শিক্ষা আৰু মূল্যবোধ ৰচনা Essay in Assamese
শিক্ষা আৰু মূল্যবোধ ৰচনা Essay in Assamese: শিক্ষা আৰু মূল্যবোধ, মূল্যবোধ হৈছে সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবলৈ ব্যৱহৃত নীতি আৰু আদর্শ, যিবোৰ মানুহে শিক্ষাৰ জৰিয়তে আয়ত্ব কৰে। সমাজত কোনো কাৰ্যৰ মূল্য তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।
শিক্ষা আৰু মূল্যবোধঃ
শিক্ষা আৰু মূল্যবোধ একে সুঁতিত গঁথা। সভ্যতাৰ বিকাশ আৰু সমাজৰ প্রয়োজনৰ লগে লগে মূল্যবোধৰ পৰিৱৰ্তন হয়। প্রাচীন ভাৰতত শিক্ষা আছিল নৈতিকতা আৰু আধ্যাত্মিকতাৰ ওপৰত ভিত্তি কৰি সমাজৰ প্ৰয়োজন পূৰণৰ কে উপায়। সেই যুগত ধর্ম, অর্থ, কাম, আৰু মোক্ষক কেন্দ্ৰ কৰি শিক্ষা প্ৰদান কৰা হৈছিল।
আধুনিক শিক্ষা আৰু মূল্যবোধঃ
ইংৰাজৰ শাসনকালত ভাৰতীয় মূল্যবোধত পৰিৱৰ্তন ঘটে। আধুনিক শিক্ষা বস্তুবাদত কেন্দ্রীভূত হৈ নৈতিক আৰু আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব হ্রাস কৰি দিয়ে। বর্তমান শিক্ষানীতিত নৈতিক গুণসমূহৰ বিকাশৰ বাবে যথেষ্ট গুৰুত্ব দিয়া নহয়। HSLC ’16
👉 Read Also:
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- মোৰ জীৱনৰ লক্ষ্য ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- অসমৰ কুটিৰ শিল্প অসমীয়া ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা
সামৰণিঃ
সামাজিক জীৱনত মূল্যবোধৰ অৱক্ষয় বন্ধ কৰিবলৈ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন। শিক্ষানীতিত বিদ্যার্থীৰ তথ্যগত আৰু নৈতিক বিকাশৰ বাবে পাঠ্যক্ৰম পৰিকল্পনা কৰিব লাগিব। কিয়নো নৈতিকতা আৰু আধ্যাত্মিকতাই সমাজত মানৱীয় গুণৰ বিকাশ ঘটাব
পাৰে।

