Join WhatsApp

Join Now

Join Telegram

Join Now

ভাৰতৰ জাতীয় সংহতি ৰচনা

By Rabbi Masrur

Updated On:

ভাৰতৰ জাতীয় সংহতি ৰচনা

ভাৰতৰ জাতীয় সংহতি ৰচনা

“ভাৰতৰ জাতীয় সংহতি ৰচনা” ভাৰতৰ জাতীয় সংহতি কোনো এখন দেশ বা জাতি একোটাৰ ভিতৰত বসবাস কৰা বিভিন্ন বর্ণ-সম্প্রদায়, ভাষা-ভাষী আৰু ধর্মালম্বী লোকসকলৰ মাজৰ সমন্বয় বা একতাই হৈছে ‘জাতীয় সংহতি’। উত্তৰে হিমগিৰিৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈকে বিস্তৃত ভাৰতবৰ্ষ ঐক্য বা সংহতিৰ এক লীলাভূমি। এইখন ভাৰতবৰ্ষত প্রাকৃতিক দিশত অনৈক্য আছে যথা-কিছুমান অঞ্চল অতিপাত ঠাণ্ডা, কিছুমান অঞ্চল অতিপাত গৰম আৰু কিছুমান অঞ্চল নাতিশিতোষ্ণ। এনেদৰে ইয়াৰ বিভিন্ন ভাষা-ভাষী বা সম্প্রদায় যথা- অসমীয়া, বঙালী, মাৰাঠী, তামিলী, হিন্দী, ৰাজস্থানী আদিৰ লোক বসবাস কৰে।

আকৌ ভাৰতবৰ্ষত পৃথিৱীৰ আটাইবোৰ ধৰ্মৰ লোক যথা- হিন্দু, বৌদ্ধ, খৃষ্টান, মুছলমান, পার্টী আদি কাহানিবাৰৰ পৰাই বসবাস কৰি আছে। বাস্তবত দেখা যায় ভাৰতবৰ্ষখন এখন অনৈক্যৰ বিচৰণ ক্ষেত্র। তথাপি এনে অনৈক্যৰ মাজত সংহতিৰ বান্ধোনেৰে বান্ধ খাই আজি আমি আটায়ে মহান ভাৰতৰ নাগৰিক বুলি গর্ব কৰো। সমগ্র বিশ্বয়ো আজি ভাৰতবৰ্ষৰ সংহতিত বিষ্ময় মানে। অর্থাৎ ভাৰতবৰ্ষখন অনৈক্যৰ মাজত ঐক্যৰ এক বিৰল নিদর্শন। কিন্তু ভাৰতৰ এই ঐক্য বা সংহতি একে দিনাই স্থাপন হোৱা নাছিল। ভাৰতবৰ্ষই আজি যি সংহতি গৌৰৱ বা সন্মানৰ অধিকাৰী হৈছে সেয়া ইতিহাসৰ কোনোৱা এটি যুগৰ পৰা সমন্বয় আৰু বিকাশৰ মাজেদি আজিৰ অৱস্থা পাইছেহি।

ভাৰতৰ মহান সংহতি গঠনত কেইবাটাও কাৰকে বা উপাদানে অৰিহণা আগবঢ়াইছে। প্রথমে ৰাজনীতিৰ কথাকেই উনুকিয়াব পাৰি। আমি ইতিহাসত পাওঁ খ্রীষ্ট জন্মৰ কেইবা শতাব্দীৰ আগতে ভাৰতত ‘ভৰত’ নামৰ এজন মহান ৰজাই ডাঙৰ সাম্রাজ্য স্থাপন কৰিছিল। তেতিয়া বিশাল অঞ্চলৰ বাসিন্দা সকলে একেজন শাসনকৰ্তাৰ অধীনত শাসিত হ’বহৈ পাই সিহঁতে এটা জাতি হিচাপে ভাৱিবলৈ আৰম্ভ কৰিছিল। আকৌ মোগল সম্রাটসকলেও ভাৰতত এটি ডাঙৰ সম্রাজ্য স্থাপন কৰি সকলো ধৰ্ম সম্প্ৰদায়ৰ মানুহক একতাৰ ঢোলেৰে বান্ধিবলৈ প্রচেষ্টা চলাইছিল। যাৰ ফলত হিন্দু আৰু মুছলমান বা অন্যান্য সম্প্রদায় বা ধর্মালম্বী লোকসকলৰ মাজত সমন্বয় সম্ভৱ হৈছিল। মোগল শাসকসকলৰ পিছত ভাৰতবৰ্ষখন ইংৰাজৰ হাতলৈ যায়। সিহঁতে ভাৰতত শোষণ কৰিবলৈ লোৱাত ভাৰতীয় মানুহে ইংৰাজৰ হাতৰ পৰা দেশখন স্বাধীন কৰিবলৈ স্বাধীনতা যুদ্ধত জঁপিয়াই পৰিছিল। ফলত ভাৰতীয় সকলৰ মাজত সংহতিৰ ভেটিটো অধিক কটকটীয়া হয়।

দ্বিতীয়তে, ধর্ময়ো ভাৰতীয় সংহতি স্থাপনত ভূমিকা গ্রহণ কৰিছে। এই সংহতি স্থাপনৰ নায়কসকল হ’ল কবিৰ, শংকৰাচাৰ্য্য, নানক, শংকৰদেৱ, মাধৱদেৱ আদি ধর্ম সংস্কাৰক সকল। সিহঁত আটায়ে ভাৰতত একেশ্বৰবাদ প্ৰচাৰ কৰে। সিহঁতে সকলো মানুহকে ঈশ্বৰৰ সন্তান বুলি উদাৰ মনোভার গ্রহণ কৰি ভাৰতীয় জীৱনত প্রভাৱ পেলায়। ফলত সকলো ধৰ্মৰ মাজত সমন্বয় আৰম্ভ হয়। গুৰু নানকক হিন্দুসকলে ‘গুৰু’ আৰু মুছলমানসকলে ‘পীৰ’ বুলি মান্য কৰে-

“গুৰু নানক ছাহ ফকিৰ হিন্দুকা গুৰু মুছলমান কা পীৰ।”

ভাৰতত মোগল সম্রাটসকলৰ ধৰ্মীয় নীতিয়ো ভাৰতীয় সংহতি স্থাপনৰ এটি উপকাৰক। মোগল সম্রাটসকলে সকলো প্রজাক সমান চকুৰে চোৱা আৰু যোগ্যতাৰ ভিত্তিত ৰাজসভাত স্থান দিয়া উদাহৰণ ইতিহাসত আছে। আকববে হিন্দু পণ্ডিত টোডমল আৰু বীৰবলক ৰাজসভাত বিষয-ভাৱ দিছিল। ইয়াৰোপৰি মোগল সম্রাটসকলে হিন্দু কোঁৱৰীৰ পাণিও গ্রহণ কৰি ধৰ্মীয় ঐক্য সাধনাত ইন্ধন যোগাইছিল। স্বাধীনতা পোৱাৰ পিছত ভাৰতীয় সংবিধানে সকলো ধৰ্মৰ লোকসকলৰ বাবে একে নীতি, একে ভূমি, একে শাসন প্রবর্তন কৰি ধৰ্ম নিৰপেক্ষতা বজাই ৰখাত গুৰুত্ব দিয়ে। ফলত ধর্মীয় সহনশীলতাৰ প্রকোপ বাঢ়ি সংহতি স্থাপনত অৰিহণা যোগাইছে।

তৃতীয় শক্তিশালী কাৰকটো হ’ল ভাৰতীয় সমাজত চলি থকা ধর্মীয় উৎসব-পার্বনসমূহ। আজি দুর্গা পূজা, লক্ষ্মী পূজা, স্বৰস্বতী পূজা, শ্রীকৃষ্ণৰ ৰাস যাত্রা আদি অকল হিন্দুধর্মাবলম্বীসকলৰ উৎসৱ নহয়। এইবোৰ উৎসৱত সকলো ধৰ্মৰ মানুহে অংশ গ্রহণ কৰি সৰ্বভাৰতীয় উৎসৱত পৰিণত কৰিছে।

চতুর্থতে ভাষা আৰু সাহিত্যেয়েও জাতীয় সংহতি স্থাপনত বৰঙণি আগবঢ়াইছে। আজি ৰামায়ণ, মহাভাৰত, পুৰাণ আদি অকল হিন্দুসকলৰ গ্রন্থ নহয়। ই ভাৰতীয় সকলৰ উমৈহতীয়া আদর্শ বা আধ্যাত্মিক প্ৰেৰণাৰ গ্ৰন্থ। বহু মুছলমানও হিন্দু ধর্ম গ্ৰন্থবোৰৰ পৰা আধ্যাত্মিক নিৰ্য্যাস আহৰণ কৰি আছে। মোগল সম্রাট ছাহজাহানৰ পুত্ৰ দাৰা ছিকো এজন পার্টী, আৰৱী আৰু সংস্কৃত ভাষাৰ পণ্ডিত আছিল। সাহিত্যৰ দিশত ইকবাল, ৰবীন্দ্রনাথ, নজৰুল আদি সাহিত্যিকৰ ধৰ্মনিৰপেক্ষ লিখনিয়ে সকলো ভাৰতীয়কে উদ্বুদ্ধ কৰে। ৰবীন্দ্রনাথে ভাৰতীয় সংহতিক স্বীকাৰ কৰি লিখিছে-

“হেথায় আর্য হেথায় অনার্য,

হেথায় দ্রাবিড় চীন হক,

শূণ দল পাঠান মোগল

এক দেহে হ’ল লীন।”

স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত যাতায়ত, যোগাযোগ, ব্যৱসায় বাণিজ্য আদি সম্প্ৰসাৰিত হৈছে। যাৰ ফলত বিভিন্ন অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত যোগাযোগ আৰু মিলা-মিছা সম্ভৱ হৈ সংহতি স্থাপনত অৰিহণা যোগাইছে।

এনেদৰে অনৈক্যৰ লীলাভূমি ভাৰতবৰ্ষত উক্ত কাৰক সমূহে সংহতি স্থাপন কৰি আজি মহান ভাৰতীয় জাতি গঠন কৰিছে।

ভাৰতবৰ্ষ সংহতিৰ দিশত বিশ্বৰ ঈর্ষাৰ পাত্ৰ হলেও ভাৰতত সংহতিৰ পথত কাঁইট বা বাধা নথকাও নহয়। আজি এচাম গোড়া স্বার্থান্বেষী লোকে ভাৰতত সম্প্রদায়িতাৰ বিষ ভাষ্প বিয়পাই দিছে। ফলত বিভিন্ন সম্প্রদায় আৰু ধর্মালম্বীসকলৰ মাজত বৈষম্য তথা হিংসাৰ ঘটনা ঘটিবলৈ পাইছে। উদাহৰণস্বৰূপে ১৯৫০ চনত হোৱা হিন্দু মুছলমান সংঘর্ষ, ১৯৮০-৮৫ চনত অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজত হোৱা সংঘর্ষ, যোৱা ২০০৩ ত সংগঠিত হোৱা গুজৰাটৰ হিন্দু-মুছলমান সংঘর্ষ, অসমৰ পৰা বিহাৰী খেদা আন্দোলন আদি কিছুমান বিক্ষিপ্ত উদাহৰণ।

উক্ত ঘটনাবোৰ ভাৰতীয় মহান সংহতিত কিছু আঘাত কৰিলেও সেয়া ক্ষণস্থায়ী। ইয়াৰ বাবে ঘাইকৈ ৰাজনৈতিক নেতাবোৰৰ স্বার্থান্বেষী মনোভাৱেই সততে দায়ী। অৱশ্যে ভাৰতৰ জাতীয় সংহতি আজি চৰম পৰ্যায়ত থকা বুলি ক’ব নোৱাৰি। কিয়নো অন্যান্য কিছুমান বৈষয়িক তথা ধর্মীয় কাৰণো ইয়াৰ বাবে দায়ী। বৈষয়িক কাৰণৰ ভিতৰত ভাৰতত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা অধিক। দৰিদ্ৰতাৰ কবলত পৰি কেতিয়াবা শিক্ষিত বা অশিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে নানান কুটাঘাতমুলক কামত প্রবৃত হয়- যিবোৰ কামে বহু সময়ত সোঁচৰা বেমাৰৰ দৰে জনসাধাৰণৰ মাজত অশান্তি তথা সাম্প্রদায়িক হিংসা খৰিয়ালৰ উদ্ভৱ কৰে।

ভাৰতৰ জাতীয় শক্তি অটুট ৰখাৰ লগতে ইয়াক অধিক শক্তিশালী কৰি তুলিবলৈ সাম্প্রদায়িকতাবাদ সমূলঞ্চে নির্মূল কৰিব লাগিব। লগতে আজি আমাৰ দৃষ্টিভঙ্গী উন্নত কৰি আমি যে আটাইয়ে ঈশ্বৰৰ সন্তান- সেয়া সদায় মনত ৰাখি আৰু হিংসা, ঈর্ষা আদি পাহৰি আমি সকলো একভাৰতীয় বুলি একে পতাকাৰ তলত থিয় দি জাতীয় সংহতি বজাই ৰখাত আগবাঢ়ি আহিব লাগিব। অন্যথা বর্তমান সৰু-সুৰা ‘সাম্প্রদায়িতা’ নামৰ স্ফুলিংগই প্রকাণ্ড অগ্নিকুণ্ড হৈ আমাক নিঃশেষ কৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment