Home Ass Grammar ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7

ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7 [Updated ২০২৫]

0

হ্যালো বন্ধু বান্ধবী সকল আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। আপুনি যদি ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7 প্রশ্নোত্তৰ ইন্টারনেটত বিচাৰি আছে তেনেহলে আপুনি সঠিক স্থানত আহিছে। আজি আমি এই পোস্টত ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো। ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7

ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7

গ্রুপ-ক

(বাধ্যতামূলক)

গদ্যাংশ

ভাৰতীয় সংস্কৃতি

হেম বৰুৱা

চামু

প্ৰশ্নোত্তৰ

আশা কৰো সমাধান পাব।

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল- ক্রমবর্ধমান শক্তি।

২। ‘ফ্রম ভল্লা টু গংগা’ কাৰ ৰচনা? HSLC ’16, 18

উত্তৰঃ ৰাহুল সংস্কৃতায়নৰ ৰচনা।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে’কালিয়দমন’ৰ কি আখ্যা দিছে?

উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে ই অনার্যক আর্যক সংস্কৃত কৰাৰ প্ৰতীকধর্মী নৃত্য।

৪। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৰ-বস্তু দুটা কি কি?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাব-বস্তু দুটা হৈছে সন্নাস জীবন আৰু সমূহীয়া জীবন।

৫। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

৬। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ী বুলি কোৱা হৈছে? HSLC 22

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্র শিল্পক স্থায়ী বুলি কোৱা হৈছে।

৭। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?

উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল হৈছে গঠনৰ সৰলতা আৰু সুক্ষ্মতা।

৮। কোনটো যুগৰ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? HSLC ’20, 23

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিলে বৌদ্ধ ধৰ্ম প্ৰচাৰ যুগক বুজায়।

৯। ‘ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰৱন্ধটিৰ লেখক কোন?

উত্তৰঃ হেম বৰুৱা।

১০। ‘মধ্য এচিয়াৰ ইতিহাস’ কোনে ৰচনা কৰিছিল? HSLC ’17

উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়ন।

১১। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি কোন? HSLC ’19

উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ।

১২। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আবিষ্কাৰ হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল।

১৩। আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? নাইবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়-ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা? HSLC 18, 24

উত্তৰঃ সাধাৰণতে সকলো আর্ট বা কলাৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ এটাৰ উদ্দেশ্য কাৰ- কার্য, জাকজমকতা সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বহীনতা। এটাই সৌন্দর্যবোধৰ দিশটো প্রতিনিধিত্ব কৰে আৰু আনটোৱে অন্তৰাত্মাৰ অনুভূতি স্পর্শ কৰে।

১৪। সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বজা? HSLC ’23

উত্তৰঃ সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে সংগীতত ভাৱৰ গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে উৰণীয়া ভাৱৰ সংযোগক বুজায়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’ এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটিৰ আধাৰত বিচাৰ কৰা। HSLC ’16, ’19

উত্তৰঃ ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’ ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰীৰ যুক্তিপূর্ণ। কিয়নো কোনো এটা জাতি বা জনজাতিৰ মাজত পৰম্পৰাগত ভাৱে যিবোৰ ৰীতিনীতি, মাত কথা, গীত-পদ চলি আহিছে, তাকে সেই জাতি বা জনজাতিৰ সংস্কৃতি বুলি ক’ব পাৰি।

ভাৰত বৰ্ষখন বিভিন্ন জাতি-জনজাতি লোকৰ মিলনভূমি। আদিকালৰে পৰা ভাৰতবৰ্ষক সময়ে সময়ে বিভিন্ন বংশৰ লোকে শাসন কৰি তেওঁলোককৰ নিজ নিজ কৃষ্টি-সংস্কৃতি ইয়াত বিলাই দি গৈছে।

ভাৰতত আৰ্য, অনার্য, মংগোলীয়, দ্রাবিড় গোষ্ঠীৰ লোকসকল একেলগে একে ভাৰতীয় হিচাপে বাস কৰি আছে। তদুপৰি অতীজতে গ্রীক, শক, আদি বিভিন্ন বিদেশী জাতিৰ লোকো আহি ভাৰতত নিগাজিকৈ বাস কৰিবলৈ লয়। সময়ত পৰস্পৰে পৰস্পৰৰ লগত মিলামিছাৰ ফলত নিজ নিজ ভাষা, সামাজিক, ৰাজনৈতিক, আদর্শ, সাহিত্য, শিল্পকলা, দর্শন আদি প্রতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে।

সময়ত কোনটো জাতিৰ কি বৈশিষ্ট্য কোনটো জাতিলৈ গৈছে সেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে। সেয়ে ক’ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজ সংস্কৃতি নাই। ইয়াত বাস কৰা সকলো জাতি-জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি।

২। সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। HSLC ’18

উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অবস্থা বুজায়। ই এটা সমাজ পদ্ধতি। এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীবন সম্ভৱপৰ নহয়।

আনহাতে, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। এটা জাতি সু সভ্য হৈও ইয়াৰ কোনো লেখত লবলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা দর্শন আদি ক্ষেত্রত প্রকাশ পোৱা প্রতিভাই হৈছে জাতি এটাৰ সংস্কৃতিৰ মাপকাঠী।

সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতি সৃষ্টিত আৰু গঢ় দিয়াত সহায় কৰে।

৪। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। HSLC ’20

অথবা

অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে? HSLC ’17

উত্তৰঃ অজন্তা গুহাৰ চিত্ৰই ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা মনত পেলায়। চিত্ৰসমূহত দুটা ধাৰা আছে- সন্ন্যাসী জীৱন আৰু আনন্দময় সমাজ জীৱন।

সন্ন্যাসী ধাৰাত দয়া, ধ্যান, আৰু মৌনতাৰ প্রতিফলন আছে। আনহাতে, আনন্দময় ধাৰাত শক্তি, খ্যাতি, আৰু

প্ৰেমৰ প্ৰকাশ দেখা যায়। দুয়ো ধাৰাত পৃথক পৃথক জগত প্রতিফলিত হৈছে। এই চিত্রসমূহে শিল্প আৰু বাস্তৱৰ

মাজত সুন্দৰ সমন্বয় স্থাপন কৰিছে।

৫। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রবেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। HSLC 20

উত্তৰঃ বাবৰৰ সময়ত চিত্রশিল্পত এক নতুন ধাৰা আহে। এই শিল্প ব্যক্তিবাদক প্রাধান্য দিছিল। ই জনজীবন বা সমাজৰ প্ৰতিফলন নকৰে, কিন্তু ব্যক্তিৰ জীৱনক প্রকাশ কৰে।

ই টাইমূৰ খাঁ আৰু চেংগিজ খাঁৰ ৰাজদৰবাৰত জন্ম লাভ কৰিছিল। ই কঠোৰ আৰু বাস্তৱবাদী ধাৰা আছিল। ব্যক্তিবাদী এই চিত্রশিল্পত সংকেতৰ স্থান নাছিল, কিন্তু বুদ্ধিৰ প্ৰতিফলন আছিল। বাবৰৰ সময়ত এই ধাৰাৰ সুন্দৰ সংমিশ্রণ ঘটিছিল।

৬। ব্যাখ্যা কৰাঃ

(ক) ‘সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।’

নাইবা

ভাৰতীয় ভৌগোলিক জীবন বৈচিত্রময়’: কথাষাৰ মুকলিকৈ বুজাই লিখা। HSLC ’17

নাইবা

লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল’: কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। HSLC ’18

উত্তৰঃ উক্ত কথাফাঁকি হেম বৰুৱা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ শিৰোনামাৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় সংস্কৃতি যে বিভিন্ন জাতিগোষ্টীৰ সংস্কৃতিৰ এক সমন্বয় তাকে বুজাবলৈ উক্ত কথাষাৰৰ কোৱা হৈছে।

এই কথাষাৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ গুণৰ ওপৰত আলোচনা কৰে। ভাৰতৰ বিভিন্ন জাতি-গোষ্ঠীয়ে নিজৰ সংস্কৃতি লৈ আহিছিল, কিন্তু সময়ৰ সৈতে সিহঁতে ভাৰতীয় সংস্কৃতিৰ উপাদান গ্রহণ কৰিছিল। সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ সংস্কৃতি, যি অবিচ্ছিন্ন ধাৰা ৰূপে পৰিচিত।

(খ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙ-গঢ়াৰ সবিশেষ ইতিহাস। HSLC 16

নাইবা

“পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।” কথাষাৰ মুকলিকৈ বুজাই লিখা। HSLC ’17

উত্তৰঃ উক্ত কথাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ শিৰোনামাৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ভাৰতৰ সংস্কৃতি আৰু বুৰঞ্জীৰ বিশেষত্বৰ বিষয়ে ক’বলৈ যাওঁতে লিখকে উক্ত কথাষাৰ কৈছে।

ইতিহাসৰ ভিন ভিন সময়ত ভাৰতৰ প্রতি প্রলুব্ধ হৈ নানান জাতি-গোষ্ঠীৰ লোক ভাৰতলৈ আহিছিল। ইয়াৰ সৰহভাগেই আহিছিল আক্রমণকাৰীৰ বেশত। উদাহৰণ হিচাপে গ্রীকসকল, শূণসকল, পাঠানসকল, মোগলসকল আদি।

ভাৰতৰ বিভিন্ন জাতি-গোষ্ঠীয়ে নিজৰ সংস্কৃতি লৈ আহিছিল, কিন্তু সময়ৰ সৈতে সিহঁতে ভাৰতীয় সংস্কৃতিৰ উপাদান গ্রহণ কৰিছিল। সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ সংস্কৃতি, যি অবিচ্ছিন্ন ধাৰা ৰূপে পৰিচিত। এইদৰে ৰাজ্যৰ উত্থান- পতনৰ মাজতে ভাৰতীয় সংস্কৃতিৰ এক মিশ্রণ ঘটিছিল।

(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। HSLC ’18

উত্তৰঃ উক্ত কথাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত হেম বৰুৱা ৰচিত ‘ভাৰতীয় সংস্কৃতি’ শিৰোনামাৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। উদ্ধৃত কথাফাঁকিত আর্ট (কলা)ৰ দুটা বিপৰীত মুখী পন্থা থকাৰ বিষয়ে কোৱা হৈছে।

আৰ্টৰ দুটা বিপৰীত পন্থা আছে। এটা বাহ্যিক জাকজমকত গুৰুত্ব দিয়ে, আনটো অন্তৰ আত্মাক স্পর্শ কৰে। প্ৰথমটোৱে বর্হিজগতৰ প্ৰতিফলন, আৰু দ্বিতীয়টোৱে অন্তৰজগতৰ গভীৰ অনুভূতিসমূহ প্রকাশ কৰে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here