দেউৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 2 Solutions ২০২৫

দেউৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 2 Solutions

দেউৰীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?

উঃ দেউৰীসকলৰ আদি বাসস্থান আছিল চীন দেশ।

২। দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেল্লখ কৰা।

উঃ দেউৰীসকল সামাজিকভাবে চাৰিটা খেলত বিভক্ত- ডিবস্তীয়া, টোপনীয়া, বৰগঞা আৰু পাতৰগা।
ডিবাং নদীৰ পাৰত বসবাস কৰাসকল ডিবঙ্গীয়া, টোপানী নদীৰ পাৰত বাস কৰাসকলক টেঙাপনীয়া, বৰনদীৰ পাৰত থকাসকলক বৰগঞণ আৰু পাত-শদিয়াত থকাসকলক পাতগণ হিচাপে জনা যায়।

৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল?

বর্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?

উঃ শদিয়া অঞ্চলতেই দেউৰী সকল বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত প্রাকৃতিক দুর্যোগ, আন্তঃগোষ্ঠীগত যুদ্ধ-বিগ্রহ অথবা উৰ্বৰা কৃষি ভূমিৰ সন্ধানত এই ঠাই এবি লুইতৰ বুকুবেদি ভটীয়াই আহি তেতিয়াৰ শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত প্রথমে বাস কৰিবলৈ লয় পিছত বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘাটে।
দেউৰীসকল বর্তমান উজনি অসমৰ ৮ খন জিলা-তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাত আছে।

৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?

উঃ দেউৰী সকলে নিজকে ‘জিম চণায়া’ বুলি চিনাকি দিয়ে।

৫। দেউৰী ভাষা তিব্বতবর্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তর্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাবে স্বীকৃতি প্রদান কৰে?

উঃ দেউৰী ভাষা তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখার অন্তর্গত।
২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে।

৬। দেউৰীসকলে পালন কৰি অহা চাৰিটা উৎসৱৰ নাম উল্লেল্লখ কৰা।

উঃ দেউৰীসকলে পালন কৰা চাৰিটা উৎসৱৰ নাম- ‘বিবা বচু গিবা মেচ্চু’, ‘চিগালাগাৰেবা বিচু’, ‘বিচু দাবেবা মেচ্চু’ আৰু ‘মিদি দেকবা মেচ্ছ’।

৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?

উঃ দেউৰীসকল বৰ ধর্মবিশ্বাসী লোক। তেওঁলোকে, ‘কুন্দি’ ধর্মক বিশ্বাস কৰে। ‘কুন্দিমামা’ হ’ল তেওঁলোকৰ উপাস্য দেরতা। ‘কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু ‘মামা’ মানে প্রকৃতি। এই কুন্দিমামাই বিশ্ব-ব্রহ্মাণ্ডব সৃষ্টিকর্তা আৰু পালনকর্তা বুলি তেওঁলোকে বিশ্বাস কৰে।

৮। চমুটোকা লিখা:

(ক) ভীমবৰ দেউৰী (খ) ৰাধাকান্ত দেউৰী

(গ) বৰ্গৰাম দেউৰী (ঘ) শ্রীচন্দ্ৰ সিং দেউৰী

উঃ (ক) ভীমবৰ দেউৰী: ভীমবৰ দেউৰী আছিল এজন দেউৰী সমাজ সংগঠক, সংস্কাৰক, সংস্কৃতিৰ সমন্বয়ক, প্রভাৱশালী ৰাজনীতিক আৰু সংস্কৃতমনা ব্যক্তি। শিৱসাগৰ জিলাত ১৯০৩ চনৰ মে’ মাহৰ ১৬ তাৰিখত ভীমবৰ দেউৰীৰ জন্ম হয়। পিতৃৰ নাম গদৰাম (গদবা) দেউৰী মাতৃৰ নাম বাজতী দেউৰী (বাজং) দেউৰী আছিল। বৰগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষা-জীবন আৰম্ভ কৰি ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম. ভি. স্কুলৰ পৰা এম. ভি. পাছ কৰি মাহে চাৰিটকীয়া বৃত্তি অর্জন কৰে। ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীর্ণ হয়। পিছত কটন কলেজত ভর্তি হৈ ১৯২৭ চনত প্রথম বিভাগত আই, এ. পৰীক্ষাত উত্তীর্ণ হয়। ১৯২৯ চনত একে কলেজৰ পৰাই অর্থনীতি বিষয়ক প্রধান বিষয় হিচাপে লৈ দ্বিতীয় শ্রেণীৰ সন্মানসহ বি. এ. পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীর্ণ হৈ বি. এল, হয়। একে সময়তে প্রেচিডেন্সি কলেজত স্নাতকোত্তৰ শ্রেণীত অধ্যয়ন কৰে। অৰ্থৰ অসুবিধাৰ কাৰণে পৰীক্ষা নিদিয়াকৈ চাকৰি কৰাৰ ইচ্ছাৰে অসমলৈ ঘূৰি আহে। ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত কৃতকার্য হয় যদিও স্বতন্ত্রভাবে ওকালতি কৰিবলৈ লয়। ওকালতি ব্যবসায়ে ভীমবৰৰ ৰাজহুৱা জীবন উন্মুক্ত কৰে।

খ্রীষ্টীয় ১৯৩২ চনত ডিব্রুগড় আদালতত ওকালতি আৰম্ভ কৰে। ১৯৩৩ চনত ভীমবৰ দেউৰীৰ উদ্যোগত অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যৱন্ধ কৰাৰ উদ্দেশ্যে নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্রথম অধিবেশন অনুষ্ঠিত কৰি Assam Backward Plains Tribal League চমুকৈ ট্রাইবেল লীগৰ জন্ম দিয়ে। এই অধিৱেশনত ভীমবৰ দেউৰীয়ে সভাত এটি উদাত্ত ভাষণ দিয়ে ভীমবৰ দেউৰীৰ যুক্তিপূর্ণ এই সভাতে ভীমবৰ দেউৰী সর্বসম্মতিক্রমে সাধাৰণ সম্পাদক নির্বাচিত হয়। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত ট্রাইবেল লীগৰ দাবীৰ ভিত্তিত অসম বিধান সভাৰ মুঠ ১০৮-খন আসনৰ মাজত ৪ খন আসন অনগ্রসৰ ভৈয়াম-জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। ১৯৩৮ চনত ভীমবৰ দেউৰীক ডিব্ৰুগড় স্থানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে ৰাজ্যপালে নিযুক্তি দিয়ে। ১৯৩৯ চনত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অর্থাৎ অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মনোনীত কৰে। ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত মন্ত্রী রূপ নাথ ব্রহ্মৰ কন্যা কমালৱতী ব্রহ্মাৰ লগত ভীমবৰ দেউৰীৰ ব্রহ্মধর্ম মতে কোকৰাঝাৰ বাঁশবাৰী গাঁৱত বিবাহ সম্পন্ন হয়।

খ্রীষ্টীয় ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীবেই নহয়, অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল। দেশখনত বহিৰাগত প্ৰব্ৰজন বোধ, প্রাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, কেন্দ্ৰৰ পৰা ৰাজ্যসমূহলৈ অধিক ক্ষমতা বিকেন্দ্রীকরণ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন, সকলো জনগোষ্ঠীৰ মাজত অর্থনৈতিক সমতা স্থাপন আদি নীতি উদ্ভাবনেবে নিজৰ বিচক্ষণতা প্রদর্শনৰ যোগেদি ৰাজনৈতিক-সামাজিক জীবন পৰিচালিত কৰিছিল।
তেওঁ ১৯৪৭ চনৰ ৩০ নবেম্বৰত ৪৪ বছৰ বয়সত নশ্বৰ দেহ ত্যাগ কৰে।

(খ) ৰাধাকান্ত দেউৰী: ৰাধাকান্ত দেউৰী আছিল অসমৰ দেউৰী সম্প্রদায়ৰ এজন সমাজকর্মী, শিক্ষাবিদ আৰু গৱেষক-লেখক। তেওঁৰ জন্ম হয় ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী। পিতৃ-মাতৃৰ একমাত্র পুত্র বাধাকান্ত দেউৰীৰ তিনিগৰাকী বায়েক-ভনীয়েক আছিল। আর্থিক দৈন্যতাৰ বাবে দেউতাকে বিদ্যালয়ত নাম ভর্তি কৰি দিব নোৱাৰত তেওঁ নিজে লোকৰ পৰা কিতাপ, ফলি খুজি আনি নিজ গাঁৱৰ ১১ নং মৰনৈ প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভকৰিছিল। আর্থিক কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি সুখ্যাতিৰে মেট্রিক পাছ কৰি যোৰহাটৰ জে. বি. কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে আৰু ১৯৫৮ চনত বি. এ. ডিগ্রী লাভ করে। ১৯৫৯ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে চাকৰিত সোমায়। যোৰহাটলৈ আহি বি. টি. পাছ কৰে। ১৯৮৫ চনত তেওঁ শদিয়াৰ চপাখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ-শিক্ষক হিচাবে যোগদান কৰে।

জনগোষ্ঠীয় তথা অসমীয়া ভাষা-সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ এজন স্বল্পভাষী তথা দেউৰী ভাষা-সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। বিভিন্ন কাগজ-পত্র, আলোচনী আদিত তেওঁৰ লেখা সিঁচৰতি হৈ আছে। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰীদেৱৰ গ্রন্থসমূহ ‘দেউৰী জুবিব’ (দেউৰী অভিধান), ‘চ্চিবা জিমচাঁয়া জুবিব’ (আধুনিক দেউৰী শব্দকোষ) দুখন প্রধান, ইয়াৰে দ্বিতীয়খন গ্রন্থ ত্রি-ভাষিক (দেউৰী, অসমীয়া, ইংৰাজী)। এইখন দেউৰী ভাষাৰ পূর্ণাঙ্গ অভিধান। ‘দেউৰী শব্দ
সম্ভাব’ তেখেতৰ অন্যতম সংযোজিত পুথি।

(গ) সমাজসেৱক আৰু ৰাজনীতিক বৰ্গৰাম দেউৰী: বৰ্গৰাম দেউৰী আছিল অসমৰ দেউলী জনগোষ্ঠীৰ এজন প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ আৰু ৰাজনীতিক। লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱত ১৯৩৮ চনৰ ১ আগষ্টত তেওঁৰ জন্ম হয়। নিজ গাঁৱতে প্রাথমিক শিক্ষা লাভ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিকত প্রথম বিভাগত উত্তীর্ণ হয়। পিচত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি. এড. চি. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভর্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তো অধ্যয়ন কৰে। তেওঁ এম. এচ. চি. আৰু এল. এল. বি. একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জার বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্রী লাভ কৰে।

বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰূপ একাডেমী বিদ্যালয়ত শিক্ষকতা কৰিছিল। ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে। কিছুদিন তেওঁ মণিপুৰ কলেজত প্রবক্তা হিচাবেও কাম কৰিছিল। খ্রীষ্টীয় ১৯৭৮ চনত বঙ্গালমৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলাৰ হিচাবে নির্বাচিত হয়। ১৯৮৩ চনত অসম বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰ বিধায়ক হিচাপে নির্বাচিত হয়। দেউৰী ভাষাক দেউৰী ভাষা হিচাবে স্বীকৃতি প্রদান আৰু দেউৰী জনগোষ্ঠীৰ ৰাজনৈতিক আৰু আর্থ-সামাজিক উন্নয়নৰ বাবে দেউৰী স্বায়ত্ব শাসিত পৰিষদ প্রদান কৰাত বৰ্গৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয়।
তেওঁ ২০০৪ চনত হহৃদ ৰোগত আক্রান্ত হৈ গুৱাহাটীত মৃত্যু বৰণ কৰে।

(ঘ) শ্রীচন্দ্র সিং দেউৰী: চন্দ্র সিং দেউৰী অসমৰ দেউৰী সম্প্ৰদায়ৰ এজন খেলুৱৈ, লোক-শিল্পী আৰু লেখক। ১৯২৭ চনৰ ২৮ এপ্রিলত গোপাল দেউৰীৰ ঔৰষত আৰু আতবা দেউৰীৰ গৰ্ভত যোৰহাটত শ্রীচন্দ্রসিং দেউৰীৰ জন্ম হয়। তেওঁ নিজ গাঁবতে প্রাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিনে উত্তীর্ণ হয়। পিচত তেওঁ ১৯৬২ চনত শ্বিলং কলেজৰ পৰা আই, এ. পাছ কৰে।

খ্ৰীষ্টীয় ১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মার্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়। ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক-গীত আৰু লোক-নৃত্য প্রদর্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্রত দেউৰী লোক-গীত পৰিবেশন কৰে।

লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাবিয়ে- ‘আনাও’ (১৯০৩ চন), ‘আর্চিয় ইবী’ (২০১৪ চন), ‘আমিৰিয়া ইবাঁ’ (২০১৩ চন), ‘বিচু’ (২০১৫ চন) ‘হিচবি’ (২০১৬ চন), ‘দেউৰী জনজীৱন’ (২০১৬ চন) পুথি নিজ প্রচেষ্টাত প্রকাশ কৰি উলিয়ায়।
অতিৰিক্ত প্রশ্নোত্তৰ

১। দেউৰীসকলৰ জীৱিকাৰ প্ৰধান উপায় কি?

উঃ কৃষি।

২। দেউৰীসকলৰ চাৰিজনমানবিশিষ্ট ব্যক্তিৰ নাম লিখা।

উঃ চাৰিজনমান বিশিষ্ট দেউৰী ব্যক্তি হ’ল: (ক) ভীমৰ দেউৰী, (খ) ৰাধাকান্ত দেউৰী (গ) বৰ্গৰাম দেউৰী

(ঘ) শ্রীচন্দ্র সিং দেউৰী

৩। কোনজন দেউৰী নেতাক ‘জননেতা’ আখ্যা দিয়া হৈছিল?

উঃ ভীমবৰ দেউৰীক।

Sharing Is Caring:

Leave a Comment