মিচিংসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 7 Solutions ২০২৫

মিচিংসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 7 Solutions

মিচিংসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ‘মিচিং’ জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা।

উঃ মিচিং জনগোষ্ঠীটো হ’ল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি। মিচিংসকলক ‘মিবি’ নামেৰেও জনা যায়। তেওঁলোকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’ শব্দৰ অর্থ মানুহ বা মানর। মিচিং জনগোষ্ঠীৰ মাজত কেইবাপ্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্র গণনা পুৰুষৰ ফালৰ পৰা কৰা হয়। মনে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধীনতা আছে।
কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।
মিচিং গাঁওবিলাকত শান্তি-সম্প্রীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে। কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে ‘কীবাং’ বা মেল পাতি গাঁওবুঢ়াৰ তত্ত্বাৱধানত দোষীৰ বিচাৰ কৰা হয়।
মিচিং পুৰুষসকলে পৰম্পৰাগত মিবু গালুগ, গল্ব, উগন, টঙালি, দুমীৰ আদি পৰিধান কৰে। তেনেকৈ মহিলাসকলে হাতে বোৱা বিহা-মেখেলা, বিবি-গাচেং আদি পৰম্পৰাগৰ পোছাক পৰিধান কৰে। প্রচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে।
দিক্রি-পল’ মিচিংসকলৰ স্বকীয় ধর্ম। অৱশ্যে আজিকালি মহাপুৰুষীয়া, শৈর, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা বাতি সেরা ধর্ম পন্থা অৱলম্বন কৰা দেখা যায়।
করে। মিচিংসকলে জাতীয় উৎসব আলি-আঃয়ে লুগাঙৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পালন
মিচিং ভাষা লোক-সাহিত্যৰ দিশত অত্যন্ত চহকী। ‘অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত-মাতবোৰক সম্প্রতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। মিচিং ভাষা চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ তিব্বত-বর্মী শাখাৰ অন্তৰ্গত।
মিচিং সমাজ সু-শৃংখলিত সমাজ। ইয়াৰ প্ৰধান কাৰণ হৈছে শ্রেণী-বৈষম্যহীনতা। পুৰুষৰ দৰেই মিচিং মহিলাইও কৃষি-কর্ম, গৃহ-কর্মাদিত সমানভাৱেই অংশ গ্রহণ কৰে। কেতবোৰ সমুহীয়া কাম-কাজতো মিচিং মহিলাই অংশ গ্রহণ কৰে।

২। মিচিংসকলৰ তিনিবিধ সাজ পাৰৰ নাম লিখা।

উঃ মিচিংসকলৰ তিনিবিধ সাজপাৰ হ’ল: মিবু গালুগ, গদ্ৰ আৰু উগন।

৩। মিচিংসকলৰ ধৰ্মপন্থা সম্পর্কে চমুকৈ লিখা।

উঃ মিচিংসকলে মহাপুৰুষীয়া, শৈব, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা বাতি সেরা ধর্ম পন্থা অবলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে ‘দক্রি-পল’ মিচিংসকলৰ মূলধর্ম। লোক-বিশ্বাসত মিচিংসকল অত্যন্ত বিশ্বাসী। কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে। ধর্মীয় উৎসৱ দবুৰ পূজা তাৎপর্যপূর্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয়। ঘৰখনৰ শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ দৃষ্টি থকা বুলি বিশ্বাস কৰে। জন্মৰে পৰা মৃত্যুলৈকে জীৱনটোক দঞ্চি-পল বা সূর্য-চন্দ্রই পৰিচালনা কৰে বুলি মিচিংসকলৰ বিশ্বাস আছে।

৪। আলি আয়ে নৃগাং কিয় আৰু কেতিয়া পতা হয়?

উঃ মিচিংসকলে জাতীয় উৎসব হ’ল আলি-আঃয়ে লুগাও। ই এক কৃষি উৎসব। আলি-আঃয়ে লুগাং তিনিটা পদৰ সমষ্টি: আলি, আঃয়ে আৰু লুগাং। ‘আলি’ মানে মাটিৰ তলত হোৱা বীজ, ‘আংয়ে’ হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু ‘লুগাং’ শব্দৰ অর্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ। অর্থাৎ বীজ-গুটি বোৱা কাৰ্যৰ শুভাৰম্ভ। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচান, চান অর্থাৎ শুকান মাছ, মঙহ আৰু আপডেই এই উৎসৱৰ প্রধান খাদ্য। আলি-আয়ে লুগাণ্ডৰ দিনা আপং আৰু লুগাঙৰ উপাদান সিহঁতে প্রথমে দেৱতা আৰু পিছত ডা-ডাঙৰীয়ালৈ উর্দুর্গা কৰে।

৫। আলি আয়ে লুগাং শব্দৰ ব্যুৎপত্তি লিখা।

উঃ মিচিংসকলে জাতীয় উৎসব হ’ল আলি-আঃয়ে লুগাণ্ড। ই এক কৃষি উৎসব। আলি-আঃয়ে লুগাং তিনিটা পদৰ সমষ্টি: আলি, আঃয়ে আৰু লুগাং। ‘আলি’ মানে মাটিৰ তলত হোৱা বীজ, ‘আঃয়ে’ হ’ল গা-গছৰ ওপৰত হোরা ফল বা গুটি আৰু ‘লুগাং’ শব্দৰ অর্থ বোপণ কাৰ্যৰ শুভাৰম্ভ।

৬। চমুটোকা লিখা:

(ক) ভৃগুমুনি কাগাং

(খ) শ্বহীদ কমলা মিৰি

(গ) ঐৰাম ববি

(ঘ) যাদব পায়েং

উঃ (ক) সুসাহিত্যিক ভূগুমুনি কাগয়ং: ভূগুমুনি কাগয়ও হৈছে মিচিং সম্প্রদায়ৰ এজন অসমীয়া কবি, শিক্ষাবিদ আৰু গরেষক আছিল। ১৯৩২ চনৰ অক্টোবৰ মাহত আলিমূৰ গাঁৱত খহুৱাৰ ঔৰসত আৰু যাবৰীৰ গৰ্ভত ভূগুমুনিব জন্ম হয়।
ভূগুমুনি কাগাঙে নিজ গাঁৱৰে ৫৮ নং আলিমূৰ প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰি ১৯৫৮ চনত প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। পৰিয়ালৰ আৰ্থিক অবস্থা অতি নিঃস্ব হোৱাত নিজে দিনৰ ভাগত বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল। এনেদৰে পঢ়িয়ে তেওঁ বি বৰুৱা কলেজ, গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক ডিগ্রী লাভ কৰে তদুপৰি কাগযুঙে ১৯৯২ চনত মহীশূৰৰ Institute of Indian Language-ত মিচিং প্রাপ্ত বয়স্কঃ পাঠ্যপুথি প্রণয়নৰ বাবে প্রশিক্ষণ গ্রহণ কৰে। এই প্রতিষ্ঠানতে তেওঁ ভাষা বিষয়ক প্রশিক্ষণো গ্রহণ কৰিছিল।
ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট হাইস্কুলত এগৰাকী শিক্ষক হিচাপে যোগদান কবে। ভৃগুমুনি কাগযুঙে যোৰহাট চৰকাৰী বহুমুখী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ তিনি বছৰ শিক্ষকতাৰ চাকৰি কৰে।
অসমীয়া কাব্য-সাহিতালৈ ভূগুমুনি কাঙ্গুস্তর অবদান অপৰিসীম। তেওঁৰ ৰচিত অসমীয়া কাব্য-গ্রন্থকেইখন হ’ল- ‘কবিতাকলি’, ‘আনাহুত’, ‘মন বননিৰ জুই’ আৰু ‘কবিতা কুসুম’। ভূগুমুনি কাগাঙৰ আটাইতকৈ জনপ্রিয় কাব্য-গ্রন্থখনৰ নাম হৈছে ‘অনাহুত’। ভাৰত চৰকাৰে তেওঁক ‘অনাহুত’ কাব্য-গ্রন্থৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰদ্বাৰা পুৰস্কৃত কৰিছিল। ‘মন বননিৰ জুই’ কাব্য-গ্রন্থৰ বাবেও ভূগুমুনি কাণ্ডক ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰে। ভূগুমুনি কাগং মিচিং জনগোষ্ঠীৰ প্রথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক।
ভূগুমুনি কাগাঙৰ কবিতা ৰমন্যাসবাদী যদিও আধুনিকতাৰ ছাপ তেওঁৰ কবিতাত স্পষ্ট। দেশপ্রেম, ইতিহাস চেতনা, মানৱতাবোধ আৰু সমাজৰ প্রতি দায়বদ্ধতা ভূগুমুনি কাগগুপ্তৰ কবিতাৰ প্রধান বৈশিষ্ট্য।
ভৃগুমুনি কাগজে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাতো কবিতা লিখিছিল। কাগগুত্তৰ বিভিন্ন সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ’ল ‘কঃকাং মীতম্ দঃঞিং’। তেওঁৰ ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্য মুঠ ২৭-খন।
খ্রীষ্টীয় ২০১১ চনৰ ২৭ মার্চত এইগৰাকী মনীষা, সু-সাহিত্যিক আৰু প্রসিদ্ধ কবি ভৃগুমুনি কাগাপ্ত পৰলোকগামী হয়।

(খ) শ্বহীদ কমলা মিৰিঃ কমলা মিৰি আছিল অসমৰ মিচিং সম্প্রদায়ৰ এজন স্বাধীনতা বিপ্লবী, সংগঠক আৰু সমাজ সেরক।
খ্রীষ্টীয় ১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ (বর্তমান গোলাঘাট জিলা) ৰঙামাটি মৌজাৰ অন্তর্গত ওপৰ টেমেৰা গরিত কমলা মিৰিব জন্ম হয়। কমলা মিৰিৰ পিতৃৰ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং। সেই সময়ত ওপৰ টেমেৰা গাঁৱত কোনো শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবৰ বাবে ভোলাগুৰিলৈ যাবলগা হৈছিল।
তেওঁ আছিল স্বদেশপ্রেমী আৰু বিপ্লবী ভাবাদর্শত বিশ্বাসী। সেয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু কেইবাবাৰো কাৰাবাস খাটিছিল।
সেই সময়ত মিচিং সমাজত চলি থকা কানি, ভাং আদি মাদক দ্রব্যৰ সঁচ নাইকীয়া কৰিবলৈ তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰি জনসচেতনতা গঢ়ি তুলিছিল।
খ্রীষ্টীয় ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁক ইংৰাজ চৰকাৰে বন্দী কৰি যোৰহাটৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে। কাৰাগাৰত তেওঁ গোপীনাথ বৰদলৈ, ফকরুদ্দিন আলি আহমেদ, মহম্মদ তৈয়বুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা আদি নেতাসকলক লগ পায়। কাৰাগাৰৰ ভিতৰত গোপীনাথ বৰদলৈৰ ওচৰত কমলা মিৰিয়ে হিন্দী শিকিছিল আৰু যতৰত কপাহী সূতা কাটিছিল। কাৰাগাৰৰ কন্দী জীৱন কটোৱাৰ সময়তে কমলাৰ স্বাস্থ্য ভাগি পবে।
এইজনা মহান দেশপ্রেমিকে ১৯৪৩ চনৰ ২২ এপ্রিলৰ দোভাগ নিশা পৰলোক গমন কবে।

(গ) মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰিঃ ঐৰাম বৰি আছিল মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণক। ঐবাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্রশাসনৰ ‘নেফা’ ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্রমে তাকিৰ বৰি আৰু মণ্ডলী বৰি।
সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নাছিল। তেওঁ নিজ গাঁৱৰ পৰা তিছ-পঁইত্রিশ কিলোমিটাৰ নামনিব পুৰণা মুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্রাথমিক বিদ্যালয়ত চতুর্থ শ্রেণীলৈকেলিখা-পড়া কৰিছিল।
১৯৫০ চনত ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বর্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা কৃষ্টিপ্রাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ মূল্যবান ঐ নিঃতম, চীল্লয়া, লীৰীলি, লঃলে, কাবান, তীবঃ তীকাং, বৃনি, মিবু আঃবাং ইত্যাদিবোৰৰ প্ৰণালীবদ্ধ চর্চা, সংৰক্ষণ আৰু সংবর্ধনৰ কামত হাতে কামে লাগে। তেওঁৰ লগত সহযোগ কৰা পোন্ধৰগৰাকীৰো অধিক ডেকা গাভৰুৰ দল আছিল। বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্রুগড়, মাজুলীলৈকে লোককৃষ্টি প্রদর্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বর্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ ঘটায়।
উল্লেখ্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ সহযোগত প্রণালীবদ্ধভাবে লুগাং-লঃলে, গুমৰাগ নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টিক নতুন মাত্রা প্রদান কৰে। অদুপৰি তাহানিৰ মুৰ্কংচেলেক অঞ্চলৰ পিছপৰা মিচিং গাঁওসমূহত বৰিয়ে পঢ়া-শুনা, পৰিষ্কাৰ-পৰিজ্ঞাতা, গ্রাম্য সমাজত আন্তঃসহযোগিতাবে কর্ম সম্পাদন কৰা, প্রচলিত হৈ থকা সামাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন সুস্থ-সবল ৰূপত জীয়াই বখা আদি নানা দিশত কর্ম-আঁচনি গ্রহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। তেওঁ ‘অয়ান অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভা’ৰ পৰা আদি কৰি ‘ভাৰতৰ স্বাধীনতা সংগ্রাম’লৈকে বহু মূল্যবান কর্ম ৰূপায়ণ কৰে।

(ঘ) পদ্মশ্রী যাদর পায়েংঃ যাদর পায়েড হৈছে অসমৰ মিচিং সম্প্ৰদায়ৰৰ এজন প্রকৃতিপ্রেমী আৰু পৰিৱেশকর্মী। ১৯৫৯ চনৰ ৩০ অক্টোবৰত বৰ্তমানৰ যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ ভিতৰত যাদব পায়েং তৃতীয় সন্তান। দিচৈ কাষৰ ব্ৰাহ্মহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদর পায়েঙে ৯০ নং বালি গাঁও প্রাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলে। তেওঁৰ পৰাই পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্ৰতি প্ৰীতিৰ মনোভাৱৰ আদিপাঠ গ্রহণ কৰিছিল। দশম শ্রেণীলৈকে পড়া পায়েঙে এদিন ঔনা চাপৰিত ব্রহ্মহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্ৰখৰ ৰ’দত সাপ-বেঙকে আদি কৰি সৰু-সুৰা অজস্র জীব-জন্তু মৃত্যু মুখত পৰা দেখি সেইবোৰ ৰক্ষা আৰু সংৰক্ষণ কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ পৰা পৰামর্শ লৈ ৫০-জোপা বাঁহ ৰোপণ কৰিবলৈ লয়। তাৰ পিছত প্ৰতি বছৰে গছ ৰোপণ কৰা কার্য তেওঁৰ অভ্যাসত পৰিণত হয়। কালক্ৰমত ১৯৭৯ চনত গছ কবলৈ আৰম্ভ কৰা যাদর পায়েঙে বিশাল কাঠনি গঢ়ি তুলে। এই কাঠনিক বিশ্বই ‘মোলাই কাঠনি’ বুলি চিনি পায়। এই মোলাই কাঠনি বর্তমান নবগঠিত মাজুলী জিলাৰ ঔনা বা অবলা চাপৰিৰ দাঁতিত অৱস্থিত।
বর্তমান ১৩৬০ একৰ অর্থাৎ ৪০৫০ বিঘা মাটিত মোলাই কাঠনি ব্যাপ্ত। পায়েঙৰ মোলাই কাঠনিৰ বিশাল পৰিসৰৰ ভিতৰত মূল্যৱান ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ, গমাৰী, তিতাচপা, পমা আদি মূল্যৱান বিৰিখৰ উপৰি বিভিন্ন ধৰণৰ ঔষধি বন-লতাৰে আৱৰা। চাৰিটা ঢেঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্রধান আকর্ষণ। বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাতী, ৫০০-ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য। কাজিৰঙাৰ পৰা চৰিবলৈ অহা তিনিটা এশিঙীয়া গঁড় মোলাই কাঠনিৰ আলহী সদস্য। পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত আছে ম’হ, গৰু, গাহৰি, হাঁহ-কুকুৰা ইত্যাদি।
পৰিৱেশ ৰক্ষাৰ বাবে যাদর পায়েডে ৰূপায়ণ কৰা মহান কৰ্মৰ প্রতিদান স্বরূপে ২০১২ চনত নতুন দিল্লীস্থিত জবহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানব’ (Forest Man of India) উপাধি প্রদান কৰে। সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ডা. এ পি জে আব্দুল কালামে ২৫০ লাখ টকাসহ ‘হীৰাখচিত বঁটা’ প্রদান কৰে। ২০, ২১, ২২ নবেম্বৰ, ২০১২ চনত পেৰিচৰ U.N. Global Conference তেওঁক সম্বর্দ্ধনা জনোৱা হয়। প্রকৃতিৰ নীৰৱ সাধক যাদর পায়েগুক ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুর্থ সর্ব্বোচ্চ অসামৰিক বঁটা ‘পদ্মশ্রী’ উপাধি প্রদান কৰে। তেওঁ এতিয়ালৈকে চীন, টাইরান, শ্রীলংকা, আৰবৰ ড’হা, চুইজাৰলেণ্ড, ফ্রান্স, বাংলাদেশ আদি দেশসমূহলৈ নিমন্ত্রিত আৰু সম্বর্জিত হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘মিচিং’ ভাষা কোন ভাষা পৰিয়ালৰ অন্তৰ্গত?

উঃ মিচিং ভাষা চীন-তিব্বতীয় ভাষা-পৰিয়ালৰ তিব্বত-বর্মী শাখাৰ অন্তৰ্গত।

২। ‘লেকে নিঃতম’ কিতাপখন কাৰ ৰচনা?

উঃ সুবেণ দলে।

৩। মিচিংসকলে কি কি শস্যৰ খেতি কৰে?

উঃ মিচিংসকল কৃষিজীবি। সিহঁতে আহু আৰু শালি বানৰ খেতি কৰে। বান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।

৪। মিচিংসকলৰ ‘আলি আয়ে নৃগাং’ উৎসৱৰ লগত আন কি উৎসৱৰ মিল আছে।

উঃ মিচিংসকসকলৰ আলি আই লুগাং’ উৎসৱৰ লগত তানি বঙহৰ চলুং, মপিন উৎসৱৰ সামঞ্জস্য আছে।

Sharing Is Caring:

Leave a Comment