Join WhatsApp

Join Now

Join Telegram

Join Now

সাহিত্য সমালোচনা উপন্যাস Class 12 Advance Assamese Chapter 14 Solutions

By নাজমিনা বেগম

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক সাহিত্য সমালোচনা উপন্যাস Class 12 Advance Assamese Chapter 14 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

সাহিত্য সমালোচনা উপন্যাস Class 12 Advance Assamese Chapter 14 Solutions

সাহিত্য সমালোচনা উপন্যাস Class 12 Advance Assamese Chapter 14 Solutions

উপন্যাস

১। উপন্যাস কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰ: সাহিত্যৰ বিভিন্ন শাখাবোৰৰ ভিতৰত উপন্যাস এক জনপ্রিয় উল্লেখযোগ্য শাখা। অসমীয়া ‘উপন্যাস’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল Novel। ই ইটালী Novella (নভেলা) শব্দৰ পৰা আহিছে বুলি কোৱা হয়। ইটালী Novella শব্দটোরে গদ্যত লিখিত প্রেমমূলক আখ্যান বা অভিজানমূলক কাহিনীক বুজাইছিল। ইটালীত এনেকুৱা ৰচনা চতুর্দশ আৰু পঞ্চদশ শতিকাত জনপ্রিয় হৈছিল। উদাহৰণ স্বৰূপে ‘গিঅ’ভান্নি বকাচিঅ’য়ে ১৩৫০ খ্রীষ্টাব্দত ‘ডেকামেৰ’ ৰচনা কৰিছিল। সোতৰ শতিকাত ইংলণ্ডত কিছুমান গদ্য লিখক যথা জন বনিয়ন, জনাথান চুইফট, ডেনিয়েল ডিফো, থমাচ ন্যাচ আদিয়ে ইটালীয় নভেলা আৰু অন্যান্য আখ্যানমূলক কাহিনীৰ অনুকৰণত কিছুমান কাল্পনিক বর্ণনাত্মক কাহিনীৰ সৃষ্টি কৰিছিল। ১৭৪০ চনত ইংৰাজ লিখক চেমুৱেল বিচাৰ্ডচনে ‘পামেলা’ নামৰ এখন কাল্পনিক বর্ণনাত্মক কাহিনী ৰচনা কৰে। এইখন প্রকাশৰ লগে লগে প্রাকৃতার্থত আধুনিক উপন্যাসৰ পৰম্পৰা আৰম্ভহয় বুলি কোৱা হয়।। ইয়াৰ পিছত অন্যান্য ইংৰাজ লিখক যেনে হেনৰী ফিল্ডিং, স্কুলেট, ষ্টার্ন, আদি লিখকে এনেজাতীয় সাহিত্য বিকাশত অৰিহণা যোগায়। পিছলৈ চার্লচ ডিকেন্স, জর্জ ইলিয়ট, জেন আঙ্কিন, চাৰ উইলিয়াম স্কট আদিয়ে এই জাতীয় সাহিত্যৰ পূৰ্ণতা আনে। তেতিয়াৰ পৰাই উপন্যাস সাহিত্য বিশ্বৰ আন আন ভাষাতো ৰচনা হ’বলৈ ধৰে।

উপন্যাসৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ধৰণে আগবঢ়াইছে। অক্সফোর্ড অভিধানৰ মতে, “উপন্যাস হৈছে যথেষ্ট দীঘল মনে সজা কথাৰ গল্প য’ত প্রকৃত জীৱনৰ প্রতিনিধিত্বমূলক চৰিত্ৰ আৰু কার্য-কলাপ কম বেছি পৰিমাণে জটিল কাহিনীত চিত্রিত হয়।” মুঠতে উপন্যাসৰ সংজ্ঞা যিয়েই নহওক কিয়, বিশ্বৰ প্রতিনিধিত্বশীল উপন্যাস অধ্যয়ন কৰিলে দেখা যায় যে সেইবোৰত কিছুমান লক্ষণ আৰু উপাদান আছে যিবোৰ উপাদান প্রায় সকলোবোৰ উপন্যাসতে কম বেছি পৰিমাণে পোৱা যায়। ইয়াৰ প্ৰধান উপাদানসমূহ হ’ল – কাহিনী, চৰিত্ৰ, কথোপকথন, সংলাপ আৰু লিখকৰ জীৱন দর্শন। তলত এই উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

কাহিনী (Plot): উপন্যাসৰ প্ৰথম কেঁচা সামগ্রী বা উপাদানটো হৈছে কাহিনী। কাহিনী বুলিলে কোনো বর্ণনাত্মক লিখনিত থকা অনুক্রমিক ঘটনাৰাজিক বুজায়। কাহিনী এটাই কোনো এটা বা অধিক বিষয়ক লক্ষ্য হিচাপে লৈ বর্ণিত হয়। উপন্যাসত এটা বা তাতোধিক ঘটনা বর্ণিত হ’ব পাৰে। ইয়াৰ কাহিনী প্রায়ে কাল্পনিক হয় যদিও ইয়াৰ বাস্তবতাও থাকে। যিবোৰ উপন্যাসত এটাতকৈ অধিক ঘটনা বর্ণিত হয় আৰু এটাৰ লগত আনটোৰ যুক্তিসংগত মিল নাথাকে সেইবোৰ উপন্যাসক যৌগিক কাহিনীৰ উপন্যাস (Novel of Compound Plot) বুলি কোৱ হয়। আনহাতে যিবোৰ উপন্যাসত মাত্র এটা কাহিনী বা বিষয় থাকে সেইবোৰ উপন্যাসক সৰল কাহিনীৰ উপন্যাস (Novel of Single Plot) বুলি কোৱা হয়।
আকৌ কাহিনী উপস্থাপনৰ দিশৰ পৰা উপন্যাসক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে: শিথিলবন্ধী উপন্যাস আৰু কঠোৰ বন্ধী উপন্যাস। যিবোৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্নভাবে সংলগ্ন কৰা হয় সেইবোৰ উপন্যাসক শিথিলবন্ধী উপন্যাস (Novel of Loose Plot) বুলি কেৱা হয়। অসমীয়া ভাষাত ৰজনীকান্ত বৰদলৈৰ উপন্যাস যেনে মনোমতী, ৰঙিলী, ৰহদৈ লিগীৰি আদি এনে শিথিল বন্ধী উপন্যাস। আনহাতে যিবোৰ উপন্যাসত কাহিনীবোৰ এটাৰ লগত আনটো অংগাঙ্গীভাবে জড়িত বা মিল থাকে সেইবোৰ উপন্যাসক কঠোৰবন্ধী উপন্যাস (Novel of Organic Plot) বুলি কোৱা হয়।

চৰিত্ৰ (Character): উপন্যাস এটিৰ ঘটনা বা কাহিনীৰ লগত জড়িত ব্যক্তিক উপন্যাসৰ ‘চৰিত্ৰ’ বুলি কেৱা হয়। উপন্যাসৰ পৰিসৰৰ কোনো ধৰা-বন্ধা সীমা নাই বাবে উপন্যাসত বহুত চৰিত্ৰৰ সমাবেশ ঘটিব পাৰে। উপন্যাসৰ চৰিত্ৰবোৰৰ বৈশিষ্ট্য আৰু সিহঁতৰ অস্তিত্ব অনুযায়ী দুই শ্রেণীত ভাগ কৰিব পাৰি, যেনে স্থিৰ চৰিত্ৰ (Stable Character) আৰু পৰিৱৰ্তনশীল চৰিত্ৰ (Changing Character) উপন্যাসৰ যিবোৰ চৰিত্ৰ সিহঁতৰ ভূমিকা, আচৰণ আৰু দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা শেষলৈ একেই থাকে তেনে চৰিত্ৰক ‘স্থিৰ চৰিত্ৰ’ বুলি কোৱা হয়। আনহাতে যিবোৰ চৰিত্ৰ উপন্যাসখনৰ আদিৰ পৰা শেষলৈ পৰিস্থিতি সাপেক্ষে সিহঁতৰ আচৰণ, দৃষ্টিভংগী, ভূমিকা আদিৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল হৈ থাকে তেনে চৰিত্ৰক ‘পৰিবৰ্তনশীল চৰিত্ৰ’ বুলি কোৱা হয়।

আকৌ চৰিত্রাংকন অনুসৰি উপন্যাসৰ চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰি আৰ্হিমূলক চৰিত্ৰ (Type Character) আৰু স্বতন্ত্র বা মৃক্তক চৰিত্ৰ (Individual Character)। যিবোৰ চৰিত্ৰই কেনো এক মানব গোষ্ঠী বা শ্রেণী বা অঞ্চলক প্রতিনিধিত্ব কৰে সেইবোৰ চৰিত্ৰক আর্হিমূলক চৰিত্ৰ বোলে। আনহাতে যিবোৰ চৰিত্ৰৰ নিজস্ব কিছুমান আচৰণ, স্বভাব, অভ্যাস বা তেনে কোনো গুণ থাকে যি গুণবোবে তেওঁক অন্যান্য চৰিত্ৰবোৰৰ পৰা বা তেওঁৰ গোষ্ঠী বা শ্ৰেণীৰ পৰা পৃথকতা দান কৰে তেনে চৰিত্ৰক স্বতন্ত্র বা মুক্তক চৰিত্ৰ বোলে।

উপন্যাসত গ্রহণ কৰা ভূমিকা অনুসৰি চৰিত্ৰবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি, যেনে-প্রধান চৰিত্ৰ আৰু গৌণ চৰিত্ৰ। উপন্যাসৰ যিবোৰ চৰিত্ৰই উপন্যাসখনৰ আদিৰ পৰা শেষলৈ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থাকে আৰু উপন্যাসখনৰ কাহিনীভাগৰ বিকাশ ঘটাই পৰিণতিৰ পিনে আগুৱাই নিয়ে সেইবোৰ চৰিত্ৰক প্রধান বা মুখ্য চৰিত্ৰ (Principal Character) বুলি কোৱা হয়। আনহাতে যিবোৰ চৰিত্ৰ মূল কাহিনীৰ লগত কোনো সম্পৰ্ক নাৰাখে বা বিক্ষিপ্ত ভাবে মুখ্য চৰিত্ৰৰ তলতীয়া হিচাপে সামান্য ভূমিকা গ্রহণ কৰে সেইবোৰ চৰিত্ৰক গৌণ চৰিত্ৰ (Minor Character) বুলি কোৱা হয়।

মুখ্য চৰিত্ৰবোৰৰ ভিতৰত যি চৰিত্ৰই কাহিনীখনত মুখ্য স্থান পায় বা যাক কেন্দ্ৰ কৰি অন্যান্য চৰিত্ৰবোৰে নিজৰ নিজৰ ভূমিকা গ্রহণ কৰি থাকে সেই চৰিত্ৰটোক উপন্যাসখনৰ নায়ক বা নায়িকা (Hero or Hero-ine/Protagonist) বুলি কোৱা হয়। আনহাতে যিজন প্রধান চৰিত্ৰই উপন্যাসখনৰ আদিৰ পৰা অন্তলৈ নায়কজনৰ বিৰুদ্ধে ভূমিকা গ্রহণ কৰি নায়ক বা নায়িকাজনীৰ লক্ষ্যস্থানত উপনীত হোৱাত নানান প্রতিবন্ধকতাৰ সৃষ্টি কৰি ঘটনা এটিক বহল কৰে বা আগবঢ়াই লৈ যায় সেই চৰিত্ৰক খলনায়ক (Antago-nist) বোলে।

পৰিবেশ (Atmosphere): উপন্যাসৰ আন এক উপাদান হৈছে পৰিৱেশ সৃষ্টি। পৰিৱেশ হৈছে আমাৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট অবস্থা। পৰিৱেশে ঘটনা এটিৰ নায়ক, নায়িকা বা ব্যক্তি এজনৰ দেহ ভংগী, পোছাক পৰিচ্ছদ আদিকো সামৰি লয়। ঔপন্যাসিক এজনে বর্ণনা কৰিবলৈ লোৱা ঘটনা এটা কি পৰিৱেশত সংঘটিত হৈছে তাৰ বৰ্ণনা উপন্যাসটিত থাকিব লাগে। পৰিবেশ অংকনে উপন্যাস এটিক বাস্তবধর্মীতা, বিশ্বাসযোগ্যতা আৰু সজীবতা দান কৰে।

সংলাপ (Dialogue): অন্যান্য উপাদানৰ দৰে সংলাপো উপন্যাসৰৰ এক আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ কাহিনীৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপ সমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাব আদি প্রকাশ পোৱাৰ উপৰিও কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়।

লিখকৰ জীৱন দৰ্শন (Philosophy of Life): জীবন দর্শন বুলিলে মানব জীবন, মানৱ আচৰণ বা মানৱ কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। উপন্যাসত লিখকৰ জীৱন দর্শন কেতিয়াবা প্রত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাবে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দর্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্রকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীৱন দর্শনটো উহ্যও ৰাখিব পাৰে।

বিষয়বস্তু অনুসৰি উপন্যাসক কেইবাটাও শ্ৰেণীৰ ভাগ কৰা হৈছে, যেনেঃ সামাজিক উপন্যাস, ৰাজনৈতিক উপন্যাস, মনস্তাত্ত্বিক উপন্যাস, অপৰাধমূলক উপন্যাস, বিজ্ঞান ভিত্তিক উপন্যাস, প্রতীকধর্মী উপন্যাস, বুৰঞ্জীমূলক উপন্যাস, আত্মজীবনীমূলক উপন্যাস আদি।

২। ঐতিহাসিক উপন্যাস (বুৰঞ্জীমূলক উপন্যাস) ওপৰত এটি টোকা লিখা। H. S. ’16, ’18, ’20

উত্তৰ: উপন্যাসৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত ঐতিহাসিক উপন্যাস এটি উল্লেখযোগ্য বিভাগ। ঐতিহাসিক উপন্যাসত উপন্যাসৰ সাধাৰণ উপাদানসমূহ থকাৰ উপৰিও এনে উপন্যাসৰ কাহিনীভাগ ইতিহাসৰ পৰা লোৱা হয়। অৱশ্যে ঐতিহাসিক উপন্যাস মানে ইতিহাস নহয়। ঐতিহাসিক সত্য বা তথ্য প্রকাশ কৰা ঐতিহাসিক উপন্যাসৰ মূল উদ্দেশ্য হ’ব নোৱাৰে। কাৰণ বুৰঞ্জীত মানুহৰ ৰাজনৈতিক দিশেেটাৰ কথাহে পোবা যায়, পাৰিবাৰিক বা ঘৰুৱা জীৱনৰ আভাষ বুৰঞ্জীত পোৱা নাযায়। ঐতিহাসিক উপন্যাসত যিটো যুগৰ কাহিনী লোৱা হয় সেই যুগৰ সামাজিক আৰু পাৰিবাৰিক জীৱনত আলোকপাত কৰাটো ঔপন্যাসিকৰ প্ৰধান কর্তব্য। এনে উপন্যাসত ঘটনা এটি সংঘটিত হোৱা সময়ছোৱাৰ সামাজিক পৰিৱেশ, সাজ-সজ্জা, বীতি-নীতি, আচাৰ-আচৰণ, কথা-বতৰা আদি ফুটাই তোলাৰ চেষ্টা কৰা হয়। অৱশ্যে অতীতৰ কোনো এটা যুগক একপক্ষীয়ভাবে হুবহু অনুকৰণ কৰিব নোৱাৰি। সেয়া হ’লেও ঐতিহাসিক উপন্যাস এটি পঢ়াৰ সময়ত যাতে পাঠকে ঘটনা এটিৰ সময়-কালৰ লগত পৰিচয় হ’ব পাৰে তাৰ চেষ্টা কৰিব লাগে।

ইংৰাজ উপন্যাসিক চাৰ ৱাল্টাৰ স্কটক ঐতিহাসিক উপন্যাসৰ বাটকটীয়া বুলি কোৱা হয়। তেওঁ কেইবাখনো সফল ঐতিহাসিক উপন্যাস ৰচনা কৰি এই শ্ৰেণীৰ উপন্যাস সাহিত্যক পৰিপূৰ্ণতা দি থৈ গৈছে। অসমীয়া ভাষাত পোন প্রথমতে ঐতিহাসিক উপন্যাস ৰচনাত হাত দিয়ে ৰজনীকান্ত বৰদলৈদেৱে। তেওঁৰ একমাত্র ‘মিৰি জীয়ৰী’ উপন্যাসখনৰ বাহিৰে বাকী আটাইবোৰে উপন্যাসেই ঐতিহাসিক উপন্যাস। অসমীয়া উপন্যাস সাহিত্য জগতত সেয়ে ৰজনীকান্ত বৰদলৈক ‘অসমৰ স্কট’ বুলি কোৱা হয়।

৩। সামাজিক উপন্যাসৰ ওপৰত এটি টোকা লিখা।

উত্তৰ: উপন্যাসৰ বিভিন্ন বিভাগবোৰৰ ভিতৰত উল্লেখযোগ্য এটি বিভাগ হৈছে সামাজিক উপন্যাস। সামাজিক উপন্যাসৰ পটভূমি হৈছে এখন সমাজ। এনে উপন্যাসত সমসাময়িক সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ চিত্ৰ দাঙি ধৰা হয়। এনে উপন্যাসত বিশেষকৈ প্ৰেমৰ চিত্ৰ, অর্থনৈতিক চিত্র, পৰিয়াল বা ব্যক্তি বিশেষৰ মাজত আদৰ্শৰ দ্বন্দ্ব আদি দেখুৱা হয়। বর্তমান কালৰ সৰহভাগ উপন্যাসেই সামাজিক উপন্যাস। অসমীয়া ভাষাত বহুতো উৎকৃষ্ট সামাজিক উপন্যাস আছে। তাৰ ভিতৰত হিতেশ ডেকাৰ ‘এয়েতো জীবন’ বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ আদি শ্রেষ্ঠ অসমীয়া সামাজিক উপন্যাসৰ উদাহৰণ।

৪। উপন্যাস আৰু চুটিগল্পৰ মাজত পাৰ্থক্য নির্ণয় কৰা। H. S. ’17, ’15, ’18

নাইবা

চুটিগল্প আৰু উপন্যাসৰ মাজত থকা মিল-অমিলসমূহ দেখুৱাই এটা নাতিদীর্ঘ টোকা যুগুত কৰা। H. S. ’20

নাইবা

চমু টোকা লিখা: চুটিগল্প আৰু উপন্যসৰ পাৰ্থক্য H. S. ’16

উত্তৰ: চুটি গল্প আৰু উপন্যাস দুয়ো সাহিত্যৰ দুটি জনপ্রিয় শাখা। দুয়ো বিধ সাহিত্যৰ গঠনকাৰী উপাদান একেই তথাপি পৰিসৰ আৰু বিষয়বস্তু উপস্থাপনৰ দিশৰ পৰা দুয়োৰে মাজত পার্থক্য আছে, যেনে-

প্রথমতে, চুটিগল্পৰ পৰিসৰ স্বল্প। চুটি গল্পত এটা মাত্র কাহিনী বা জীৱনৰ এটা মত্র দিশহে প্রতিফলিত
হয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল। ইয়াত এটাতকৈ অধিক কাহিনী বা বহুত উপ কাহিনী থাকিব
পাৰে।

দ্বিতীয়তে, চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াত অধিক চৰিত্ৰৰ সমাবেশ ঘটিব নোৱাৰে। চুটি গল্পত এটা বা দুটাহে মুখ্য চৰিত্ৰ থাকিব পাৰে। সেয়ে চুটি গল্পত পৰিপূৰ্ণ চৰিত্রাঙ্কন সম্ভৱ নহয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল হোৱা বাবে ইয়াত ঔপন্যাসিকে বহুত চৰিত্ৰৰ সমাবেশ ঘটাব পাৰে আৰু নিজৰ ইচ্ছানুযায়ী চৰিত্রাংকন কৰিব পাৰে।

তৃতীয়তে, চুটি গল্পকাৰ এজনে চুটি গল্পৰ স্বল্প পৰিসৰৰ ভিতৰত তেওঁৰ কাহিনীটো উপস্থাপন কৰিব লগা হোৱা বাবে বহুত নীতি- নিয়ম মানি চলিব লাগে। মিতব্যয়ীতা চুটিগল্পৰ এক প্রধান গুণ। চুটি গল্পত এই গুণটো বজাই ৰাখিব লাগে। আনহাতে উপন্যাস হৈছে সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত আটাইতকৈ বেছি শিথিল বা ঢিলা। সেয়ে উপন্যাসিক এজনে কাহিনী বিস্তাৰ বা চৰিত্রাংকনত অধিক স্বাধীনতা ভোগ কৰে।

চতুর্থতে, উপন্যাসত এক সুবিন্যস্ত আৰু সুপৰিকল্পিত কাহিনীৰ আৱশ্যক। কিন্তু চুটি গল্পত কাহিনী থাকে যদিও কাহিনী চুটি গল্পৰ আৱশ্যকীয় উপাদান নহ’বও পাবে।

১৪। চমু টোকা লিখাঃ

(ক) উপন্যাসৰ সংলাপ (H. S. ’15, ’16): অন্যান্য উপাদানৰ দৰে সংলাপো উপন্যাসৰৰ এক আৱশ্যকীয় উপাদান। সংলাপ বুলিলে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা কথোপকথনক বুজায়। কিন্তু সংলাপ সংক্ষিপ্ত আৰু যথাযথ হোৱা উচিত। লিখকে সংলাপসমূহ তেওঁৰ কাহিনীৰ চৰিত্ৰৰ ভূমিকা, সামাজিক মর্যদা, পেশা আদিৰ লগত খাব খোৱাকৈ ৰচনা কৰিব লাগে। তাৰোপৰি সংলাপ সমূহ এনে হ’ব লাগে যাতে সংলাপৰ মাজেদি চৰিত্ৰ এটাৰ উদ্দেশ্য, আচৰণ, স্বভাৱ আদি প্রকাশ পোৱাৰ উপৰিও কাহিনীভাগ আগবঢ়াই নিয়াত সহায়ক হয়।

(খ) বিষয়-বস্তু অনুসৰি উপন্যাসৰ শ্রেণী বিভাজন (H. S. ’15): উপন্যাস হৈছে যথেষ্ট দীঘল মনে সজা কথাৰ গল্প য’ত প্রকৃত জীৱনৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰ আৰু কার্য-কলাপ কম বেছি পৰিমাণে জটিল কাহিনীত চিত্রিত হয়। বিষয়বস্তু অনুসৰি উপন্যাসক কেইবাটাও শ্ৰেণীৰ ভাগ কৰা হৈছে, যেনেঃ সামাজিক উপন্যাস, ৰাজনৈতিক উপন্যাস, মনস্তাত্ত্বিক উপন্যাস, অপৰাধমূলক উপন্যাস, বিজ্ঞান ভিত্তিক উপন্যাস, প্রতীকধর্মী উপন্যাস, বুৰঞ্জীমূলক উপন্যাস, আত্মজীবনীমূলক উপন্যাস আদি। এইবোৰৰ ভিতৰত সামাজিক উপন্যাসৰ সংখ্যা সৰহ। অসমীয়া ভাষাত আজিলৈকে প্রকাশ পোৱা উপন্যাসসমূহৰ প্ৰায়ভাগেই সামাজিক উপন্যাস যদিও অসমীয়া ভাষা ঐতিহাসিক উপন্যাস সাহিত্যতো চহকী। ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসখনৰ বাহিৰে তেওঁৰ সকলোবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস। অসমীয়া সামাজিক উপন্যাসসমহুৰ ভিতৰত যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’ লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱী’, বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’ আদি বিখ্যাত সামাজিক উপন্যাস।

উপন্যাসৰ চৰিত্ৰ (H. S. ’17, 18, 20): উপন্যাস এটিৰ ঘটনা বা কাহিনীৰ লগত জড়িত ব্যক্তিক উপন্যাসৰ ‘চৰিত্ৰ’ বুলি কেৱা হয়। উপন্যাসৰ পৰিসৰৰ কোনো ধৰা-বন্ধা সীমা নাই বাবে উপন্যাসত বহুত চৰিত্ৰৰ সমাবেশ ঘটিব পাৰে। উপন্যাসৰ চৰিত্ৰবোৰৰ বৈশিষ্ট্য আৰু সিহঁতৰ অস্তিত্ব অনুযায়ী দুই শ্রেণীত ভাগ কৰিব পাৰি, যেনে – স্থিৰ চৰিত্ৰ (Stable Character) আৰু পৰিবৰ্তনশীল চৰিত্র (Changing Character। উপন্যাসৰ যিবোৰ চৰিত্ৰ সিহঁতৰ ভূমিকা, আচৰণ আৰু দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা শেষলৈ একেই থাকে তেনে চৰিত্ৰক ‘স্থিৰ চৰিত্ৰ’ বুলি কোৱা হয়। আনহাতে যিবোৰ চৰিত্ৰ উপন্যাসখনৰ আদিৰ পৰা শেষলৈ পৰিস্থিতি সাপেক্ষে সিহঁতৰ আচৰণ, দৃষ্টিভংগী, ভূমিকা আদিৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল হৈ থাকে তেনে চৰিত্ৰক ‘পৰিৱৰ্তনশীল চৰিত্ৰ’ বুলি কোৱা হয়।

আকৌ চৰিত্রাংকন অনুসৰি উপন্যাসৰ চৰিত্ৰবোৰক দুটা ভাগত ভাগ কৰিব পাৰি আৰ্হিমূলক চৰিত্ৰ (Type Character) আৰু স্বতন্ত্র বা মৃক্তক চৰিত্ৰ (Individual Character)। যিবোৰ চৰিত্ৰই কেনো এক মানব গোষ্ঠী বা শ্রেণী বা অঞ্চলক প্রতিনিধিত্ব কৰে সেইবোৰ চৰিত্ৰক আর্হিমূলক চৰিত্ৰ বোলে। আনহাতে যিবোৰ চৰিত্ৰৰ নিজস্ব কিছুমান আচৰণ, স্বভাব, অভ্যাস বা তেনে কোনো গুণ থাকে যি গুণবোৰে তেওঁক অন্যান্য চৰিত্ৰবোৰৰ পৰা বা তেওঁৰ গোষ্ঠী বা শ্ৰেণীৰ পৰা পৃথকতা দান কৰে তেনে চৰিত্ৰক স্বতন্ত্র বা মুক্তক চৰিত্ৰ বোলে।

কাল্পনিক উপন্যাস (H. S. ’17): উপন্যাস হৈছে যথেষ্ট দীঘল মনে সজা কথাৰ গল্প য’ত প্ৰকৃত জীৱনৰ প্রতিনিধিত্বমূলক চৰিত্ৰ আৰু কাৰ্য-কলাপ কম বেছি পৰিমাণে জটিল কাহিনীত চিত্রিত হয়। উপন্যাস দৰচলতে কাল্পনিক সাহিত্য বুলি ধৰা হয় যদিও ই আচলতে বাস্তৱৰ ওপৰত প্রতিষ্ঠিত হয়। ঔপন্যাসিকে বাস্তর ঘটনাৰ আলমত নিজৰ সৃষ্টিশীলতা যোগ দি কল্পনাৰ ৰহন সানি উপন্যাস ৰচনা কৰে। আজিলৈকে বিশ্বৰ বিভিন্ন ভাষাত ৰচিত হোৱা উপন্যাসমূহ কাল্পনিক উপন্যাস যদিও ইয়াৰ সৰহভাগৰ বাস্তৱ ভিত্তি আছে। অৱশ্যে কিছুমান এনে উপন্যাস আছে যিবোৰ অতি কাল্পনিক, যেনেঃ ফৰাচী ঔপন্যাসিক ভল্টেয়াৰৰ কেণ্ডিদ, ইংৰাজ ঔপন্যাসিক লুইচ কেৰলৰ ‘অজান দেশত এলিচ’ ইটালী উপন্যাস পিনক্কিঅ’ আদি। অসমীয়া ভাষাত কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ আদি অতি কাল্পনিক উপন্যাস। এই শ্রেণীৰ উপন্যাসমূহ প্রায়ে ৰূপকাত্মক হয়।

ঔপন্যাসিকৰ জীবন দর্শন (H. S. ’19): জীবন দর্শন বুলিলে মানব জীবন, মানৱ আচৰণ বা মানর কাৰ্যৰ ওপৰত এক মতামত বা ধাৰণা প্রতিফলন হোৱাক বুজায়। উপন্যাসত লিখকৰ জীৱন দৰ্শন কেতিয়াবা প্রত্যক্ষভাৱে আৰু কেতিয়াবা পৰোক্ষভাৱে প্রকাশ পায়। অৱশ্যে লিখকৰ জীৱন দৰ্শন তেওঁৰ চৰিত্ৰৰ কাৰ্যৰ মাজেদি, বক্তব্যৰ মাজেদি বা ঘটনাৰ মাজেদি প্রকাশ কৰিব পাৰে বা লিখকে তেওঁৰ জীবন দর্শনটো উহ্যও ৰাখিব পাৰে। উদাহৰণস্বৰূপে যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’ উপন্যাসখনত ঔপন্যাসিকে তেওঁৰ কাহিনীভাগৰ দ্বাৰা দেখুৱাইছে যে জীৱন সুখ-দুখ, হাঁহি-কান্দোনৰ সমষ্টি। সুখ আৰু দুঃখ এটাই আনটোক অনুসৰণ কৰে। সেইদৰে লক্ষ্মীন্দন বৰা ‘মৃত্যুঞ্জয়’ উপন্যাসত দেখুৱাইছে যে যিমানেই কঠিন নহওঁক কিয় মানুহে দৃঢ়তাৰে সংগ্রাম কৰিলে জয় অবশ্যম্ভাবী। এনেদৰে ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ ‘মিৰি জীয়ৰী’ উপন্যাসত দেখুৱাইছে যে প্রেমত সামাজিক বাধা যিমানে প্রবল হয় প্রেম সিমানে গভীৰ হয়।

উপন্যাসৰ পটভূমি (H. S. ’19): উপন্যাসৰ পটভূমি বুলিলে যি ঘটনা, পৰিৱেশ, সময় বা সমাজক আশ্ৰয় কৰি উপন্যাসৰ কাহিনী আগবাঢ়ে তাকে বুজোৱা হয়। উপন্যাসাত পটভূমিৰ গুৰুত্ব অপৰিসীম। কাৰণ প্ৰতিটো ঘটনাৰ আঁৰত কোনো এক নির্দিষ্ট সময়, সমাজ আৰু পৰিৱেশ থাকে। উপন্যাসিকে সেই পটভূমিৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ কাহিনী উপস্থাপন কৰে। পটভূমিয়েই উপন্যাস এটিক স্বকীয়তা দান কৰে। উদাহৰণস্বৰূপে ‘লক্ষ্মীনন্দন বৰাৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ পটভূমি হৈছে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন। এই পটভূমিত ৰচিত বাবেই গোটেই উপন্যাসখনত সেই সময়চোৱাৰ ছাপ স্পষ্ট। উপন্যাসখনত কাহিনী আছে যদিও আমি পঢ়ি যোধাৰ লগে লগে সেই সময়ৰ সামাজিক, ৰাজনৈতিক, ধর্মীয় আৰু সাংস্কৃতিক জীৱনৰ স্পষ্ট ছবি দেখিবলৈ পাওঁ। সেইদৰে ৰুছ উপন্যাসিক ডষ্টভয়েস্কি বা মাক্সিম গোকীৰ উপন্যাসত সেই সময়ত অত্যাচাৰী আৰু স্বেচ্ছাচাৰী জাৰ শাসনৰ অধীনত জনসাধাৰণে জীয়াতু ভোগাৰ চিত্ৰ পোৱা যায়। সেয়ে উপন্যাসত পটভূমিৰ ভূমিকা অসীম। উপন্যাস এখনৰ পটভূমি যিমানে গুৰুত্বপূৰ্ণ হ’ব উপন্যাসখনো সিমানে আকর্ষণীয় আৰু গুৰুত্বপূৰ্ণ হোৱাৰ সম্ভাবনা থাকে।

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment