Home Ass Grammar বৰগীত Class 10 Assamese Chapter 1

বৰগীত Class 10 Assamese Chapter 1 [Updated ২০২৫]

0

আশা কৰো ভালেই আছে। Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি বৰগীত Class 10 Assamese Chapter 1 প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত বৰগীত Class 10 Assamese Chapter 1 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

বৰগীত Class 10 Assamese Chapter 1

বৰগীত Class 10 Assamese Chapter 1 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

পদ্যাংশ

বৰগীত

শ্রী শ্রী মাধৱদেৱ

চমু

প্রশ্নোত্তৰ

১। তলত প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) নেৰিবা বান্ধৱ মোক জীবনে মৰণে।’ কবিয়ে জীবনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? HSLC ’17

উত্তৰঃ ইয়াত কবি মাধৱদেৱে হৰিৰ দাস হিচাপে নিজকে নেৰিবলৈ পৰমেশ্বৰক অনুৰোধ কৰিছে।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’ সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ? HSLC ’20

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে হৰি অর্থাৎ ভগৱানক ক ধ্যান কৰে বুলি কৈছে।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? HSLC ’18

উত্তৰঃ ‘নামঘোষা’।

(ঘ) মাধৱদেৱৰ গুৰু কোন?

উত্তৰঃ ‘শ্রীমন্ত শংকৰদেৱ।

(ঙ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে সাংসাৰিক মায়া-মোহ, বিষয়- বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা? HSLC ’22

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে? HSLC ’17

উত্তৰঃ বৰগীতটি ৰাগ বসন্তত বন্ধা।

(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে? HSLC ’16, ’19

উত্তৰঃ কবিয়ে হৰি অৰ্থাৎ পৰমেশ্বৰক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি? HSLC ’23

উত্তৰঃ ‘মোহ-পাশ’ মানে মায়াৰ বান্ধোন।

(জ) মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? HSLC ’24

উত্তৰঃ মাধৱদেৱৰ বৰগীতটোৰ মাজেদি দাস্যভার প্রকাশ পাইছে।

(ঝ) মাধৱদেৱে ৰচনা কৰা ঝুমুৰসমূহৰ নাম লিখা। HSLC ’24

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা ঝুমুৰসমূহ হ’ল- চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লোটোৱা আৰু ভোজন বিহাৰ। ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। কবিতাটিৰ মূলভাব লিখা। HSLC ’22

উত্তৰঃ ভগৱান হৰিয়েই হৈছে এই জগতৰ ঈশ্বৰ। তেওঁৰ শক্তি আৰু মহিমা অপাৰ। হৰিৰ মাহাত্ম্যৰ বিষয়ে সাধাৰণ মানুহৰ সহজে জানিনব নোৱাৰে। কিয়নো যোগী, মহাযোগীসকলে ধ্যান কৰিও হৰিৰ মহাত্ম্যৰ বিষয়ে জানিবলৈ অপাৰগ। তেনে স্থলত কবিয়ে হৰিকনো কিদৰে জানিব। কবি সাংসাৰিক মায়া-মোহত আবদ্ধ হৈ আছে। সেয়ে কবিয়ে নিজকে অধম দাস হিচাপে ভাৱি হৰিৰ চৰণত সেৱা আগবঢ়াই জীবনে মৰণে কবিক নেৰিবলৈ ভগৱানক আৰাধনা কৰিছে।

২। ব্যাখ্যা কৰাঃ

(ক) “সহস্র বয়নে যাক নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।” HSLC ’18

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি শ্রী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা কলিৰ মাজেদি ভগৱান শ্রীহৰিৰ অপাৰ মহিমা প্ৰকাশ কৰা হৈছে। শ্রীহৰি হৈছে এই বিশ্ব ভ্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ। তেওঁৰ অপাৰ মহিমা যোগী, মহাযোগীসকলেও বহুত তপস্যা কৰিও বুজিব নোৱাৰে। তেনে স্থলত সাধাৰণ মানুহ হৈ কবি মাধৱদেৱেও হৰিৰ মহিমা বুজি পোৱা নাই? একমাত্ৰ হৰিৰ কৃপা বিনে কোনেও হৰিক বুজিব নোৱাৰে আৰু মায়া-মোহৰ পৰাও মুক্তি লাভ কৰিব নোৱোৰে।

(খ) ‘আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।’

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি শ্রী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ মাজেদি কবিয়ে মায়া-মোহৰ পৰা উদ্ধাৰ পাবলৈ হৰিক আকুল প্রার্থনা জনাইছে। জীৱ জগতৰ সৃষ্টিকর্তা হৈছে শ্রীহৰি। হৰিক আৰাধনা কৰাই হৈছে সকলো জীৱৰ কৰ্তব্য। কিন্তু মানুহে এই পাৰ্থিৱ জগতৰ মায়া-মোহত আবদ্ধ। সেয়ে হৰিৰ প্ৰতি থকা কৰ্তব্যবোধ পাহৰি বিষয়-বাসনাত লিপ্ত হৈনানা পাপ বা অপকর্ম কৰি থাকে। কবি মাধৱদেৱেও সংসাৰৰ মায়া-মোহত আবদ্ধ। সেয়ে কবিয়ে নিজকে এই বিষয়-বাসনাৰ পৰা উদ্ধাৰ কৰিবলৈ হৰিৰ চৰণ কমলত শৰণ লৈছে।

৩। সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।’ -তাৎপর্য বিচাৰ কৰা। HSLC ’19, ’20

উত্তৰঃ সনক, সানন্দ আদি যোগীসকলে সদায় হৰিৰ ধ্যানত মগ্ন থাকিও হৰিৰ মহিমা বুজিব পৰা নাই। হৰিৰ মহিমাৰ কথা কোনো শাস্ত্রয়ো ঢুকি নাপায়। তেনে স্থলত কবিৰ দৰে সাধাৰণ মানুহ এজনে হৰিৰ মহিমা কেনেদৰে বুজিব পাৰিব বুলি উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে আক্ষেপ কৰিছে।

৪। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা। HSLC ’16 ’18, 22

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীতক ‘বৰগীত’ বুলি কোৱা হয়। বৰগীতৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, যেনেঃ এক, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগত বন্ধা। দুই, বৰগীতৰ ভাষা বজ্ৰাৱলী ভাষাত ৰচিত। তিনি, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক। চাৰি, বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা।

৫। বজ্রাবলী বিষয়ে এটি টোকা লিখা। HSLC ’16

উত্তৰঃ ব্ৰজাৱলী ভাষা হৈছে শ্রীমন্ত শংকৰদেবে সৃষ্টি কৰা এক প্ৰকাৰৰ কৃত্রিম ভাষা। এই ভাষাৰ মূল ভেটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন আন ভাষাৰ সংমিশ্রণেৰে ই গঠিত হৈছে। এই ভাষাত স্বৰধ্বনিৰ প্ৰয়োগ অধিক বাবে শ্রুতি মধুৰ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তেওঁৰ সৰহভাগ লিখনিত ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ কৰিছে।

৬। মাধৱদেৱৰ ৰচনাসমূহক কেইভাগত ভাগ কৰিব পাৰি? ভাগকেইটাৰ নাম লিখা। HSLC ’19, ’20

উত্তৰঃ মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে, যেনেঃ নাট: অর্জুন ভঞ্জন বা দধি মথন। ঝুমুৰ: চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি। কাব্য। আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় তত্ত্বমূলক ৰচনা: নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য। ইয়াৰ উপৰিও তেওঁ ন কুৰি এঘাৰটা ‘বৰগীত’ ৰচনা কৰিছিল।

৭। ভটিমা কি?

উত্তৰঃ ভটিমা হৈছে দেৱতাৰ প্রশস্তিমূলক বা গুণ গৰিমা প্ৰকাশক গীত। পুৰণি কালত প্রশস্তিমূলক গীত গাই ফুৰা গায়কসকলক ‘ভাট’ বুলি কোৱা হৈছিল। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আৰু ভাটৰ মুখেৰে প্ৰকাশ কৰা গীতবোৰক ‘ভটিমা’ বুলি কোৱা হয়।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here