মই এজন ছাত্র আৰু অধ্যয়নেই হৈছে মোৰ একমাত্র কর্তব্য। মই কিতাপ পড়ো যাতে মই অধিক তথ্য আৰু জ্ঞান আহৰণ কৰিদেশৰ এজন সু নাগৰিক হ’ব পাৰো।
যদিও অধ্যয়ন মোৰ প্ৰধান কৰ্তব্য তথাপি মই অকল অধ্যয়নতেই মোৰ সকলো সময় আৰু শক্তি খৰচ নকৰো। মই এজন শ্রদ্ধেয় শিক্ষকৰ পৰামৰ্শ অনুসৰি অধ্যয়নৰ এটি সময়সূচী প্রস্তুত কৰি লৈছো আৰু সেইটো মই বৰ কঠোৰভাবে মানি চলো। মই বিদ্যালয়লৈ যোৱাৰ দিনবোৰত ৰাতিপুৱা নিয়মিত তিনি ঘন্টাকৈ পাঠ্যপুথি অধ্যয়ন কৰো। ৰাতি মই তিনিৰ পৰা চাৰি ঘণ্টা বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়বোৰ অধ্যয়ন কৰো।
কিন্তু বন্ধৰ দিনবোৰত মই এই কাৰ্যসূচী কঠোৰভাবে পালন নকৰো। মই এজন অনুসন্ধিৎসু ছাত্র; সেয়ে মই পাঠ্যপুথি অধ্যয়ন কৰাৰ উপৰিও অন্যান্য কিতাপ বিশেষকৈ সাহিত্য আৰু ধর্ম বিষয়ক কিতাপ বৰ আগ্ৰহেৰে অধ্যয়ন কৰো। মই বিখ্যাত লোকৰ জীৱনী, আত্মজীৱনী আৰু ভ্রমণ কাহিনী পঢ়িও ভাল পাওঁ। মই ইতিমধ্যে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, হিতেশ ডেকা আদি সাহিত্যিকৰ লিখনিবোৰপঢ়ি অটাইছো।
বাহিৰা কিতাপ অধ্যয়ন কৰি মই বহুত উপকৃত হৈছো। বাহিৰা কিতাপ (পাঠ্যপুথিৰ বাদে) অধ্যয়ন কৰি মই এনেকুৱা কিছুমান মূল্যৱান কথা শিকিছো যিবোৰ স্কুল-কলেজত শিকোৱা নহয়।
মই ঈশ্বৰক প্ৰাৰ্থনা কৰো যেন ঈশ্বৰে মোৰ গা-মন ভালে ৰাখে যাতে মই গোটেই জীৱন অধ্যয়নত ব্রতী থাকিব পাৰো আৰু অধ্যয়নৰ পৰা পোৱা সুফল মানৱ জাতিৰ কল্যাণৰ হকে প্রয়োগ কৰিব পাৰো।
