Class 10 Assamese আবেদন / প্রতিবেদন লিখন
(১) বনভোজলৈ যোৱাৰ অনুমতি বিচাৰি প্রধান শিক্ষকলৈ এখন আবেদনপত্র লিখা।
উত্তৰঃ
মহাশয়,
প্রতি,
প্রধান শিক্ষক মহোদয়,
গ্রহিলচ জাতীয় বিদ্যালয়
৭ জানুৱাৰী, ২০২৪
সন্মানপূর্ব্বক বিনীত নিবেদন এই যে আমি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যোৱাকালি ছুটিৰ পিছত লগলাগি শিৱসাগৰ ভ্ৰমণলৈ যাম বুলি সর্বসম্মতিক্রমে সিদ্ধান্তত উপনীত হৈছো।
শিৱসাগৰ অসমৰ এক ইতিহাসিক ঠাই। ইয়াত আহোম ৰজাসকলৰ বিভিন্ন কীর্তিচিহ্ন। অনুগ্রহ কৰি আপুনি যদি অনুমতি দিয়ে তেন্ত আমি অহা ১৫ জানুৱাৰীত তালৈ গৈ ইতিহাস প্রসিদ্ধ ঠাইখন চাইনয়ন- মন সার্থক কৰিব বিচাৰোঁ।
আমাৰ বিশেষ অনুৰোধ আমাৰ যাত্ৰাৰ পৰিচালক আৰু পথ নিদের্শক হিচাপে আমাৰ লগত যেন এজন শিক্ষকক যাবলৈ অনুমতি দিয়ে। আমি সকলোৱে শান্তি আৰু শৃঙ্খলা বজাই ৰখাৰ বাবেপ্ৰতিশ্রুতিবদ্ধ।
আমি আশাবাদী যে দয়ালু মহোদয়ে আমাৰ আবেদন মঞ্জুৰ কৰি আমাক বাধিত কৰিব। ইতি
বিনীত
একান্ত বাধ্য ছাত্র তৰুণ ডেকা
শ্রেণী প্রতিনিধি, দশম শ্রেণী।
২। ধৰি লোৱা, তুমি বিদ্যালয়ৰ খেল বিভাগৰ সম্পাদক, সেয়ে ছাত্র-ছাত্ৰীসকলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ প্রধান শিক্ষক / অধ্যক্ষলৈ খেল- ধেমালিৰ বাবে অধিক সুবিধা আদায় কৰিবলৈ এখন আবেদন পত্র প্রস্তুত কৰা। HSLC ’20, ’24
উত্তৰঃ
প্রতি,
মাননীয় প্রধান শিক্ষক
১১ ফেব্ৰুৱাৰী, ২০২৪
নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়।
বিষয়ঃ খেল-ধেমালিৰ সুবিধা বিচাৰি আবেদন
মহাশয়,
উপৰত উল্লেখিত বিষয়ৰ প্ৰসঙ্গত সন্মানপূর্বক নিবেদন এই যে, মই এই বিদ্যালয়ৰ খেল বিভাগৰ সম্পাদকৰ দায়িত্ব লোৱাৰ পৰাই বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আছোঁ। আমাৰ খেল-ধেমালিৰ বাবে প্রয়োজনীয় সা-সঁজুলিৰ অভাৱ স্পষ্ট। বিদ্যালয়ৰ খেল সামগ্রীসমূহ একেবাৰেই জীৰ্ণ অৱস্থাত আছে। ফুটবল আৰু ভলীবল দুয়োটাই সম্পূর্ণরূপে ফাটি গৈছে। দুটা কেৰম বৰ্ডৰ কেৱল কাঠামোখিনিহে অৱশিষ্ট আছে। তদুপৰি, আমাক দুখন টেনিছ বল আৰু ক্রিকেট বলৰো প্রয়োজন।
সেয়ে, আপোনাৰ ওচৰত সবিনয় অনুৰোধ জনাইছোঁ যে, খেলৰ সামগ্ৰীসমূহৰ যোগানৰ ব্যৱস্থা কৰাৰ লগতে খেলপথাৰখনৰ প্ৰয়োজনীয় মেৰামতি কৰাত সহায় কৰি আমাক খেল-ধেমালিৰ বাবে এক উপযোগী পৰিৱেশ সৃষ্টি কৰি দি আমাৰক অনুগ্রহ কৰিব। ধন্যবাদ। ইতি
বিনীত আপোনাৰ একান্ত বাধ্য ছাত্র
নয়ন বৰুৱা
খেল সম্পাদক
(৩) সাময়িক ছুটি খুজি প্রধান শিক্ষকলৈ এখন আবেদন লিখা।
উত্তৰঃ
প্রতি,
মাননীয় প্রধান শিক্ষক মহোদয়
২৪ এপ্রিল, ২০২৪ জ্ঞানদ্বীপ হাই স্কুল।
মহাশয়,
বিষয়: সাময়িক ছুটি বিচাৰি আবেদন।
বিনীত নিবেদন এই যে মই আপোনাৰ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। মই নিয়মিত শ্রেণীত উপস্থিত আছো যদিও আজি মোৰ মূৰ ঘৰাই আছে আৰু দুৰ্বল অনুভর কৰি আছোঁ।
গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ প্ৰাৰ্থনা জনাওঁ তেখেনে যেন মোক প্ৰথম পেৰিয়দৰ পিছত সাময়িক ছুটি মঞ্জুৰ কৰি বাধিত কৰে। ইতি
আপোনাৰ একান্ত বাধ্য নামঃ
শ্রেণী:
বোল নংঃ ১১
(৪) পৰীক্ষাত বহাৰ পৰা নিবৃতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন পত্র লিখা।
উত্তৰঃ
প্রতি,
মাননীয় প্রধান শিক্ষক মহোদয় কালঝাৰ হাই স্কুল ৫ অক্টোবৰ, ২০২৪
বিষয়: পৰীক্ষাত বহাৰ পৰা নিবৃতি বিচাৰি আবেদন।
মহাশয়,
ওপৰত উল্লেখিত বিষয় অনুসৰি, সন্মানপূর্বক বিনীত নিবেদন এই যে, মই আপোনাৰ স্কুলৰ নৱম
শ্ৰেণীৰ ছাত্ৰ। মই কেইদিন ধৰি লিভাৰৰ অসুখত ভুগি আছোঁ আৰু বৰ্তমান মোৰ স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ। চিকিৎসা চলি আছে, আৰু ডাক্তৰে মোক কেইদিনমান জিৰণি ল’বলৈ পৰামৰ্শ দিছে। তদুপৰি, মই যথেষ্ট দুর্বল অনুভৱ কৰি আছোঁ। এনে অৱস্থাত আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো মোৰ পক্ষে অসম্ভৱ।
সেয়ে, দয়ালু মহোদয়ৰ ওচৰত বিনীত অনুৰোধ জনাওঁ যেন তেখেতে মোক অহা বাছনি পৰীক্ষা পৰা অব্যাহতি দি অনুগ্রহ কৰিব। ইতি
বিনীত
আপোনাৰ একান্ত বাধ্য ছাত্র
৫। তুমি বাস কৰা অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্রতিবেদন প্রস্তুত কৰা। HSLC ’16, ’19
উত্তৰঃ
প্রতি, মাননীয় সম্পাদক মহোদয়, ১২ জানুৱাৰী, ২০২৫ দৈনিক অসম,
গুৱাহাটী-৭
বৃহত্বৰ কমলপুৰ গাওঁত খোৱা পানীৰ সমস্যা
মহাশয়,
আপোনাৰ বহুল প্রচাৰিত জনপ্রিয় ‘দৈনিক অসম’ৰ জৰিয়তে আমি সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰোঁ যে, আমাৰ বৃহৎ কমলপুৰ অঞ্চলৰ ৰাইজে বহুদিন ধৰি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভূগি আছে। নামনি অসমৰ এই অঞ্চলটো এটি দুখীয়া অঞ্চল। ইয়াৰ বাসিন্দাসকলৰ পকী নলা খন্দাৰ সামর্থ্য নাই। প্রায় এক দশক বছৰ পূৰ্বে চৰকাৰে কিছুমান দমকল যোগান ধৰিছিল যদিও, সেইবোৰ এতিয়া অকাৰ্যকৰ হৈ আছে।
মানুহে খোৱাৰ অনুপযুক্ত পুখুৰীৰ পানী ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত, মানুহৰ
লগতে জীৱ-জন্তুবেও জীয়াতু ভুগি আছে। পুখুৰীৰ বীজাণুযুক্ত পানী ব্যৱহাৰৰ ফলত ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে। যদি এই সমস্যাৰ সমাধানৰ বাবে তৎক্ষণাত ব্যৱস্থা গ্রহণ নকৰা হয়, তেনেহ’লে অঞ্চলটোত পানীৰ অভাৱৰ বাবে এক ভয়ংকৰ মহামাৰী সৃষ্টি হোৱাৰ আশংকা আছে।
সেয়ে, আমি বৃহৎ কমলপুৰ অঞ্চলটোত অনতিপলমে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয় কর্তৃপক্ষৰ লগতে চৰকাৰৰ গম্ভীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ।
বিনীত
কমলপুৰ গাওঁৰ ৰাইজৰ হৈ
নামঃ
৬। তোমাৰ অঞ্চলৰ বাট-পথ, দল আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতি কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্রতিবেদন লিখা। HSLC ’17, ’20
উঃ
প্রতি,
মাননীয় সম্পাদক মহোদয়
অসম বার্তা
২১ আগষ্ট, ২০২৪
বিষয়ঃ ডবকা অঞ্চলৰ যাতায়ত ব্যবস্থা উন্নত কৰাৰ বাবে চৰকাৰলৈ আহ্বান
মহাশয়,
আপোনাৰ জনপ্রিয় কাকত ‘অসম বার্তা’ৰ জৰিয়তে আমি চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰিবলৈ বিচাৰোঁ যে, উজনি অসমৰ ডবকা অঞ্চলখন আজিও পিছপৰা অৱস্থাত আছে। এই অঞ্চলত আধুনিক বাট-পথৰ সুবিধা এতিয়াও নিশ্চিত হোৱা নাই। অঞ্চলটোৰ মাজেৰে দুখনমান পথ নির্মাণ কৰা হৈছিল, কিন্তু বহু বছৰে মেৰামতিৰ অভাৱত সেই পথবোৰ অচল হৈ পৰিছে। এজাক বৰষুণতে পথবোৰ
পানীত বুৰ যায় আৰু সকলো যোগাযোগ ব্যহত হয়।
ইয়াৰ উপৰিও, পথটোৰ ওপৰত থকা কাঠৰ দলংখন জহি-খহি গৈছে। যিকোনো মুহূর্ততে দলংখন ভাঙি পৰাৰ আশংকা আছে।
সেয়ে, আমি ডবকা অঞ্চলৰ ৰাইজৰ পক্ষৰ পৰা এই কাকতৰ জৰিয়তে চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক বিনীত অনুৰোধ জনাইছোঁ যে, অতি সোনকালে বাট- পথ আৰু দলংখনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰি এই অঞ্চলৰ যাতায়াতৰ সুব্যৱস্থা কৰে যেন। ইতি
ৰাইজৰ হৈ ৰাব্বি মছৰুৰ।