মৰাণসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 6 Solutions ২০২৫

মৰাণসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 6 Solutions

মৰাণসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা।

উঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট। ড° সূর্য কুমাৰ ভূঞাদেরে তেওঁৰ ‘কছাৰী বুৰঞ্জী’ত বাৰঘৰ কছাৰী আছিল বুলি উল্লেখ কৰিছে। সোনোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাৰ ‘মঙ্গোল কছাৰীৰ ‘তপ্ত ইতিহাস’ নামৰ পুথিতো বাৰঘৰ কছাৰীৰ কথা উল্লেখ আছে। তদুপৰি উজনিৰ কছাৰীসকলৰ জনপ্রবাদ মতেও কছাৰীৰ বাৰটা বংশ আছিল। প্রণিধানযোগ্য যে পৰৱৰ্তী এক সময়ৰ পৰা এই কিৰাট কছাৰীসকল সামূহিকভারে বৃহৎ বর্ড বা বড়ো গোষ্ঠী বুলিও অভিহিত হ’ল আৰু সেয়েহে আজিকালি মৰাণসকলৰ লগতে অন্যান্য সকলকো একেলগে বড়োমূলীয় লোক বুলি গণ্য কৰা হয়।

২। অসম আৰু অৰুণাচলৰ কোনকেইখন জিলাত মৰাণসকলৰ বসতি বেছি?

উঃ মৰাণসকলে সংখ্যাধিকভারে তিনিচুকীয়া জিলা, ডিব্রুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত বসতি কৰি থকাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি জিলাসমূহতো বুজন পৰিমাণৰ বসতি আছে।

৩। বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।

উঃ ড° সূর্য কুমাৰ ভূঞাদেৱে তেওঁৰ ‘কছাৰী বুৰঞ্জী’ত বাৰঘৰ কাৰী আছিল বুলি উল্লেখ কৰিছে। সোনোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাৰ ‘মঙ্গোল কছাৰীৰ ‘তপ্ত ইতিহাস’ নামৰ পুথিতো বাৰঘৰ কছাৰীৰ কথা উল্লেখ আছে। তদুপৰি উজনিৰ কাৰীসকলৰ জনপ্ৰবাদ মতেও কছাৰীৰ বাৰটা বংশ আছিল। এই বংশবোৰ হ’ল-দমচয় (ডিমাচা), ইনটুহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইরা (লালুং বা সম্প্রতি তিৱা), বাদু সোনলয় (সোনোৱাল), ইনটু মিনখয় (মৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয় (কোচ), ইনটু-গাৰোয় (গাৰো) আৰু ৰাভা কিৰটিয় (ৰাভা আৰু বাদু হজয়)।

৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা।

উঃ অতীজতে মৰাণসকলৰ মাজত ‘বড়োৰূচী’ নামৰ এটা বড়োমূলীয় ভাষা আছিল। এই ভাষা ওঠৰ শতিকাৰ শেষ ভাগলৈকে চলি আছিল বুলি এডবার্ড গেইট চাহাবে উল্লেখ কৰিছে। অতীতৰ মৰাণ ভাষাৰ দহটামান শব্দ হ’ল : দি (পানী), সিম (নিমখ), মাই (ধান), মাইকম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূর্য), দান (চন্দ্র), হাটাৰাই (তৰাবোৰ) আৰু মকুহাং (বৰষুণ)।

৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।

উঃ চাওলুং চ্যুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূরে চফ্রাই আৰু পশ্চিমে ব্রহ্মপুত্র।

৬। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজাৰ নাম কি আছিল?

উঃ বদৌছা ৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজা আছিল। বদৌছাৰ পূর্বে আঠজন ৰজাই বিভিন্ন সময়ত অসমৰ ভিন্ন ভিন্ন খণ্ডত শাসন কৰাৰ সম্ভেদ পোৱা যায়।

৭। মৰাণসকলে বহাগ বিহু কেতিয়া কেনেকৈ পালন কৰে?

উঃ মৰাণসকলে বহাগৰ প্রথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনা কৰি বিহু উৰুকা পালন কৰে। বুধবাবে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাত দিন, সাত বাতি বিহু উৎসৱ পালন কৰে। অতি সম্প্রতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক ‘মৰাণ বিহু’ নামেৰে জনা যায়। গছতলৰ বিহু, ৰাতি বিহু, ধর্ম চৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে।

৮। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা?

উঃ মৰাণসকলৰ মাজত বহুতো খেল-বংশ আছে। এই খেল-বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক, জাতিবাচক আদি। ইয়াৰ দুটা গুণবাচক খেল হ’ল: দহোটীয়া আৰু পেটুধুরা, দুটা বৃত্তিসূচক খেল হ’ল: তেলেপীয়া আৰু নাওশলীয়া আৰু স্থানবাচক দুটা খেল হ’ল: ডিমৌগুৰীয়া আৰু মাজুলী গঞা।

৯। মৰাণসকলৰ জাতীয় খেতি কি?

উঃ মৰাণসকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলা।

১০। মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰণৰ?

উঃ মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে লগতে প্রয়োজন অনুসৰি দুজন বা ততোধিক বৰবুঢ়া থাকে। এওঁলোকৰ অধীনতে ধর্মীয়, সামাজিক কাম-কাজ, বিচাৰ প্রক্রিয়া পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো এজন দলপতি আৰু উপ-দলপতি থাকে। এওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়।

১২। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?

উঃ অতীজতে মৰাণসকলে শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱী পূজা কৰিছিল।

১৩। চমু টোকা লিখা:

(ক) সমন্বয়ৰ জনক কিৰাত শৌর্য বোদৌচা

(গ) বীৰ সেনাপতি ঝপৰা জগধা

(খ) বীৰাঙ্গণা ৰাধা-ককুণী

(ঘ) মোহন শইকীয়া

(ঙ) ৰাঘব মৰাণ।

উঃ (ক) সমন্বয়ৰ জনক কিৰাত সৌর্য বদৌচা: শৌর্য বদৌচা আছিল অসমৰ আদিম অধিবাসী বিৰাত-মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা। ১২২৮ খ্রীষ্টাব্দত চাউল্যুঙ চ্যুকাফাই অসমত প্রৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনত উত্তনে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্রাই আৰু পশ্চিমে ব্ৰহ্মাপুত্র নদীৰ মাজৰ ভূখণ্ডত এখন সমৃদ্ধিশালী মৰাণ ৰাজ্য আছিল। সাম্প্রতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিতি আছিল। মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য অঞ্চলত চুটীয়া, কছাৰী, ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ-ভৈয়ামৰ সকলোবোৰ আদিম গোষ্ঠীৰ নিজ নিজ ভূখণ্ড আছিল। সেই প্রাচীন ৰাজ্যবোৰৰ জাতি-জনগোষ্ঠীসকলৰ মাজত কোনো ধৰণৰ অসূয়া-অপ্রীতি, দ্বন্দ-সংঘাত, যুদ্ধ-বিগ্রহ আদি হোৱাৰ সম্ভেদ বুৰঞ্জীত পোৱা নাযায়।
চাউলাঙ চ্যুকাফাই ৰাজ্য প্ৰতিষ্ঠাৰ পৰিকল্পনাক বাস্তুর রূপ দিয়াৰ মানসেৰে মৰাণসকলকেই প্রথমে লগ ধৰিছিল। প্রবল অতিথিপৰায়ণ মহানুভর বদৌচাই চ্যুকাফাৰে সৈতে লগত অহা টাইসকলক আদৰি লৈছিল। ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফা আৰু তেওঁৰ অনুগামীসকলে ইয়াৰ থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি সমিলমিলেৰে বসবাস কৰি সকলোৰে আপোন আৰু থলুৱা সমাজখনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। লগত তিৰোতা লৈ নহা টাইসকলে ইয়াৰ থলুৱা গাভক বিবাহ কৰাই মহামিতিৰ হৈ পৰিছিল।
অপুত্রক বদৌচাই সুলক্ষণযুক্ত, সুদর্শন যুরক চ্যুকাফালৈ নিজৰ কন্যা বিয়া দি শহুন-জোঁৱাই সম্বন্ধেবে বান্ধ খাইছিল। অপুত্রক বদৌচাই নিজৰ বৃদ্ধ বয়সত জোঁৱায়েক চ্যুকাফাৰ হাতত মৰাণ ৰাজ্যৰ শাসনভাৰ অর্পণ কৰিছিল। পৰম বুজা-বুজি অনুসৰি বৰাহী বাজাও চুকাফাৰ ৰাজ্যৰ লগত চামিল হৈছিল। বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শক্রমে চ্যুকাফাই মৰাণ-বৰাহীৰ পবিত্র পূজাৰথলি চৰাইদেউত ৰাজধানী পাতি, মৰাণ ৰাজ্যক ‘আহোম’ বাজ্য নামকৰণ কৰি এখন সম্মিলিত ৰাজ্যৰ পাতনি মেলিছিল। এনেদৰেই চ্যুকাফাই বৰ অসম আৰু বৃহত্তৰ অসমীয়া জাতিসত্বাৰ বীজ বোপণ কৰিছিল। কিন্তু চ্যুকাফাৰ এনে মহৎ। কাৰ্যৰ আঁৰত থকা বদৌচাৰ বিৰাট অৱদানৰ কথা আজিৰ অসমীয়াই নাজানে। আমি নিশ্চয় ক’ব পাৰো চাউল্যুও চ্যুকাফাক যদি অসমীয়া জাতিৰ ‘পিতৃ’ আখ্যা দিয় হয় তেন্তে বদৌচাক অসমীয়া জাতিৰ ‘পিতামহ আখ্যা দিয়া উচিত।

(খ) বীৰাঙ্গণা ৰাধা-ককুণী: বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসমত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লবো অন্যতম। এই সর্বাত্মক গণবিপ্লবত নাৰীশক্তিৰ সবল যোগদান এক ইইতহাসৰ এক বিস্ময়কৰ অধ্যায়।
দুশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, অনাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে, সকলো জাতি-উপজাতিৰ সাধাৰণ কৃষক প্রজাই সর্বাত্মকভারে অংশগ্রহণ কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে। বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখোৱা মৰাণ (শইকীয়া)ৰ অগ্রণী ভূমিকাৰ সমানেই প্রজাসাধাৰণক সংগঠিত কৰিবৰ বাবে এক শক্তিশালী ভূমিকা কৰিছিল নাহৰৰ দুই পত্নী ভাতুর্কী আৰু ভাবুলী ওৰফে বাধা-ককুণীয়ে।
এবাৰ আহোম ৰজা লক্ষ্মীসিংহই বৰধাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল। ৰাধা-ঝকুণীয়ে গাঁৱৰ মানুহ একত্রিত কৰি ‘এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি, যাউতিযুগীয়া প্রাকৃতিক সম্পদ, ইয়াত ৰজাৰ অধিকাৰ নাই।’ বুলি কৈ ৰজাৰ মানুহক ওভতাই পঠিয়াইছিল।
উল্লেখ্য যে এই দুই বীৰাঙ্গণাই সেই কালৰ পৃথিৱীত নোহোৱা-নোপজা এক শক্তিশালী যুঁজাবো নাৰী বাহিনী গঠন কৰিছিল। প্রথম যেতিয়া বিপ্লবী বাহিনী আৰু ৰজাঘৰীয়া সৈন্য বাহিনীৰ মাজত মুখামুখি যুদ্ধ হয়, তেতিয়া বাধা আৰু ককুণীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৰাজকীয় বাহিনী শোচনীয়ভাবে পৰাজিত হৈছিল। এই তিৰোতা দুগৰাকী বৰ চতুৰ আছিল আৰু গুপুতে ৰণৰ কৌশল জনাৰ বাবে সিবিলাকৰ গাত কোনেও ধনুৰ কাঁড় অথবা হিলৈৰ গুলি লগাব নোৱাৰিছিল।’ প্রণিধানযোগ্য যে বিপ্লবী বাহিনীয়ে ৰংপুৰ দখল কৰি ৰমাকান্তক ৰজা পতাৰ সময়তো এই দুগৰাকী নাৰী পৰামর্শদাত্রী রূপে অবতীর্ণ হৈছিল।
পৰৱৰ্তী সময়ত বাজতন্ত্রৰ ষড়যন্ত্ৰৰ বলি হৈ দুয়ো গৰাকীৰে মৃত্যু হ’ল যদিও, পক্ষপাতদুষ্ট বাজঘৰীয়া বুৰঞ্জীতো তেওঁলোকৰ অজেয় কীর্তি লিপিবদ্ধ হৈ ব’ল।
নিপীড়িত মানুহৰ মুকুতিপ্রয়াসী এই দুগৰাকী মহান নাৰী ইতিহাস পৰিক্ৰমাত অমৰ হৈ থাকিব আৰু আজিৰ নাৰীসমাজৰ সাহ আৰু প্ৰেৰণাৰ অমল উৎস হৈ ৰ’ব।

(গ) ঝপৰা জগথা: ঝপবা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল। তেওঁৰ পিতৃৰ নাম আছিল দাববি। যদিও ত্রয়োদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই আহি মৰাণ, বৰাহী, কছাৰী আদি জাতি সামৰি বৃহত্তৰ আহোম ৰাজ্যৰ পাতনি মেলিছিল তথাপি পঞ্চদশ শতিকাবো পাছলৈকে মৰাণসকলৰ দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে স্বাধীনভাবে জীবন-যাপন কৰিছিল।
সেইসকলে দলপতি বা মুৰব্বীৰ দ্বাৰা পৰিচালিত সমাজ পাতি বসবাস কৰিছিল। তেনে এগৰাকী দলপতি আছিল খাওখাই। প্রাচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল। উল্লেখযোগ্য যে মৰাণসকলে আহোম ৰাজ্য তথা অসমীয়া জাতি প্রতিষ্ঠাত প্রধান ভূমিকা লৈছিল। সেয়েহে তেওঁলোকে আহোম ৰাজ্য প্রশাসনলৈ কৰ-কাটল দিব নেলাগিছিল। খাওখাই আৰু দাৰবীৰ ছয়জন পুত্র খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ। জগধা পঞ্চম পুত্র আছিল। তেওঁ সকলোতকৈ পাহুরাল, বলী আৰু সাহসী আছিল। ল’বাকালিতে তেওঁ বাৰিষা ডিব্ৰু নদী পাৰ হৈ অৰণ্যত মেলি খোৱা হাতী ধৰি ঘৰলৈ আনিব পাৰিছিল। আন দহজন ল’ৰাতকৈ জগধা সাহস, বল বিক্রম আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল। সমনীয়াৰ সৈতে খেল-ধেমালি, চৰাই চিকাৰ, চেমেনিয়াৰ চিকাৰী ভোজ আদিত জগধাৰ মুখ্য স্থান দিছিল। ডাঙৰ হৈ অহাত সি বিহু দলৰ, ডেকা-ডেকেৰীহঁতৰ দলপতি হৈ পৰে।
সেই সময়ত আন জনজাতিৰ লগত প্রায়ে যুদ্ধ-বিগ্রহ চলিছিল। খাওথাইৰ পুত্র জগধাৰ নেতৃত্বত এক বিশাল যুঁজাৰু সৈনিক দল গঠন হৈছিল। অভিজ্ঞজনৰ পৰা যুদ্ধৰ ৰণ-কৌশল শিকি জগধাই সৈনিকসকলক প্রশিক্ষণ দি ৰণত পাৰ্গত কৰি তুলিছিল। বিভিন্ন সময়ত তেওঁৰ সৈন্য-বাহিনী বিভিন্ন জাতি-উপজাতিক মহা পৰাক্ৰমেৰে পৰাস্ত কৰিছিল। আন আন মৰাণ প্রধান অঞ্চলত উপদ্রপ কৰা পাহাৰীয়া জাতি-জনজাতিক খেদিবলৈ জগধাৰ সৈন্য দলক আহ্বান জনোৱা হৈছিল। জগধাৰ মূৰটো বহুত ডাঙৰ আৰু চুলিৰে ভোবোবা হৈ থকা বাবে মানুহে তেওঁক ‘কপৰা’ বুলিও কৈছিল। পাছলৈ সকলোৱে তেওঁক ‘ঝপৰা জগধা’ বুলিছিল।
এবাৰ খামতিসকলে মৰাণ গাঁও এফালৰ পৰা আক্ৰমণ কৰি আহিছিল। সেনাপতি ঝপৰা জগধাই সিহঁতক পৰাস্ত কৰি পাহাৰলৈকে খেদি পঠিয়াছিল।
এনে ধৰণৰ অনেক যুদ্ধত ঝপৰা জগধাই নিজ জাতিক ৰক্ষা কৰি জাতীয় বীৰৰূপে পৰিগণিত হৈছিল। আজিও মৰাণ সমাজত তেওঁৰ নাম যাউতিযুগীয়া হৈ আছে।

(ঘ) মোহন শইকীয়া: মৰাণসকলৰ আধুনিক কালছোৱাৰ পুৰোধা ব্যক্তিসকলৰ অন্যতম আছিল মোহন শইকীয়া। তেওঁ আছিল অনগ্ৰসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লোকৰ অন্যতম।
তেওঁৰ জন্ম হয় ১৯৩০ চনৰ ২২ নৱেম্বৰত তিনিচুকীয়া জিলাৰ তালাপৰ ২২নং তামূলি গর্বিত। পিতৃৰ নাম আছিল জ্ঞানেন্দ্র শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি শইকীয়া। প্রাথমিক শিক্ষা জন্মগাঁৱতে গ্রহণ কৰি ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৫৫ চনত ডিব্রুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি. কম. পাছ কৰি প্রথমে ডিব্ৰুগড় জিলাৰ ৰাজহ চক্র বিষয়া কাৰ্যালয়ত কেৰাণী পদত যোগদান কৰে। তেওঁৰ মেধা আৰু দক্ষতা চাৰিওদিশত প্রচাৰিত হোৱাৰ সূত্রত মহাকালী চাহ বাগিচা কর্তৃপক্ষই তেওঁক মেনেজাৰৰ পদ যাঁচিছিল তদুপৰি অ’ এন জি চিত লোভনীয় চাকৰি পাইছিল। কিন্তু তেওঁ চাকৰিৰ মোহ ত্যাগ কৰি পিছ পৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে কাকপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰূপে যোগদান কৰি পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষকৰ দায়িত্ব গ্রহণ কৰে।
তেওঁ মৰাণ জনগোষ্ঠীৰ সামাজিক জীবনলৈ অনন্য বৰঙণি আগবঢ়ায়। তেওঁ ১৯৬৫ চনত কেইজনমান শিক্ষিত ব্যক্তিক লগত লৈ ‘অসম মৰাণ সভা’ গঠন কৰে। মৰাণ সভাৰ জৰিয়তে তেওঁ মৰাণ সমাজক কোঙা কৰি পেলোৱা কানি নিবাৰণ অভিযান আৰুম্ভ কৰে। তেওঁৰ দিনতেই মৰাণসকলক অনুসূচীকৰণ কৰা, মৰাণসকলক বিনা প্রিমিয়ামে মাটিৰ পট্টা দিয়া, মৰাণ বেল্ট এন্ড ব্লক গঠন কৰা আদিকে ধৰি বহু দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰৰ ওচৰত প্ৰদান কৰা হৈছিল। তেওঁ অসম মৰাণ সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কার্যনির্বাহ কৰিছিল। তেওঁ প্ৰস্তুত কৰি চৰকাৰক প্ৰদান কৰা ‘Moran Devolopment Plan’ নামৰ আঁচনিখন মৰাণৰ অগ্রণী সমাজত আজিও চর্চিত বিষয় ৰূপে পৰিগণিত হৈ আছে। তেওঁ জাতীয় ইতিহাস, সংস্কৃতিৰ ওপৰত ভালেমান উন্নতমানৰ লেখা লিখি থৈ গৈছে আৰু তেওঁৰ প্ৰচেষ্টাতে ডিগবৈৰ ওচৰত বানবিধ্বস্ত লোকসকলক লৈ তামুলি বনগাঁও প্রতিষ্ঠা হৈছিল।
স্বকীয় বৈশিষ্ট্যপূর্ণ ‘মৰাণ বিহু’ক তেৱেই এখন গোড়া সমাজৰ পৰা বাহিৰলৈ উলিয়াই বহল সমাজত পৰিচয় কৰাই দিছিল। তেওঁ পোনপ্রথমবাৰৰ বাবে ১৯৫১ চনত কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক সর্বজন সমাদৃত কৰিছিল। তেওঁ সৃষ্টি কৰা মৰাণ বিক্ষগীতৰ কেছেট ‘হোতৌ- পাতৌ’ মৰাণ সংস্কৃতিৰ এক অনুপম চানেকি।
অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো তেওঁ অগ্রণী ভূমিকা গ্রহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ এগৰাকী উল্লেখনীয় নেতা ৰূপে প্রতিষ্ঠিত হৈছিল। এইজনা আপোচবিহীন সংগ্রামীয়ে জীৱনত বহু ত্যাগ স্বীকাৰ কৰি সাধাৰণ জীবন যাপন কৰিছিল। তেওঁ মৰাণ সমাজত চিৰকাল স্মৰণীয় হৈ থাকিব।

(ঙ) ৰাঘৰ মৰাণ: বাঘৱ মৰাণ আছিল আহোম ৰাজত্বৰ শেষ ভাগত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্রধান নেতা। ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ নিস্তাৰৰ হকে এইজনা বীৰৰ নেতৃত্বতে সূচনা হৈছিল এই সর্বাত্মক বিপ্লব। উল্লেখযোগ্য যে ইতিহাস প্রসিদ্ধ ফৰাচী বিপ্লৱৰ বিশ বছৰ পূর্বেই এই বিপ্লর সংঘটিত হৈছিল।
সাধাৰণ কৃষক সন্তান বাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্রশিক্ষিত সাধাৰণ প্রজাক, বাহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে সজ্জিত কৰি বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিছিল। এনে ঘটনা বিশ্ব ইতিহাসত অতি বিৰল।
ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নির্বিশেষে সকলো প্রজা জাগৰিত হৈ সদলবলে ওলাই আহিছিল। এই ঘটনাই প্রমাণ কৰে যে তেওঁ এজন সর্বজন গ্রহণীয় নেতা আছিল। ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্রক ঘেৰাও কৰি বিপ্লবী বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্রয়োগ আদিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আৰু সামৰিক-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মর্যাদা দিয়া, প্রকৃত গণশত্রুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া আদি গুণে তেওঁৰ উদাৰনৈতিক গণতান্ত্রিক চৰিত্ৰকে প্রতিফলিত কৰে।
সেয়ে সকলো মানুহে বিচৰা শ্রেণী বৈষম্যবিহীন সমাজ গঢ়াৰ পথ-প্রদর্শকৰূপে এইজনা বীৰনায়ক যুগ যুগলৈ প্রাসংগিক হৈ থাকিব।।

অতিৰিক্ত প্রশ্নোত্তৰ

১। মৰাণসকলৰ সাংস্কৃতিক সম্ভাৰসমূহৰ ওপৰত এটি টোকা লিখা।

উঃ মৰাণসকলৰ ঢোলৰ আকৃতি, বাদনৰ লয়-তাল, বিহু নৃত্যৰ ভংগিমা, গীতৰ তাল-লহৰ আদিৰ নিজস্ব বৈশিষ্ট্য বিদ্যমান। আনহতে মৰাণসকলৰ অন্যান্য সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল কুলাবুঢ়ী নৃত্য, যজা নৃত্য, বন্ধুরা নৃত্য-গীত, দ্রুতং, গৰখীয়া গীত, ঝুম তলীৰ গীত, হাতী শিকোৱা গীত, বিভিন্ন খেবি ইত্যাদি।

২। ‘অসমীয়া কৃষ্টি’ শীর্ষক পুস্তিকাখন কাৰ ৰচনা?

উঃ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা।

৩। অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ আদিম অধিবাসীসকল কোন?

উঃ মৰাণসকল অসমৰ উত্তৰ-পূর্বাঞ্চলৰ আদিম অধিবাসী।

Sharing Is Caring:

Leave a Comment