মোৰ প্ৰিয় সাহিত্যিকজন অসমীয়া ৰচনা Essay in Assamese
লক্ষ্মীনাথ বেজবৰুৱা মোৰ প্ৰিয় সাহিত্যিকজন, লক্ষ্মীনাথ বেজবৰুৱা মোৰ অতি প্রিয় সাহিত্যিক। তেওঁৰ সাহিত্য মোৰ মনৰ বিনোদন আৰু অনুপ্ৰেৰণাৰ উৎস।
বেজবৰুৱাৰ জন্ম ১৮৬৪ চনৰ লক্ষ্মীপুৰ্ণিমাৰ দিনা। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজ চৰকাৰৰ অধীনত মুন্সিফৰ পদত চাকৰি কৰিছিল। উচ্চ শিক্ষিত পৰিয়ালত ডাঙৰ দীঘল হোৱা লক্ষ্মীনাথে শিক্ষাৰ এক সুস্থ পৰিৱেশ পাই শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কলিকতাৰ চিপন কলেজৰ পৰা বি.এ. ডিগ্রী লাভ কৰে।
তেওঁ কলিকতাৰ ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কলিকতাৰ পৰা নিজৰ সাহিত্য সাধনাৰ পথ আৰম্ভ কৰি, অসমীয়া ভাষাৰ উন্নয়নৰ বাবে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰাৰ লগতে আৰু ‘জোনাকী’ আলোচনীৰ জন্ম দিয়ে।
বেজবৰুৱাই বিভিন্ন সাহিত্য শাখাত উল্লেখযোগ্য অৱদান ৰাখিছে। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত ‘জোনবিৰি’, সুৰভি’, ‘সাধুকথা’ ‘বুঢ়ী আইৰ সাধু’, ‘পদুম কুঁৱৰী’, ‘জয়মতী’ আদি উল্লেখযোগ্য।
তেওঁৰ সাহিত্যকৰ্মত হাস্যৰস, আৰু স্বদেশপ্ৰেমৰ উজ্জ্বল প্রতিফলন দেখা যায়। বেজবৰুৱাৰ শব্দ চয়ন আৰু বাক্য বিন্যাস সুকীয়া আৰু মনোকার্ষক।
লক্ষ্মীনাথ বেজবৰুৱাদেৱ যে অকল সাহিত্যিক হিচাপে মোৰ প্ৰিয় সেয়া নহয়, তেওঁ মোৰ এজন আদর্শ ব্যক্তিও। তেওঁ আছিল স্বাধীনচেতীয়া, অসমীয়া জাতি আৰু ভাষা-সাহিত্যৰ চিৰ হিতাকাঙ্খী, সফল আলোচনী সম্পাদক, উদাৰ বৈষ্ণৱ, স্বদেশপ্রেমিক, অসমীয়া কৃষ্টিৰ পৃষ্ঠপোষক আৰু সমাজ সংস্কাৰক। মুঠতে অসমীয়া জাতি গঠনত শ্রীমন্ত শংকৰদেৱৰ যি অৱদান অসমীয়া ভাষা সাহিত্যৰ বিকাশত বেজবৰুৱাদেৱৰ সেই অৱদান।
মই ভাবো যে সাহিত্য পঢ়ি সোৱাদ, আনন্দ আৰু জ্ঞান লাভ কৰাৰ মানসিকতা থকা যিকোনো ব্যক্তিয়ে সাহিত্যৰথী বেজবৰুৱাদেৱৰ সাহিত্যকর্ম ভাল পাব।
You May Like:
- ৰেডিঅ’ ৰচনা এক সৃজনশীল আৰু জ্ঞানৰ উৎস
- অসমীয়া বিহু ৰচনা Essay on Bihu in Assamese
- লাচিত বৰফুকন ৰচনা Lachit Borphukan Essay in Assamese