সোণোৱাল কছাৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 10 Solutions ২০২৫

সোণোৱাল কছাৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 10 Solutions

সোণোৱাল কছাৰীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ডিমাচা ভাষাত ‘সোনোৱাল’ মানে কি?

উঃ ডিমাচা ভাষাত ‘সোনোৱাল’ মানে উজ্জ্বল আৰু ঐশ্বর্যশালী।

২। সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?

উঃ সোনোৱাল কছাৰীসকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।

৩। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ বিষয়ে লিখা।

উঃ জনসাধাৰণে ৰচনা কৰা সাহিত্যই লোক-সাহিত্য। এনে সাহিত্যই মুখ বাগৰি যুগ যুগ ধৰি কৃষ্টি, সংস্কৃতি, ইতিহাস বহন কৰি আহিছে। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্য অতি চহকী। সিহঁতৰ মুখে মুখে বচনা কৰা আৰু মুখ বাগৰি জীয়াই থকা বহুতো পুৰণি নাম, পদ, মালিতা, ফকৰা-যোজনা, সাধুকথা ইত্যাদিবে সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যৰ ভঁৰাল চহকী। বর্তমানলৈ প্রাপ্ত সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ ভিতৰত হায়দাং গীত, হুঁচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, তৰাচিয়া গীত আদিয়েই প্রধান। মুখ বাগৰি অহা এই সাহিত্যবোৰ অৱশ্যে বর্তমান লিখিত ৰূপত প্রকাশ পাবলৈ ধৰিছে।

৪। সোনোৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উঃ সোনোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া। বর্তমান সোনোৱালসকলৰ মাজত ১৩৫ টা সচ আছে। ইয়াৰে চাৰিটা বা ততোধিক সঁচ মিলি একোটা বংশ হয়। সোনোৱাল কছাৰীসকলৰ মাজত সর্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ বাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোনোৱাল কছাৰীসকলৰ বিবাহৰ ক্ষেত্ৰত প্রথমে সঁচ আৰু বংশ বিচাৰ কৰে। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ককাই-ভাই হিচাপে গণ্য কৰা হয়।

৫। সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?

উঃ সোনোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। কিন্তু ১৬৮-১ চন (১৬০০ শক)- ত আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্রীশ্রীকেশবদের গোস্বামীদেরে শদিয়াৰ সোনোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰিত আত্মগোপন কৰি থাকোঁতে অতি কৌশলেৰে সোনোৱাল কছাৰীসকলক ‘শৰণ’ দিয়াই সোনোৱাল কছাৰীসকলক দ্বৈত ধর্মত বিভাজন কৰে। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাসকলক ‘হিন্দুৰীয়া’ আৰু শৰণ নোলোৱাসকলক ‘বেহাৰী’ বুলি নামকৰণ কৰা হয়। আৰু সেই সময়ৰ পৰাই সোনোৱাল সকলৰ মাজত ‘গোসাই নাম’ অন্তর্ভুক্ত হয়। সত্রাধিকাৰে শৰণ দিয়ালেও সম্প্রতি সোনোৱাল কছাৰীসকল দ্বৈত ধর্মী শৰণ লোৱাৰ পাছৰ পৰা সোনোৱাল সকলৰ মাজত নামঘৰৰ প্রচলন হয়।

৬। চমুটোকা লিখা:

(ক) গগণ চন্দ্র সোনোৱাল (খ) পৰশুৰাম সোনোৱাল

(গ) যোগেশ দাস

(ঘ) যোগেন্দ্রনাথ হাজৰিকা

উঃ গগন চন্দ্র সোনোৱাল: গগন চন্দ্র সোনোৱাল আছিল অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ এজন অসমীয়া সমাজকর্মী আৰু সুসাহিত্যিক।
গগন চন্দ্র সোণোৱালৰ জন্ম হয় তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহ বাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰত। পিতৃৰ নাম তিলক সোনোৱাল আৰু মাতৃৰ নাম অদিতি সোনোৱাল।
মাকুম প্রাথমিক বিদালয়ত তেওঁৰ শিক্ষা-জীৱন আৰম্ভ হয় আৰু ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। পিছত ডিব্রুগড় হনুমান বক্স কার্টন কলেজৰ পৰা কলা শাখাত প্রাক্-স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ শিক্ষা-জীৱনৰ সামৰণি মাবে।
শিক্ষা জীৱনৰ সামৰণি মাৰি ১৯৪৭ চনত শিক্ষক রূপে কর্ম-জীৱনৰ পাতনি মেলে। শিক্ষকতাৰ বাদেও সোনোৱালদেরে স্বাবলম্বী হ’বলৈ জীৱিকাৰ বাবে কৃষিকর্মতো আত্মনিয়োগ কৰিছিল।
ডাঙৰীৰ মধ্য ইংৰাজী বিদ্যালয়ত পঞ্চম শ্রেণীত পড়োতেই গগন চন্দ্র সোনোৱালে সাহিত্য চর্চা আৰম্ভকৰে। বিদ্যালয়ৰ হাতে লেখা আলোচনীৰ পাততেই ১৯৪২ চনত তেওঁৰ ‘মানৱ সভ্যতা আৰু ক্রমবিকাশ’ শিৰোনামৰ প্ৰবন্ধটো ওলাইছিল। সোনোৱালদেৱৰ সাহিত্য সাধনাৰ উৎকৃষ্ট নির্দশনৰূপে বর্তমানলৈকে প্রকাশ পোৱা গ্রন্থসমূহ হৈছেঃ

(১) ‘সোনোৱাল কছাৰীসকলৰ ঐতিহ্য’

(২) ‘অসমৰ সংস্কৃতিত সোনোৱালসকলৰ অৱদান’ আদি চৌবিশটা মৌলিক প্রৱন্ধ

(৩) লোকসাহিত্য-সংগ্রহ, যেনে- গীত-মাত, হায়দাং হুঁচৰি, আইনাম, অপেচৰা নাম, লখিমী নাম ইত্যাদি।

(৪) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিবন্ধ,

(৫) ভাষাণাবলীত সন্নিবিষ্ট হৈছে ঊনৈশটা ভাষণ,

(৬) ছয়টা কবিতা প্রভৃতি বিচিত্র সাহিত্যকর্মই গগন চন্দ্র সোনোৱালৰ জীৱনৰ কীর্তি।

তেওঁ কাকপথাৰত প্রথম শাখা সাহিত্য সভা গঠন কৰিছিল। অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতি আৰু তিনিচুকীয়া জিলাৰ প্রতিষ্ঠাপক সভাপতিৰ পদো অলংকৃত কৰিছিল।
নিজৰ প্রতিষ্ঠা, প্রতিভাৰ প্রশংসাৰ প্রতি নিস্পৃহ, নীৰৱ কৰ্ম সাধনত একান্তভাবে নির্বিষ্ট থকা সোনোৱালদেবে ২০০৯ চনৰ ২৭ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।

(খ) পৰশুৰাম সোনোৱাল: পৰশুৰাম সোনোৱাল আছিল অসমৰ সোনোৱাল কছাৰী জনগোষ্ঠীৰ এজন ক্রীড়াবিদ, সংগীত সাধক, শিক্ষাবিদ, উকিল আৰু লেখক।
পৰশুৰাম সোনোৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে’ তাৰিখে নগাধূলি চাহ বাগিছঙ্খত। তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ আছিল গুটিমালা সোনোৱাল।
গ্রেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত পৰশুৰাম সোনোৱালদেরে প্রাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে আৰু ১৯২৪ চনত প্রথম বিভাগত মেট্রিক পাছ কৰি কটন কলেজৰ পৰা আই, এ. কলা শাখাত প্রথম বিভাগত উত্তীর্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায়। ১৯৩২ চনত তেওঁ ‘ইউনিভাৰচিটি অব কলকাতা’ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল, এল. বি. ত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
পৰশুৰাম সোনোৱাল কেবল যে এজন বিদ্যায়তনিক দিশতে পার্গত হোৱৰ উপৰিও তেওঁ আছিল, ক্রীড়াবিদ, সংগীত সাধনক আৰু লেখক।
যি সময়ত অসমত টেনিছ, ফুটবল আৰু হকী খেলৰ কোনো চিনাকি নাছিল, সেই সময়ছোৱাত পৰশু সোণোৱালে নিজা পাৰদৰ্শিতাবে প্রেছিডেন্সী কলেজৰ ফুটবল, হকী আৰু টেনিছ খেলাত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
তেওঁ কর্মজীবন আৰম্ভ কৰে ১৯৩৪ চনত ডিব্রুগড় উকীল সন্থাত যোগদান কৰি। এই উকীল সস্থাত নাম পঞ্জীয়ন কৰা এম. এ., এল. এল.বি. প্রথম অসমীয়া ব্যক্তিজন হ’ল পৰশুৰাম সোনোৱাল।
পৰশুৰাম সোনোৱাল বহুতো সামাজিক কামতো জড়িত হৈছিল। সোনোৱালদের একেৰাহে ডিব্রুগড় লোকেল ব’ৰ্ডৰ সক্রিয় সদস্য, অসম মেডিকেল স্কুল ব’র্ডৰ সদস্য, জিলা ট্রাইবেল লীগৰ সভাপতি আদিকে ধৰি ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদকরূপে কার্যনির্বাহ কৰিছিল। স্বাধীনতাৰ পাছৰ সময়ছোৱাত অসমৰ অনুন্নত জাতি-জনগোষ্ঠীসমূহৰ সামাজিক, শৈক্ষিক, অর্থনৈতিক তথা সাংস্কৃতিক দিশ আগবঢ়াই নিবলৈ গঠন কৰা ‘সদৌ অসম ট্রাইবেল লীগ’ৰ বাবে তেওঁ বহুতো অৱদান তথা ত্যাগ স্বীকাৰ কৰি গৈছে।
খ্রীষ্টীয় ১৯৬০ চনৰ পহিলা অক্টোবৰৰ দিনা তেওঁ ইহলীলা সম্বৰণ কৰে।

(গ) বৰেণ্য সাহিত্যিক আৰু শিক্ষাবিদ যোগেশ দাস যোগেশ দাস আছিল অসমৰ এজন শিক্ষাবিদ, গল্পকাৰ আৰু ঔপন্যাসিক।
সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ-বাগিছাত। তেওঁৰ পিতৃৰ নাম সূর্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস। তেওঁৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰে। ১৯৪৪ চনত অতি সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ১৯৪৯ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত স্নাতকোত্তৰ হয়।
ছাত্র অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী পৈণত গল্পকাৰৰ পৰিচয় দিছিল। ১৯৫৩ চনত তেওঁৰ প্রথম উপন্যাস ‘সঁহাৰি পাই’ প্রকাশ পায়।
ডুমডুমা হাইস্কুলত শিক্ষকতাবে কর্মজীৱন আৰম্ভ কৰা যোগেশ দাসে ১৯৫৩ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল।
শিক্ষকতা তেওঁৰ অন্তৰৰ আবেদন আছিল যদিও সমান্তৰালভাবে অসমীয়া সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বহুতো গল্প, উপন্যাস, আৰু প্ৰৱন্ধ বচনা কৰিছিল।
যোগেশ দাসৰ গল্প-পুথিসমূহ হ’ল- ‘পপীয়া তৰা’ (১৯৫৬), ‘ডাৱৰৰ আঁৰে আঁবে’ (১৯৫৮), ‘ত্রিবেণী’ (১৯৬১), ‘মদাৰৰ বেদনা’ (১৯৬৩) আৰু ‘হাজাৰ লোকৰ ভীৰ’ (১৯৬৫)। উপন্যাসসমূহ-‘সঁহাৰি পাই’ (১৯৫৩), ‘ডাৱৰ আৰু নাই’ (১৯৫৫), ‘জোনাকীৰ জুই’ (১৯৫৬), ‘উৎকণ্ঠ উৎকণ্ঠ (১৯৬০), ‘ছাঁ জুই খেদি’ (১৯৬১), ‘নিরুপায় নিরুপায়’ (১৯৬৩), ‘এমুঠি ধূলি’ (১৯৬৫), ‘হেজাৰ ফুল’ (১৯৬৭), ‘অবৈধ’ (১৯৭২), ‘জুইৰ ধোঁৱা’ (১৯৭২), ‘নবেশ, মালতী’ (১৯৭৭), আৰু ‘বজনী বিদূৰ’ (১৯৮১) ইত্যাদি। তদুপৰি তেওঁ অন্যান্য বহুতো গ্রন্থ লেখি থৈ গৈছে। ইংৰাজী গ্রন্থ ‘Folk Lore of Assam’, অনুবাদ গ্রন্থ ‘বনে বনে’ জীবনী গ্রন্থ ‘হেম বৰৱা’ ইত্যাদি।
এইগৰাকী প্রথিতযশা গদ্যশিল্পী যোগেশ দাসে জীৱনত বহুতো বঁটা-বাহন লাভ কৰিছিল। ১৯৮০ চনত পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৮৬ চনত ‘আকৌ বনে বনে’ গ্রন্থৰ বাবে ‘মোক্ষদানন্দপাঠক শিশু-সাহিত্য বঁটা’ ১৯৮৯ চনত ‘এনাজৰী’ গ্রন্থৰ বাবে ‘সীতানাথ ব্রহ্মাচৌধুৰী বঁটা’ লাভ কৰে। ১৯৯৪ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘অসম উপত্যকা সাহিত্য বঁটা’।
এইগৰাকী স্থিতপ্রজ্ঞ তথা বৰেণ্য ব্যক্তিৰ ১৯৯৯ চনৰ ৯ চেপ্তেম্বৰত দেহাবসান হয়।

(ঘ) অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী যোগেন্দ্র নাথ হাজৰিকা: যোগেন্দ্র নাথ হাজৰিকা আছিল একেধাৰে কৃতী ছাত্র,
আদর্শ সমাজবাদী, সু-সংগঠক, সু-লেখক, বুদ্ধিজীবী, আলোচনী সম্পাদক, আইনবিদ, সু-দক্ষ সাংসদ, ভাৰতৰ প্রথমগৰাকী বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব, চতুৰ ৰাজনীতিবিদ, বিধায়ক, দক্ষ প্রশাসক, বিধান সভাৰ অধ্যক্ষ তথা অসমৰ প্রাক্তন মুখ্যমন্ত্রী। যোগেন্দ্র নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত ‘যোগেন হাজৰিকা’ নামেৰে অধিক জনাজাত।
যোগেন্দ্র নাথ হাজৰিকা আছিল সকলো গুণেবে বিভূষিত। সুন্দৰ শাৰীৰিক গঠন থকা, বগা খদ্দৰৰ পোছাক পৰিধান কৰিবলৈ ভালপোৱা যোগেন্দ্র নাথ হাজৰিকাৰ আছিল বীৰ-স্থিৰ, গম্ভীৰ, পৰিপাটি, কথা-বতৰাত সংযমী, আচাৰ-ব্যৱহাৰত ভদ্র আৰু বুদ্ধিদীপ্ত ব্যক্তি।
অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখণ্ডীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এটি দৰিদ্ৰ পৰিয়ালত যোগেন হাজৰিকাদেৱৰ জন্ম হৈছিল।
আর্থিক অনটিনৰ বাবে তেওঁৰ পৰিয়ালটো জন্মস্থান টেঙাখাতৰ পৰা বুঢ়ীদিহিঙৰ পাৰৰ হাতীবন্ধা গাঁৱলৈ উঠি গৈছিল। তেওঁলোকৰ বাসস্থান হাতীবন্ধা গাঁৱত সেইসময়ত কোনো প্রাথমিক বিদ্যালয় নথকাত যোগেন হাজৰিকাই টেঙাখাত ঘাঁহি গাঁৱৰ নিজ পৰিয়ালৰ এঘৰত থাকি ওচৰতে ভেকোৱাজান প্রাথমিক বিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল। দৈন্যতাৰ বাবে যোগেন হাজৰিকাই চানা-বাদাম বিক্রী কৰি শিক্ষাৰ খৰচ উলিয়াব লগা হৈছিল। ডিব্ৰুগড়ৰ আগশাৰীৰ আইনবিদ পৰশুৰাম সোনোৱালৰ প্ৰেৰণা আৰু আর্থিক সাহায্যত তেওঁ ১৯৪১ চনত ডিব্ৰুগড় চৰকাৰী ল’ৰাৰ হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ ১৯৪৬ চনত কটন কলেজৰ পৰা স্নাতক, ১৯৪৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত স্নাতকোত্তৰ (এম.এ.) আৰু ১৯৫২ চনত আইনৰ ডিগ্রী লাভ কৰে। উল্লেখযোগ্য যে যোগেন হাজৰিকা সোনোরাল জনগোষ্ঠীৰ দ্বিতীয়গৰাকী এম.এ. আৰু তৃতীয়গৰাকী বি.এল. ডিগ্রীধাৰী ব্যক্তি আছিল।
তেওঁ এজন সুদক্ষ ৰাজনীতিকো আছিল আৰু লোকসভাৰ সাংসদ হৈছিল। তেওঁ ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়োজিত আছিল।
সংসদীয় ৰাজনীতি পৰা হাজৰিকাদেৱে আশীৰ দশকত অসমৰ ৰাজনীতিৰ বিধান সভাৰ মজিয়াত প্রবেশ কৰে। বিধানসভাৰ নিৰ্বাচনত তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ পৰা জনতা দলৰ পৰা অসম বিধান সভালৈ নির্বাচিত হয় আৰু অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হয়। তাৰ পিছত ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্রী হয়।
যোগেন হাজৰিকাদেরে কলিকতা বিশ্বদ্যিালয়ৰ পৰা ১৯৫২ চনত আইনৰ ডিগ্রী লাভ কৰি হাজৰিকাদেৱে ১৯৫২ চনত কলিকতাৰ হাইকর্টত ওকালতি জীৱন আৰম্ভ কৰি সেই বছৰতেই ডিব্ৰুগড়লৈ আহি বাৰ লাইৱেৰীত যোগদান কৰিছিল।
যোগেন হাজৰিকাই সাহিত্য চর্চাও কৰিছিল। ‘ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু গণ পৰিষদ’ আৰু ইংৰাজী ভাষাত লিখা- ‘Consideration on twenty five Million Soul of Trial India’ হাজৰিকাদেৱৰ দুখন অতি উল্লেখযোগ্য গ্রন্থ।
এইজন বহুগুণী যোগেন্দ্রনাথ হাজৰিকাই ১৯৯৭ চনৰ ৩০ চেপ্তেম্বৰ তাৰিখে মৃত্যু ববৰণ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘মহান জাতিৰ ইতিহাস’ গ্ৰন্থখন কাৰ ৰচনা?

উঃ আদিমফা।

২। ‘হিন্দুৰীয়া কছাৰী’ আৰু আৰু ‘বেহাৰী কছাৰী’ বুলিলে কাক বুজায়?

উঃ আহোমৰ স্বৰ্গদেউ গদাপানিৰ ৰাজৰোষত পৰি শ্রীশ্রীকেশরদের গোস্বামীদেরে শদিয়াৰ; সোনোৱালসকলৰ অধ্যুষিত অঞ্চলত আত্মগোপন কৰি থাকোঁতে অতি কৌশলেৰে সোনোৱাল কছাৰীসকলক ‘শৰণ’ দিয়ে। ফলত সোণোৱাল কছাৰীসকল দ্বৈত ধৰ্মত বিভাজিত হয়। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোবাসকলক ‘হিন্দুৰীয়া’ আৰু শৰণ নোলোৱাসকলক ‘বেহাৰী’ বুলি পৰিচিতি লাভ কৰে।

৩। Consideration on twenty five Million Soul of Trial India’ গ্রন্থখনৰ লিখক কোন?

উঃ যোগেন হাজৰিকা।

Sharing Is Caring:

Leave a Comment