মটকসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 5 Solutions ২০২৫

মটকসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 5 Solutions

মটকসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ‘মটক’ শব্দৰ অৰ্থ লিখা।

উঃ ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টিক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ ‘মটক’ মানে উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক।

২। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।

উঃ পণ্ডিতসকলৰ মতে ‘মটক’ শব্দৰ উৎপত্তিৰ ইতিহাস বিচাৰি চালে ‘ফুখাও’ (Phukhao) শব্দব ইতিহাস চাব লাগিব। ফুখাও হ’ল টাইৰ এটি অন্যতম শাখা। এই শাখাটো টাই-মংগোলীয় ফুথাই খালৰ অন্তর্গত। ‘ফু’ মানে টাই ভাষাত ‘গৰাকী’ বা সম্মানীয় মানবিশিষ্ট মানুহ আৰু ‘খাও’ মানে ‘বগা’। ফুথাইসকলক চীন দেশৰ লাও বাজ্যত বসবাস কৰাৰ বাবে ‘লাও’ বুলিও কোৱা হয়। ফুথাইসকলক তিনি ভাগত ভাগ কৰা হৈছে, যথাঃ (ক) ফুখাও (বগা পিন্ধা টাই) (খ) ফুডাম বা টাই ডাম (কলা পিন্ধা টাই,) (গ) টাই ডেং (বঙা পিন্ধা টাই)। আহোম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিঁচা বা শস্য সিচা মূলৰ পৰা উৎপত্তি হৈছে আৰু শস্য সিঁচা মূলৰ ফুখাওসকলৰ পৰাই মটকৰ উৎপত্তি হৈছে।
আন এটি নির্ভৰযোগ্য তথ্যৰ পৰা জনা যায় যে স্বর্গবাজ ইন্দ্রই খুনলুং খুনলাইক ৰাজ্য স্থাপনৰ বাবে পঠোৱাৰ সময়তে কৃষি পিতৃ চ্যাওফুৰা আলঙৰ আবির্ভাব হৈছিল। চ্যাওফুৰা আলঙৰ পূর্বৰ নাম আছিল খেনথাম লাংকুৰি আৰু কৃষি পিতৃ ৰূপে কেথাও-চাওথাওলুং নাম লৈছে। এইজন খেনখামৰ বংশ পৰম্পৰা আৰম্ভ হয় অতি প্রাচীন যুনান আৰু জনান সভ্যতাৰ পৰা। এই সভ্যতা খ্রীষ্টপূর্ব চাৰিহেজাৰৰ পৰা তিনি হেজাৰ বছৰৰ পুৰণি। কৃষি পিতৃ-পুৰুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছে। টাই মংগোলীয় মূলৰ মটকসকলে আদিতে চীন দেশৰ ম্যুস্তফী বর্তমান সম্ভৱতঃ য়ুনান প্রদেশত বসবাস কৰিছিল। সময় বাগৰাৰ লগে লগে মটকসকলে জনসংখ্যা বৃদ্ধিৰ বাবেই হওক বা অন্য কাৰণতেই হওক কৃষিভূমিৰ সন্ধান কৰি অসম অভিমুখে যাত্রা কৰে। চীন দেশৰ য়ুনান প্রদেশৰ ফালৰ পৰা থাইলেণ্ড, ম্যানমাৰ হৈ প্রাচীন অসমত প্রৱেশ কৰি তেওঁলোকে তিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত প্রাচীন পৰম্পৰা ৰক্ষা কৰি আদি ধর্মকেই পালন কৰি গাঁৱলীয়া কৃষিভিত্তিক এখন সমাজ প্রতিষ্ঠা কৰি ত্রয়োদশ শতিকালৈ বসবাস কৰিছিল। এই মটককে চ্যুকাফাই তিপামত লগ পাইছিল আৰু ‘ফুখাও’ পৰিয়ালৰ বুলি চিনি পাইছিল।

৩। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক?

উঃ মটকসকল সাধাৰণতে ‘তাও’ ভাষাৰ লোক।

৪। মটকসকলৰ লগত মোৱামৰীয়া বিদ্রোহৰ সম্বন্ধৰ বিষয়ে লিখা।

উঃ আহোম ৰজা শিৱ সিংহৰ দিনৰ পৰা অসমত মোৱামৰীয়া বিদ্রোহৰ সূচনা হয়। এবাৰ মোৱামৰীয়াসকলৰ প্রধান নেতাই মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্রোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল। এইখিনি সময়তে সর্বানন্দই মোৱামৰীয়া বিদ্রোহর নেতৃত্ব লৈছিল। সর্বানন্দৰ আছিল প্ৰচুৰ সাংগঠনিক দক্ষতা। সর্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। সর্বানন্দ সিংহই ৰজা হৈ প্রথমে বর্তমানৰ তিনিচুকীয়াৰ পৰা প্রায় দহ কিলোমিটাৰ উত্তৰে ৰঙাগড়াত ১৭৮৮ খ্রীষ্টাব্দত ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্রীষ্টাব্দত বেংমৰা অর্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। ৰজা হৈ সর্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি ‘স্বর্গদেউ’ উপাধি গ্রহণ কৰিছিল। নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্রা প্রচলন কৰিছিল।
কৰা।

৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বর্ণনা

উঃ সর্বানন্দ নামেৰে এজন মটক লোকে অষ্টাদশ শতাব্দীর শেষ ভাগত বেংমৰাত এখন বাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। সৰ্বানন্দ সিংহই ৰজা হৈ প্রথমে বৰ্তমানৰ তিনিচুকীয়াৰ পৰা প্ৰায় দহ কিলোমিটার উত্তৰে ৰঙাগড়াত ১৭৮৮ খ্রীষ্টাব্দত ব্যজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। বজা হৈ সর্বানন্দ সিংহই টাই পৰম্পৰা বক্ষা কৰি ‘স্বৰ্গদেউ’ উপাধি গ্রহণ কৰিছিল।
মটক ৰাজ্যৰ উন্নতিৰ বাবে সর্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-পদুলি নির্মাণ কৰি যাতায়াত-ব্যৱস্থাৰ উন্নতি কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল। ইয়াৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেবী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধোৱা পুখুৰী, গোধা পুখুৰী আদিয়েই প্রধান। সর্বানন্দই খন্দোবা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল।

৬। চমুটোকা লিখা:

(ক) শিক্ষাবিদ পৱন নেওগ

(খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোঁহাই

(গ) সর্বানন্দ সিংহ

উঃ (ক) শিক্ষাবিদ পবন নেওগ পবন নেওগ আছিল এজন বহুমুখী প্রতিভাধাৰী ব্যক্তি। তেওঁ আছিল শিক্ষাবিদ, শৰীৰচৰ্চাবিদ, ক্রীড়াবিদ আৰু সমাজকর্মী। তেওঁৰ জন্ম হয় ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত। পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ। মাতৃ ঢুকোৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত-পালিত হয়। তেওঁ চেনহিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫৩ চনত প্রৱেশিকা পৰীক্ষা পাছ কৰে।
খেলা-ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল খেলুৱৈ হিচাপে সুনাম অর্জন কৰিছিল। সঙ্গীত তেওঁৰ প্রিয় আছিল আৰু যৎপৰোনাস্তি চর্চাও কৰিছিল। তেওঁৰ বহুমুখী প্রতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অতি প্রিয় ছাত্র আছিল।
প্রৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যোৰহাটৰ জে. বি. কলেজৰ কলা বিভাগত। নাম ভর্তি কৰে। পঢ়া-শুনাৰ উপৰিও তেওঁ শৰীৰ চৰ্চা কৰি প্ৰতিযোগিতাত সুনাম অর্জন কৰিছিল। পেশী সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত Mr. J. B. উপাধি প্রদান কৰা হৈছিল। N.C.C. ত যোগ দি নিজ দক্ষতাৰ বাবে এজন ভাল নেতা হিচাপেও পৰিচিত হৈছিল। ১৯৫৬ চনত তেওঁ দ্বিতীয় বিভাগত আই, এ. পাছ কৰে।
তাৰ পাছত গুৱাহাটীৰ কটন কলেজত স্নাতক শ্রেণীত অধ্যয়ন আৰম্ভ কৰে। কলেজত থাকোঁতেই আন্তঃ মহাবিদ্যালয় প্রতিযোগিতাৰ শৰীৰ চৰ্চা বিভাগৰ প্ৰতিযোগিতাত তেওঁ Physique হিচাপে নির্বাচিত হৈছিল আৰু তেওঁক Mr. Cottonian উপাধি প্রদান কৰা হৈছিল। সেই একে বছৰতে অর্থাৎ ১৯৫৭চনত Gymnasium প্রতিযোগিতাত Mr Guwahati University উপাধি প্রদান কৰি পুৰস্কৃত হয়। তেওঁ ১৯৬২ চনত D.SP. পদত নিযুক্তি পাইছিল যদিও তেওঁ শিক্ষকতা বাদ দিব পৰা নাছিল।
তেওঁৰ মনোবল আৰু সাহস অপৰিসীম আছিল। ল’ৰা-ছোৱালীক তেওঁ খুউব মৰম কৰিছিল। বিপদ-আপদত পৰা লোকক তেওঁ সৎ পৰামর্শ দি সহানুভূতি জনাইছিল।
খ্ৰীষ্টীয় ১৯৯২ চনৰ ৩০ চেপ্তেম্বৰত তেওঁ চাকৰিৰ পৰা অৱসৰ লয়। ২০০২ চনৰ ১১ আগষ্ট তাৰিখে তেওঁ শেষ নিস্বাস ত্যাগ করে।

(খ) ৰাজকুমাৰ লংকেশ্বৰ গোহাই ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই বেংমৰা ৰাজ্যৰ (১৭৮৮) প্রতিষ্ঠাপক বজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ সুযোগ্য পৰিনাতি আছিল। ৰজা সর্বানন্দ সিংহৰ তিনিজন পুত্র আছিল। মাটিবৰ, কলিবৰ আৰু কমলেশ্বৰ। মাটিবৰৰ ভোগবৰ, ভগীৰথ, দুখীৰথ, সুক আদিকে ধৰি দহজন পুত্র আছিল। ভগীৰথৰ তৃতীয় পুত্র বিশবৰৰ নুমলীয়া তথা ষষ্ঠ পুত্রই আছিল ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই।
লংকেশ্বৰ গোহাঁইৰ জন্ম হয় ১৮৮৭ চনত তিনিচুকীয়াত। স্বৰ্গদেউ সর্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ বসবাস কৰিবলৈ লয়। ৰাজকুমাৰ লংকেশ্বৰ গোহাঁইৰ দহ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায়। ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ নাম পৰৱৰ্তী সময়ত ‘ৰজাবাৰী’ নামেৰে নামকৰণ হয়। সেই সময়ত খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ৰাজকুমাৰৰ পৰিয়ালটিকে ধৰি ৰাজপৰিয়ালৰ কিছু লোকে খেতিমাটিৰ সন্ধানত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ ডিবাকলৈ উঠি যায়। পৰিয়ালটিয়ে সক্রডিবাকত নিগাজীকৈ থাকিবলৈ লয়।
ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আনুষ্ঠানিক উচ্চ শিক্ষাৰে শিক্ষিত নাছিল যদিও সাহসী, উচ্চাকাংক্ষী আৰু চিন্তাশীল ব্যক্তি আছিল। তেওঁ সমাজক নেতৃত্ব দিব পৰা উপযুক্ত গুণৰ অধিকাৰী আছিল। ৰজাৰ উপযুক্ত প্রতিনিধি হিচাপে দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বেংমৰা ৰাজ্যৰ পুনৰুদাৰ আৰু সুকীয়া স্বীকৃতি বাহাল ৰাখিবৰ বাবে চৰকাৰৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছিল। তেওঁ ওলুরা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিব অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বেংমৰা ৰাজ্যৰ সুকীয়া স্বীকৃতি দাবী কৰি আহিছিল। তেওঁ বার্মিজ, মণিপুৰী, চিংফো, খামতি, মিচিং, দেউৰী, নক্টে আদিকে ধৰি বহুকেইটা ভাষা জানিছিল। তেওঁ ব্যৱসায়ৰ কামত বিভিন্ন ঠাই ভ্রমি ফুৰিছিল যদিও নিজৰ মূল লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। তেওঁ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ ৰাইজ আৰু মুখিয়াল তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। তেওঁ নিজ বাজাৰ উপৰিও অৰুণাচল, মণিপুৰ, চিকিম, নগালেণ্ড, মেঘালয় আদি অঞ্চলৰ সমাজকর্মীৰ সৈতে জনহিতকৰ তথা উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল।
শেষ অৱস্থাত ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই শয্যাশায়ী হৈ ১৯৭৩ চনৰ ৭ মাৰ্চৰ দিনা সৰু ডিৰাকৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

(গ) মটক ৰজা সর্বানন্দ সিংহ সর্বানন্দ সিংহ আছিল এজন বিদ্রোহী নেতা, সংগঠক আৰু উত্তৰ-পূৱত অসমৰ বেংমৰা অঞ্চল (মটক ৰাজ্য) বা বজা। তেওঁৰ পিতৃৰ নাম আছিল মরুনন্দন আৰু মাতৃৰ নাম আছিল পাতয়। পিতৃ-মাতৃৰ একমাত্র সন্তান সর্বানন্দই কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল। অতি সাধাৰণ খাটিখোৱা মৰুৎনন্দন আছিল মটকৰ বুৰক চুতীয়া খেলৰ লোক। সৰ্বানন্দৰ পিতৃ প্রদত্ত নাম আছিল ‘মেজেৰা’। মাতৃহাৰা মেজেৰাক সকলো সময়তে মরুনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। মঝধনন্দনে এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকোঁতে ৰজাই দেখি তেওঁক কামৰ পৰা অব্যাহতি দিছিল।
মেজেৰা আছিল অতি ধর্মপৰায়ণ ব্যক্তি। তেওঁ মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ লৈছিল। শৰণ লোৱাৰ সময়ত গোসাঁইজনে শশণার্থীক একো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ ধৰ্মৰ এটি পৰম্পৰা আছিল। সেয়েহে মেজেৰাক অষ্টভুজ গোসাঁইয়ে নাম দিয়ে ‘সর্বানন্দ’। মোৱামৰীয়া বিদ্রোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্রোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল এইখিনি সময়তে সর্বানন্দই মোৱামৰীয়া বিদ্রোহৰ নেতৃত্ব লৈছিল। সর্বানন্দৰ আছিল প্ৰচুৰ সাংগঠনিক দক্ষতা। কাৰাগাৰৰ ভিতবে-বাহিৰে সকলো মটকলোকৰ তেওঁ মনোবল বঢ়াইছিল। মোৱামৰীয়া বিদ্রোহৰ সময়ত সর্বানন্দই বেংমৰাত ৰাজ্য পাতি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। সর্বানন্দ সিংহই ৰজা হৈ প্রথমে বৰ্তমানৰ তিনিচুকীয়াৰ পৰা প্রায় দহ কিলোমিটাৰ উত্তৰে ৰঙাগড়াত ১৭৮৮ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰিছিল আৰু ১৭৯১ খ্ৰীষ্টাব্দত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। বজা হৈ সর্বানন্দ সিংহই টাই পৰম্পৰা ৰক্ষা কৰি ‘স্বর্গদেউ’ উপাধি গ্রহণ কৰিছিল। নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্রাৰ প্রচলন কৰিছিল। এই মোহৰবোৰ এটকীয়া, আধাটকীয়া আৰু আধামহীয়া অর্থাৎ এটকাৰ আঠভাগৰ একাংশ হিচাপত আছিল বুলি জানিব পৰা যায়।
মটক ৰাজ্যৰ উন্নতিৰ বাবে সর্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। আলি-পদূলি নির্মাণ কৰি যাতায়াত-ব্যৱস্থাৰ উন্নতি কৰিছিল। বস্তুগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতীআলি আদি আলি বন্ধোৱাইছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল। ইয়াৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেবী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধোরা পুখুৰী, গোধা পুখুৰী আদিয়েই প্রধান। সর্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল।
সৰ্বানন্দ সিংহৰ ৰাজশাসনত প্রজাবৰ্গ শান্তিত বসবাস কৰিছিল বুলি জনা যায়। বাজ্য খাদ্য শস্যৰে নদন-বদন আছিল। প্রয়োজনীয় অস্ত্র-শস্ত্র নিজ বাজাতে নিৰ্মাণ কৰি লৈছিল। সর্বানন্দ সিংহ আছিল অতি দূবদর্শী আৰু বিচক্ষণ বুদ্ধিৰ ৰজা। প্রজাসকলৰ মাজত সর্বানন্দ অতি জনপ্রিয় আছিল। প্রজাৰঞ্জক এই ৰজাজন অসুস্থ হৈ কিছু বছৰ শয্যাশায়ী হৈ ১৮০৫ চনত ইহলীলা সম্বৰণ কৰে সৰ্বানন্দৰ মৃত্যুৰ পিছত তেওঁব বৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি মটক ৰাজ্যৰ ৰজা হৈছিল।
অতিৰিক্ত প্রশ্নোত্তৰ

১। মটকসকল কোন জনগোষ্ঠীৰ লোক?

উঃ মটকসকল টাই-মংগোলীয় জনগোষ্ঠীৰ লোক।

২। ‘লানমাঞ্জু’ শব্দৰ অৰ্থ কি?

উঃ ‘লানমা’ টাই ভাষাৰ শব্দ। ‘লান’ মানে নাতি আৰু ‘মাধু’ মানে বেঙেনা। অর্থাৎ মটক মুৰব্বীজনক আহোম স্বৰ্গদেউ চুকাফাই ‘বেঙেনাৰ নাতি’ আখ্যা দিছিল।

৩। ৰজা সৰ্বানন্দ সিংহৰ পিতৃপ্রদত্ত নাম কি আছিল?

উঃ সৰ্বানন্দৰ পিতৃ প্রদত্ত নাম আছিল ‘মেজেৰা’।

৪। মটকসকলৰ ধৰ্মৰ ওপৰত এটি টোকা লিখা।

উঃ টাই মংগোলীয় জনগোষ্ঠী হিচাপে মটকসকলৰ পৰম্পৰাগত ধর্ম হৈছে ‘তাও’। তেওঁলোকে প্রকৃতি জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে। জীৱ-জন্তুৰ গৰাকী, উপৰি পুৰুষ-মিতুক দেবতা, জগত মাতৃ আই, লক্ষ্মী আই আদি বিভিন্ন দেৱতাৰ বিশ্বাস কৰে। মটকসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱর্তক গোপালদেৱৰ শিষ্য অনিরুদ্ধদেবে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধর্ম গ্রহণ কৰিছিল। মায়ামৰা ধর্ম গ্রহণ কৰাব পাছতো তেওঁলোকে মিশ্রিত ৰূপত নিজা পৰম্পৰাগত ধর্মীয় বিশ্বাসসমূহ ধৰি ৰাখিছে।

Sharing Is Caring:

Leave a Comment