আপুনি যদি দশম শ্ৰেণীৰ HSLC অসমীয়া বিষয়ৰ Previous year Class 10 Assamese Question Paper Solved 2025 HSLC PDF প্রশ্ন কাকত বিচাৰি আছে, তেন্তে নিচ্ছয় আপুনি সঠিক জাগাত উপনীত হৈছে। হয়, এই লিখনিত আমি previous year ৰ Class 10 Assamese Question Paper লগতে সমাধানও দিছো।
Class 10 Assamese Question Paper Solved 2025 HSLC PDF
| বিষয় | বিৱৰণ |
|---|---|
| Exam | HSLC Exam Question Papers, 2025 |
| Subject | Assamese (MIL) |
| Full Marks | 100 |
| Pass Marks | 30 |
তলতৰ Link ত ক্লিক কৰি pdf download কৰক।
The figures in the margin indicate full marks for the questions
পৰীক্ষার্থীয়ে একেখন বহীত বিভাগ -ক আৰু বিভাগ খ ৰ উত্তৰ কৰিব লাগিব।
নাইবা
বিভাগ-ক আৰু বিভাগ-গ ৰ উত্তৰ একেখন বহীত কৰিব লাগিব।
বিভাগ ক
(মূল্যাংক: ৭৫)
১। অতি চমু উত্তৰ লিখাঃ ১০২-২
(ক) ইনফ চিচ কোম্পানীৰ প্ৰতিষ্ঠাতা কোন?
(খ) কিহে অসমীয়া জাতিক কটকটীয়া কৰিলে?
২। চমু উত্তৰ লিখা (যিকোনো দুটা): ২×২=৪
(ক) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?
(খ) “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়’-পাঠটিৰ সহায়ত বুজাই লিখা।
(গ) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
৩। উত্তৰ লিখাঃ ৪
(ক) ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
নাইবা
(খ) ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
৪। অতি চমু উত্তৰ লিখাঃ ১০২-২
(ক) ইন্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ লিখক কোন?
(খ) অৰুণিমা সিংহাৰ ঘৰ ক’ত আছিল?
৫। চমু উত্তৰ লিখাঃ ২
অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
৬। উত্তৰ লিখাঃ ৪
(ক) ইটাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
নাইবা
(খ) অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
৭। অতি চমু উত্তৰ লিখাঃ ১০২=২
(ক) পল কোন শ্রেণীত পড়ে?
(খ) লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
৮। জাগ্রজ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ২
৯। (ক) কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? ৩
নাইবা
(খ) বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
১০। অতি চমু উত্তৰ লিখাঃ ১০২-২
(ক) তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা?
(খ) আজান ফকিৰৰ আচল নাম কি আছিল?
১১। চমু উত্তৰ লিখাঃ ২×২=৪
(ক) ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা।
(খ) ‘ৰহমত গিৰিহঁহত’ শব্দ দুটাই কি বুজাইছে?
১২। “তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।।”
– কবিতাফাকিৰ অন্তর্নিহিত ভাবটি লিখা। ৩
১৩। অতি চমু উত্তৰ লিখাঃ ১০৩-৩
(ক) ‘প্রশস্তি’ৰ অৰ্থ কি?
(খ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
(গ) কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল?
১৪। ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে, বুজাই লিখা। ২
১৫। চমু উত্তৰ লিখাঃ ৪
(ক) ‘মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ
কথাৰে বুজাই লিখা।
নাইবা
(খ) ‘দৃশান্তৰ’ কবিতাটোৰ মূলভাব লিখা।
১৬। অতি চমু উত্তৰ লিখাঃ ১০১০-১০
(ক) তলৰ যিকোনো এটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
ৰামলক্ষণ, নৱৰত্ন, হাঁহিমুখ
(খ) তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙাঃ
উচ্চাৰণ, নাবিক, মহোদয়
(গ) তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা।
পৃথিবী যে ঘূৰণীয়া হয়, সেইটো সকলোবে জানে।
(ঘ) তলত দিয়া যিকোনো এটা শব্দৰ ‘ণ’ বা ‘য’ হোৱাৰ কাৰণ লিখাঃ
ৰাৱণ, কাৰণ, দুষ্ট
(ঙ) যথাস্থানত যতি চিহ্ন বহুওবাঃ
শিক্ষকে ক’লে অংক কেইটা ঘৰত কৰি আনিবা
(চ) তলৰ যিকোনো এটাৰ অৰ্থ প্রকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰাঃ
ডলাৰ বগৰী, ভাত ঘৰ, মূৰে কপালে হাত দিয়া।
(ছ) তলৰ যিকোনো এটা শব্দৰ বিপৰীতার্থক শব্দ লিখাঃ
আদৰ, উচিত, চিনাকি
(জ) এটা শব্দত প্রকাশ কৰা (যিকোনো এটা)ঃ
যাৰ সৰুতে মাক বাপেক মৰিছে, যি সহায় ঘূৰি ফুৰে, যি কথাৰ অৰ্থ নাই।
(ঝ) তলত দিয়া যিকোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱাঃ
নাৱৰীয়া, ফুলনি, ৰান্ধনি।
(ঞ) তলৰ যিকোনো এটা শব্দৰ সমার্থক শব্দ লিখাঃ
এন্ধাৰ, তনয়, স্বামী।
১৭। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঃ ৪
(ক) ভাৱ সম্প্ৰসাৰণ কৰাঃ
কথাত বঁটা পায়, কথাত কটা যায়।
(খ) তুমি শ্রেণী কোঠাত থাকোঁতে হঠাৎ মূৰৰ বিষত ভুগিব লগা হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধ-ছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয়ৰ
প্ৰধানলৈ এখন আবেদন পত্র লিখা।
(গ) তোমাৰ অঞ্চলৰ বাট-পথ, দলং নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা।
১৮। তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ ৮
(ক) ছাত্র-ছাত্রী আৰু সমাজ সেৱা
(আৰম্ভণি-সমাজ সেৱাৰ আৱশ্যকতা-ছাত্র-ছাত্ৰীৰ দায়িত্ব সামৰণি)
(খ) পৰিৱেশ প্ৰদূষণ
(আৰম্ভণি–পৰিৱেশ প্ৰদূষণৰ কাৰণ প্ৰতিকাৰ সামৰণি)
(গ) ক্ষুদ্র সঞ্চয়
(আৰম্ভণি-ক্ষুদ্র সঞ্চয়ৰ উপকাৰিতা-ক্ষুদ্র সঞ্চয় ব্যবস্থা-সামৰণি)
১৯। বৈত্রিময় অসম’ নামৰ দ্রুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। ২×২=৪
২০। তোমাৰ দ্রুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসব-পার্বণ সম্পর্কে চমুকৈ লিখা। ২
২১। তলত দিয়া গদ্যাংশৰ মূলভাব লিখাঃ ৪
চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা। সিহঁত নিজেও পৱিত্ৰ আৰু আনকো পৱিত্ৰ কৰে। চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকোচ বোধ কৰে। ধন আৰু বিদ্যালয়ৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মহত্বপ্রাপ্ত হয়। কু-চৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই দেবত্বলৈ তোলে। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।
বিভাগ খ
(মূল্যাংকঃ ২৫)
২২। অতি চমু উত্তৰ লিখাঃ ১
নালন্দা বিশ্ববিদ্যালয়ৰ ন তলীয়া পুথিভঁৰালটোৰ নাম কি আছিল?
২৩। চমু উত্তৰ লিখাঃ ২
(ক) শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।
(খ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
২৪। উত্তৰ লিখাঃ ৪
প্রাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষাকেন্দ্ৰ তক্ষশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যথিৰ আলমত লিখা।
নাইবা
অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণই কি ক’লে তোমাৰ নিজৰ ভাষাৰে লিখা।
২৫। অতি চমু উত্তৰ লিখাঃ ১
অসমীয়া কোনজন সাহিত্যিকক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছে?
২৬। “ধৰ ঝাড়ু ধৰ ভাই আৰু চাবৰ সময় নাই” -তাৎপর্য বুজাই লিখা। ২
কপিল মুনিৰ চমু পৰিচয় দিয়া।
নাইবা
২৭। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায় চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা। ৪
নাইবা
“মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম”-কোনে মোহিনী ৰূপধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।
২৮। (ক) তলৰ বাক্যটি শুদ্ধকৈ লিখাঃ ১০৭-৭
তোমাৰ দেউতা ঘৰত আছেনে?
(খ) ‘পৰা’ উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা।
(গ) খালী ঠাইত উপযুক্ত অনুসর্গ বহুওৱাঃ তুমি স্কুললৈ নগ’লা।
(ঘ) তলত দিয়া যিকোনো এটাৰ সমার্থক শব্দ লিখাঃ মিত্র, কন্যা।
(ঙ) তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখাঃ তাসম্বাক, ৰজনী।
(চ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখাঃ স্বদেশ, সুবিধা।
(ছ) তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখাঃ ল’ৰা, দেউতা।
২৯। তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্র লিখি উদাহৰণ দিয়াঃ ২০২-৪ কুসুম মালা, লেচাৰি, পয়াৰ।
