Join WhatsApp

Join Now

Join Telegram

Join Now

মোৰ প্ৰিয় গ্রন্থ ৰচনা Essay in Assamese

By Rabbi Masrur

Published On:

মোৰ প্ৰিয় গ্রন্থ অসমীয়া ৰচনা Essay in Assamese

মোৰ প্ৰিয় গ্রন্থ ৰচনা Essay in Assamese

ভূমিকা

মোৰ প্ৰিয় গ্রন্থ ৰচনা Essay in Assamese: মই যেতিয়াৰে পৰা মাতৃভাষাৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰে পৰা গ্ৰন্থৰ সৈতে মোৰ গভীৰ আত্মীয়তা গঢ় লৈ উঠে। পাঠ্যপুথি পঢ়াৰ উপৰি মই অৱসৰ সময়ত সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী, ৰঘুনাথ চৌধাৰী, কাজী নজরুল ইছলাম, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি বহু বিশিষ্ট সাহিত্যিকৰ গ্ৰন্থ অধ্যয়ন কৰিছোঁ। এইসকল সাহিত্যিকৰ অধিকাংশ গ্রন্থেই মোৰ প্ৰিয় যদিও আজি মোক মোৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে লিখিবলৈ দিয়াত মই এখন বিশেষ গ্রন্থ বাছি ললোঁ, যিখনে ভাৰতীয় সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভকৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। HSLC ’16, 18, 24,26

👉 Read Also:

গ্ৰন্থ পৰিচয়

মোৰ প্ৰিয় গ্ৰন্থখনৰ নাম ‘গীতাঞ্জলি’। ইয়াৰ ৰচক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ‘গীতাঞ্জলি’ এখন গীতি-কবিতাৰ সংকলন, য’ত শতাধিক বাংলা গীত সন্নিবিষ্ট হৈছে। এই গ্ৰন্থখনৰ জৰিয়তেই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব সাহিত্যত অমৰ হৈ ৰয় আৰু তেওঁ ন’বেল পুৰস্কাৰে বিভূষিত হয়।

‘গীতাঞ্জলি’ বাছি লোৱাৰ কাৰণ

বহু উৎকৃষ্ট গ্ৰন্থৰ মাজৰ পৰা মই ‘গীতাঞ্জলি’ক মোৰ প্ৰিয় গ্রন্থ হিচাপে বাছি লোৱাৰ মূল কাৰণ হৈছে ইয়াৰ গভীৰ দাৰ্শনিক ভাব, সার্বজনীন আবেদন আৰু আত্মিক সৌন্দর্য। ‘গীতাঞ্জলি’ৰ বিষয়বস্তু বিশ্লেষণ কৰিলে ইয়াৰ মহত্ব সহজে বুজিব পৰা যায়।

গ্ৰন্থখনৰ মূল বিষয়বস্তু

‘গীতাঞ্জলি’ৰ মূল প্রতিপাদ্য বিষয় হৈছে প্রেম। এই প্রেম বহু-মুখী ঈশ্বৰপ্ৰেম, মানৱপ্রেম, প্রকৃতিপ্রেম আৰু স্বদেশপ্রেম। এই চাৰিও ধৰণৰ প্ৰেম গ্ৰন্থখনত শাখা-উপশাখাৰ দৰে বৈ আহি এক অনাবিল, বিশাল আৰু স্বর্গীয় প্ৰেমত মিলিত হৈছে।

ঈশ্বৰ প্ৰেম

গ্ৰন্থখনৰ প্ৰথম গীততেই কবিয়ে নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিছে-

“আমাৰ মাথা নত কৰে দাও হে

তোমাৰ চৰণ ধূলাৰ তলে।

সকল অহংকাৰ হে আমাৰ

ডুবাও চোখেৰ জলে।”

(গীত নং-১)

কবিয়ে আত্মপ্ৰচাৰ বিমুখ জীৱন যাপন কৰি নিজৰ কৰ্মৰ মাজেৰে ঈশ্বৰৰ ইচ্ছা পূর্ণ হোৱাটো কামনা কৰিছে-

“আমাৰে না যেন কৰি প্ৰচাৰ

আমাৰ আপোন কাজে-

তোমাৰি ইচ্ছা কৰহে পূর্ণ

আমাৰ জীৱন মাঝে।”

(গীত নং- ১)

কবি ঈশ্বৰৰ ওচৰত সহায় নিবিচাৰে, বৰঞ্চ দুঃখ আৰু বিপদ জয় কৰাৰ শক্তি বিচাৰে-

“বিপদে মোৰে ৰক্ষা কৰো

এনোহে মোৰ প্ৰাৰ্থনা-

বিপদে আমি না যেন কৰি ভয়।

দুঃখ তাপ ব্যথিত চিত্তে

নাইবা দিলে সান্ত্বনা,

দুঃখ যেন কৰিতে পাৰি জয়।”

(গীত নং-৪)

স্বদেশপ্রেম

‘গীতাঞ্জলি’ত কবিৰ স্বদেশপ্রেম গভীৰ আৰু আবেগময়-

“জননী তোমাৰ চৰণ খানি

হেৰিনু আজি অৰুণ কিৰণ ৰূপে।

জননী তোমাৰ মৰণ হৰণ বাণী

নীৰব গগনে ভৰি উঠে চুপে চুপে।”

(গীত নং-১৪)

স্বাধীনতা সংগ্রামত জঁপিয়াই পৰা যুঁজাৰুসকলক সাহস যোগাই কবিয়ে লিখিছে-

“ছাড়িস নে ধৰে থাক এঁটে,

ওৰে হবে তোৰ জয়।

অন্ধকাৰ যায় বুঝি কেটে,

ওৰে আৰ নেই ভয়।”

(গীত নং-১০৯)

প্রকৃতি প্রেম

কবিৰ প্ৰকৃতিপ্রেম ৰোমান্টিক আৰু সৌন্দর্যময়-

“আজ ধানেৰ খেতে ৰৌদ্র ছায়ায়

লুকোচুৰি খেলা।

নীল আকাশে কে ভাসালে

সাদা মেঘেৰ ভেলা।”

(গীত নং-৮)

ভাষা আৰু শৈলী

‘গীতাঞ্জলি’ৰ ভাষা সৰল, সাবলীল, সংগীতধর্মী আৰু গভীৰ কাব্যিক ৰসৰে ভৰপূৰ। শব্দচয়ন আৰু ছন্দৰ মাধুৰ্যই পাঠকৰ হৃদয় সহজে স্পর্শ কৰে।

উপসংহাৰ

অৱশেষত ক’ব পাৰি যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলি’ অকল বাংলা সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদ। ভগৱৎপ্রেম, মানৱতা আৰু সাৰ্বজনীন মূল্যবোধৰ যি আন্তৰিক প্ৰকাশ এই গ্রন্থখনত দেখা যায়, সেয়া অনন্য। এই সকলো কাৰণতেই গীতাঞ্জলি’ মোৰ অতি প্রিয় গ্ৰন্থ। মোৰ দৃঢ় বিশ্বাস-যিকোনো সংবেদনশীল পাঠকে এই গ্রন্থখন পঢ়িলে ইয়াক নিজৰ প্ৰিয় গ্ৰন্থ হিচাপে গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰে।

👇
মোৰ প্ৰিয় গ্রন্থ ৰচনা [Shorts]

গ্রন্থ সভ্যতাৰ পৰিচায়ক। ই মানুহক জ্ঞানৰ পথত ধাৱমান কৰে আৰু মনক শান্তি প্রদান কৰে। গ্রন্থ অধ্যয়নে দুখ-কষ্ট পাহৰাই আনন্দ আনে। সেইবাবে গ্রন্থ পঢ়াক নিয়মীয়া অভ্যাস হিচাপে গঢ়ি তোলা উচিত। প্রিয় গ্রন্থ ‘মিৰি।

জীয়ৰী’ঃ

মোৰ প্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ হৈছে অন্যতম। এই উপন্যাসখনে মিৰি সমাজৰ জীৱন, প্রথা আৰু সংস্কৃতিৰ বাস্তৱ প্ৰতিফলন দাঙি ধৰিছে।

মিৰি জীয়ৰীৰ কাহিনীঃ

‘মিৰি জীয়ৰী’ এখন সামাজিক উপন্যাস, য’ত জঙ্কি আৰু পানেইৰ কৰুণ প্ৰেমৰ কাহিনী বর্ণনা কৰা হৈছে। দুয়ো শৈশৱত লগৰী হৈ ডাঙৰ হয় আৰু পৰস্পৰৰ প্ৰেমত পৰে। কিন্তু পানেইৰ পিতৃ তামেদে নিজৰ সিদ্ধান্তত তাইৰ বিয়া কুমুদৰ সৈতে বন্দোবস্ত কৰে। জঙ্কিয়ে পানেইক সংগ দিবৰ চেষ্টা কৰে, কিন্তু মিৰি সমাজৰ কঠোৰ নিয়ম আৰু পৰম্পৰাই তেওঁলোকক মিলত বাধা দিয়ে। অৱশেষত, জঙ্কি-পানেইৰ প্ৰেম সমাজৰ স্বীকৃতি নাপাই, মৃত্যুক সাৱটি ল’বলৈ বাধ্য হয়।

পটভূমি আৰু চৰিত্ৰঃ

উপন্যাসখনৰ পটভূমিয়ে মিৰি সমাজৰ জীৱনক চমৎকাৰভাৱে চিত্রিত কৰিছে। জঙ্কি-পানেইৰ লগতে ত্যাগময় ডালিমী আৰু কঠোৰ তামেদৰ দৰে চৰিত্ৰসমূহ উপন্যাসখনৰ গাঁথনি মজবুত কৰিছে।

উপন্যাসৰ বিশেষত্বঃ

‘মিৰি জীয়ৰী’ মাত্ৰ প্ৰেম কাহিনী নহয়, ই মিৰি সমাজৰ জীৱনধাৰা আৰু মিৰি সমাজৰ সমস্যা কেৰুণসমূহ দাঙি ধৰিছে। লেখকে উপণয়াসৰ জৰিয়তে আশা কৰিছে যে সমাজে এনে ঘটনাবোৰৰ পুনৰাবৃত্তি নহ’বলৈ চেষ্টা কৰিব। কাহিনী, চৰিত্ৰ আৰু আঞ্চলিক বৈশিষ্ট্যৰে সমৃদ্ধ এই উপন্যাসখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। HSLC ’16, 18, 24,26

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment