মণিপুৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 8 Solutions
মণিপুৰীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। কেতিয়াৰ পৰা মণিপুৰী সকলে অসমত স্থায়ীভাবে বসবাস কৰি আহিছে?
উঃ ১৮১৯ খ্রীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য আক্রমণ কৰি মণিপুৰী প্ৰজাসকলৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়ন কৰাত মণিপুৰীসকলে অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা জিলাত স্থায়ীভাবে বাস কৰিবলৈ লয়।
২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তর্ভুক্ত হয়?
উঃ ১৯৯২ চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত হয়।
৩। মণিপুৰী মীতৈ/মৈতৈসকলৰ সমাজত সাতটা য়েক ছালাইৰ নাম কি কি?
উঃ মণিপুৰী মৈতৈ/মাঁতৈ সমাজ সাতোটা ‘য়েক-ছালাই’ অর্থাৎ খেল বা ফৈদত বিভক্ত। এইবোৰ হ’ল মঙাং, লুৱাং, ঘুমন, মোইৰাং, অডোম, খাবা-ঙানবা আৰু চেংলৈ।
৪। মনিপুৰী মীতৈ/মৈতৈসকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ-দেৱীৰ নাম কি?
উঃ মণিপুৰী মীতে বা মৈতৈসকলৰ নিজা ঘৰত পূজা-অর্চনা কৰা সিহঁতৰ দেৱতাৰ নাম ‘ঘুমলাই’।
৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসব পালন কৰা হয়? লাই হৰাওৰা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।
উঃ ‘লাই হবাওরা’ মণিপুৰীসকলৰ এটি কৃষিভিত্তিক উৎসব। ‘লাই হৰাওবা’ৰ অৰ্থ হৈছে ‘নেদেখাজনৰ সন্তোষ সাধন’। এই উৎসব ব’হাগ মাহত পাঁচদিনীয়াকৈ নৱবর্ষ উপলক্ষে পালন কৰে।
‘লাই হৰাওবা’ উৎসৱত ব্যৱহাৰ কৰা প্রধান বাদ্যযন্ত্র হল পেনা। ই এবিধ বীণা জাতীয় বাদ্যযন্ত্র।
৬। মণিপুৰী মীতৈ/মৈতৈসকলৰ কিছুমান নাচৰ নাম লিখা।
উঃ মণিপুৰী মীতে বা মৈতৈসকলৰ কিছুমান নাচৰ নাম হ’ল ঃ’খাবল চোংবি’, ‘মাইবী জগোই’ আদি।
৭। চমুটোকা লিখাঃ
(ক) নাওবিয়া ফুলো
(গ) সমাজসেবিকা সৰস্বতী সিংহা
(খ) নৃত্যগুক কে. যতীন্দ্র সিংহ
(ঘ) নোংথোম্বম বিদ্যাপতি সিংহ।
উঃ (ক) নাওৰিয়া ফুলো: নাওবিয়া ফুলো এজন আধুনিক মণিপুৰী সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্রম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্টত। তেওঁ আছিল নাওৰেম চাওবা আৰু থম্বৌ দেবীৰ পঞ্চম সন্তান। জন্মতে কুন্দত কটা যেন সুন্দৰ-সুঠাম শিশুটিক ককাকে নাম দিছিল ‘ফুন্দ্রেই’ অর্থাৎ কুন্দ। পঢ়াশালীৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধুনীয়া ল’ৰাটিৰ নাম দিছিল ‘ফুলো’।
তেওঁলোকৰ পূৰ্বপুৰুষসকল আছিল ৰাজন্য শাসিত মণিপুৰ দেশৰ প্রজা। তেওঁলোকৰ কোনোবা আজো-ককাক এজন ৰাজদৰবাৰৰ বিষয়া আছিল। পিছত মান-ভগনত আজোককাক হেৰান্দ স্বদেশ এৰি ভগনীয়া দলৰ সৈতে আহি অসমৰ হাইলাকান্দিত নিগাজীকৈ থাকিবলৈ লয়। নাওৰিয়া ফুলোই স্থানীয় বিদ্যালয়ত শিক্ষা লাভকবি শিক্ষকতাৰ চাকৰিত সোমায়।
কুবি শতিকাৰ তৃতীয় দশকটো (১৯২০-৩০) মণিপুৰী আধুনিক সাহিত্যৰ অৰুণোদয়ৰ সময়। এই দশকটোতে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত এচাম মণিপুৰী ভাষাপ্রেমীয়ে সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। নাওৰিয়া ফুলোই শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চর্চাত মনোযোগ দিয়ে। তেওঁৰ সাহিত্য চর্চা আৰম্ভ কৰে অনুবাদেৰে। ১৯১৮ ৰ পৰা ১৯১৯ চনলৈকে হিন্দু উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে। সেইসমূহ (১) ‘ইনিংথৌ হৰিচন্দ্র’ (বজা হৰিচন্দ্র) (২) ‘সীতা বনবাস’ (৩) ‘ৰামনা বনবাসতগী হলক্বদা’ (বনবাসৰ পৰা ৰামৰ প্ৰত্যাৱৰ্তনত) (৪) ‘দুষ্মন্ত শকুন্তলা’ (৫) ‘শ্রবণ কুমাৰ’। পৰৱৰ্তী সময়ত (১৯৩০-১৯৪০) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিবন্ধৰ মুঠ ১৯- খন গ্রন্থ ৰচনা কৰে।
তেওঁৰ গদ্যত ৰচিত উল্লেখনীয় গ্রন্থসমূহ (১) ‘মীতে হৌভম বাৰী’ (মীতৈৰ ইতিবৃত্ত) (২) ‘গৌড় ধর্ম চণ্ডকপা মতাং’ (গৌড় বা গৌড়ীয় ধর্ম প্রবর্তনৰ সন্ধিক্ষণ)। (৩) ‘মীতৈ য়েলহৌ ময়েক’ (মীতে প্রাচীন লিপি) (৪) ‘অহন য়াথং’- (গুক্ত উপদেশ)। (৫) ‘হৌৰকপা অমসুং হৌভম’ (পুৰাবৃত্ত) (৬) ‘বামোনগী মতিক’-(বামুণৰ প্রভাৱ)। (৭) ‘ঐগী বাৰেং’ (মোৰ গদ্য/নিবন্ধ) ইত্যাদি।
তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাবাপন্ন আৰু প্রাচীন ঐতিহ্যৰ কীর্তিগাঁথাৰ উপৰিও বিলুপ্ত মীতে দেব-দেৱীৰ স্তুতি, মন্ত্র, গীত আদিৰে পৰিপূৰ্ণ।
বহুমুখী প্রতিভাধাৰী এইগৰাকী ক্ষণজন্মা পুৰুষে মাত্র ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জুন তাৰিখে পৰলোক গমন কৰে।
(খ) নৃত্যগুৰু কে. যতীন্দ্র সিংহ: যতীন্দ্র সিংহ আছিল অসমৰ এজন মণিপুৰী নৃত্যশিল্পী আৰু অধ্যাপক।
যতীন্দ্র সিংহৰ জন্ম হয় ১৯৪৩ চনত এপ্রিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত। যতীন্দ্র সিংহ, মণিপুৰী নট-সংকীর্তন গুৰু কে. কামিনী সিংহ আৰু শ্রীমতী পশোৎলৈমা দেৱীৰ পুত্র। ল’ৰালিৰে পৰা তেওঁ আছিল অতি নম্র, বিনয়ী আৰু সংগীত তথা নৃত্যপ্রেমী। বংশৰ ঐতিহ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি শৈশৱতেই পিতৃ আৰু কে. কামিনী সিংহৰ পৰা নট সংকীর্তন আৰু নৃত্যৰ আদিপাঠ গ্রহণ কৰে পৰৱৰ্তী সময়ত সেই সময়ৰ মণিপুৰ ৰাজ্যৰ প্ৰখ্যাত নৃত্যগুক, লোকেশ্বৰ, গুৰু অনুবী আৰু গুৰু অতোম্বাৰ পৰা নৃত্যৰ তালিম লয়।
খ্রীষ্টীয় ১৯৬৫ চনত বৃত্তি পাই বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্যশিক্ষাৰ বাবে যায়। নৃত্যশিক্ষা সাং কৰি তাতেই তেওঁ নৃত্য আৰু সংগীত বিভাগত অধ্যাপঞ্চৰ পদত নিযুক্তি পাই শান্তি নিকেতনত নিগাজিকৈ থাকিবলৈ লয়। অধ্যাপনাৰ সমান্তবালভাবে তেওঁ নৃত্যৰ সাধনাত মনোনিবেশ করে। বিভিন্ন নৃত্যৰ সংযোজন আৰু সংমিশ্রণব জৰিয়তে তেওঁ আটকধুনীয়া নতুন নৃত্যশৈলী উদ্ভাৱন কৰি শিক্ষার্থীসকলক শিকাইছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত আয়োজিত নৃত্যৰ বহু কর্মশালা, আলোচনাচক্র তথা সাংস্কৃতিক সমাৰোহত নৃত্যৰ প্রদর্শন তথা বক্তৃতা প্রদান কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ বিশ্বভাৰতীৰ সংগীত বিভাগৰ শিল্পী সমন্বিতে, দক্ষিণ আমেৰিকা, চীন, জাপান, মালয়েহিয়া, ছিংগাপুৰ, ফ্রান্স, বাছিয়া, ম্যানমাৰ আৰু বাংলাদেশকে আদি কৰি বিশ্বব বিভিন্ন দেশত মণিপুৰী আৰু ৰবীন্দ্র নৃত্য মঞ্চায়ন কৰি দর্শকন ভূয়সী প্রশংসা লাভ কৰিছিল।
বিশ্বভাৰতী শান্তিনিকেতনত প্রথমে অধ্যাপনা আৰু শেহত কিছু বছৰ অধ্যক্ষৰ দায়িত্বত কার্য নির্বাহ কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো সংগীত নৃত্য-নাটিকা আদিত অন্তঃকৰণেৰে জীৱনৰ অন্তিম মুহূর্তলৈকে সেৱা আগবঢ়াই গৈছিল। তেওঁ ‘ত্রিধাৰ’ আৰু ‘মীৰজিঙ্গীনসা’ নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল। গুৰু কে. যতীন্দ্র সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে ‘নৃত্যগুক’, ২০১০ খ্রীষ্টাব্দত ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই ‘ৰাজকুমাৰ মেমোৰিয়েল এবার্ড’, আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, ইম্ফলে ‘নৃত্যৰত্ন’ উপাধিৰে সন্মানিত কৰে।
মণিপুৰী নৃত্যৰ বিৰল প্রতিভাৰ অধিকাৰী বরেণ্য শিল্পী নৃত্যগুৰু কে. যতীন্দ্র সিংহ ২ এপ্রিল ২০১৮ চনত শান্তিনিকেতনৰ অবল পল্লীৰ নিজা বাসগৃহত মৃত্যু বৰণ কৰে।
(গ) সমাজসেবিকা সৰস্বতী সিংহা: সৰস্বতী সিংহা আছিল অসম আন্দোলৰ এগৰাকী নেত্রী, সমাজসেবিকা আৰু মণিপুৰী ভাষা সাহিত্যৰ সেৱক।
সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হোজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্রহণ কৰে। পিতৃৰ নাম রাহেংবম জয়চন্দ্র সিংহ আৰু মাতৃৰ নাম রাহেংবম ফজবী দেবী।
আমপুখুৰী নিম্ন প্ৰাইমাৰী স্কুলৰ পৰাই শিক্ষা জীৱনৰ আৰম্ভ কৰি লংকা ৰাষ্ট্ৰভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। পিছত নগাঁও গার্লচ কলেজৰ পৰা ১৯৮১ চনত বি. এ. পাছ কবে। কিছু বছৰৰ বিৰতিৰ পিছত ১৯৯৩ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক উপাধি লাভ করে।
খ্রীষ্টীয় ১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনবাড়ী কর্মী হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে। কিছুদিনৰ পিছত আমপুখুৰী এল পি স্কুলত শিক্ষক হিচাপে যোগদান কৰে। ১৯৮৫ চনৰ ১৪ ছেপ্তেম্ববত শিক্ষকতাৰ পৰাও অব্যাহতি লয়।
সৰস্বতী সিংহাৰ উদ্যোগত ২০০৫ চনত মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ কাৰণে হোজাইত ‘পান মণিপুৰী লিটাৰেৰী ফ’ৰাম’ (নিখিল মণিপুৰী সাহিত্য মঞ্চ) প্রতিষ্ঠা কৰে।
আইনৰ স্নাতক সৰস্বতী সিংহাই ১৯৯৬ চনত হোজাইৰ শঙ্কৰদেৱ নগৰ আদালতত এগৰাকী অধিবক্তারূপে যোগদান কৰে। তেওঁৰ বাকপটুতা, প্রত্যুৎপন্নমতি আৰু অধ্যৱসায়ী গুণৰ কাৰণে অতি কম দিনৰ ভিতৰত এগৰাকী পেচাদাৰী আইনজীৱীৰূপে নিজকে প্রতিষ্ঠা কৰে। উল্লেখযোগ্য যে তেওঁ অসমৰ ব্ৰহ্মহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা।
তেওঁ অন্তঃকৰণেৰে উপলব্ধি কৰিছিল নাৰী সমাজৰ চেতনা জাগৰণৰ প্ৰয়োজন। সেয়েহে তেওঁ ‘মৈৰা পাইবী পূপ’ অর্থাৎ ‘জেীবলোৱা মহিলা বাহিনী’ নামৰ এটি মহিলা সংগঠনৰ জন্ম দিছিল। ১৯৭০ চনত চুবুৰীয়া মণিপুৰত ‘অল মণিপুৰ উইমেন ছচিয়েল বিফোৰমেশ্বন এণ্ড ডেভেলপমেন্ট সমাজ’ নামৰ আন এটা মহিলা সংগঠনৰ জন্ম দিয়ে। এই নাৰী বাহিনীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্রামত নামিছিল। প্রথমে যুঁজ দিছিল সমাজৰ মাদক দ্রব্য সেবন আৰু জুৱা খেল নির্মূল অভিযানত। তেওঁ হোজাই-লংকাৰ নাৰী সমাজত নতুন চেতনা জগাই এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সমাজসেরাব জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী সাহিত্য পৰিষদ, অসমে ২০১২ চনত ‘সমাজসেবিকা’ উপাধি আৰু বঁটাৰে বিভূষিত কৰে।
খ্রীষ্টীয় ২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে।
নোংথোম্বম বিদ্যাপতি সিংহ: নোংথোম্বম বিদ্যাপতি সিংহ এজন বহুমুখী প্রতিভাসম্পন্ন মণিপুৰী
শিক্ষাবিদ আছিল।
তেওঁ ১৯১২ চনৰ ২৪ নবেম্বৰ তাৰিখে বর্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃ ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল। মাতৃ মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্ৰথম ডেপুটী ইন্সপেক্টব হিজম বমন সিংহৰ বায়েক আছিল। তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্রথম বিভাগত মেট্ৰিক পাছ কৰি পিছত চিলেটৰ মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনার্চসহ বি. এ. পাছ কৰে।
নোংথোম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাম্বৰ জিলাৰ সোনাই এম. ই, স্কুলত ইংৰাজী শিক্ষকরূপে যোগদান কৰে। সেই সময়ত সোনাই অঞ্চলত এম. ই, পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনো সুবিধা নাছিল। সেয়ে তেওঁৰ প্রচেষ্টাত সোনাই এম. জি. স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে।
নোংথোম্বম বিদ্যাপতি সিংহই অতি সহজ-সৰল জীৱন যাপন কৰিছিল। সদায় ধূর্তী-পাঞ্জাবী পৰিধান কৰা বিদ্যাপতি সিংহ এজন আদর্শবান পুরুষ আছিল। অকল পঢ়া-শুনাতেই নহয়, নাটক আদি সাংস্কৃতিক দিশতো আগৰণুৱা আছিল।
তেওঁৰ সভাপতিত্বত ১৯৩৯ চনত ‘কাছাৰ মণিপুৰী যুৱ সংঘ’ নামৰ এটি অনুষ্ঠান গঢ়ি উঠিছিল। উক্ত সংঘৰ যোগেদি স্বজাতি যুৱকসকলক জাগ্রত কৰিছিল। ১৯৩৫ চনৰ ‘ভাৰত শাসন আইন’ৰ অধীনত ১৯৪৬ চনত অনুষ্ঠিত অসম বিধান সভা নির্বাচনত তেওঁ দক্ষিণ হাইলাকান্দি সমষ্টিৰ বিধায়ক নির্বাচিত হৈছিল। বিধায়ক হৈ থকা কালত তেওঁ নিজ মাতৃভাষা মণিপুৰী মাধ্যমেৰে শিক্ষা-দীক্ষা লোৱাৰ সুবিধা লাভৰ বাবে বহুবাৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী কালত অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্রদান কবে।
ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৪৮ চনত পূব পাকিস্তানত বসবাস কৰা মণিপুৰীসকলক উৎপীড়ন কৰা খবৰ শুনি তেওঁ কাছাৰৰ তিনিজন মণিপুৰী নেতা আৰু এশগৰাকী ছাত্র-ছাত্রী প্ৰেৰণ কৰি সেই সময়ত সেই ঠাইত থকা মণিপুৰী প্ৰজা আৰু চুবুৰীয়া প্রজাসকলৰ মাজত সদভাব ৰাখি বসবাস কৰিবলৈ সু-পৰামর্শ আগবঢ়াইছিল।
স্বজাতি আৰু জনতাৰ বাবে নিঃস্বার্থভাবে কাম কৰি বহু কম বয়সত ৪২ বছৰ বয়সত ১৯৫৪ চনৰ ১৪ চেপ্তেম্বৰ তাৰিখে সোনাই চহৰত নোংথোম্বম বিদ্যাপতি সিংহই মৃত্যুবৰণ কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ
১। মণিপৰীসকলৰ কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত?
উঃ মণিপুৰীসকল তিব্বত-বর্মীয় ভাষা গোষ্ঠীৰ অন্তৰ্গত।
২। মণিপুৰী গাওঁৰ এক উল্লেখযোগ্য বৈশিষ্ট্য কি?
উঃ বাৰীৰ চৌহদত মাটিবে ঢাপ দিয়া মণিপুৰী গাঁৱৰ এক উল্লেখযোগ্য বৈশিষ্ট্য।
৩। মণিপুৰীসকলৰ প্ৰধান খাদ্য কি?
উঃ মণিপুৰীসকলৰ প্ৰধান খাদ্য ভাত আৰু মাছ।
৪। মনিপুৰীসকলৰ আৰাধ্য দেৱতা কি কি?
উঃ মণিপুৰীসকল বৈষ্ণর ধর্মী হ’লেও তেওঁলোকৰ গৃহ আৰাধ্য দেৱতা হৈছে ‘লাইনিংথৌ ছানামহী’, ‘ইমা লৈমবেণ শিদবী’ আদি।
৫। ‘ইনিংথৌ হৰিচন্দ্ৰ’ গ্ৰন্থখন কাৰ ৰচনা?
উঃ নাওৰিয়া ফুলোৰ।