Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Geography Chapter 1 ভূ-আকৃতিক প্রক্রিয়া

By Rabbi Masrur

Published On:

SEBA Class 10 Geography Chapter 1 ভূ-আকৃতিক প্রক্রিয়া

প্রথম খণ্ডঃ প্রাকৃতিক ভূগোল

প্রথম অধ্যায়

ভূ-আকৃতিক প্রক্রিয়া

অনুশীলনী: প্রশ্নোত্তৰ

প্রশ্ন ১। স্থলাকৃতি বুলিলে কি বুজা?

উত্তৰঃ ভূ-পৃষ্ঠত দেখা পোৱা বিভিন্ন প্রাকৃতিক গঠন যেনে পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, মৰুভূমি আদিক একেলগে ‘স্থলাকৃতি’ বোলা হয়। এই স্থলাকৃতিসমূহ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয়।

প্রশ্ন ২। ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰঃ ভূ-পৃষ্ঠত সংঘটিত হোৱা বিভিন্ন আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ ফলত স্থলাকৃতিসমূহ কেনেকৈ সৃষ্টি হয়, সেয়া অধ্যয়ন কৰা ভূগোলৰ শাখাক ‘ভূ-আকৃতিক বিজ্ঞান’ বোলা হয়।

প্রশ্ন৩। ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।

উত্তৰঃ ভূ-পৃষ্ঠত স্থলাকৃতি গঠন, পৰিবৰ্তন আৰু ধ্বংস ঘটোৱা সকলো প্রাকৃতিক কার্যকলাপক ‘ভু-আকৃতিক প্রক্রিয়া’ বোলা হয়।

প্রশ্ন ৪। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত বতাহ, পানী, নদী, সাগৰ ঢৌ, হিমবাহ আৰু ভূগর্ভস্থ পানী আদি পৰে।

প্রশ্ন ৫। অবনমন বুলিলে কি বুজা?

উত্তৰঃ বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ-পৃষ্ঠৰ উচ্চতা হ্রাস পোৱা বা মাটি তললৈ নামি যোৱাক ‘অবনমন’ বোলা হয়।

প্রশ্ন ৬। ইনছেলবার্গ কি? ছবি আঁকি দেখুওৱা।

উত্তৰঃ সমভূমিৰ মাজত একেলগে থিয় হৈ থকা পৃথক শিলাময় পাহাৰক ইনছেলবার্গ বোলা হয়। এইবোৰ সাধাৰণতে কঠিন শিলাৰে গঠিত।

প্রশ্ন ৭। মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি?

উত্তৰঃ মৰুভূমিৰ মাজত পানীৰ উৎস থকা সেউজীয়া অঞ্চলক মৰুদ্যান বোলা হয়। মৰুদ্যানৰ তাৎপর্য হ’ল-এইবোৰে মৰুভূমিত মানুহৰ বসতি, কৃষি আৰু জীৱন-ধাৰণ সম্ভৱ কৰি তোলে।

প্রশ্ন ৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰঃ বতাহে কঢ়িয়াই অনা বালিৰ ঢিপাক ‘বালিয়াৰি’ বোলা হয়। মৰুভূমিত বতাহৰ গতি হ্রাস পালে বালি জমা হৈ বালিয়াৰিৰ সৃষ্টি হয়।

প্রশ্ন ৯। অপঘর্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

উত্তৰঃ বতাহ, পানী বা হিমবাহে শিল, বালি আদি কঢ়িয়াই ভূ-পৃষ্ঠ ঘঁহি লোৱা প্রক্রিয়াক অপঘর্ষণ বোলা হয়। ইয়াৰ ফলত গর্ভ, গুহা, খাঁজ, মসৃণ শিল আদি অৱয়বৰ সৃষ্টি হয়।

প্রশ্ন১০। সংনিঘৰ্ষণৰ অৰ্থ লিখা।

উত্তৰঃ প্রবহমান বতাহ, নদী বা হিমবাহে কঢ়িয়াই অনা শিল-পাথৰ পৰস্পৰে সংঘর্ষ হৈ ক্ষয় হোৱাক ‘সংনিঘর্ষণ’ বোলা হয়।

প্রশ্ন ১১। হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?

উত্তৰঃ বৰফেৰে গঠিত বৃহৎ নদী সদৃশ প্রবাহক ‘হিমবাহ’ বোলা হয়। হিমবাহৰ গতি অতি ধীৰ হোৱাৰ কাৰণ হ’ল-বৰফৰ অধিক ঘনত্ব, অধিক ঘর্ষণ আৰু তলভাগৰ অসমতলতা।

প্রশ্ন১২। হিমবাহ কেই প্ৰকাৰৰ? প্ৰত্যেকৰে বিষয়ে চমুকৈ লিখা।

উত্তৰঃ হিমবাহ প্রধানকৈ তিনি প্ৰকাৰৰ-

(ক) পর্বতীয় হিমবাহঃ এই প্ৰকাৰৰ হিমবাহ উচ্চ পর্বত অঞ্চলত অধিক তুষাৰপাতৰ ফলত সৃষ্টি হয়। এই হিমবাহবোৰ পৰ্বতৰ ঢাল অনুসৰি উপত্যকাদি তললৈ নামি আহে আৰু উপত্যকাৰ আকাৰ পৰিবৰ্তন কৰি U-আকৃতিৰ উপত্যকাৰ সৃষ্টি কৰে।

(খ) মহাদেশীয় হিমবাহঃ এই প্ৰকাৰৰ হিমবাহ অতি বিস্তৃত অঞ্চল জুৰি বিস্তাৰিত হৈ থাকে। ই সমগ্র মহাদেশ বা বৃহৎ ভূখণ্ড আৱৰি ৰাখে। আন্টার্কটিকা আৰু গ্রিনলেণ্ডত এই প্ৰকাৰৰ হিমবাহ দেখা যায়।

(গ) গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক ‘গিৰিপদ’ বা ‘শৈল পদী’ হিমবাহ বোলে।

উত্তৰ: আমেৰিকাৰ আলাস্কাত এই প্ৰকাৰৰ হিমবাহ দেখা যায়।

প্রশ্ন ১৩। হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা।

উত্তৰঃ হিমবাহে সৃষ্টি কৰা উপত্যকা U-আকৃতিৰ হয়।

প্রশ্ন ১৪। ওলোমা উপত্যকা কি লিখা।

উত্তৰঃ প্রধান হিমবাহ উপত্যকাৰ সৈতে সৰু উপত্যকা সংযুক্ত হৈ ওপৰত ওলোমা অৱস্থাত থকা উপত্যকাক ‘ওলোমা উপত্যকা’ বোলা হয়।

প্রশ্ন ১৫। গ্রাব কি? ই কেইপ্ৰকাৰৰ? চিত্র আঁকি গ্ৰাবৰ অৱস্থান দেখুওৱা।

উত্তৰঃ দুটা সমান্তৰাল ফল্টৰ মাজত তললৈ নামি যোৱা ভূখণ্ডক ‘গ্রাব’ বোলা হয়। গ্রাব সাধাৰণতে চাৰি প্ৰকাৰৰ হয়, যেনেঃ

(ক) পার্শ্ব গ্রাব, (খ) ভূমি গ্রাব, (গ) মধ্য গ্রাব আৰু (ঘ) প্রান্ত গ্রাব।

প্রশ্ন ১৬। গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহ দ্রুতগতিত গলি যায়। ইয়াৰ ফলত সাগৰৰ জলস্তৰ বৃদ্ধি পায়, উপকূলীয় অঞ্চল প্লাবিত হয় আৰু খোৱা পানীৰ অভাৱ হ’ব পাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

বহুবিকল্পধর্মী প্রশ্নোত্তৰ

১। ভূ-পৃষ্ঠৰ স্থলাকৃতি গঠনত মূল ভূমিকা লোৱা প্রক্রিয়া কোনটো?

(ক) সামাজিক প্রক্রিয়া

(খ) ৰাজনৈতিক প্রক্রিয়া

(গ) ভূ-আকৃতিক প্রক্রিয়া

(ঘ) অর্থনৈতিক প্রক্রিয়া

উত্তৰঃ (গ)

২। তলৰ কোনটো বাহ্যিক ভূ-আকৃতিক কাৰক?

(ক) ভূমিকম্প

(খ) আগ্নেয়গিৰি

(গ) বতাহ

(ঘ) ফল্টিং

উত্তৰঃ (গ)

৩। সমভূমিৰ মাজত এককভাবে থকা শিলাময় পাহাৰক কি বোলা হয়?

(ক) মালভূমি

(খ) ইনছেলবার্গ

(গ) গ্রাব

(ঘ) উপত্যকা

উত্তৰঃ (খ)

৪। মৰুভূমিত পানীৰ উৎস থকা সেউজীয়া অঞ্চলক কি বোলা হয়?

(ক) বালিয়াৰি

(খ) মৰুভূমি

(গ) মৰুদ্যান

(ঘ) ডেল্টা

উত্তৰঃ (গ)

৫। বতাহে কঢ়িয়াই অনা বালিৰ ঢিপাক কি বোলা হয়?

(ক) গ্রাব

(খ) বালিয়াৰি

(গ) গর্ভ

(ঘ) উপত্যকা

উত্তৰঃ (খ)

৬। শিল-পাথৰ ঘঁহি ক্ষয় কৰা প্ৰক্ৰিয়াক কি কোৱা হয়?

(ক) অবক্ষেপণ

(খ) অপঘর্ষণ

(গ) উত্তোলন

(ঘ) ভাঁজ

উত্তৰঃ (খ)

৭। হিমবাহে সৃষ্টি কৰা উপত্যকাৰ আকৃতি কেনেকুৱা?

(ক) V-আকৃতি

(খ) W-আকৃতি

(গ) U-আকৃতি

(ঘ) Y-আকৃতি

উত্তৰঃ (গ)

৮। নদীয়ে সৃষ্টি কৰা উপত্যকা সাধাৰণতে কোন আকৃতিৰ?

(ক) U-আকৃতি

(খ) V-আকৃতি

(গ) চতুর্ভুজ

(ঘ) বৃত্তাকাৰ

উত্তৰঃ (খ)

৯। দুটা সমান্তৰাল ফল্টৰ মাজত তললৈ নামি যোৱা ভূখণ্ডক কি বোলা হয়?

(ক) হষ্ট

(খ) গ্রাব

(গ) মালভূমি

(ঘ) সমভূমি

উত্তৰঃ (খ)

১০। হিমবাহৰ গতি কেনেকুৱা?

(ক) অতি দ্রুত

(খ) দ্রুত

(গ) অতি ধীৰ

(ঘ) হঠাৎ

উত্তৰঃ (গ

১১। তলৰ কোনটো আভ্যন্তৰীণ প্রক্রিয়া?

(ক) বতাহ

(খ) নদী

(গ) হিমবাহ

(ঘ) আগ্নেয়গিৰি

উত্তৰঃ (ঘ)

১২। সংনিঘৰ্ষণৰ অৰ্থ কি?

(ক) শিল জমা হোৱা

(খ) শিল গলি যোৱা

(গ) শিলৰ পৰস্পৰ সংঘৰ্ষ

(ঘ) শিলৰ উত্তোলন

উত্তৰঃ (গ)

১৩। অপঘৰ্ষণৰ ফলত মৰুভূমিত কিহৰ সৃষ্টি হয়?

(ক) ডেল্টা

(খ) মাছকম শিলা

(গ) উপকূল

(ঘ) বালিচৰ

উত্তৰঃ (খ)

১৪। হিমবাহ মূলত কিহেৰে গঠিত?

(ক) পানী

(খ) বালি

(গ) বৰফ

(ঘ) মাটি

উত্তৰঃ (গ)

১৫। তলৰ কোনটো বাহ্যিক প্রক্রিয়া নহয়?

(ক) নদী

(খ) বতাহ

(গ) ভূমিকম্প

(ঘ) সাগৰ ঢৌ

উত্তৰঃ (গ)

১৬। ওলোমা উপত্যকা কিহৰ সৈতে জড়িত?

(ক) নদী

(খ) হিমবাহ

(গ) সাগৰ

(ঘ) বতাহ

উত্তৰঃ (খ)

১৭। হিমবাহে কোন প্ৰকাৰৰ ক্ষয় কৰে?

(ক) ৰাসায়নিক

(খ) জৈৱিক

(গ) যান্ত্রিক

(ঘ) তাপীয়

উত্তৰঃ (গ)

১৮। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কোনটো সমস্যাৰ সৃষ্টি হয়?

(ক) হিমবাহ বৃদ্ধি

(খ) সাগৰ স্তৰ বৃদ্ধি

(গ) বৰফ বৃদ্ধি

(ঘ) বতাহ বন্ধ

উত্তৰঃ (খ)

১৯। গ্ৰাবৰ বিপৰীত গঠনক কি বোলা হয়?

(ক) উপত্যকা

(খ) মালভূমি

(গ) হর্ষ্ট

(ঘ) সমভূমি

উত্তৰঃ (গ)

২০। স্থলাকৃতি অধ্যয়ন কৰা ভূগোলৰ শাখা কোনটো?

(ক) মানর ভূগোল

(খ) অর্থনৈতিক ভূগোল

(গ) ভূ-আকৃতিক বিজ্ঞান

(ঘ) সামাজিক ভূগোল

উত্তৰঃ (গ)

চমু প্রশ্নোত্তৰ (১/২ নম্বৰ)

প্রশ্নঃ স্থলাকৃতি বুলিলে কি বুজা?

উত্তৰঃ ভূ-পৃষ্ঠত দেখা পোৱা বিভিন্ন প্রাকৃতিক গঠনক স্থলাকৃতি বোলা হয়।

প্রশ্নঃ ভূ-আকৃতিক প্রক্রিয়া কাক বোলা হয়?

উত্তৰঃ স্থলাকৃতি গঠন আৰু পৰিবৰ্তন কৰা প্ৰাকৃতিক কাৰ্যক ভূ-আকৃতিক প্রক্রিয়া বোলা হয়।

প্রশ্নঃ এটা বাহ্যিক প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰঃ বতাহ।

প্রশ্নঃ ইনছেলবার্গ সাধাৰণতে ক’ত দেখা যায়?

উত্তৰঃ সমভূমি অঞ্চলত।

প্রশ্নঃ মৰুদ্যান ক’ত পোৱা যায়?

উত্তৰঃ মৰুভূমিত।

প্রশ্নঃ বালিয়াৰি কোন কাৰকে সৃষ্টি কৰে?

উত্তৰঃ বতাহে।

প্রশ্নঃ অপঘর্ষণ মানে কি?

উত্তৰঃ ভূ-পৃষ্ঠ ঘঁহি ক্ষয় কৰা প্ৰক্ৰিয়া।

প্রশ্নঃ হিমবাহ কিহেৰে গঠিত?

উত্তৰঃ বৰফেৰে।

প্রশ্নঃ হিমবাহ উপত্যকাৰ আকৃতি কেনেকুৱা?

উত্তৰঃ U-আকৃতি।

প্রশ্নঃ নদী উপত্যকাৰ আকৃতি কেনেকুৱা?

উত্তৰঃ V-আকৃতি।

প্রশ্নঃ গ্রাব কিহৰ ফলত সৃষ্টি হয়?

উত্তৰঃ ফল্টিংৰ ফলত।

প্রশ্নঃ ওলোমা উপত্যকা কিহৰ সৈতে জড়িত?

উত্তৰঃ হিমবাহৰ সৈতে।

প্রশ্নঃ সংনিঘৰ্ষণ কিহৰ মাজত ঘটে?

উত্তৰঃ শিল-পাথৰৰ মাজত।

প্রশ্নঃ এটা আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ নাম লিখা।

উত্তৰঃ আগ্নেয়গিৰি।

প্রশ্নঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে কোনটো প্রাকৃতিক উপাদান অধিক প্ৰভাৱিত কৰে?

উত্তৰঃ হিমবাহ।

প্রশ্নঃ বাহ্যিক ভূ-আকৃতিক প্রক্রিয়া কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰত কাৰ্য কৰা বতাহ, নদী, হিমবাহ আদি কাৰকসমূহক বাহ্যিক ভূ-আকৃতিক প্রক্রিয়া বোলা হয়।

প্রশ্নঃ ইনছেলবার্গ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ দীঘলীয়া ক্ষয় প্ৰক্ৰিয়াৰ ফলত ইনছেলবাৰ্গৰ সৃষ্টি হয়।

প্রশ্নঃ মৰুদ্যানৰ গুৰুত্ব লিখা।

উত্তৰঃ মৰুদ্যানে মৰুভূমিত মানুহৰ বসতি আৰু কৃষি সম্ভৱ কৰে।

প্রশ্নঃ বালিয়াৰি গঠনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ বতাহে বালি কঢ়িয়াই আনিলে গতি কমা স্থানত বালি জমা হৈ বালিয়াৰি গঠন হয়।

প্রশ্নঃ অপঘর্ষণ আৰু সংনিঘৰ্ষণৰ পাৰ্থক্য লিখা।

উত্তৰঃ অপঘৰ্ষণত ভূ-পৃষ্ঠ ঘঁহি ক্ষয় হয়, সংনিঘৰ্ষণত শিল-পাথৰ পৰস্পৰে সংঘৰ্ষ কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment