নেপালীভাষী গোর্খাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 3 Solutions ২০২৫

নেপালীভাষী গোর্খাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 3 Solutions

নেপালীভাষী গোর্খাসকল

পাঠভিত্তিক প্রশ্নোত্তৰঃ

১। নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?

উঃ নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল আর্য-মঙ্গোল-কিৰাত নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ।

২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা যায়?

উঃ প্রাচীন ধর্মগ্রন্থৰ মতে কামাখ্যা মন্দিৰৰ নির্মাতা আৰু প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকে কামাখ্যা মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা পূজাৰী আনিছিল। পিছলৈ সেইপূজাৰীসকল কামাখ্যা মন্দিৰত ‘লালমোহৰীয়া পাণ্ডা’ হিচাপে খ্যাত হৈ পৰে।

৩। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা।

উঃ ছবিলাল বাবু অসম প্রদেশ কংগ্রেহ কমিটিৰ প্ৰথম সভাপতি আছিল।

৪। ট্রাইবেল বেল্ট এন্ড ব্লক’ত নেপালীভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্রেণী’ৰ মৰ্যাদা পাইছিল?

উঃ ১৯৪৭ চনত।

৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্র স্থাপন কৰিছিল?

উঃ শ্রীমন্ত শংকৰদেৱৰ শিষ্য নেপালী ব্রাহ্মাণ ৰতিকান্ত উপাধ্যায়ে বর্তমান টিয়ক আৰু নগাঁৱত ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল।

৬। গোর্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?

উঃ গোর্খা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰজুৰি বিভিন্ন উৎসব-পার্বণ পালন কবে। মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসব ‘বড়া দশৈ’ আৰু ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসব ‘তিহাৰ’ সিহঁতৰ মুখ্য উৎসৱ।

৭। ‘জম্বুদ্বীপে, আর্যাবর্তে, ভাৰতবর্ষে, অসম প্রান্তে’ বোলা কথাষাৰৰ তাৎপর্য কি?

উঃ প্রায় পাঁচ হেজাৰ বছৰ আগৰ পৰাই অর্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্রব্রজন আছিল। তেতিয়া এই সমগ্র অঞ্চলটো ‘জম্বুদ্বীপ’ বা ‘আর্যাবর্ত’ নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতশ্রাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি ‘জম্বুদ্বীপে, আর্যাবর্তে, ভাৰতবর্ষে, অসম প্রান্তে’ বুলি কয়।

৮। সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল?

উঃ তৎকালীন ব্রিটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত সুগৌলী সন্ধি হয়। এই সন্ধিমতে, নেপালৰ নাগৰিকৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতৰ অন্তৰ্ভূক্ত হয়।

৯। চমুটোকা লিখা:

(ক) ছবিলাল উপাধ্যায়

(খ) হৰিপ্ৰসাদ গোর্খা ৰাই

(গ) দলবীৰ সিং লোহাৰ

উঃ (ক) ছবিলাল উপাধ্যায়: ছবিলাল উপাধ্যায় আছিল অসমৰ এজন নেপালীভাষী বা গোর্খা কংগ্রেছ কর্মী, সমাজ সংগঠক আৰু স্বাধীনতা বিপ্লবী।
খ্রীষ্টীয় ১৮৮২ চনৰ ১২ মে’ৰ দিনা বর্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাওত কাশীনাথ উপাধ্যায়ৰ ঔৰষত ছবিলাল উপাধ্যায়ৰ জন্ম হয়। ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পর্যায়তে সীমিত আছিল। কিন্তু তেওঁ অনানুষ্ঠানিকভারে শিক্ষিত হৈছিল। পিছত তেওঁ চন্দ্রনাথ শর্মা, ঘনশ্যাম বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্রামত জঁপিয়াই পবে। তৎকালীন ব্রিটিছ চৰকাৰে কাজিৰঙাৰ আশে-পাশে থকা গোর্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্রস্তাব উত্থাপন কৰে আৰু প্রস্তাৱটো গৃহীত হয়। ‘অসম এছোচিয়েচন’ৰ লগত যুক্ত ছবিলাল উপাধ্যায়ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্রিলৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা সভাত ‘অসম এছোচিয়েচন’ক অসম প্রদেশ কংগ্রেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয় ছবিলাল অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি নির্বাচিত হয়। বৃটিছে ছবিলাল উপাধ্যায়ক কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিবলৈ মৌজাদাৰ, কাউন্সিলাৰ, বৰলাট আদি লোভনীয় পদ যাচিছিল। তেওঁ এই সকলোবোৰ প্রত্যাখ্যান কৰি গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে যোগদান কৰিছিল আৰু ছমাহ কাৰাবাস খাটিছিল। জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বর্জন কার্যসূচীত সহযোগ কৰে আৰু প্রথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাবত ত্যাগ আন্দোলনতো তেওঁ সক্রিয় ভূমিকা গ্রহণ কৰিছিল।

(খ) দলবীৰ সিং লোহাৰঃ দলবীৰ সিং আছিল অসমৰ নেপালীভাষী বা গোখা সমাজকর্মী, শ্রমিক নেতা, স্বাধীনতা বিপ্লৱী আৰু ৰাজনীতিক।
তেওঁৰ জন্ম হয় ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত। তেওঁৰ পিতৃৰ নাম অনতৰাম লোহাৰ। ১৫ বছৰ বয়সতে লোহাবে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰে আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্রতিনিধিত্ব কবে। লোহাবে ১৯৩০ চনত কুখ্যাত কানিংহাম চাকুলাৰৰ বিৰোধিতা কৰি তিনি মাহ কাৰাবাস খাটে। নির্ভীক আৰু স্বাধীনতা প্রিয় লোহাবে ব্রিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস খাটিব লগা হয়।
সমাজৰ পৰা অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্রিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল। তেওঁ শ্রমিক আন্দোলনৰ নেতা আছিল আৰু ট্রেড ইউনিয়ন গঠনত নিজকে মনোনিৱেশ কৰাইছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰা কাৰ্যৰ বিৰোধিতা কৰা বাবে ঘৰৰ পৰা বিতাড়িত হ’বলগীয়া হৈছিল আৰু তেওঁক কেৱল গোৱালপাৰা জিলাতহে থাকিবলৈ অনুমতি দিয়া হৈছিল। এসময়ত লোহাৰ গোৱালপাৰাৰ পৰা সংগোপনে কলগছৰ ভূৰেৰে ব্ৰহ্মপুত্ৰয়েদি উজাই আহি ঘৰ পাইছিল। ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্রমিক আৰু পিছ পৰা শ্রেণীৰ প্রতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নিবাচিত হয়। দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্রথম বিধায়ক।
২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ কৰে।

(গ) হৰিপ্ৰসাদ গোর্খা ৰাইঃ হবিপ্রসাদ গোর্খা এজন নেপালীভাষী অসমীয়া আৰু গোর্খা সাহিত্যিক আৰু অভিধান লেখক আছিল। তেওঁ নাগালেণ্ডৰ ৰাজধানী ক’হিমাত ধনবাজ বাইৰ ঔৰষত আৰু যশোদা ৰাইৰ গৰ্ভত ১৯১৫ চনৰ ১৫ মার্চত জন্মগ্রহণ কৰিছিল। হবিপ্রসাদ বাইয়ে পিছত নিজকে ‘হৰিপ্ৰসাদ গোর্খা বাই’ হিচাপে চিনাকি দিছিল। আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোর্খা বাইয়ে ধনবাহাদুৰ সোনাৰ আৰু গোবিন্দ চন্দ্র পৈৰাৰ লগ লাগি সাহিত্য চর্চাত আত্মনিয়োগ করে। এই ত্রিমূর্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্রহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যব চর্চাত ব্রতী হৈছিল। অসম সাহিত্য সভাৰ প্রথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলোৱা ‘গোখা’ বাইয়ে ধনবাহাদুৰ সোনাৰ তথা গোবিন্দ চন্দ্র পৈৰাৰ সহযোগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে। পৰাধীন ভাৰতত জাতীয় চেতনা আৰু জাগৰণৰ বাবে সাহিত্য চর্চাক মাধ্যম হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত গোর্খা ৰাই আছিল অন্যতম। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য বচনা কৰা গোর্খা বাই সঁচা অর্থতে সমন্বয় আৰু সম্প্রীতিৰ প্রতীক আছিল। তেওঁৰ গল্পবোৰত পাহাৰৰ জনজাতীয় আৰু অজন-জাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্র ফুটি উঠা দেখা যায়। শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰা গোর্খা বাইয়ে পিছলৈ আকাশবাণীত সেৱা আগবঢ়াই নেপালী আৰু অসমীয়া সাহিত্যৰ সেৱা কৰি গৈছে।

ৰাইয়ে কেইবাখনো অভিধান ৰচনা কৰিছিল, যেনে-

(ক) মিকিৰ শব্দকোষ (১৯৭৪-৭৬)

(খ) পুমেইতাঙখুল শব্দকোষ (১৯৭৪-৭৬)

(গ) মাৰাম শব্দকোষ (১৯৭৪-৭৬)

(ঘ) মেইৰিঙ শব্দকোষ (১৯৭৪-৭৬)

(ঙ) অসমীয়া শব্দকোষ (১৯৭৪-৭৬)

(চ) নেপালী শব্দকোষ (১৯৭৪-৭৬)

তদুপৰি, তেওঁ নেপালী ভাষাত সৃষ্টি কৰা পুথিসমূহ হ’ল-

১) বাবৰী (কবিতা-সংকলন, ১৯৭৪)

২) মনচৰিকো বোলী (কবিতা-সংকলন, ১৯৭৭)

৩) য়হা বদনাম হুঞ্চ (গল্প-সংকলন ১৯৭৪) ইত্যাদি।

অতিৰিক্তি প্রশ্নোত্তৰঃ

১। কলহনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ ‘বাজতৰংগিনী’।

২। জয়চন্দ্র বিদ্যালংকাৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ ‘ভাৰতীয় ইতিহাস কী মিমাংশা’।

৩। ‘চেলকটি’ আৰু ‘পণ্ডু’ কি?

উঃ ‘চেলকটি’ আৰু ‘পন্ধু’ নেপালীভাষী গোর্খা সম্প্রদায়ৰ দ্বাৰা প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন।

৪। প্রাচীন কালত ভাৰতবৰ্ষৰ নাম কি আছিল?

উঃ জম্মু দ্বীপ।

Sharing Is Caring:

Leave a Comment