Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

By Rabbi Masrur

Published On:

SEBA Class 10 Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

তৃতীয় খণ্ডঃ আঞ্চলিক ভূগোল

তৃতীয় অধ্যায় অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

অনুশীলনী: প্রশ্নোত্তৰ

১। অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা।

উত্তৰঃ ‘অঞ্চল’ বুলিলে পৃথিৱীৰ ভূ-পৃষ্ঠৰ এনে এটা নির্দিষ্ট অংশক বুজায়, য’ত কিছুমান স্বাভাৱিক বা মানৱীয় বৈশিষ্ট্যত স্পষ্ট সমতা দেখা যায়। এই বৈশিষ্ট্যসমূহ হ’ব পাৰে-জলবায়ু, ভূমিরূপ, মাটি, উদ্ভিদ, জনসংখ্যা, ভাষা, সংস্কৃতি অথবা অর্থনৈতিক কার্যকলাপ। ভূগোল অধ্যয়নত অঞ্চলৰ বিশেষ গুৰুত্ব আছে, কাৰণ সমগ্র পৃথিৱীক একেলগে অধ্যয়ন কৰা জটিল। সেয়েহে একেধৰণৰ বৈশিষ্ট্য থকা অঞ্চলসমূহ ভাগ কৰি অধ্যয়ন কৰিলে বিষয়বস্তু সহজ হয়, তুলনামূলক বিশ্লেষণ সম্ভৱ হয় আৰু বিভিন্ন অঞ্চলৰ স্বকীয় বৈশিষ্ট্য সহজে বোধগম্য হয়। আঞ্চলিক অধ্যয়ন ভুগোলৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি।

২। ভূ-পৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ ভূ-পৃষ্ঠত অঞ্চল চিনাক্তকৰণ কৰা হয় বিভিন্ন স্বাভাৱিক আৰু মানৱসৃষ্ট উপাদানৰ আধাৰত। স্বাভাৱিক উপাদানসমূহ হ’ল- জলবায়ু, ভূমিৰূপ, মাটি, উদ্ভিদ, নদ-নদী আদি। মানৱীয় উপাদানসমূহ হ’ল- জনসংখ্যাৰ ঘনত্ব, ভাষা, ধর্ম, কৃষি-পদ্ধতি, শিল্প-বাণিজ্য আদি। য’ত এইবোৰ উপাদানত উল্লেখযোগ্য সমতা দেখা যায়, সেই অংশক এটা পৃথক অঞ্চল হিচাপে গণ্য কৰা হয়। মানচিত্র, পৰিসংখ্যা তথ্য আৰু ক্ষেত্রসমীক্ষাৰ সহায়ত অঞ্চলৰ সীমা নির্ধাৰণ কৰা হয়।

৩। সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ সহধর্মী অঞ্চল হ’ল এনে অঞ্চল য’ত কিছুমান নির্দিষ্ট বৈশিষ্ট্যত সমতা থাকে।

উদাহৰণস্বৰূপে- চাহাৰা মৰুভূমি অঞ্চল, তুন্দ্রা অঞ্চল। এইবোৰ অঞ্চলত স্বাভাৱিক বৈশিষ্ট্যত মিল থাকে।

ক্রিয়াত্মক অঞ্চল হ’ল এনে অঞ্চল যি কোনো এটা কেন্দ্রক লৈ গঢ়ি উঠে আৰু সেই কেন্দ্ৰৰ লগত সংযোগ আৰু পাৰস্পৰিক কাৰ্যকলাপৰ দ্বাৰা সংযুক্ত থাকে। উদাহৰণস্বৰূপে-এখন মহানগৰ আৰু তাৰ উপকণ্ঠ অঞ্চল।

সেয়ে সহধর্মী অঞ্চলত সমতা গুৰুত্বপূর্ণ, আনহাতে ক্রিয়াত্মক অঞ্চলত পাৰস্পৰিক সম্পর্ক আৰু কার্যকলাপ গুৰুত্বপূর্ণ।

৪। ‘পৃথিৱীৰ অঞ্চলিক ভূগোল’ বুলিলে কি বুজা? ইয়াৰ অধ্যয়নৰ তাৎপর্য কি?

উত্তৰঃ ‘পৃথিৱীৰ অঞ্চলিক ভূগোল’ বুলিলে পৃথিৱীৰ বিভিন্ন বৃহৎ অঞ্চলৰ স্বাভাৱিক আৰু মানৱীয় বৈশিষ্ট্যসমূহৰ বিশ্লেষণমূলক অধ্যয়নক বুজায়। ইয়াৰ অধ্যয়নৰ তাৎপর্য হ’ল-

(ক) পৃথিৱীৰ বিভিন্ন অংশৰ ভৌগোলিক বৈচিত্র্য বুজিবলৈ সহায় কৰে।

(খ) অঞ্চলসমূহৰ মাজত তুলনা কৰিব পৰা যায়।

(গ) সম্পদৰ সঠিক ব্যৱহাৰ আৰু উন্নয়ন পৰিকল্পনাত সহায় কৰে।

৫। ‘প্রাকৃতিক অঞ্চল’ বুলিলে কি বুজা? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা।

উত্তৰঃ প্রাকৃতিক অঞ্চল বুলিলে এনে বৃহৎ ভূ-অংশক বুজায়, য’ত জলবায়ু, উদ্ভিদ আৰু মাটিৰ বৈশিষ্ট্যত সমতা দেখা যায়। এইবোৰ মূলতঃ প্রাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰশীল।

সমগ্র পৃথিৱীক সাধাৰণতে ৬টা প্রধান প্রাকৃতিক অঞ্চলত বিভক্ত কৰা হৈছে-

১) নিৰক্ষীয় অঞ্চল

২) মৌচুমী অঞ্চল

৩) ক্রান্তীয় তৃণভূমি অঞ্চল

৪) ক্রান্তীয় উষ্ণ মৰু অঞ্চল

৫) ভূমধ্য সাগৰীয় অঞ্চল

৬) শীতল সৰলবর্গীয় অৰণ্য আৰু তুন্দ্ৰা অঞ্চল

৬। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা।

উত্তৰঃ প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন অংশৰ জলবায়ু, ভূমিরূপ, মাটি, উদ্ভিদ আৰু প্রাকৃতিক সম্পদৰ বৈশিষ্ট্য সম্পর্কে স্পষ্ট ধাৰণা লাভ কৰিব পাৰি। যিহেতু প্রাকৃতিক উপাদানসমূহে মানুহৰ বসতি, জীৱিকা, কৃষি-পদ্ধতি আৰু জীৱন-প্ৰণালীৰ ওপৰত প্রভাব পেলায়, সেয়ে প্রাকৃতিক অঞ্চলসমূহ বুজিলে সেই অঞ্চলসমূহৰ আঞ্চলিক বৈশিষ্ট্যো সহজে বুজি পোৱা যায়। এইদৰে প্রাকৃতিক অঞ্চল অধ্যয়নে পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পর্কীয় সম্যক জ্ঞান লাভ কৰাত সহায় কৰে।

৭। পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ-প্রাকৃতিক পৰিবেশ সম্পর্কে লিখা।

উত্তৰঃ সমগ্র পৃথিৱীক সাধাৰণতে ৬টা প্রধান প্রাকৃতিক অঞ্চলত বিভক্ত কৰা হৈছে-

১) নিৰক্ষীয় অঞ্চল

২) মৌচুমী অঞ্চল

৩) ক্রান্তীয় তৃণভূমি অঞ্চল

৪) ক্রান্তীয় উষ্ণ মৰু অঞ্চল

৫) ভূমধ্য সাগৰীয় অঞ্চল

৬) শীতল সৰলবর্গীয় অৰণ্য আৰু তুন্দ্ৰা অঞ্চল

নিৰক্ষীয় অঞ্চলত বছৰজুৰি অধিক তাপ আৰু প্ৰচুৰ বৰষুণ হয়। মাটি উৰ্বৰ আৰু ঘন চিৰসেউজীয়া অৰণ্য দেখা যায়।

মৌচুমী অঞ্চলত গ্রীষ্মত বৰষুণ আৰু শীতত শুষ্ক অৱস্থা দেখা যায়। এনে অঞ্চল গছ-গছনি, তৃণভূমি অৰণ্য আদি দেখা যায়। ই কৃষিকাৰ্যৰ বাবে উপযুক্ত।

ক্রান্তীয় তৃণভূমি অঞ্চলত ঋতুভেদে বৰষুণ হয়। বিস্তৃত ঘাঁহনি আৰু বিক্ষিপ্ত গছ-গছনি থাকে।

ক্রান্তীয় মৰু অঞ্চলত বৰষুণ অতি কম, দিনত অত্যন্ত গৰম আৰু ৰাতি ঠাণ্ডা। বালিয়াৰি আৰু শিলাময় ভূমি দেখা যায়।

ভূমধ্য সাগৰীয় অঞ্চলত শীতত বৰষুণ আৰু গ্ৰীষ্মত শুকান অৱস্থা থাকে।

তুন্দ্রা অঞ্চলত অত্যন্ত ঠাণ্ডা জলবায়ু, বৰফে আবৃত ভূমি আৰু ক্ষুদ্র উদ্ভিদ দেখা যায়।

১০। পৃথিবীত মহাদেশ কেইখন আৰু কি কি? প্রতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ পৃথিৱীত ৭খন মহাদেশ আছে- এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অস্ট্রেলিয়া আৰু এন্টার্কটিকা।

এছিয়া পৃথিৱীৰ বৃহত্তম আৰু জনবহুল মহাদেশ; হিমালয়, গঙ্গা-ব্রহ্মপুত্র সমভূমি আদি ইয়াত অৱস্থিত।

আফ্রিকা উষ্ণ মহাদেশ। ইয়াত চাহাৰা মৰুভূমি আৰু নীল ন’দ আছে।

ইউৰোপ ক্ষুদ্র কিন্তু উন্নত শিল্পোন্নত মহাদেশ।

উত্তৰ আমেৰিকা খনিজ আৰু কৃষি সম্পদত সমৃদ্ধ।

দক্ষিণ আমেৰিকা আমাজন অৱবাহিকা আৰু এণ্ডিজ পৰ্বতৰ বাবে বিখ্যাত।

অস্ট্রেলিয়া ক্ষুদ্র মহাদেশ আৰু মৰুভূমি প্রধান।

এন্টার্কটিকা বৰফে আবৃত। ইয়াত স্থায়ী বাসিন্দা নাই।

১২। পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ মহাদেশ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ অর্ধেকৰো অধিক এই মহাদেশত বাস কৰে। চীন আৰু ভাৰত বিশ্বৰ দুটা বৃহৎ জনবহুল দেশ। অর্থনৈতিক দিশত এই মহাদেশ কৃষি, শিল্প, তথ্য-প্রযুক্তি আৰু বাণিজ্যত উন্নত। ইয়াৰ কিছুমান দেশ উন্নত, আন কিছুমান উন্নয়নশীল।

১৭। আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীৱন-নির্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আফ্ৰিকাৰ অধিকাংশ অঞ্চলত উষ্ণ আৰু শুকান জলবায়ু দেখা যায়। উত্তৰত চাহাৰা মৰুভূমি আৰু মধ্য অংশত নিৰক্ষীয় অৰণ্য আছে। বৰষুণ অঞ্চলভেদে ভিন ভিন হয়। জীৱন-নির্বাহ প্রধানত কৃষি, পশুপালন, চিকাৰ আৰু খনিজ উত্তোলনৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বহু অঞ্চলত কৃষি প্রধান।

অতিৰিক্ত প্রশ্নোত্তৰ

বহুবিকল্পধর্মী প্রশ্নোত্তৰ

১। ‘অঞ্চল’ বুলিলে কি বুজায়?

(ক) এখন দেশ

(খ) একেধৰণৰ বৈশিষ্ট্য থকা ভূ-অংশ

(গ) এখন নগৰ

(ঘ) এখন মহাদেশ

উঃ (খ)

২। সহধর্মী অঞ্চলৰ মুখ্য বৈশিষ্ট্য কি?

(ক) কেন্দ্রীয় কার্যকলাপ

(খ) ৰাজনৈতিক সীমা

(গ) বৈশিষ্ট্যত সমতা

(ঘ) জনসংখ্যা অধিকতা

উঃ (গ)

৩। ক্ৰিয়াত্মক অঞ্চলৰ ভিত্তি কি?

(ক) মাটি

(খ) কেন্দ্ৰ আৰু তাৰ লগত সম্পৰ্ক

(গ) বৰষুণ

(ঘ) উদ্ভিদ

উঃ (খ)

৪। নিৰক্ষীয় অঞ্চলত কেনেধৰণৰ উদ্ভিদ দেখা যায়?

(ক) কাঁইট জাতীয় উদ্ভিদ

(খ) শৈৱাল

(গ) চিৰসেউজীয়া অৰণ্য

(ঘ) ঘাঁহনি

উঃ (গ)

৫। ক্রান্তীয় উষ্ণ মৰু অঞ্চলত বৰষুণৰ পৰিমাণ-

(ক) অত্যন্ত অধিক

(খ) মধ্যমীয়া

(গ) অতি কম

(ঘ) সমান

উঃ (গ)

৬। মৌচুমী অঞ্চলত বৰষুণ কিহৰ প্ৰভাৱত হয়?

(ক) ঘূর্ণীবতাহ

(খ) মৌচুমী বতাহ

(গ) আগ্নেয়গিৰি

(ঘ) ভূমিকম্প

উঃ (খ)

৭। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

(ক) আফ্রিকা

(খ) ইউৰোপ

(গ) এছিয়া

(ঘ) দক্ষিণ আমেৰিকা

উঃ (গ)

৮। পৃথিৱীৰ সৰু মহাদেশ কোনখন?

(ক) ইউৰোপ

(খ) অস্ট্রেলিয়া

(গ) আফ্রিকা

(ঘ) এন্টার্কটিকা

উঃ (খ)

৯। তুন্দ্রা অঞ্চলত কেনেধৰণৰ জলবায়ু দেখা যায়?

(ক) উষ্ণ

(খ) সিক্ত

(গ) অত্যন্ত ঠাণ্ডা

(ঘ) মৌচুমী

উঃ (গ)

১০। আমাজন নদী কোন মহাদেশত অৱস্থিত?

(ক) এছিয়া

(খ) দক্ষিণ আমেৰিকা

(গ) আফ্রিকা

(ঘ) ইউৰোপ

উঃ (খ)

১১। চাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত?

(ক) এছিয়া

(খ) আফ্রিকা

(গ) অস্ট্রেলিয়া

(ঘ) উত্তৰ আমেৰিকা

উঃ (খ)

১২। প্রেইৰি কিহৰ উদাহৰণ?

(ক) মৰুভূমি

(খ) তুন্দ্রা

(গ) ঘাঁহনি অঞ্চল

(ঘ) অৰণ্য

উঃ (গ)

১৩। হিমালয় পর্বতমালা কোন মহাদেশত অৱস্থিত?

(ক) ইউৰোপ

(খ) এছিয়া

(গ) আফ্রিকা

(ঘ) দক্ষিণ আমেৰিকা

উঃ (খ)

১৪। ভূমধ্য সাগৰীয় অঞ্চলত বৰষুণ কেতিয়া হয়?

(ক) গ্রীষ্ম কালত

(খ) শীত কালত

(গ) বর্ষাকালত

(ঘ) বসন্ত কালত

উঃ (খ)

১৫। ক্রান্তীয় তৃণভূমি অঞ্চলক আন কি নামেৰে জনা যায়?

(ক) চাভানা

(খ) তুন্দ্রা

(গ) টাইগা

(ঘ) টুংগা

উঃ (ক)

চমু প্রশ্নোত্তৰ (১/২ নম্বৰ)

১। অঞ্চল কি?

উত্তৰঃ একেধৰণৰ বৈশিষ্ট্য থকা ভূ-অংশক অঞ্চল বোলা হয়।

২। সহধর্মী অঞ্চলৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ তুন্দ্ৰা অঞ্চল।

৩। ক্রিয়াত্মক অঞ্চল কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ কেন্দ্ৰ আৰু তাৰ লগত পাৰস্পৰিক সম্পৰ্কৰ ওপৰত।

৪। প্রাকৃতিক অঞ্চলৰ মুখ্য ভিত্তি কি?

উত্তৰঃ জলবায়ু আৰু উদ্ভিদ।

৫। নিৰক্ষীয় অঞ্চলত বছৰত কেনেধৰণৰ বৰষুণ হয়?

উত্তৰঃ বছৰজুৰি অধিক বৰষুণ হয়।

৬। মৌচুমী অঞ্চলৰ কৃষি কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ মৌচুমী বৰষুণৰ ওপৰত।

৭। পৃথিৱীত কেইখন মহাদেশ আছে?

উত্তৰঃ ৭খন।

৮। এছিয়া কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ ই বৃহত্তম আৰু সৰ্বাধিক জনসংখ্যাৰ মহাদেশ।

৯। তুন্দ্রা অঞ্চলত কেনেধৰণৰ উদ্ভিদ দেখা যায়?

উত্তৰঃ শৈৱাল আৰু ক্ষুদ্র উদ্ভিদ।

১০। চাহাৰা কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি।

১১। টাইগা অঞ্চলত কেনেধৰণৰ গছ দেখা যায়?

উত্তৰঃ সৰলবর্গীয় গছ।

১২। আমাজন অৱবাহিকা কোন প্রাকৃতিক অঞ্চলত পৰে?

উত্তৰঃ নিৰক্ষীয় অঞ্চলত।

১৩। ভূমধ্য সাগৰীয় অঞ্চল কোনবিধ ফল উৎপাদনৰ বাবে বিখ্যাত?

উত্তৰঃ অলিভ আৰু আঙুৰ।

১৪। প্রেইৰি অঞ্চল ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকাত।

১৫। আঞ্চলিক ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য কি?

উত্তৰঃ বিভিন্ন অঞ্চলৰ বৈশিষ্ট্য বুজি তুলনা কৰা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment