Class 10 Assamese ভাব সম্প্রসাৰণ Bhab Samprasaran
১। লাগি থাকিলে মাগি নাখায়
লাগি থাকিলে মাগি নাখায়’ হৈছে অসমীয়া ভাষাত সততে উদ্ধৃত কৰা এক প্ৰৱচন। কোনো কাম একানপতীয়াকৈ কৰি থাকিলে যে আমি সফলতা লাভ কৰিব পাৰি তাক বুজাবলৈ উক্ত প্ৰৱচনটো কোৱা হয়।
মানুহে জীৱনত সফলতা বিচাৰে, আৰু সফলতা কৰ্মৰ লগত জড়িত। কাৰণ মাথোঁ কৰ্মৰ জৰিয়তেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা পাবলৈ একান্তভাৱে আৰু নিষ্ঠাৰে লাগি থাকিব লাগিব। উদাহৰণস্বৰূপ, এজন গায়কে নিজকে প্রতিষ্ঠা কৰিবলৈ অবিৰত চৰ্চা আৰু সাধনা কৰি থাকিব লাগিব
চর্চা তথা সাধনা নকৰাকৈ সফলতাৰ আশা কৰাটো মূর্খামী।
সমাজত আমি সততে দেখা পাওঁ যে শাৰীৰিকভাৱে সক্ষম হৈয়ো কিছুমান মানুহে কাম নকৰা বাবে অভাৱত ভূগে আৰু ভিক্ষা মাগিবলৈ বাধ্য হয়।
সেয়ে, আমি যি কামেই নকৰো কিয়, যদি একান্তভাৱে কাৰ্যত কৰি থাকিব পাৰোঁ তেন্তে সেই কামত সফলতা নিশ্চিত। [HSLC ’15, ’17]
২। পক্ষী মৰে ৰৈ মানুহ মৰে কৈ
‘পক্ষী মৰে ৰৈ মানুহ মৰে কৈ’ এটি অসমীয়া প্রবচন। নভবা-নিচিন্তাকৈ কৰা কাম বা কথা কোৱাৰ পৰা যে মানুহৰ বিপদ হ’ব পাৰে- সেয়া বুজাবলৈ উক্ত প্ৰৱচনটো কোৱা হয়। পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদলগা। সেয়ে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে। কিন্তু গছৰ ডালত বহি থকা চৰাই আমি সহজে চিকাৰ কৰিব পাৰো।
কিন্তু চৰাই যদি নিজৰ শত্ৰুৰ প্ৰতি সচেতন থাকে, তেন্তে চিকাৰীয়ে সহজে চিকাৰ কৰিব নোৱাৰে। ঠিক তেনেদৰে, মানুহে নিজৰ গোপনীয় কথা প্ৰকাশ কৰাৰ বাবেই বহু সময়ত বিপদ ঘটে। সেয়েহে কোৱা হয় যে চৰাই যিদৰে গছৰ ডালত ৰৈ থাকিলে বিপদত পৰে, সেইদৰে মানুহেও নিজৰ গোপন কথা ব্যক্ত কৰি বিপদত পৰে।
৩। ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়
কোনো কাম একেলেথাৰিয়ে কৰি থাকিলে যে সফল হ’ব পাৰি, সেয়া বুজাবলৈ উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। শিল অতি টান বস্তু। ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় কৰিব নোৱাৰি। কিন্তু শিলক যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয়প্রাপ্ত হয়।
ঠিক তেনেকৈ কোনো কঠিন কাম যদি ধৈৰ্য আৰু অধ্যাৱসায়ৰ সৈতে নিয়মিত কৰি থকা হয় তেন্তে সেয়া সম্ভব হয়। মূর্খ লোকে কঠিন কামত লাগি থাকিবলৈ ভয় পায় আৰু এৰি দিয়ে। কিন্তু যিমানেই কঠিন কাম হয়, তাৰ ফলাফল সিমানেই মধুৰ হয়। সেয়েহে ঘঁহি থাকিলে শিল ক্ষয় যোৱাৰ দৰে নিয়মিত পৰিশ্ৰমৰ দ্বাৰা কঠিন কামতো সফলতা লাভ কৰিব পাৰি।
৪। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে
শ্রম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে- তাকে বজাবলৈ উক্ত কথাষাৰ সততে উদ্ধৃত কৰা হয়। হাঁহ-কুকুৰা শিয়ালৰ প্রিয় খাদ্য। কিন্তু হাঁহ-কুকুৰা আপনা-আপুনি শিয়ালৰ ওচৰলৈ নাহে। শিয়ালে নিজে পৰিশ্ৰম কৰি চিকাৰ কৰিব লাগে।
যদি শিয়ালে দিনটোৰ অধিকাংশ সময় শুই থাকে, তেন্তে হাঁহ ধৰিব নোৱাৰে। আৰু হাঁহ ধৰিব নোৱাৰিলে ই নাখাই মৰিব। ঠিক তেনেকৈ মানুহেও জীৱনত উন্নতি কৰিবলৈ পৰিশ্ৰম কৰিব লাগে। আলস্য জীৱনত সফলতা নাহে। সেয়েহে উন্নতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।
৫। যত্ন কৰিলে ৰত্ন পায়
কোনো বস্তুৰ যথাযথ যত্ন বা ব্যৱহাৰ কৰিলে যে ইয়াৰ সুফল ভোগ কৰিব পাৰি তাকে বুজাবলৈ উক্ত কথাষাৰ ব্যক্ত কৰা হয়।
ৰত্ন অতি মূল্যবান আৰু দুর্লভ বস্তু। ইয়াক পাবলৈ মানুহে বহু পৰিশ্ৰম কৰিব লাগে। বিনা পৰিশ্রমে কোনেও ৰত্ন লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে, মানুহে মান-সম্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশ আদি লাভ কৰিবলৈ যত্ন আৰু পৰিশ্ৰমৰ প্রয়োজন।
জীৱনত সফল হোৱা লোকসকলৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকে কঠোৰ পৰিশ্ৰমৰে সফলতা অর্জন কৰিছিল। সেয়ে সফলতা লাভ কৰিবলৈ আমি পৰিশ্ৰমী হ’ব লাগিব বা আমাৰ বস্তুৰ
প্রতি যত্নশীল হ’ব লাগিব।
৬। অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ
অভ্যাসৰ দ্বাৰা যে কঠিন কাম সহজে কৰিব পৰা যায় তাক বুজাবলৈ এই ফকৰা যোজনাটো কোৱা হয়। তিৰোতাসকলে কাণ পতাত বিন্ধা কৰি সেই বিন্ধাত অলংকাৰ পৰিধান কৰে। এই বিন্ধা বহুত সৰু, ইয়াৰ মাজেদি শৰ এপাত পাৰ হব নোৱাৰে।
কিন্তু কিছুমান লোক আছে যিসকলে অভ্যাসৰ বলত কৰ্ণপথেদিও শৰ মাৰিব পাৰে। সেইদৰে, কোনো কাম একাগ্রচিত্তে দীঘলীয়া সময় ধৰি অভ্যাস কৰিলে, অৱশেষত সেয়া সম্ভৱপৰ হয়।
৭। যি মূলা বাঢ়ে তাৰ দুপাততে চিন
‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’- এই প্রবচন অসমীয়া সমাজত বহুলভাবে ব্যৱহাৰ হয়। সৰু কালতে ডাঙৰৰ লক্ষণ দেখা যায় তাক বুজাবলৈ এই প্রবচন কোৱা হয়।
মূলা এবিধ ভাল পাচলি। ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে ইয়াক পাচলি হিচাপে খাই ভাল পায়। বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰত ই দুপতীয়া হয়।
সেই পাত চাইয়েই বুজিব পৰা যায় যে কোনটো মূলা ডাঙৰ হ’ব আৰু কোনটো ডাঙৰ নহ’ব। ঠিক সেইদৰে, শিশু এটাৰ সৰু কালৰ আচৰণ চাই অনুমান কৰিব পাৰি সি ডাঙৰ হ’লে কেনেকুৱা চৰিত্ৰৰ হ’ব।
৮। কিনা হাঁহৰ ঠোঁটলৈকে মাংস
‘কিনা হাঁহৰ ঠোঁটলৈকে মাংস’-এই প্রবচনটোৱে টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ চূড়ান্ত সদ্ব্যবহাৰৰ বিষয় বুজায়। হাঁহ এবিধ চৰাই। ইয়াৰ মাংস উপাদেয়। মানুহে ইয়াৰ মাংস খোৱাৰ বাবে ঘৰত পোহে। বিয়া-সৱাহত হাঁহৰ মাংসৰ বিশেষ স্থান থাকে। মানুহে ইয়াক নানান ধৰণে ৰান্ধি খায়।
হাঁহৰ ঠোঁট খোৱাৰ যোগ্য নহয়। তথাপি মানুহে টকা খৰচ কৰি যদি ইয়াক বজাৰৰ পৰা ক্ৰয় কৰি আনে তেন্তে ইয়াৰ ঠোঁটটোকো পেলাই দিব নিবিচাৰে। ঠিক তেনেকৈ, আমি টকা খৰচ কৰি কিনা যিকোনো বস্তুৰ চূড়ান্ত সদ্ব্যবহাৰৰ চেষ্টা কৰিব লাগে।
৯। আঠুৱা চাই ঠেং মেলা
সামৰ্থ অনুসৰি কাম কৰাৰ প্ৰসংগত এই প্ৰৱচনফাঁকিৰ উদ্ধৃতি দিয়া হয়।
আমি ৰাতি শুবৰ সময়ত ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আঠুৱা মেলি লও। আঠুৱাৰ দৈৰ্ঘ্যৰ এক সীমা আছে। আমি আঠুৱাৰ ভিতৰত থাকিলেহে ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাব পাৰো।
যদি আঠুৱাটো সৰু হয় তেন্তে আমি ঠেং মেলিলে আঠুৱাৰ বাহিৰলৈ ওলাই যাব আৰু তেতিয়া ম’হে আমাক কামুৰিব। সেয়ে আঠুৱা সৰু হ’লে আমি সেইমতে ঠেং মেলিলে কোনো অসুবিধা নহয়।
ঠিক তেনেকৈ আমি আমাৰ আয় অনুসৰি ব্যয় কৰিব লাগে। যদি আয়তকৈ ব্যয় বেছি হয় তেন্তে আমি অসুবিধাত পৰিম। আমি ঋণগ্রস্ত হ’ম আৰু ঋণে আমাৰ মান-মর্যাদা হ্রাস কৰিব। সেয়ে আমি আমাৰ সামৰ্থ অনুসৰিহে ব্যয় কৰা উচিত।
১০। আপোন ভালেই জগত ভাল
মানুহৰ আচাৰ-আচৰণৰ প্ৰসংগত এই কথাফাঁকি কোৱা হয়। আপোন’ বুলিলে নিজক বুজোৱা হয়। আমি জীৱনত বহু মানুহৰ লগত যোগাযোগ, আত্মীয়তা, লেনদেন আদি কৰিব লাগে।
বহু সময়তে আমি এনে কিছু মানুহক লগ পাওঁ যিসকলৰ আচাৰ-আচৰণ আমি ভাল নাপাওঁ আৰু তেওঁলোকৰ বিৰুদ্ধে সমালোচনা কৰি থাকোঁ। কিন্তু আনক সমালোচনা কৰাটো যুক্তিসঙ্গত নহয়।
আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিজকে সমালোচনা কৰা উচিত। আমি যদি নিজে ভাল হওঁ আৰু আচৰণ ভাল কৰোঁ তেন্তে আনৰ পৰা ভাল আচৰণ আশা কৰিব পাৰো।
উদাহৰণস্বৰূপ, আমি যদি কোনো কৃপণ ব্যক্তিৰ প্ৰতি উদাৰ হওঁ বা অভাৱী ব্যক্তিৰ প্ৰতি দানশীল হওঁ বা কর্কশ ব্যক্তিৰ লগত নম্রভাবে কথা পাতো তেন্তে সিও আমাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ শিকিব। আচৰণ ভাল বা বেয়াই হওঁক ই সোঁচৰা বেমাৰৰ দৰে এজনৰ পৰা আনজনে শিকে। সেয়ে আমি যদি নিজে ভাল হওঁ তেন্তে গোটেই পৃথিৱীখনেই আমাৰ বাবে ভাল বুলি ধৰিব পাৰি।
১১। অতি ভক্তি চোৰৰ লক্ষণ
অতিপাত নমনীয়তা বা সাধুতাত যে ভণ্ডালি থাকিব পাৰে তাক বুজাবলৈ এই প্ৰৱচনটো কোৱা হয়। প্রত্যেক বস্তু বা কথাৰ এক সীমা থাকে। যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে।
সাধু স্বভাৱৰ বা ভক্তিপৰায়ণ লোকক সকলোৱে শ্রদ্ধা কৰে। কিন্তু ভক্তি অতিপাত বা অতিৰঞ্জিত হলে তাত কৃত্রিমতা থাকে। সমাজত এনে বহু লোক আছে যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অধিক বিশ্বাসযোগ্য বা ভক্তিপৰায়ণ হোৱা যেন দেখুৱায়। তেনে লোকে সুযোগ পাই অনিষ্ট সাধন কৰে। সেয়ে অতিপাত ভক্তি দেখুৱাই বিশ্বাস অর্জন কৰা লোকৰ পৰা সাৱধান থাকিব লাগে।
১২। এশ গৰু মাৰিলে বাঘৰো মৰণ
অতি অন্যায়ৰ ফলাফল যে বেয়া হয় তাক বুজাবলৈ উক্ত প্রবচনটো ব্যৱহাৰ কৰা হয়। গৰু-ম’হ বাঘৰ খাদ্য। বাঘে গৰু-ম’হ চিকাৰ কৰি সেইবোৰৰ মাংস খাই জীয়াই থাকে।
কিন্তু প্রয়োজনতকৈ বেছি গৰু মাৰিলে এটি সময়ত গৰু শেষ হৈ যাব, তেতিয়া চিকাৰ কৰিবলৈ বাঘে কোনো গৰু নাপাই নেখাই মৰিব লাগিব। নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে, এক সময়ত সমাজৰ সকলো কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। ঠিক তেনেদৰে বেয়া মানুহে যদি সদায় দুষ্কার্য কৰেতেন্তে মানুহে তেওঁলোকৰ ওপৰত বিতুষ্ট হৈ কঠোৰ শাস্তি দিব পাৰে। [HSLC ’18]
১৩। ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে
ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে‘- উক্তিটো এক অসমীয়া প্ৰৱচন। যথাযথ যোগ্যতা নথকা লোকে কোনো কাম কৰিবলৈ গ’লে ভর্ৎসনাৰ সুৰত উক্ত প্ৰৱচনটোকোৱা হয়। ৰত্নাৱলী হৈছে মাধৱদেৱে ৰচনা কৰা এখন বিখ্যাত পুথি।
এইখন ভাগৱত গ্ৰন্থৰ সাৰাংশ। ই এক জটিল পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বর্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন বুজিবলৈ হ’লে হিন্দু ধৰ্মৰ চাৰিবদৰে জ্ঞান থাকিব লাগিব।
কিন্তু বেদ উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ ল’লে সি একো বুজি নাপাই নিৰাশ হ’ব আৰু লোকৰ হাঁহিয়াতৰ পাত্র হ’ব। ঠিক সেইদৰে সমাজত এনে কিছুমান ব্যক্তি আছে যিসকলৰ কোনো বিশেষ কামৰ যোগ্যতা নথকা সত্বেও সেইকামলৈ আগবাঢ়ে।
কিন্তু কামটো কৰিবলৈ অপাৰগ হৈ এৰিবলৈ বাধ্য হয়। বহু সময়ত লোকৰ ভর্ৎসনাও খাবলগীয়া হয়। সেয়ে আমি কোনো কাম কৰিবলৈ লোৱাৰ আগতে সেই কামৰ যথাযথ যোগ্যতা অর্জন কৰি লোৱা উচিত। [HSLC ’20]
You May Like:
- মোৰ প্ৰিয় সাহিত্যিকজন অসমীয়া ৰচনা Essay in Assamese
- মোৰ জীৱনৰ লক্ষ্য অসমীয়া ৰচনা Essay in Assamese
- দূৰদৰ্শন (টেলিভিচন) অসমীয়া ৰচনা Essay in Assamese