) ঔসাকা-নাগোয়া
(ঘ) সাপ্পোৰো-হাকোদাতে
উঃ (খ)
প্রঃ জাপানত কৃষিৰ বাবে কোন পদ্ধতি পাহাৰীয়া ঢালত ব্যৱহাৰ কৰা হয়?
(ক) ছিফটিং কৃষি
(খ) বেদিকা কৃষি
(গ) শুষ্ক কৃষি
(ঘ) বাগিচা কৃষি
উঃ (খ)
প্রঃ জাপানৰ কিতাকিউশু অঞ্চল কিহৰ বাবে বিখ্যাত?
(ক) ফল-মূল উৎপাদন
(খ) দুগ্ধ পালন
(গ) লোহা-ইস্পাত উদ্যোগ
(ঘ) চাহ খেতি
উঃ (গ)
প্ৰঃ জাপানৰ উত্তৰ অংশত অৱস্থিত দ্বীপ কোনটো?
(ক) কিউশু
(খ) শিকোকু
(গ) হ’কাইডো
(ঘ) হোনশু
উঃ (গ)
প্রঃ জাপানৰ অধিকাংশ জনসংখ্যা কোন অঞ্চলত কেন্দ্রীভূত?
(ক) পর্বতময় অঞ্চল
(খ) উপকূলীয়া সমভূমি
(গ) মৰুভূমি অঞ্চল
(ঘ) বনাঞ্চল
উঃ (খ)
প্রঃ নাগোয়া কোন উদ্যোগিক অঞ্চলৰ অংশ?
(ক) হানশিন
(খ) চুকিও
(গ) কেইহিন
(ঘ) কিতাকিউশু
উঃ (খ)
প্ৰঃ জাপানৰ নদীসমূহ কেনেধৰণৰ?
(ক) দীঘল আৰু ধীৰগতি
(খ) চুটি আৰু তীব্র সোঁতযুক্ত
(গ) বিস্তৃত আৰু বহুধা
(ঘ) মৰুভূমিমুখী
উঃ (খ)
প্ৰঃ জাপানৰ অৰ্থনীতি মুখ্যতঃ কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) কৃষি
(খ) বনজ সম্পদ
(গ) উদ্যোগ আৰু ৰপ্তানি
(ঘ) পশুপালন
উঃ (গ)
চমু প্রশ্নোত্তৰ (১/২ নম্বৰ)
১। জাপানৰ ভৌগোলিক অবস্থান লিখা।
উত্তৰঃ জাপান ২৪০-৪৬° উত্তৰ অক্ষাংশ আৰু ১২২০-১৪৬° পূব দ্রাঘিমাংশৰ ভিতৰত প্রশান্ত মহাসাগৰৰ পশ্চিম প্রান্তত অৱস্থিত।
২। জাপানক “উদীয়মান সূৰ্যৰ দেশ” বুলি কিয় কোৱা হয়?
উত্তৰঃ পূব এছিয়াত অৱস্থিত আৰু সূর্যোদয়ৰ দেশ হিচাপে পৰিচিত হোৱাৰ বাবে জাপানক “উদীয়মান সূৰ্যৰ দেশ” কোৱা হয়।
৩। জাপানৰ চাৰিটা প্রধান দ্বীপৰ নাম লিখা।
উত্তৰঃ হ’কাইডো, হোনশু, শিকোকু আৰু কিউশু।
৪। ফুজি পৰ্বতৰ উচ্চতা কিমান?
উত্তৰঃ ফুজি পৰ্বতৰ উচ্চতা ৩,৭৭৬ মিটাৰ।
৫। জাপানৰ প্ৰায় কিমান শতাংশ ভূমি পর্বতময়?
উত্তৰঃ প্রায় ৭৫ শতাংশ ভূমি পর্বতময়।
৬। কান্তো সমভূমি ক’ত অৱস্থিত?
উত্তৰঃ কান্তো সমভূমি হোনশু দ্বীপত অৱস্থিত।
৭। জাপানৰ মুখ্য খাদ্য শস্য কি?
উত্তৰঃ ধান।
৮। জাপানত কৃষিযোগ্য ভূমি কিয় সীমিত?
উত্তৰঃ অধিকাংশ ভূমি পৰ্বতময় হোৱাৰ বাবে কৃষিযোগ্য ভূমি সীমিত।
৯। কেইহিন উদ্যোগ অঞ্চলৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ই ট’কিঅ’-ইয়োকোহামা অঞ্চলত অৱস্থিত আৰু ইলেক্ট্রনিক, যন্ত্রপাতি আদি উদ্যোগত উন্নত।
১০। হানশিন উদ্যোগ অঞ্চল ক’ত অৱস্থিত?
উত্তৰঃ ঔসাকা-কোবি অঞ্চলত অৱস্থিত।
১১। জাপানৰ নদীসমূহ কিয় জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী?
উত্তৰঃ নদীসমূহ চুটি আৰু তীব্র সোঁতযুক্ত হোৱা বাবে জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী।
১২। জাপানৰ জনসংখ্যা ক’ত অধিক কেন্দ্রীভূত?
উত্তৰঃ উপকূলীয়া সমভূমি আৰু উদ্যোগিক নগৰ অঞ্চলত।
১৩। বেদিকা কৃষি কি?
উত্তৰঃ পাহাৰীয়া ঢালত ধাপ কাটি কৰা কৃষিক বেদিকা কৃষি কোৱা হয়।
১৪। জাপানৰ খনিজ সম্পদৰ অৱস্থা কেনে?
উত্তৰঃ খনিজ সম্পদ সীমিত আৰু অধিকাংশ কেঁচামাল আমদানি কৰা হয়।
১৫। কিউশু অঞ্চল কিহৰ বাবে বিখ্যাত?
উত্তৰঃ আগ্নেয় গঠন, উষ্ণ জলবায়ু আৰু চাহ খেতিৰ বাবে বিখ্যাত।
