সোণোৱাল কছাৰীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 10 Solutions – আপিনি যদি class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে আপুনি নিচ্ছয় class 10 ৰ হাজংসকল সমাধান বা notes বিচাৰি আছে? হয়, চিন্তাৰ কোনো কাৰণ নাই আজি Amar Axom website এ class 10 ৰ হাজংসকলৰ বিষয় সম্পূর্ণ সমাধান লৈ আহিছে।
হাজংসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 11 Solutions
👉 Read also:
হাজংসকল
পাঠভিত্তিক প্রশ্নোত্তৰ
১। হাজংসকল কোন জনগোষ্ঠীৰ লোক?
উঃ হাজৎসকল ইন্ডো-মংগোলীয় জনগোষ্ঠীৰ লোক।
২। হাজংসকলক পার্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?
উঃ ভাৰতীয় সংবিধানৰ সংশোধিত আইন ২০০২’ অনুসৰি হাজংসকলে ভৈয়ামৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি লাভ কৰে।
৩। বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?
উঃ হাজংসকল বর্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামরূপ, বাস্কা, ওদালগুৰি, চিৰাং, দবং, লখিমপুৰ, ধেমাজী, নগাঁও আদি জিলাৰ অ’ত ত’ত বসবাস কৰি আছে।
৪। হাজংসকলৰ মূল জীবিকা কি?
উঃ হাজংসকলৰ মূল জীৱিকা হ’ল কৃষি।
৫। বাস্তুদেও পুজা কেতিয়া অনুষ্ঠিত কৰে?
উঃ হাজংসকলে বাস্তুদেও পূজা বহাগ মাহত অনুষ্ঠিত করে।
৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপর্য কি?
উঃ হাজংসকলৰ ঘৰৰ আগচোতালত এখন কাছৰি ঘৰ থাকে। কাজুৰি ঘৰক ‘বাট চ’ৰা ঘৰ’ বুলিও কোৱা হয়। এসময়ত গাঁৱৰ মুৰব্বীৰ ঘৰ হাউলিতহে কাছৰি ঘৰ আছিল। কাছৰি ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলেহে নিশা শুয়ে। গাঁৱলৈ পুৰুষ আলহী-অতিথি আহিলেও এই কাছবি ঘৰতহে ৰাতি থকিবলৈ দিয়া হয়।
অতিৰিক্ত প্রশ্নোত্তৰ
১। হাজংসকলৰ সামাজিক বান্ধোনৰ বিষয়ে এটি টোকা লিখা।
উঃ হাজংসকল পৰম্পৰাগতভাৱে তিনিটা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে। যেনেঃ (১) গাঁও গিয়াতি, (২) পাঁচ গিয়াতি আৰু (৩) জোৱাৰ বা চাকুলা। সমাজৰ যিকোনো ধৰণৰ দ্বন্দ-খৰিয়াল প্রথমতে গাঁও গিয়াতিৰ মুৰব্বীয়ে মীমাংসা কৰে। গঞাৰ কোনো বিষয় সেইজন মুৰব্বীয়ে যদি মীমাংসা কৰিব নোৱাৰে, তেনেহ’লে পাঁচ গিয়াতিৰ মুৰব্বীসকলে মেল পাতি সামাধান কৰে। সমাজৰ কোনো জটিল সামাজিক সমস্যা হ’লে জোৱাৰ বা চাক্লাৰ মুৰব্বীসকলে মেল মাতি সমাধান কৰে।
👉 Read also:
২। হাজংসকলৰ নামকৰণ সম্পর্কে এটি টোকা লিখা।
উঃ ‘হাজং’ নামৰ আঁতিগুৰি সম্পৰ্কত বিভিন্নজনৰ বিভিন্ন মত।
জনশ্রুতি অনুসৰি হাজংসকল এসময়ত ‘হাজং’ নামৰ ভূখণ্ডৰ পৰা প্ৰৱজিত হৈ অহাৰ কাৰণে এই জনগোষ্ঠীৰ নাম হাজৎ হৈছে।
দ্বিতীয়তে, তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম আছিল হাজো। এই হাজোৰ জন বা বংশৰ লোক হিচাপে জনগোষ্ঠীৰ নাম হাজং হয় বুলি মতপোষণ কৰা হয়।
তৃতীয় মত অনুসৰি, হাজং শব্দটো প্রতিবেশী গাৰোসকলেহে দিয়া নাম। এই জনগোষ্ঠীৰ মূল জীৱিকা কৃষি। হাজংসকল সমতল ভূমিবোৰত বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ কঠোৰ পৰিশ্ৰমেৰে হাল বাই খেতি কৰি আহিছিল। সমতল ভূমিৰ দ মাটিৰ সৈতে ওতঃপ্রোতভাবে জড়িত হৈ থকা দেখি গাৰোসকলে এই জনগোষ্ঠীক হাজং নামকৰণ কৰে। গাৰো ভাষাত ‘হা’ আৰু ‘জং’ শব্দৰ অৰ্থ ক্রমে মাটি আৰু পোক। এনেদৰে ‘হাজং’ শব্দৰ উদ্ভৱ হোৱা বুলি জনা যায়।
৩। হাজংসকল ধর্ম বিশ্বাস সম্পর্কে আলোচনা কৰা।
উঃ হাজৎসকল হিন্দু ধর্মাবলম্বী হ’লেও তেওঁলোকৰ পৰম্পৰাগত জনগোষ্ঠীয় ধর্মও সমন্বিত রূপত ক্রিয়াশীল হৈ আছে। প্রকৃতিৰ বিভিন্ন অশুভ ক্রিয়া-কলাপ, অপায়-অমঙ্গলৰ পৰা পৰিত্ৰাণ পাবলৈ হাজংসকলে বিশ্বাস আৰু ভক্তিৰে বিভিন্ন দেৱ-দেৱী পূজা কৰে। তেওঁলোকৰ পূজ্য দেৱ-দেৱীৰ ভিতৰত বাইশ বা বাস্তুদেও মূল দেবতা। প্রতিখন গঞা সমাজ মিলি তেওঁলোকে বাইশ বা বাস্তুদেও পূজা কৰে। এই পূজা বহাগ মাহত অনুষ্ঠিত কৰে। চুবুৰী বা গাঁৱৰ পৰা কিছু আওহতীয়া ঠাইত বাইশ দেৱতাৰ থান সজোৱা হয়। বাইশ বা বাস্তু দেৱতাৰ লগতে অন্যান্য কেইবাটাও দেৱ-দেৱীৰ থান শাৰী শাৰীকৈ থাপন কৰা হয়।
হাজৎসকল ধর্ম আচৰণৰ দিশত দুই শ্রেণীত বিভক্ত। (১) হাজং শাক্ত আৰু (২) খাটল (বৈষ্ণর)। জনগোষ্ঠীয় পৰম্পৰা ধর্মীয় আচৰণত চলা লোকসকল হাজং শাক্ত আৰু যিসকল হাজঙে বৈস্তর পন্থা অৱলম্বন কৰি বৈষ্ণৱ, অধিকাৰী হৈছে তেওঁলোক খাটল বা বৈষ্ণৱ শ্রেণীব। শাক্তসকলে মাছ-মঙহ, ঘৰুৱা মদ, আদৰি আমিষ আহাৰী। আনহাতে খাটল শ্রেণীৰ লোকসকল বৈষ্ণৱ আচৰণত বিশ্বাসী। বৈষ্ণৱ পন্থী হাজংসকলৰ কাৰো কাৰো ঘৰত শালগ্রাম বিগ্রহ আছে আৰু পুৰুষানুক্রমে এই শালগ্রাম বিগ্রহক বিষ্ণু দেৱতা হিচাপে নিতৌ পূজা অর্চনা কৰি আহিছে। তেওঁলোকে জন্মাষ্টমী, বাধা অষ্টমী, বাসযাত্রা, দৌলযাত্রা আদি বিশেষ বিশেষ তিথিত উৎসব-পার্বণ উদ্যাপন কৰে। ভাগবত, ৰামায়ণ, মহাভাৰত, গীতা আদি পাঠ কৰি কৃষ্ণ-স্তুতিনে নাম কীর্তন গায়।
👉 Read also:
- ৰাভাসকল প্রশ্ন উত্তৰ
- সোণোৱাল কছাৰীসকল প্রশ্ন উত্তৰ
- নাথ যোগীসকল প্রশ্ন উত্তৰ
- আদিবাসীসকল প্রশ্ন উত্তৰ