বড়োসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 4 Solutions
বড়োসকল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত।
উঃ বড়ো ভাষা তিব্রত বর্মীয় ভাষাগোষ্ঠীৰ অন্তভূক্ত।
২। বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?
উঃ খ্রীষ্টীয় ১৯৬৩ চনত বড়ো ভাষাই প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে।
৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ বড়োসকলৰ বিষয়ে লিখা দুখন গ্রন্থ হ’লঃ গংগাচৰণ কছাৰীৰ ‘ফিছা ও আইন’ (১৯১৫)। চিত্তৰঞ্জন মোছাহাৰী দেৱৰ ‘ফেমাল মিজিংক’ (১৯৭০)।
৪। বড়োভাষাৰ প্ৰথম গ্রন্থখন কি?
উঃ বড়ো ভাষাৰ প্ৰথমখন গ্রন্থ হৈছে গংগাচৰণ কছাৰীৰ ‘ফিছা ও আইন’ (১৯১৫)।
৫। বড়োসকল পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
উঃ বড়োসকলে পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম হ’ল দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মীঘ্রেব, থাইগিৰ বিবাৰ, হাজী আগৰ ইত্যাদি
৬। চমুটোকা লিখাঃ
(খ) শোভা ব্রহ্ম
(গ) বীনেশ্বৰ ব্রহ্ম
(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
উঃ (ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী কামিনী কুমাৰ নাৰ্জৰী আছিল এজন বড়ো নৃত্য শিল্পী আৰু বড়ো সংস্কৃতিৰ সাধক। তেওঁ ১৯২৬ চনত বর্তমান গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা অঞ্চলৰ বামুণকুৰা গাঁৱত জন্ম গ্রহণ কৰে। তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী। তেওঁ ১৯৫৫ চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনী অনুষ্ঠানত অংশ গ্রহণ কৰি বিবাহ গীত পৰিবেশন কৰিছিল। এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওস্তাদ কামিনীয়ে বড়ো সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয়।
খ্রীষ্টীয় ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্র দিবসত ওস্তাদ কামিনী কুমাব নার্জাবীয়ে এটি ‘সাংস্কৃতিক দল’ লৈ অংশ গ্রহণ কৰি ‘বাগুৰুমবা’ নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান দখল কৰে।
খ্রীষ্টীয় ১৯৯২ চনত এছিয়া মেলা ১৩-ত অংশ গ্রহণ কৰি বড়ো নাছিনা নৃত্য প্রদর্শন কৰি দৰ্শকৰ পৰা ভূয়সী প্রংশসা লাভ কৰে। ১৯৭৬ চনত গুৱাহাটীত হোৱা ভাৰত-ছভিয়েট মন্ত্রী সম্মিলনত বড়ো কৃষ্টি প্রদর্শন কৰে। ইয়াৰ উপৰিও নাৰ্জাৰীৰ দলে ১৯৮২ চনৰ ২৯ জুলাই তাৰিখে গুৱাহাটীৰ ববীন্দ্র ভরনত অনুষ্ঠিত হোৱা ‘জনজাতি লোক-নৃত্য প্রদর্শনী’ অনুষ্ঠানত অংশ গ্রহণ করে।
ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে তেওঁৰ কৰ্মৰ স্বীকৃতি হিচাপে ১৯৮২ চনত ‘সংগীত নাটক একাডেমী’ বঁটা লাভ কৰিছিল। তেওঁৰ প্রচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্ট্ৰীয় পর্যায়ন সম্মান অর্জন কৰিবলৈ সক্ষম হয়।
এই মহান শিল্পীজনাই ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে।
(খ) শোভা ব্রহ্ম: শোভা ব্রহ্মহ্ম ভাৰতৰ এজন প্রখ্যাত চিত্রশিল্পী, ভাস্কর্যবিদ, অসমৰ কলা জগতৰ পথ-প্রদর্শক আৰু এজন সাহিত্যক আছিল।
এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বর্তমান কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্রহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্রহ্ম আৰু মাতৃৰ নাম আছিল দেবশ্রী ব্রহ্ম।
ড° ব্রহ্মাই নিজ গাঁৱৰ প্রাথমিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্রাম হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্রথম বিভাগত উত্তীর্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত নাম ভর্তি কবে। ব্রহ্মদের সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্যশিল্পী হোৱাৰ সপোন দেখিছিল। ললিত কলাৰত্ন ডা শোভা ব্রহ্মদেবে ১৯৫০ চনত কবিগুৰু ববীন্দ্রনাথ ঠাকুৰে স্থাপন কৰা কলিকতাস্থিত শান্তি নিকেতনত নাম ভর্তি কৰে আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্রী লৈ অসমলৈ উভতি আহে।
অসমলৈ আহি তেওঁ তাৰিণী চৰণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু সৃষ্টিশীল কর্মত নিয়োজিত কৰে। তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্য আছিল। প্রথমটো হৈছে, অসমত চারুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-কলা, জন-জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰা। দৰিদ্ৰতা আৰু চৰম অর্থ অভার-সত্ত্বেও তেওঁৰ শিল্পাধ্যবাৰ সৃষ্টিৰ যি নিবলস প্রচেষ্টা চলাই গৈছিল। ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বর্তমানৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষরূপে তেওঁ নিযুক্তি লাভ কৰে। চাকৰি জীৱনৰ ব্যস্ততাৰ লগে লগে তেওঁ চিত্র-ভাস্কর্যৰ জৰিয়তে জাতি-ভাষা-বর্ণ নির্বিশেষে সকলোকে মিলি দেশ তথা নিজ মাতৃক উদ্ধাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। ১৯৬৫ চনত তেওঁৰ চিত্ৰ আৰু ভাস্কর্যসমূহ প্রথমবাৰৰ বাবে গুৱাহাটী জিলা পুথি ভঁৰালত প্রদর্শন কৰা হৈছিল। তাৰ পাছত তেওঁৰ সৃষ্টিবোৰ শ্বিলং, দিল্লী, কলকাতা, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল’ভাকিয়া আদি দেশ-বিদেশৰ বিভিন্ন ঠাইত প্রদর্শন কৰা হৈছিল।
চিত্র-ভাস্কৰ্যৰ উপৰিও তেওঁৰ সাহিত্য সৃষ্টিতো যথেষ্ট হাত আছিল। ১৯৮৯ চনত চাক-কলা আৰু কলা-মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সাহিত্য ৰচনা কৰাত নিজকে নিমজ্জিত কৰি ৰাখিছিল। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহ হৈছে- ‘শিল্পকলাৰ নৱপ্রজন্ম’, ‘ভাৰতীয় চিত্র কলা’ (অনুযাদ) ‘গীদান উজি’ (বড়ো), ‘লিউ-নার্ডো-দ্যা-ভিন্দি’, ‘বোজেছ বেজ এণ্ড গল্ড’ (ইংৰাজী) আৰু ‘খন্থায়াঞ্জলী’ (বড়ো ভাষাত অনুবাদ)।
ড° শোভা ব্রহ্মদেবে নিজব কর্মৰাজিৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল। চিত্রশিল্প আৰু ভাস্কর্যৰ লগতে সাহিত্য চর্চাত নিজকে মনে প্রাণে ঢালি দি এই মহান শিল্পীজনে ২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।
(গ) বিনেশ্বৰ ব্ৰহ্মঃ বিনেশ্বৰ ব্ৰহ্মা এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। শহীদ বিনেশ্বৰ ব্রহ্মাদেরে ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বর্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্রহণ কৰে। তেওঁব পিতৃ-মাতৃৰ নাম আছিল ক্রমে তাবামণি ব্রহ্মা আৰু সোনটি ব্রহ্মা। ব্রহ্মাদেৱৰ প্রাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্রাথমিক বিদ্যালয়ত ১৯৫৪ চনত। প্রাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভর্তি কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই, খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচ.ছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হয়। একেটা বর্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্রীত নাম ভর্তি কলে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্রী লাভ করে।
তেওঁ ১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত প্রথমবাৰৰ বাবে ‘হিন্দুস্তান সাব নিগমৰ সাৰ সম্প্ৰসাৰণ’ আৰু ‘কৃষি গবেষণা বিভাগত’ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁ ১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগটোত থকাৰ পিছত ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত Quality Control- Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ কৰ্মসূত্রে বিহাৰৰ ৰাজধানী পাটনাত কর্ম সম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত গুৱাহাটীলৈ Regional Officer রূপে পদোন্নতি লাভকৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই বিভাগবেই Jonal Office-অত Manager (Move-ment) হিচাপে পদোন্নতি লাভ কৰে। তেওঁ মুঠ ৮-টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। সেইবোৰ হ’ল বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী। তেওঁৰ প্রকাশিত গ্রন্থ হ’ল- ‘আই নি মাদৈ’ (কবিতা পুথি-১৯৮৫), ‘বৰদৈসিলা’ (কবিতা পুথি-১৯৯৭) আৰু ‘আংনি গামি ভাতাৰমাৰি’ (প্ৰৱন্ধ সংকলন) বিনেশ্বৰ ব্ৰহ্মাই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নির্বাচিত হয়। দুটা কার্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনৰ ১৯ আগস্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভবনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়।
অতিৰিক্ত প্রশ্নোত্তৰ
১। বড়োসকলৰ উত্তৰ-পূৱ বঙ্গ আৰু গোৱালপাৰত কি বুলি জনা যায়?
উঃ বড়োসকলক উত্তৰ-পূৱ বঙ্গ, গোৱালপাৰা জিলাত ‘মেচ’ বুলি জনা যায়।
২। তিব্বতীয় ভাষাৰ দুটা প্রধান ঠাল কি কি?
উঃ তিবুতীয় ভাষাৰ দুটা প্রধান ঠাল হৈছে-
(ক) তিব্রত বর্মীয় আৰু (খ) টাই-চীনা ভাষা।
৩। কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ে বড়ো ভাষাক আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে?
উঃ ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে বড়ো ভাষাক ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে।
৪। কিমান চনত বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভক্ত হ’বলৈ সমর্থ হয়?
উঃ ইং ২০০৩ চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগাৰৰ সৈতে হোৱা বি.টি.চি. চুক্তি মর্মে বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচীত অর্ন্তভুক্ত হ’বলৈ সমর্থ হয়।
৫। বড়ো সাহিত্য সভা কেতিয়া প্রতিষ্ঠা হয়?
উঃ বড়ো সাহিত্য সভা যোৱা ১৯৫২ চনৰ ১৬ নবেম্বৰত প্রতিষ্ঠা হয়।
৬। ‘বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ’খন কেতিয়া গঠন কৰা হয়?
উঃ ১৯৯৩ চনৰ ২০ ফেব্রুৱাৰিত ‘বডোলেণ্ড স্বায়ত্ব শাসিত পৰিষদ’খন গঠন কৰা হয়।
৭। বড়োসকলৰ ধৰ্মৰ ওপৰত এটি টোকা লিখা।
উঃ বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধর্ম। বাথৌ বীৰাই বড়োসকলৰ শ্রেষ্ঠ দেৱতা। বড়োসকলে মাটি (হা), বায়ু (বাব), পানী (দৈ), আকাশ (অপ্রাং) আৰু সূর্য্য (সান) এই পঞ্চতত্ত্বৰ সৃষ্টিকর্তাজনক ঈশ্বৰ হিচাপে মানি লয়। ইয়াকে ‘বাথৌ’ বুলি কোৱা হয়। খেৰাই বড়োসকলৰ ধর্মীয় উৎসর। সমাজৰ সকলোৰে মংগলৰ কাৰণে দৌদিনি আৰু দৌৰিৰ সহযোগত খেৰাই উৎসৱ উদ্যাপন কৰা হয়। বড়োসকলক বাথৌ ধৰ্মৰ উপৰিও অন্যান্য ধর্ম যেনে- খ্রীষ্টান ধর্ম, অনুকুল ধর্ম, বৈষ্ণর ধর্ম গ্রহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্রহ্ম ধর্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে আঁকোৱালি লৈছে।
৮। বড়োচুক্তিৰ ওপৰত এটি টোকা লিখা।
উঃ প্রধান মন্ত্রী পি.ভি. নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ, কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী শাবদ পাৱাৰদেৱৰ সহযোগত কেইবালানি আলোচনা হোৱাৰ পিছত নিখিল বড়ো ছাত্র সন্থা (এবছু), বড়ো গণ সংগ্রাম সমিতি (বি.পি.এ.চি.) আৰু অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হোৱা আলোচনা মর্মে ১৯৯৩ চনৰ ২০ ফেব্রুৱাৰি তাৰিখে ‘বজোলেণ্ড স্বায়ত্ব শাসিত পৰিষদ’খন গঠন কৰা হয়।
ইয়াৰ পাছত বড়োসকলৰ সংস্কৃতি, ভাষা, শিক্ষা আৰু অর্থনৈতিক দিশত উন্নতিৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্বন টাইগাৰৰ মাজত ইং ২০০৩ চনৰ ১০ ফেব্রুৱাৰি তাৰিখে ‘বডোলেগু টেবিটৰিয়েল এবিয়াচ ডিস্ট্রিক’ নামকৰণেৰে এখন নতুন চুক্তি সম্পাদন কৰা হয়। এই চুক্তি অনুসৰি বি.টি.চি. (বডোলেণ্ড) এলেকাত মুঠ ৩০৭৯ খন গাঁও সামৰি লৈ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই চাৰিখন জিলা গঠন কৰা হয়।