Join WhatsApp

Join Now

Join Telegram

Join Now

মোৰ গাওঁ Class 12 Advance Assamese Chapter 4 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক মোৰ গাওঁ Class 12 Advance Assamese Chapter 4 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মোৰ গাওঁ Class 12 Advance Assamese Chapter 4 Solutions

মোৰ গাওঁ Class 12 Advance Assamese Chapter 4 Solutions

মোৰ গাওঁ – ডিম্বেশ্বৰ নেওগ

কবি পৰিচয়ঃ ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬) এজন অসমীয়া কবি, সমালোচক, গৱেষক আৰু বুৰঞ্জী প্রণেতা আছিল। তেওঁৰ জন্ম হয় শিৱসাগৰৰ কমাৰদফীয়া গাওঁত। পিতৃৰ নাম মানিক চন্দ্র নেওগ। শিৱসাগৰত স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা বি. এছ, ছি. পাছ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। পাছলৈ এম. এ. আৰু বি. টি. পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰ পৰা অৱসৰ লয়। কলেজীয়া সময়ৰ পৰাই ‘বাঁহী’ আলোচনীত কবিতা আৰু প্ৰৱন্ধ লিখে। তেওঁৰ কবিতা পুথিসমূহ হ’ল- মালিকা, থুপিতৰা, মালতী, ইন্দ্রধনু, মুকুতা, শ্বহীদ কাৰবালা, থাপনা আদি। তেওঁৰ অন্যান্য গ্রন্থবোৰ হ’ল- আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভুমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতি গুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ, গ্ৰুথ অফ দ্য এচামিচ লেংগুবেজ আদি। ইংৰাজী ভাষাতো তেওঁ কেইবাখনো আলোচনামূলক গ্রন্থ ৰচনা কৰিছিল।
১৯৬৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। সেই বছৰৰে ১১ নবেম্বৰত তেওঁৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থঃ

বিনন্দীয়া: অতি ধুনীয়া, আনন্দপূর্ণ। বঙহঃ বংশ, গোত্র। ছকঠীয়াখনি: গাত লোৱা আলোৱান। জন্মান্তৰঃ এই জন্মৰ বা পাছৰ কোনো জন্ম।
কুষ্ঠুট: হিংসা, কুটিলতা। কপট: চাতুৰী, প্ৰতাৰণা, কৃত্রিমতা।

পাঠভিত্তিক প্রশ্ন-উত্তৰ:

১। ‘মোৰ গাওঁ’ কবিতাটিত প্রকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিবৰণ দিয়া।

উত্তৰ: ‘মোৰ গাওঁ’ নামৰ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগদেৱে স্মৃতিপটৰ পৰা তেওঁৰ গাঁৱলীয়া অতীত জীৱনৰ ৰোমন্থন কৰিছে।

কবিয়ে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰদফীয়া গাওঁখন অতি ভাল পায়। সময়ৰৰ সোঁতত কবিয়ে গাওঁখনৰ পৰা আঁতৰি প্ৰৱসুৱা জীবন অতিবাহিত কৰিলেও তেওঁ নিজৰ গাওঁখনক পাহৰিব পৰা নাই। কমাৰদফীয়া গাওঁখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ প্ৰথমছোৱা সময় অতিবাহিত কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ তেওঁ শৈশৱত কটোৱা গাওঁখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাওঁখন আছিল অতি সমৃদ্ধিশালী। মানুহৰ মাজত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কছিল। মাঘৰ বতৰত কবিয়ে লগৰীয়াসকলৰ লগত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত ম’ই- যুঁজ, গৰু- যুঁজ চাই আনন্দ লাভ কৰিছিল। সেই গাওঁখনতে তেওঁ জীৱনৰ চকু মেলি বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। গাওঁৰ সকলো মানুহকে আপোন বাই-ভনী, ককাই-ভাই জ্ঞান কৰিছিল। তেওঁৰ লগৰীয়া, সমনীয়াসকলৰ লগত উমলি ডাঙৰ হোৱা আৰু আপোন লোকসকলৰ লগত পতা কথাবোৰ কবিৰ স্মৃতিপটত জিলিকি উঠে। কবিয়ে ভাৱে তেওঁৰ গাওঁখন যেন বিশ্বব্ৰহ্মাণ্ডৰ এক ক্ষুদ্র তাঙৰণ। সেয়ে কবিয়ে নিজৰ গাওঁখনক অতি ভাল পায়।

২। কবিয়ে কবিতাটিত কমাৰদফীয়া (বা কমাফদীয়া) গাওঁৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা।

উত্তৰঃ কবিয়ে ‘মোৰ গাওঁ’ নামৰ কবিতাটিৰ শেষার্ধত গাওঁখনৰ অতীত অৱস্থা আৰু বৰ্তমানৰ লগত ৰিজনি কৰি বহুত পৰিবর্তন দেখা পাইছে। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্রিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আর্থিক অৱস্থাও অবনমিত হৈছে। অভাৱৰ তাড়নাত বহুত গা ৰাইজে গাওঁ এৰি অনাই-বনাই ঘুৰি ফুৰিছে। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ উদ্দীপনা নাই। আজি বিহুৰ বতৰত ঢোলৰ মাতত সিহঁতৰ মন মতলীয়া নহয়। গঞা ৰাইজৰ মাজতো আগৰ সেই আপোন ভাৱ নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। কবিৰ বহুতো লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাৰে দিখৌৰ পাৰ ধুৱলী-কুঁৱলী ৈেহছে।

গাওঁখনৰ এই অবাঞ্চিতপৰিৱর্তন দেখি কবিৰ মন দুখেৰে ভৰি পৰিছে। তেওঁ আশংকা কৰিছে হয়তো এদিনাখন গাওঁখনৰ অস্তিত্ব হেৰাই যাব। কিন্তু কবি গর্বিত যে শৈশৱত নিজৰ গাওঁখনতে উপভোগ কৰা সেই অকৃত্রিম সৰলতা তেওঁ পৃথিৱীৰ আন কতো বিচাৰি পোৱা নাই। সেয়ে কবিয়ে তেওঁৰ গাওঁখন অতি ভাল পায়।

৩। প্রসঙ্গ-সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।

(ক) ‘বিশ্বৰ সৌন্দৰ্যখনি! জন্মভূমি তই মাথোঁ এচমকা ব্ৰহ্মাণ্ডৰ হিয়া H. S. ’16

উত্তৰ: উদ্ধৃত কবিতাফাঁকি উচ্চতৰ মাধ্যমিক অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ‘মোৰ গাওঁ’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিৰ কমাৰদফীয়া গাওঁখন যে বিশ্বব্রহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰপুৰ তাকে বুজাবলৈ উক্ত পংক্তিটোব অৱতাৰণা কৰিছে।
কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ আদিছোৱা সময় তেওঁৰ জন্মস্থান কমাৰদফীয়া গাওঁখনতে কটাইছিল। সেই সময়ত গাওঁখনত প্রাকৃতিক সৰলতা বিৰাজ কৰিছিল। গঞা ৰাইজৰ মাজত মিলাপ্রীতি আছিল। অর্থনৈতিকভাবেও স্বাবলম্বী আছিল। কিন্তু সময়ৰ গতিত গাওঁখনে আগৰ সেই ঐতিহ্য হেৰুৱাই পেলোৱাত কবিৰ মন বিষাদেৰে ভৰি পৰিছে। কিন্তু সেয়া হ’লেও কবিৰ দৃষ্টিত তেওঁৰ গাওঁখন বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা।

(খ) ব্রহ্মাণ্ডত চালি-জাৰি ক’তো হ’লে পোৱা নাই এদিনৰ কাৰণেও সৰলতা আজি তেনেকুৱা। H. S. ’15, ’18

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি উচ্চতৰ মাধ্যমিক অসমীয়া সাহিত্য সংকলনৰ অন্তর্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ‘মোৰ গাওঁ’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাকিৰ মাজেদি কবিয়ে নিজৰ গাওঁখনৰ মানুহৰ সৰলতাৰ বিষয়ে ব্যক্ত কৰিছে।

কবিয়ে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰদফীয়া গাওঁখন অতি ভাল পায়। কবিয়ে তেওঁৰ শৈশৱ পাৰ কৰা গাওঁৰ মানুহৰ মাজত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কৰিছিল। গাওঁৰ সকলো মানুহকে কবিয়ে আপোন বাই-ভনী, ককাই-ভাই জ্ঞান কৰিছিল। কিন্তু সময়ৰ গতিত গাওঁখনে আগৰ সেই সেই সৰলতা, সেই ঐতিহ্য হেৰুৱাই পেলাইছে। সেয়ে কবিৰ মন বিষাদেৰে ভৰি পৰিছে। কিন্তু সেয়া হ’লেও কবিৰ দৃষ্টিত তেওঁৰ গাওঁখন বিশ্বব্রহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা। তেনেকুৱা সৌন্দর্যময়ী গাওঁ বিশ্বৰ আন ক’তো নাই বুলি কবিয়ে ভাবিছে। অর্থাৎ কবিয়ে নিজৰ গাওঁখনক অতি ভাল পায়।

(গ) জাতীয় উছর আদি কোনো ৰঙ ধেমালিতে নাই প্রাণ আগৰ সিদবে। ধনকে মাথোন চিনি মৰম নিচিনা হ’ল ধনেই কেবল হ’ল দয়া স্নেহ মূলতে সবাবে। H. S. ’17, ’19

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি উচ্চতৰ মাধ্যমিক অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ‘মোৰ গাওঁ’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে শৈশৱত পোৱা তেওঁৰ কমাৰদফীয়া গাওঁখনৰ লগত জীৱনৰ বিয়লি বেলাত পোৱা গাওঁখনৰ তুলনা কৰিছে।
কবিয়ে শৈশৱ পাৰ কৰা তেওঁৰ কমাৰদফীয়া গাওঁখনত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্রীতি বিৰাজ কছিল। কবিয়ে লৰালি কালত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত গৰু-ম’হৰ যুঁজ চাই আনন্দ লাভ কৰিছিল।

কিন্তু কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্রিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আর্থিক অবস্থাও অবনমিত হৈছে। গণ ৰাইজৰ মাজতো আগৰ সেই আপোন ভাব নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। সকলোৱে ধন-সম্পদৰ পিছে পিছে লৰিছে। ফলত মানুহৰ মনৰ পৰা দয়া, প্রেম, মৰম আদি মানবীয় গুণবোৰ নাইকীয়া হৈ পৰিছে। গাওঁখনৰ এনে অৱনমন দেখা পাই কবিয়ে দুখ কৰিছে।

(ঘ) সেই গাওঁ, সেই দিন গ’ল আজি সকলোটি একেলগে সকলো হেৰাল; আগৰ সকলো আছে তথাপিও কিবা যেন কাঁহ পৰি জীন যোৱা- সকলোটি নিমাত নিতাল। H. S. ’20

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি উচ্চতৰ মাধ্যমিক অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচনা কৰা ‘মোৰ গাওঁ’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে শৈশৱত পোৱা তেওঁৰ কমাৰদফীয়া গাওঁখনৰ লগত জীৱনৰ বিয়লি বেলাত পোৱা গাওঁখনৰ তুলনা কৰিছে।
কবিয়ে শৈশৱ পাৰ কৰা তেওঁৰ কমাৰদফীয়া গাওঁখনত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্রীতি বিৰাজ কছিল। কবিয়ে লৰালি কালত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত গৰু-ম’হৰ যুঁজ চাই আনন্দ লাভ কৰিছিল।

কিন্তু কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্রিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আৰ্থিক অৱস্থাও অৱনমিত হৈছে। অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাওঁ এৰি অনাই-বনাই ঘুৰি ফুৰিছে। ডেকা-গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ উদ্দীপনা নাই। আজি বিহুৰ বতৰত ঢোলৰ মাতত সিহঁতৰ মন মতলীয়া নহয়। গণ ৰাইজৰ মাজতো আগৰ সেই আপোন ভাৱ নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। কবিৰ বহুতো লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাৰে দিখৌৰ পাৰ ধুৱলী-কুঁৱলী হৈছে।
গাওঁখনৰ এই অবাঞ্চিত পৰিৱৰ্তন দেখি কবিৰ মন দুখেৰে ভৰি পৰিছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) কবি ডিম্বেশ্বৰ নেওগ ক’ত জন্ম গ্রহণ কৰিছিল? H. S. ’12

উত্তৰ: দিখৌ পাৰৰ কমাৰদফীয়া (কমাৰদীয়া) গাওঁত।

(খ) ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: মালতী।

(গ) ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰ: ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিবেশনত।

(ঘ) ‘থুপিতৰা’ কাৰ ৰচনা? H. S. ’14

উত্তৰ: ডিম্বেশ্বৰ নেওগৰ।

(ঙ) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল? H. S. ’16

উত্তৰ: মানিকচন্দ্র নেওগ।

(চ) ‘ইন্দুধনুৰ কবি’ বুলি কাক কোৱা হয়? H. S. ’14

উত্তৰ: ডিম্বেশ্বৰ নেওগক।

(ছ) অর্থ লিখা:

ছকঠীয়া, জন্মান্তৰ, কুষ্ঠুট, কপট

উত্তৰঃ ছকঠীয়া: গাত লোৱা আলোৱান।

জন্মান্তৰ: এই জন্মৰ বা পাছৰ কোনো জন্ম।

কুষ্ঠুট: হিংসা, কুটিলতা।

কপট: চাতুবী, প্রতাৰণা।

(জ) ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ গ্ৰন্থখনৰ লিখক কোন? H. S. ’18

উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(ঝ) ‘অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি’ গ্রন্থখনৰ ৰচক কোন? H. S. ’19

উত্তৰ: ডিম্বেশ্বৰ নেওগ।

(ঞ) ‘ইন্দ্ৰধনু’ৰ কবি কোন? অসমীয়া সাহিত্যত তেওঁ কিহৰ বাবে বিখ্যাত হৈ ৰৈছে?

উত্তৰ: ‘ইন্দ্ৰধনু’ৰ কবি ডিম্বেশ্বৰ নেওগ। অসমীয়া সাহিত্য জগতত তেওঁ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্রণেতা হিচাপে বিখ্যাত হৈ আছে।

(ট) কবি ডিম্বেশ্বৰ নেওগে কোনখন গাঁৱক কিয় ব্ৰহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ বুলি কৈছে? H. S. ’20

উত্তৰ: কবি ডিম্বেশ্বৰ নেওগে নিজৰ জন্মস্থান দিখৌ পাৰৰ কমাৰদফীয়া (বা কমাৰফদীয়া) গাওঁখনক বিশ্বব্ৰহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ বুলি কৈছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×