আদিবাসীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 13 Solutions
আদিবাসীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।
উঃ আদিবাসীসকল অসমৰ এক বিশাল জনজাতি। সিহঁত অসমৰ প্রায় ৮৮৫ খন চাহ বাগিছা আৰু অসমৰ উত্তবাংশৰ বিভিন্ন অঞ্চলত বাস কৰে। বর্তমানলৈ সিহঁতৰ সংখ্যা প্রায় ৫৬ লাখ। আদিবাসীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগই নহয় অসমীয়া সংস্কৃতি আৰু অসমৰ আৰ্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। চাহ বাগিচা তথা গাওঁত বসবাস কৰা এই গোষ্ঠীসকলৰ পূর্ব-পুৰুষ সকল ‘আদিবাসী’ বুলি পৰিচিত। অৱশ্যে কিছু সংখ্যক লোকে নিজকে ‘আর্য’ বুলি দাবী কৰে। বুৰঞ্জীবিদসকলে এওঁলোকক আদিবাসী বুলি চিহ্নিত কৰাত সিহঁতক ‘আদিবাসী’ বুলি সম্বোধন কৰা হয়।
‘আদিবাসী’ শব্দৰ ‘আদি’ মানে প্রথম আৰু ‘বাসী’ মানে ‘বাসিন্দা’ অর্থাৎ দেশৰ প্রথম বাসিন্দাসকলক ‘আদিবাসী’ বুলি কোৱা হয়। অসমীয়া অভিধান ‘হেমকোষ’ মতে ‘আদিবাসী’ শব্দৰ অর্থ ‘প্রথম নিবাসী’ ‘কোনো ঠাইত আগেয়ে থকা’।
বর্তমান ‘আদিবাসী’ বুলিলে কাঁৱাৰ, কল, ভূমিজ, চবৰ, চুৰিয়া পাহাৰিয়া, চাঁউতাল, পাহাৰিয়া, ওৰাং মুন্ডা, মাল পাহাবিয়া, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুডমালি, হ, গৰাইড, গড়, চিক বাড়াইক, চেৰ, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাবি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, ইত্যাদি লোকক বুজায়। অসমৰ গাঁও-বস্তি আৰু চাহ বাগিছাত এই জনজাতিৰ লোকে নিজকে ‘আদিবাসী’ বুলি পৰিচয় দি গৌৰৱ কৰে। অৱশ্যে বহুতে ইহঁতক ‘চাহ বনুৱা’, ‘কুলি’, ‘চাহ জনজাতি’, ‘সেউজ অসমীয়া’ আদি নানা নামেৰে নামাকৰণ কৰি আহিছে।
পূর্বতে আদিবাসীসকলে প্রকৃতি প্রেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফল-মূল খাই জীৱন ধাৰণ কৰিছিল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কার্য, ৰীতি-নীতি কৃষিভিত্তিক হৈ পৰে। তেওঁলোকৰ মূখ্য উৎসবসমূহ তলত দিয়া ধৰণৰ-
আদিবাসীসকলৰ এক প্রধান উৎসর হৈছে ‘কৰম উৎসর’। এই উৎসর ভাদ মাহৰ একদাশী দিনা উদ্যাপন কৰা হয়। “কৰম” প্রধানকৈ কৃষিভিত্তিক উৎসব। ‘কৰম’ এবিধ গছৰ নাম। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম গছৰ ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কবে। আদিবাসীসকলৰ পাহান (পুৰোহিত) পূজাৰ পাচত কৰম কাহিনী কয়, য’ত আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থাকে। কৰম উৎসবটি বন্ধুত্ব, সম্প্রীতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ’বলৈ প্রস্তুত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। এই পূজাৰ সময়ত ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা পৰৰ (চাৰহুল), চহৰাই, মাগে, ফাগুরা ইত্যাদি উৎসৱ পাতে। কৰম, ঝমব, ডমকচ, জাদুৰ, লাহচুরা আদি নাচ-গানেৰে আদিবাসীসকলে উৎসবসমূহ উদ্যাপন কৰে।
আদিবাসীসকলৰ মাজত কেইবাটাও ভাষাৰ প্রচলন আছে। এই ভাষাসমূহ দ্রাবিড় আৰু অস্ট্রিক মূলীয় ভাষা। উদাহৰণস্বৰূপে উৰাংসকলৰ কুডুষ ভাষাটি দ্রাবিড় গোষ্ঠীৰ। সেইদৰে মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা অস্ট্রীক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়াত কথা পাতে। আদিবাসীসকলে নিজৰ ভাষাৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত যেনে কুড়ুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাবিয়া মহা সভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি তুলিছে।
২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।
উঃ আদিবাসীসকলৰ মাজত কেইবাটাও ভাষাৰ প্রচলন আছে। এই ভাষাসমূহ দ্রাবিড় আৰু অস্ট্রিক মূলীয় ভাষা। উদাহৰণস্বৰূপে উৰাংসকলৰ কুডুষ ভাষাটি দ্রাবিড় গোষ্ঠীব। সেইদৰে মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা অষ্ট্ৰীক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। তেওঁলোকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়াত কথা পাতে। আদিবাসীসকলে নিজৰ ভাষাৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত যেনে কুডুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহা সভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি তুলিছে। পূর্বতে আদিবাসীসকলে প্রকৃতি প্রেমী আৰু প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফল-মূল খাই জীৱন ধাৰণ কৰিছিল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কার্য, বাঁতি-নীতি কৃষিভিত্তিক হৈ পৰে। তলত তেওঁলোকৰ মুখ্য উৎসব-পার্বনসমূহৰ চমু আভাস দিয়া হ’ল-
আদিবাসীসকলৰ এক প্রধান উৎসৱ হৈছে ‘কৰম উৎসব’। এই উৎসৱ ভাদ মাহৰ একদাশী দিনা উদ্যাপন কৰা হয়। “কৰম” প্রধানকৈ কৃষিভিত্তিক উৎসব। ‘কৰম’ এবিধ গছৰ নাম। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুবতীসকলে জংঘলৰ পৰা কৰম গছৰ ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। আদিবাসীসকলৰ পাহানে (পুরোহিতে) পূজাৰ পাচত কৰম কাহিনী কয়, য’ত আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থাকে।
কৰম উৎসবটি বন্ধুত্ব, সম্প্রীতি-একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ’বলৈ প্রস্তুত হোৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। এই পূজাৰ সময়ত ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা পৰব (চাৰহুল), চহৰাই, মাগে, ফাণ্ডৱা ইত্যাদি উৎসৱ পাতে। কৰম, কামৰ, ডমকচ, জাদুৰ, লাহচুৱা আদি নাচ-গানেৰে আদিবাসীসকলে উৎসৱসমূহ উদ্যাপন করে।
অতিৰিক্ত প্রশ্নোত্তৰ
১। ‘সেউজ অসমীয়া’ বুলিলে কোন জনজাতিক বুজোৱা হয়?
উঃ ‘সেউজ অসমীয়া’ বুলিলে অসমৰ আদিবাসীসকলক বুজোৱা হয়।
২। চমু টোকা লিখাঃ
(ক) খ্রীষ্টচন মুণ্ডা
(খ) জাস্টিন লাক্রা
উঃ (ক) খ্রীষ্টচন মুণ্ডা: খ্রীষ্টচন মুণ্ডা আছিল অসমৰ আদিবাসী জনজাতিৰ এজন বিপ্লবী শ্রমিক নেতা।
তেওঁৰ জন্ম হয় তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিছত। ব্রিটিছসকলৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্রামত খ্রীষ্টচন মুণ্ডাই ফুলবাৰী চাহ বাগিছাত ১৯১০-১৯১৬ চনত কৃষক আৰু শ্রমিক বিদ্রোহ গঢ়ি তুলে। ব্রিটিছে তেওঁক কাৰায়ত্ত কৰি দোষী সাব্যস্ত কৰে আৰু ১৯১৬ চনত খ্রীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনো শ্রমিকে ব্রিটিচ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ কৰিবলৈ সাহস নকৰে। কিন্তু এই ঘটনাৰ পাচতেই চাহ বাগিচাসমূহত স্বাধীনতাৰ আন্দোলন বিয়পি পৰে আৰু চনাজুলি, কাচাৰী গাঁও, আদি চাহ বাগিচাসমূহত জঙ্গী আন্দোলন গঢ়ি উঠে। স্বাধীনতা আন্দোলনত খ্রীষ্টচন মুণ্ডাৰ উপৰিও আদিবাসী জনজাতিৰ মালতি ওৰাং, দয়াল পানিকা, বাঁকুডু চাওঁৰা আদি বহুত আদিবাসী শহীদ হয়।
(খ) জাষ্টিন লাক্রা: জাস্টিন লাক্রা আছিল অসমৰ আদিবাসী বুলি পৰিচিত লাভ কৰা জনগোষ্ঠীৰ এজন সমাজকর্মী আৰু ‘সদৌ আদিবাসী ছাত্র সংস্থা’ জন্মদাতা। জাস্টিন লাক্ৰাৰ জন্ম হয় চৰাই বিলৰ কচু গাঁৱত ২ অক্টোবৰৰ ১৯৭০ চনত।। তেওঁ স্থানীয় স্কুলত প্রাথমিক শিক্ষা লাভ কৰি উচ্চ শিক্ষা গ্রহণৰ বাবে ‘শিলং মহাবিদ্যালয়ত ভর্তি হয়। তেওঁ শ্বিলং মহাবিদ্যালয়ত শিক্ষা গ্রহণ কৰি থাকোতে ১৯৯৬ চনত নামনি অসমত গোষ্ঠী সংঘর্ষই দেখা দিয়ে আৰু প্রায় দুই লাখ মানুহ আশ্রয় শিবিৰত আশ্রয় লয়। তেওঁ কলেজ এবি বাইজৰ সেৱাত নিজকে আত্মনিয়োগ কৰে। ২ জুলাইত জাস্টিন লাত্রণই যোচেফ মিঞ্জ, স্টিফান এক্কা, বন্ধ চেৰমাকো, মাংৰা ওৰাং আৰু উইলফ্রেন্ড টপ্প আদি সতীর্থক লগত লৈ লখিমপুৰৰ জুনুবস্তি আদিবাসী উচ্চ মাধ্যমিক বিদ্যালয়ত সম্মিলিত হয় আৰু ১৯৯৬ চনৰ ২ জুলাইত ‘সদৌ আদিবাসী ছাত্র সন্থা’ গঠন কৰে।
ৰাইজৰ সুৰক্ষা আৰু শান্তিয়েই আছিল আদিবাসী ছাত্ৰ সন্থাৰ মূল লক্ষ্য। জন্ম হোৱাৰ পাচতে আদিবাসী ছাত্র সন্থাই আদিবাসীক জনজাতিকৰণ আৰু চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধিক মূল দাবী হিচাবে লৈ দীর্ঘ দিন ধবি আন্দোলন চলাই আহিছে। এই আন্দোলনে আদিবাসী সমাজত বিশেষ প্রভার পেলাইছে। আন্দোলন আন্দৰিয়াচ মাণ্ডি, হেমলাল চনা, বন্ধ চেবমাকো, জিতেন তাঁতি আদিকে ১৮ জন বীৰ আদিবাসীয়ে আত্ম বলিদান দিয়ে। ২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাস্টিন লাজা ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিচলৈ আদিবাসী সকলৰ “জাতীয় পিতা” বুলি আখ্যা দিয়া হয়।