তিৱাসাকল Class 10 বৈচিত্ৰ্য়ময় অসম Chapter 1 Solutios
তিৱাসাকল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?
উঃ ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তর্গত তিব্বত বর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ থালৰ লোক।
২। তিৱাসকলে তেওঁলোকৰ উৎসব-পার্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?
উঃ তিৱাসকলে তেওঁকেৰ বিভিন্ন উৎসৱ-পার্বণত ব্যৱাহৰ কৰা বিভিন্ বাদ্যযন্ত্ৰবোৰ হ’ল: ঘ্রাম্ (ঢোল), গ্রাম খুজুৰা, গ্রাম পান্থাই, দুমুদিং, দগর্, পাতিঢোল আদি চাম্ৰাৰ বাদ্যযন্ত্র; বাঁহৰ পাবেৰে তৈয়াৰী রাফাং গ্রাম,, মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), ঘোৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি।
৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?
উঃ তিৱাসকলৰ খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয়
৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উঃ তিৱাসকলৰ উৎসৱসমূহক দুই ভাগত ভাগ কৰা হৈছে: যেনে পাহাৰ অঞ্চলত পালন কৰা উৎসর আৰু ভৈয়াম অঞ্চলত পালন কৰা উৎসব। পাহাৰ অঞ্চলৰ বিভিন্ন পূজা, উৎসৱ-পাৰ্বণবোৰ হৈছে রানছুরা, ছগ্রা, য়াংলী, মুইনাৰী কাষ্টি, লাংখন, মাই পথালা, মাই ৰাৱা, খাল্লাং ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসব-পার্বণবোৰ হৈছে জোনবিল মেলা, বৰত্ গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি।
৫। ফুলগুৰিৰৰ ঘেঁৱা কি?
উঃ ফুলগুৰি বেঁৱা হৈছে অসমৰ প্রথম কৃষক বিদ্রোহ। তিৱাসকলে এই বিদ্রোহৰ নেতৃত্ব দিছিল।
৬। চমুটোকা লিখা:
(ক) ইন্দ্রচিং দেউৰী
(খ) বলাইৰাম সেনাপতি।
উঃ (ক) ইন্দ্রচিং দেউৰী: ইন্দ্রচিং দেউৰী আছিল তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্ৰত আজীবন সংগ্রাম কৰা এজন সমাজকর্মী, লেখক, সংগঠক, সমাজ সংস্কাৰক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক। তেওঁৰ জন্ম হৈছিল কার্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত। তেওঁৰ পিতৃৰ নাম মালচিং পোমা ‘আৰু মাতৃৰ নাম আছিল মামা আমূচি। ১৯৩৯ চনত কার্বি আংলং জিলাৰ বাউলাগোগ প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত অষ্টম শ্রেণীলৈকে পঢ়ি অর্থৰ অভাৱত শিক্ষা-জীৱনৰ সামৰণি মাৰে। ১৯৪৯ চনত ভাৰতীয় বিপ্লবী কমিউনিষ্ট পার্টীৰ পার্টীত যোগদান কৰে। ঘৰৰ অর্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেওঁ ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে ১৯৫৩ চনত গাবো পাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তফা দি তিৱা জাতিক জাগ্ৰত কৰাৰ কামত ব্রতী হয়।
কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজক আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে অতি কষ্টেবে ইন্দ্রচিং দেউলীয়ে বিন্ মাছলাই, ৰবটচিং আমি আৰু পদ্মকান্ত কাকতি আদি ব্যক্তিসকলৰ সহযোগত ১৯৬০ চনত থাৰাখুঞ্জী গাঁৱত ‘তিৱাচা মিচন’ নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। ইন্দ্রচিং দেউৰীয়ে ‘অ’ তিরা, অ’ তিরা ছেৰাণ চাৱা’ নামে এটি জনপ্রিয় গীত ৰচনা কৰিছিল। তিবা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন ‘লালুং দৰবাৰ’ ১৯৬৭ চনত ইন্দ্রচিং দেউৰীৰ নেতৃত্বতেই জন্ম হৈছিল।
ইন্দ্রচিং দেউৰী পোন প্রথম বাৰৰ বাবে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদত ১৯৭৬ চনত সাধাৰণ সদস্য হিচাবে মনোনীত হয় আৰু পৰৱৰ্তী পর্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাবে নিযুক্ত হৈছিল। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ১৯৮১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নির্বাচনত আফ্ৰি সমষ্টিৰ পৰা লালুং দৰবাৰৰ হৈ নির্দলীয় প্রার্থী হিচাবে প্রতিদ্বন্দ্বিতা কৰি নির্বাচিত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল
ইন্দ্রচিং দেউৰী ডাঙৰীয়াই তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰালকো চহকী কৰি থৈ গৈছে। তেওঁৰ বহু তিৱা কবিতা, গীত বিভিন্ন আলোচনী আদিত প্রকাশ পাইছে।
ইন্দ্রচিং দেউৰী ডাঙৰীয়া তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী আছিল। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক আছিল। সেইবাবে পাহাৰৰ তিৱাসকলে ইন্দ্রচিং দেউৰীক ‘ফা পবৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল। তেওঁ ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে ইহলীলা সম্বৰণ কৰে।
(খ) বলাইৰাম সেনাপতি: বলাইবাম সেনাপতি আছিল এজন তিৱা সংস্কৃতিৰ সাধক আৰু সু-প্রতিষ্ঠিত লেখক। তেওঁৰ জন্ম হয় নগাঁও জিলাৰ বুৰঞ্জীপ্রসিদ্ধ বাৰপূজীয়া গাঁৱত, ১৯৩১ চনৰ ৩ মাৰ্চত। তেওঁৰ দেউতাকৰ নাম আছিল বগাৰাম সেনাপতি আৰু মাকৰ নাম আছিল পদ্মেশ্বৰী বৰদলৈ। তেওঁ বাৰপূজীয়া এল. পি. আৰু এম. ভি. স্কুলত প্রাথমিক শিক্ষা গ্রহণ কৰি নগাঁও গবর্ণমেন্ট হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে। আর্থিক দূৰৱস্থাৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ চাকৰিত সোমায়। ‘মিৰি পাহাৰত কি ঘটিছে’ নামৰ ‘ৰামধেনু’ত এটি প্রবন্ধ লিখি তেওঁ চৰকাৰী বিষয়াৰ ৰোষত পৰে আৰু চাকৰি হেৰুৱাবলগা হয়। পিচত তেওঁ কৃষিকৰ্মত মনোনিবেশ কৰে।
বলাইবাম সেনাপতি ছাত্রাবস্থাবে পৰাই সাহিত্য-সংস্কৃতিৰ চৰ্জৰ প্রতি আগ্রহী আছিল। তিৱাসকলৰ গীত-মাত, নৃত্য-বাদ্য এইবোৰৰ চৰ্ম আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিছিল। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদর্শন। তেওঁ তিরা জনগোষ্ঠীব স্বকীয় সংস্কৃতি সংৰক্ষণৰ বাবে ‘তিৱা কৃষ্টি সম্বা’ গঠনত বিশেষ উদ্যোগ গ্রহণ কৰিছিল। তিৱা ভাষাটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। সেনাপতিয়ে তেওঁৰ সৰহসংখ্যক গ্রন্থ অসমীয়া ভাষাতে ৰচনা কৰিছিল। সেনাপতিয়ে ১৯৫৪ চনত ‘মুকুল’ নামৰ এখন গীতৰ পুথি ৰচনা কৰি প্রকাশ কৰে। তেওঁ ৰামধেনুত লিখা তিৱাসকলৰ ‘ৰাতিসেবা’ বিষয়ক প্রবন্ধই সেইসময়ত সমকালীন অসমৰ বিদ্বৎ সমাজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০০ চনত ‘তিরা মাথনলাই তন্ত্রা’ অর্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উল্লেখযোগ্য গ্রন্থকেইখন হ’ল- ‘অতীতৰ সন্ধানত’ (১৯৯৭), ‘পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত’ (১৯৯৭), ‘তিরা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি’ (২০১০)।
সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ স্বীকৃতি হিচাবে ১৯৯১ চনত অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। ইয়াৰ উপৰিও তিৱাসমাজ-সংস্কৃতিৰ একান্ত সাধক, গৱেষক পণ্ডিত হিচাপে নগাঁও জিলা সাহিত্য সভাই ২০১১ চনত তিলক চন্দ্র দেৱশৰ্মা স্মাৰক ‘ড’ সূৰ্য্য কুমাৰ ভূঁঞা বঁটা’ আৰু অসমৰ লোক-সংস্কৃতিৰ সাধক হিচাপে বকুল বন ন্যাস, অসমে ২০১১ চনত ‘বকুল বন বঁটা’ প্রদান কৰিছিল। বলাইবাম সেনাপতিৰ দ্বাৰা ৰচিত গীতি-আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্রই প্ৰচাৰ কৰিছে।
বিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল জীবন যাপন করা অল্পভাষী বলাইবাম সেনাপতিয়ে ২০১৪ চনৰ ১১ মে’ত মৃত্যু বৰণ কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ
১। জোঙাল বলহু কোন আছিল?
উঃ জোঙাল বলহু প্রাকঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক তিৱা ৰজা আছিল।
২। তিৱাসকৰ খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক কি বোলে?
উঃ তিৱাসকলৰ খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয়
৩। তিৱাসকলৰ সামাজিক গাঁথনি আলোচনা কৰা।
উঃ মূলতঃ মাতৃসূত্রীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভহয়। দুই-ততোধিক পৰিয়াল লগ লাগি এটা ‘মাহাৰী’, কেইবাটাও মাহাৰী লগ হৈ এটা ‘কুল’ বা ‘দুটা’, এক বা ততোধিক কূল লগ লাগি এখন ‘খেল’ আৰু এখন বা অধিক খেল লগ লাগি এখন ‘গাঁৱ’ৰ সৃষ্টি কৰে। খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুভব (খেলৰ সমকক্ষ) মুৰব্বীক ‘লব’ বুলি কোৱা হয়। হাৰী কুঁৱৰী সমাজৰ এক সম্মানীয় আৰু মর্যাদাপূর্ণ পদবী। ভৈয়াম অঞ্চলৰ প্রতিটো কুলৰে নিজা উপাসনা গৃহ ‘বৰঘৰ’ বা ‘ন’বাৰ’ৰ উপস্থিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱাৰ উপৰিও বাসগৃহটোক ‘ন’বাৰ’ হিচাপে অভিহিত কৰা হয়। তাৎপর্যপূর্ণভাবে পৰিয়াল কেন্দ্রিক পূজা-অর্চনাবোৰো তাতেই সমাপন কৰা হয়।
৪। পাহাৰীয়া তিৱাসকলৰ সাংস্কৃতিক প্রাণকেন্দ্র কি?
উঃ ‘চামাদি’ বা ডেকাচাং পাহাৰীয়া তিৱাসকলৰ সাংস্কৃতিক প্রাণকেন্দ্র।
৫। তিৱাসকলৰ ধর্মীয় বিশ্বাসৰ বিষয়ে লিখা?
উঃ ধর্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূর্বপুৰুষৰ উপাসক। প্রকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পার্বণত তেওঁলোকে পূর্বপুরুষকো দেবতা বুলি পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উত্তৱ হোৱা বিভিন্ন পন্থা, যেনে শাক্তবাদ, বৈষ্ণৱবাদ, শৈরবাদ, নরবৈষাবাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলবোৰত বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্রীষ্টধর্মই গজালি মেলে।
৪। তিৱাসকলৰ সাজ-সজ্জাৰ বিষয়ে কি জানা লিখা?
উঃ স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুলৰ চানেকীযুক্ত বস্তু তিৱাসকলে পৰিধান কৰে। পুরুষে থানা, তালা, থেনাচ্ ফালি, ফাগা ইত্যাদি আৰু মহিলাসকলে কাছাং, ফাঢুকাই, নাৰা ইত্যাদি পৰিধান কৰে। তদুপৰি কেইবাবিধৰ মণি, যেনে- চাল, চিংলি ল, কল্ পান্থা তিৱাসকলে পৰিধান কৰে। খাইদং, ছন্যানে খাইদং আৰু কফানে খাইদং নামৰ অলংকাৰকেইবিধ কাণত পৰিধান কৰে।
৪। পাহাৰীয়া তিৱাসকলৰ খাদ্যসম্ভাৰৰ বিষয়ে লিখা?
উঃ আমিষভোজী তিৱাসকলৰ টু মেছাম্ (কুকুৰাৰ মঙহ) আৰু বা মেছাম্ (গাহৰিৰ মঙহ) প্রিয় খাদ্য। পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক তেওঁলোকে ‘জা’ বোলে।