Join WhatsApp

Join Now

Join Telegram

Join Now

ৰাভাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 9 Solutions ২০২৫

By নাজমিনা বেগম

Updated On:

ৰাভাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 9 Solutions – আপিনি যদি class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে আপুনি নিচ্ছয় class 10 ৰ ৰাভাসকল সমাধান বা notes বিচাৰি আছে? হয়, চিন্তাৰ কোনো কাৰণ নাই আজি Amar Axom website এ class 10 ৰ ৰাভাসকলৰ বিষয় সম্পূর্ণ সমাধান লৈ আহিছে।

ৰাভাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 9 Solutions

ৰাভাসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 9 Solutions

👉 Read also:

ৰাভাসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?

উঃ গাৰো পাহাৰ জিলাৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ বাণীলৈকে, গাৰো পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল ৰাভাসকলৰ আদি বাসভূমি আছিল।

২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?

উঃ মঙ্গোলীয় ফৈদৰ ৰাভাসকল সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে বংদানী, পাতি, দাহবী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।

৩। ৰাভা সংস্কৃতিৰ প্রতীক কি?

উঃ ৰাভা কৃষ্টি-সংস্কৃতিৰ প্রতীক হ’ল ‘মানচালেংকা’ বা ‘মাছৰোকা’ চৰাই।

৪। ৰাভাসকলৰ প্ৰধান দেবতা কি?

উঃ ৰাভাসকলৰ প্ৰধান দেবতা বিছি বা মহাদের।

৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?

উঃ ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম ‘বায়খো’ পূজা।

(ক) বিষ্ণুপ্ৰসাদ ৰাভা

(খ) ৰাজেন ৰাভা

৬। চমুটোকা লিখা:

উঃ (ক) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা: বিষ্ণুপ্ৰসাদ ৰাভা আছিল

(গ) প্রসন্ন পাম

(ঙ) বীৰুবালা ৰাভা

ৰাভা জনজাতিৰ এজন অসমীয়া কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু স্বাধীনতা বিপ্লৱী। তেওঁ অসমৰ ‘কলাগুৰ’ বুলি পৰিচিত। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত। তেওঁ আছিল চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্র। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভহৈছিল ঢাকাৰ এখন প্রাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভর্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্রহণ কৰে।
খ্রীষ্টীয় ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্রথম হৈ প্রবেশিকা পাছ কৰি ‘বুইন এমপ্লেছ’ পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্রিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গাইছিল, নৃত্য কৰিছিল, অভিনয় কৰিছিল আৰু চিত্র আঁকিছিল। ১৯২৬ চনত কলকাতাব চেল্টপল কলেজত বিজ্ঞান শাখাত নাম ভর্তি হয় আৰু সেই বছৰে এই কলেজৰ ক্ৰিকেট দলৰ কেপ্তেইন নির্বাচিত হয়। চেল্টপল কলেজৰ পৰা প্ৰথম বিভাগত আই, এছ, চি. পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত পদার্থ বিজ্ঞানত অনার্চ লৈ বি. এছ, চি. পড়ে। বিপন কলেজতো তেওঁ ফুটবলৰ কেপ্তেইন নির্বাচিত হয়। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল। দেশপ্রেমী বিষ্ণু ৰাভায়ো স্বাধীনতা আন্দোলনত যোগ দিয়ে আৰু স্বদেশপ্রেমমূলক বিপ্লবী গীত ৰচনা কৰি জনসাধাৰণক স্বাধীনতা বিপ্লৱৰ প্ৰতি উদ্বুদ্ধ করে।
বিষ্ণু ৰাভাই ১৯৩৭ চনত প্রিয়লতা দত্তৰ লগত বিবাহ-পাশত আবদ্ধ হয় যদিও মাত্র ২৮ দিন সংসাৰ পতাৰ পিছতে পত্নীৰ মৃত্যু হয়। ৰাভাদেরে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হয়।
১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লবী নেতা কলাগুক বিষ্ণুপ্ৰসাদ ৰাভাৰ জীবন নাটৰ সামৰণি পৰে।
সমগ্র জীৱন দলিত আৰু অবহেলিতৰ পক্ষে সংগ্রাম কৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন আছিল সীমাহীন দুখ-যন্ত্রণাৰে ভৰা। তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক জনমানসত অমৰ কৰি ৰাখিব।

(খ) ৰাজেন ৰাভা বাজেন ৰাভা অসমৰ ৰাভা জনজাতিৰ এজন কৃতী শিক্ষক, প্রথিতযশা সাহিত্যিক আৰু গৱেষক আছিল। ৰাজেন ৰাভাৰ জন্ম হয় ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত।
ৰাজেন ৰাভাৰ শিক্ষা জীৱন আৰম্ভ হয় স্থানীয় এটি বিদ্যালয়ত। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা অতি দুর্বল হোৱা বাবে প্রাথমিক শিক্ষা সাং কৰি মাত্র পাঁচ টকা পাৰিতোষিকেৰে এখন মাৰোৱাৰী দোকানত কাম কৰিবলৈ লয়। পিছত সংকল্পৰ দৃঢ়তাৰ বাবেই প্রাইভেটকে মেট্রিক, আই, এ. আৰু শেষত অসমীয়া বিভাগত এম এ পৰীক্ষাত উত্তীর্ণ হৈ ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন আৰু গৱেষণা কৰিবলৈ লয়।
কিছুদিন তেওঁ কৃষিকার্যতো মনোনিবেশ কৰাৰ লগতে মণিহাৰী বস্তুৰো বেহাৰ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা আন্দোলনতো তেওঁ যোগদান কৰি ‘কৰিম কিম্বা মৰিম’ বাহিনীত ভর্তি হৈছিল।
ছাত্র অবস্থাৰে পৰা ৰাজেন ৰাভাই সাহিত্যৰ প্রতি আকর্ষিত হয়। পিছলৈ তেওঁ ‘ৰাভা সাধু’, ‘বাভা জনজাতি’ আদিৰ উপৰিও দুকুৰিৰো অধিক প্রৱন্ধ ৰচনা কৰে।
তেওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিবেশনৰ উপসভাপতি আৰু দুধনৈ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্রদান কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকবো বঁটা প্রদান কৰে।

👉 Read also:

(গ) ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম: প্রসন্ন পাম অসমৰ ৰাভা জনগোষ্ঠীৰ এজন শিক্ষাবিদ, গীতিকাৰ আৰু নাট্যকাৰ আছিল। তেওঁক ‘ৰাভা কৃষ্টিৰ ৰূপকাৰ’ বুলি কোৱা হয়।
ৰাভা কৃষ্টিৰ ৰূপকাৰ প্রসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তর্গত লাতাপাৰা গাঁৱত। পিতৃ কলম কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা। পূর্ব গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ প্রাথমিক বিদ্যালয়ত শিক্ষা-জীৱনৰ পাতনি মেলে।
প্রসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্রতী হৈ পৰে। পিছলৈ তেওঁ অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰে। পামে বহু গীত ৰচনা কৰি নিজে সুৰ দিছিল। এইবোৰ গীতৰ কথা আৰু সুবে সাম্প্রতিক সময়লৈকে অতি জনপ্রিয় হৈ আছে। ‘দদান বীৰ’ নাটকৰ জৰিয়তে জনপ্রিয় হোৱা প্রসন্ন পামৰ ‘মাৰুক্ষেত্রী’, ‘সৃষ্টিবিধান’, ‘ময়ৰা শক্তি’, ‘লাঙামুক্তি’, ‘কামগিৰি শক্তি’, ‘পিদান সংসাৰ’, ‘মায়া হাছং’, ‘লেখা তেৱা জমা তংচা’ ইত্যাদি গ্রন্থ অপ্রকাশিত অৱস্থাত বৈ আছে।
সমগ্র জীবন ৰাভা কৃষ্টি অক্লান্তভাবে সাধনা কৰা প্রসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ স’তে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল’ৰা আৰু তিনিজনী ছোৱালীৰ পিতৃ হয়।
১৯৭৮ ইং চনৰ ২ ফেব্রুৱাৰীত এক নির্বাচনী প্রচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুর্ঘটনাত
এইজনা মহান শিল্পীৰ অকাল বিয়োগ ঘটে

(ঘ) সংগ্রামী নেত্রী ড° বীৰুবালা ৰাভাঃ বীৰৰুবালা ৰাভা হৈছে অসমৰ ৰাভা গজনগোষ্ঠীৰ এজনী সমাজ সেবিকা আৰু মানৱ দৰদী সংগ্রামী নেত্রী।
বীৰবালা ৰাভাই গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভকবে। বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা বাভা।
প্রাথমিক বিদ্যালয়ৰ ৩য় শ্রেণীলৈ পঢ়ি মাত্র ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি হয় বোবা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কু-সংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্রিয় অংশ গ্রহণ কৰে। অবিৰামভাবে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ
স্বীকৃতি হিচাপে লাভ কৰা বহুতো বঁটা আৰু স্বীকৃতিসমূহ লাভ কৰে, যেনেঃ
২০০৫ চনত : শান্তিৰ নবেল বঁটালৈ মনোনয়ন।
২০০৫ চনত : Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.
২০১১ চনত সমাজপ্রাণ সর্বেশ্বর দত্ত মেমোৰিয়ল বটা পুৰস্কাৰ প্রদানেৰে ‘সমাজপ্রাণ’ পুৰস্কাৰ।
২০১১ চলত: উর্মিলা দাস মেমোৰিয়েল বঁটা।
২০১২ চনত: ডিব্ৰুগড় মহিলা ক্লাবৰ ‘জয়মতী’ বঁটা প্রদান।
২০১৩ চনত : ইংখং বেলফেয়াৰ ছ’মাইতি কোকৰাঝাৰ জিলাৰ দ্বাৰা ‘মেন অব দা ইয়াৰ’ বঁটা।
২০১৪ চনত শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা ‘বীৰাংগনা মূলাগাভৰু’ বঁটা।
২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্মানীয় ডক্টৰেট ডিগ্রী প্রদান।
বর্তমান তেওঁ ‘Mission Birubala’-ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভারে
কাম কৰি আছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। ৰাভাসকলৰ সামজ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা।

উঃ ৰাভা সমাজ পোনতে মাতৃপ্রধান আছিল যদিও ক্রমে পিতৃপ্রধান সমাজলৈ ৰূপান্তৰিত হৈছে। ল’ৰা-ছোৱালীয়ে মাকৰ (গোত্র)-ত অন্তর্ভুক্ত হয়। কিন্তু বাপেকৰ গোত ‘পাম’ হ’লে আৰু মাকৰ গোত্র ‘বংখ’ হ’লে ল’ৰা-ছোৱালীয়ে ‘ৰংখ’ গোত্ৰত অন্তর্ভুক্ত হয়।
প্রাচীন কালৰে পৰা ৰাভাসকলে সামাজিকভারে একতা ৰক্ষা কৰি আহিছে। বন্য জন্তু চিকাৰ, মৎস্য চিকাৰ আদি পুৰুষ-মহিলাই একেলগে কৰে। গাঁৱৰ পূজা-পাতল, বিবাহ, শ্রাদ্ধ আদিতো সমানে অংশগ্রহণ কৰে। প্রাচীন কালত হোৱা যুদ্ধ-বিগ্রহতো পুৰুষ-মহিলাৰ সক্রিয় সহযোগৰ প্রমাণ পোৱা যায়। খেতি-বাতিতো সমভারে কাম কৰে। যুদ্ধ-বিগ্রহ ভাল পোৱা বাবে ৰাভা জাতিক ‘ক্ষত্রিয়’ বুলিও কোৱা হয়।

২। এজন ৰাভা যোদ্ধাৰ নাম লিখা।

উঃ মাকক্ষেত্রী।

৩। ৰাভা জনজাতিৰ এজন বিশিষ্ট ব্যক্তিৰ নাম লিখা।

উঃ বিষ্ণু প্রসাদ ৰাভা

👉 Read also:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×