Home Ass Grammar Class 10 মই অসমীয়া Class 10 Assamese Chapter 4

মই অসমীয়া Class 10 Assamese Chapter 4 [Updated ২০২৫]

0
Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি মই অসমীয়া Class 10 Assamese Chapter 4 ৰ প্রশ্নোত্তৰ ইন্টাৰনেটত বিচাৰি আছে, তেনেহলে আপুনি সঠিক স্থানত উপনীত হৈছে। আজি আমি এই পোস্টত মই অসমীয়া Class 10 Assamese Chapter 4 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

মই অসমীয়া Class 10 Assamese Chapter 4 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

পদ্যাংশ

মই অসমীয়া

চৈয়দ আব্দুল মালিক

চমু

প্রশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা?

উত্তৰঃ ‘বেদুইন’। HSLC ’22

(খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰঃ কবিৰ মতে, মোগলসকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া দুৱৰি বনত ভৰি দিছিল।

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল? HSLC ’20, ’24

উত্তৰঃ অসমৰ হেংদাং দুপৰীয়া সূৰ্যৰ উজ্জ্বল পোহৰত অসমীয়া যোদ্ধাৰ হাতত জিলিকিছিল।

(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

(ঙ) অসমৰ স্বৰ্গদেবে কিহেৰে দেউল সজাইছিল?

উত্তৰঃ অসমৰ স্বৰ্গদেবে হাঁহ কণী, বৰা চাউল আদিৰে দেউল সজাইছিল।
হয়?

(চ) অসমীয়া সাহিত্যত গল্প সম্রাট বুলি কাক কোৱা HSLC ’23

উত্তৰঃ অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকক ‘গল্প সম্রাট’ বুলি কোৱ হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ।

২। ‘অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত’: কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা। HSLC ’22

উত্তৰঃ মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। মোগল সৈন্যসকল নানান ধৰণৰ উন্নত অস্ত্র- শস্ত্র লৈ সাজু হৈছিল। কিন্তু অসমৰ ৰণুৱাসকলে হেংদাং ধৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিল। যুদ্ধক্ষেত্রত থকা হেংদাং দুপৰীয়া সূৰ্যৰ ৰশ্মিত চকমকাই উঠিছিল। এই দৃশ্য দেখা পাই মোগল সেনাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্তকথাফাকিত অসমীয়া সৈন্যৰ বীৰত্ব আৰু শৌৰ্যৰ প্ৰতিফলন ঘটিছে।

৩। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰ লিখা।

উত্তৰঃ মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। মোগল সেনাবাহিনী উন্নত অস্ত্র-শস্ত্র লৈ সাজু আছিল। তেনেদৰে অসমীয়া সৈনিকসকলে হেংদাং হাতত লৈ যুদ্ধক্ষেত্রত উপস্থিত হৈছিল। অসমীয়া নাৰীয়েও দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সাহসীকতা দেখুৱাই ৰণক্ষেত্ৰত ওলাই আহিছিল। ৰণক্ষেত্ৰত হেংদাংৰ জিলিকনিয়ে শত্রুক ভয় খুৱাইছিল। এনদৰে অসমীয়া সেনাই নিজৰ দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে অক্লান্ত প্রচেষ্টা চলাইছিল।

৪। ‘ক’ত বল, অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।” কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। HSLC ’20

উত্তৰঃ মোগল সম্রাট ঔৰংজেৱৰ নির্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। মোগলসকলে অসমীয়া সৈন্যক ধোদৰ পচলা বুলি ভাবিছিল। কিন্তু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই বল-বিক্ৰমৰ সাহস দেখুৱাই মোগলসকলক হতবাক কৰিছিল। হেংদাংৰ জিলিক নিয়ে মোগলসকলৰ মনত ভয়ৰ সঞ্চাৰ কৰিছিল। “শুকান সান্দহ আৰু পানী আঁজলিৰ” দৰে সাধাৰণ জীৱন যাপন কৰা অসমৰ লোকসকলে যুদ্ধক্ষেত্রত দেখুৱোৱা সাহসিকতাই মোগলসকলক আচৰিত কৰিছিল। এনেদৰে কথাফাকিৰ দ্বাৰা অসমীয়া সেনাৰ বল- বিক্ৰমৰ প্ৰশংসা কৰা হৈছে।

৫। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজই লিখা। HSLC ’23

উত্তৰঃ মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত
অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। অসমলৈ আহি মোগলসকলে অসমৰ অপূর্ব প্রাকৃতিক সৌন্দর্য দেখি মুগ্ধ হৈছিল। মোগলসকলে ধূসৰ পাহাৰ, দুৱৰীৰ পাতৰ ওপৰত নিয়ৰৰ টোপালৰ জিলিকনি, সোণৰ বালিৰে ভৰপূৰ নদী আৰু হাতীৰ দাঁতৰ চুলা আদিৰ বৰ্ণনা কৰিছে। অসমৰ বন্যপ্রাণী, মাছ, সোণ আৰু অলংকাৰৰ নিৰ্মাণ প্ৰণালীয়ে সিহঁতক মুগ্ধ কৰি তোলে। অসমৰ এনে সৌন্দর্য আৰু সম্পদ দেখি মোগলসকলে অসমক বৰ নিদর্শনীয় বুলি ভাবিছিল।
এনেদৰে কবিতাটিত কবিয়ে অসমৰ প্ৰাকৃতিক বিনন্দীয়া সৌন্দৰ্যৰ কাব্যিক বর্ণনা দাঙি ধৰিছে। অসমৰ এনে অপৰীপ সৌন্দর্য চাই মোগলসকল অতিকৈ মোহিত হৈ পৰিছিল।

৬। ব্যাখ্যা কৰাঃ

(ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

উত্তৰঃ উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শিৰোনামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।।
উক্ত কবিতাফাকিৰ মাজেদি কবিয়ে অসমীয়া জাতিৰ শৌর্য-বীৰ্যৰ প্ৰশংসা কৰিছে। মোগলসকলে ভাৰতৰ অজেয় শক্তি বুলি নিজৰ পৰিচয় দিছিল। সিহঁতৰ বিশ্বাস আছিল যে সকলো দেশ সিহঁতৰ অধীনত থাকিব। কিন্তু শৰাইঘাটৰ যুদ্ধত অসমৰ সৈন্যই মোগলসকলৰ এই ধাৰণা ভুল বুলি প্ৰমাণ কৰে। অসমীয়াসকলে শৌর্য আৰু দেশপ্ৰেমৰ জেউতি দেখুৱাই মোগলসকলক পৰাস্ত কৰে। সিহঁতে অসমীয়াৰ সাহসিকতা, শক্তি আৰু স্বদেশপ্ৰেমৰ নতুন পৰিচয় লাভ কৰে।

(খ) দুৱৰি পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা, ভৰি ধোৰে পোৱালৰ ভৰা দংঙত।

উত্তৰঃ উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে অসমীয়াসকলৰ শিল্প নৈপুণ্যৰ চানেকি দাঙি ধৰা হৈছে।
দুৱৰিৰ পাতত নিয়ৰৰ টোপাল মুকুতাৰ দৰে জিলিকে। হাতীৰ দাঁতৰ চুলা বনাই ইয়াত অলংকাৰ নিৰ্মাণ কৰা হয়। পোৱালৰ মণিৰে নিৰ্মিত দলং অসমীয়াৰ সৌন্দৰ্য আৰু সম্পদৰ নিদৰ্শন। কবিতাৰ এই অংশত অসমৰ অনুপম সৌন্দর্য প্রকাশ পাইছে।
এনেদৰে কবিতাফাকিৰ অসমৰ প্ৰাকৃতি সৌন্দর্য আৰু অসমীয়া লোকৰ শিল্প নৈপুণ্যৰ প্রতি মোগলসকলকৰ প্ৰশংসা প্রকাশ পাইছে।

(গ) জীবনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ-প্রাণ মন, জীয়াই থাকোতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

উত্তৰঃ উক্ত কবিতাফাঁকি চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিৰ অকপট স্বদেশপ্রেম প্রকাশ পাইছে।
কবিয়ে স্বদেশক ভাল পায় আৰু ইয়াৰ শৌর্য-বীৰ্যৰ প্রতি সচেতন। স্বদেশৰ লগত কবিৰ দেহ-মনৰ এক নিবিড় সম্পর্ক আছে। অসমৰ প্ৰতিটো বস্তুয়েই কবিৰ প্ৰাণৰ আপোন। কবিয়ে জীৱনে মৰণে অসমক ভাল পায় আৰু তেওঁ স্বদেশৰ বুকুতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিবলৈ আশা কৰিছে।

৭। মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা।

উত্তৰঃ ‘মই অসমীয়া’ শিৰোনামৰ কবিতাটিত কবিয়ে অসমীয়া জাতিৰ শৌর্য-বীৰ্যৰ প্ৰশংসা কৰিছে।
অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। সিহঁতে অসমীয়া সকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰিছিল। সিহঁতে ভাবিছিল যে অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন হস্তগত কৰিব পাৰিব। কিন্তু মোগলসকলে শৰাইঘাট পোৱাত অসমীয়া সেনাই হাতত হেংদাং লৈ বল-বিক্ৰমেৰে যুদ্ধক্ষেত্রলৈ ওলাই আহি মোগলসকলকক থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্ৰৱল প্রতি আক্রমণত মোগলসকল বিষ্মিত হৈছিল আৰু অসমীয়া শুকান সান্দহ আৰু পানী আঁজলি খাই অসমীয়া সেনাইনো ইমান পৰাক্ৰম কিদৰে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগলসকল বিস্মিত হৈছিল। কবিয়ে কৈছেঃ মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি। এনেদৰে কবিতাটিত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰশংসা কৰিছে।

৮। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা। HSLC ’20

উত্তৰঃ মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। মোগল সেনাবাহিনী উন্নত অস্ত্র-শস্ত্র লৈ সাজু আছিল। তেনেদৰে অসমীয়া সৈনিকসকলে হেংদাং হাতত লৈ যুদ্ধক্ষেত্রত উপস্থিত হৈছিল। অসমীয়া নাৰীয়েও দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সাহসীকতা দেখুৱাই ৰণক্ষেত্ৰত ওলাই আহিছিল। ৰণক্ষেত্রত হেংদাংৰ জিলিকনিয়ে শত্রুক ভয় খুৱাইছিল। এনদৰে অসমীয়া সেনাই নিজৰ দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে অক্লান্ত প্রচেষ্টা চলাইছিল। কবিয়ে স্বদেশক ভাল পায় আৰু ইয়াৰ শৌর্য-বীৰ্যৰ প্রতি সচেতন। স্বদেশৰ লগত কবিৰ দেহ-মনৰ এক নিবিড় সম্পর্ক আছে। অসমৰ প্ৰতিটো বজ্ৰয়েই কবিৰ প্ৰাণৰ আপোন। কবিয়ে জীৱনে মৰণে অসমক ভাল পায় আৰু তেওঁ স্বদেশৰ বুকুতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিবলৈ আশা কৰিছে।

৯। ‘ক’ত বল, অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।” কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। HSLC ’20

উত্তৰঃ অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। সিহঁতে অসমীয়া সকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰিছিল। সিহঁতে ভাবিছিল যে অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন হস্তগত কৰিব পাৰিব। কিন্তু মোগলসকলে শৰাইঘাট পোৱাত অসমীয়া সেনাই হাতত হেংদাং লৈ বল-বিক্ৰমেৰে যুদ্ধক্ষেত্রলৈ ওলাই আহি মোগলসকলকক থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্রবল প্রতি আক্রমণত মোগলসকল বিঘ্নিত হৈছিল আৰু অসমীয়া শুকান সান্দহ আৰু পানী আঁজলি খাই অসমীয়া সেনাইনো ইমান পৰাক্ৰম কিদৰে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগলসকল বিস্মিত হৈছিল।

১০। ‘মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকী কিদৰে ফুটি উঠিছে বুজাই লিখা। HSLC ’22

উত্তৰঃমই অসমীয়া‘ শিৰোনামৰ কবিতাটি এক স্বদেশ-প্রেম মূলক কবিতা। কবিতাটিত অতীত অসমৰ গৌৰৱ গাঁথা ফুটি উঠিছে।
মোগল সম্রাট ঔৰংজেৱৰ নিৰ্দেশত অম্বৰৰ ৰজা মানসিংহই ১৬৭১ চনত অসম আক্রমণ কৰে। মোগলসকলে অসমীয়াসকলক ধোদৰ পচলা, এলেহুৱা জাতি বুলি ধাৰণা কৰি অতি সহজে অসমীয়া সৈন্যক পৰাজিত কৰি অসমখন হস্তগত কৰিব পাৰিব বুলি ভাবিছিল। কিন্তু অসমীয়া সেনাইহাতত হেংদাং লৈ বল-
বিক্ৰমেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি মোগলসকলকক প্রতিআক্রমণেৰে থকাসৰকা কৰিছিল। অসমীয়া সেনাৰ প্রবল প্রতিআক্রমণত মোগলসকল বিস্মিত হৈছিল আৰু শুকান সান্দহ আৰু পানী আঁজলি খাই অসমীয়া সেনাইনো ইমান বিক্রম কিন্দৰে দেখুৱাব পাৰিছিল সেয়া ভাবি মোগল সেনাসকল আচৰিত হৈছিল।
এনেদৰে কবিতাটিত অতীত অসমৰ গৌৰৱ প্ৰকাশ পাইছে।

১১। কবিয়ে কিয় মৰাৰ পিছতে অসমতে জন্ম লম বুলি ভাবিছে? HSLC 24

উত্তৰঃ কবিয়ে স্বদেশক ভাল পায় আৰু ইয়াৰ
শৌর্য-বীৰ্যৰ প্ৰতি সচেতন। স্বদেশৰ লগত কবিৰ দেহ- মনৰ এক নিবিড় সম্পর্ক আছে। অসমৰ প্ৰতিটো বস্তুয়েই কবিৰ প্ৰাণৰ আপোন। কবিয়ে জীৱনে মৰণে অসমক ভাল পায়। সেয়ে তেওঁ স্বদেশৰ বুকুতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিবলৈ আশা কৰিছে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here