বৈচিত্ৰময় অসম Class 10 Assamese Solution [Updated]
অসমীয়া (বাধ্যতামূলক) | সূচীপত্ৰ |
দ্ৰুত পাঠ | |
বিচিত্রময় অসম | |
নির্বাচিত | প্রশ্নোত্তৰ |
১। ‘বৈচিত্রময় অসম’ নামৰ দ্রুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। HSLC ’20, 22
উত্তৰঃ ‘বৈচিত্রময় অসম’ নামৰ দ্রুত পাঠটিত সন্নিবিষ্ট মিচিং আৰু নাথ বা যোগী জনগোষ্ঠীৰ চমু পৰিচয় দিয়া হ’ল মিচিং জনগোষ্ঠী: অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি বা জনগোষ্ঠী হ’ল মিচিং জনগোষ্ঠীটো। সিহঁতক ‘মিৰি’ জনগোষ্ঠী নামেৰেও জনা যায়। সিহঁতে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ।মিচিংসকল প্রধানকৈ কৃষিজীবি। সিহঁতে সুশৃঙ্খলভাৱে সমাজ পাতি বাস কৰে। মিচিংসলকৰ সমাজত শ্রেণী-বৈষম্য নাই। পুৰুষৰ লগতে মিচিং মহিলাসকলওে কৃষি-কর্ম, গৃহ-কর্মাদিত সমানভাবে অংশ গ্রহণ কৰে। ‘দিঞি-পল’ মিচিংসকলৰ পৰম্পৰাগত ধর্ম। বর্তমান অৱশ্যে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া ধর্ম পন্থা অবলম্বন কৰা দেখা যায়। মিচিংসকলৰ জাতীয় উৎসৱ হ’ল আলি আঃয়ে নৃগাঙ। ইয়াৰ উপৰিও সিহঁতে উপৰিও বিহু উৎসৱ পালন কৰে। মিচিংসকলৰ ভাষা লোক- সাহিত্যৰ চহকী। মিচিং ভাষা চীন-তিব্বতীয় ভাষা- পৰিয়ালৰ তিব্বত-বর্মী শাখাৰ অন্তৰ্গত। নাথ বা যোগী জনগোষ্ঠী: নাথ বা যোগীসকল অসমৰ অন্যতম এক জনগোষ্ঠী। ই অসম তথা ভাৰতবৰ্ষৰ এটা প্রাচীনতম জনগোষ্ঠী। এই জনগোষ্ঠীটো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্রাত্য ধর্ম। এই ধৰ্মৰ মূল দর্শন যোগসাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত। ‘যোগ’ৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। সিহঁতৰ অতি প্রাচীন স্বকীয় সাহিত্য আছে। তন্ত্র- মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনা কৰিছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি যোগাইছে।
২। তোমাৰ দ্রুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। HSLC ’20, 23, 24
উত্তৰঃ ‘বৈচিত্রম অসম’ত অসমৰ প্ৰধান প্রধান জনগোষ্ঠীসমূহৰ বিষয়ে বিৱৰণ থকাৰ লগতে জনগোষ্ঠীসমূহলৈ আগবঢ়োৱা কিছুমান ব্যক্তিৰ বিষয়েও চমু আলোচনা আছে। ইয়াত তেনে তিনিজন ব্যক্তিৰ বিষয়ে চমু আলোচনা আগবঢ়ো হ’ল
(ক) শোভা ব্রহ্মঃ শোভা ব্রহ্ম বড়ো সম্প্ৰদায়ৰ এজন প্রখ্যাত চিত্রশিল্পী, ভাস্কর্যবিদ, সাহিত্যিক আৰু কলা জগতৰ পথপ্রদর্শক। তেওঁ ১৯২৯ চনৰ ১৮ নৱেম্বৰ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা গাঁৱত জন্মগ্রহণ কৰে। শোভা ব্ৰহ্মই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা লাভ কৰি ১৯৫৭ চনত শান্তিনিকেতনৰ পৰা স্নাতক ডিগ্রী লাভ কৰে অসমলৈ ঘূৰি আহে। তেওঁৰ সৃষ্টি চিত্ৰ আৰু ভাস্কৰ্যসমূহৰ জৰিয়তে বিভিন্ন জাতি-ধৰ্মৰ লোকক একতাৰ আহ্বান জনাইছিল। ১৯৬৫ চনত তেওঁৰ সৃষ্টিকর্মসমূহ দিল্লী, কলকাতা, মুম্বাইৰ লগতে বুলগেৰিয়া আৰু চেকোশ্ল’ভাকিয়াতো প্রদর্শিত হৈছিল।
(খ) যাদব পায়েংঃ যাদৱ পায়েং অসমৰ মিচিং সম্প্ৰদায়ৰ এজন প্রকৃতিপ্রেমী আৰু পৰিৱেশৰক্ষাৰ কর্মী। ১৯৪৯ চনৰ ৩০ অক্টা বৰত যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্মগ্রহণ কৰে। সৰুৰে পৰা প্ৰকৃতিৰ প্ৰেমত পৰা যাদৱ পায়েং ১৯৭৯ চনৰ পৰা গছ ৰোপণ আৰম্ভ কৰে। বৰ্তমানলৈ তেওঁ ১৩৬০ একৰ মাটিত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি ৰক্ষণা-বেক্ষণ কৰিছে। তেওঁৰ সৃষ্টি কৰা হাবিখনৰ নাম ‘মোলাই কাঠনি’, যি মাজুলী জিলাৰ অৰুণা চাপৰিত অৱস্থিত। ইয়াত ৰঙা চন্দন, বগা চন্দন, চিচুগছ, হলখ আদি মূল্যৱান গছ-গছনিৰ লগতে ঔষধি বন-লতাৰো উপস্থিতি আছে। তেওঁ পৰিৱেশৰক্ষাৰ বাবে বহু দৃষ্টান্ত স্থাপন কৰিছে, যাৰ বাবে ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ উপাধি প্রদান কৰে।
(গ) ড° বীৰুবালা ৰাভাঃ বীৰুবালা ৰাভা ৰাভা জনগোষ্ঠীৰ এজনী সমাজ সেৱিকা আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্রামী নেত্রী। তেওঁ ১৯৪৯ চনত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্রহণ কৰে। পঢ়াশালাৰ তৃতীয় শ্ৰেণীলৈকে পঢ়া বীৰুবালাৰ মাত্র ১৫ বছৰ বয়সতে বিবাহ হৈছিল। বিবাহৰ পাছত তিনি-চাৰিবছৰ গৃহস্থলী কামত ব্যস্ত থাকি, তেওঁ সমাজৰ নানা কু-সংস্কাৰ, বিশেষকৈ ডাইনী হত্যাৰ দৰে জঘন্য প্ৰথাৰ বিৰুদ্ধে কণ্ঠ দাঙি ধৰিছিল। বীৰুবালাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰে ডাইনী হত্যাৰ বিৰুদ্ধে বহু সমাজ সজাগতা সৃষ্টি কৰিছে। তেওঁ সমাজ সেৱাৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। কৰা।
৩। তিৱাসকলৰ সামাজিক গাঁথনি আলোচনা কৰা।
উত্তৰঃ মূলতঃ মাতৃসূত্রীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। দুই-ততোধিক পৰিয়াল লগ লাগি এটা ‘মাহাৰী’, কেইবাটাও মাহাৰী লগ হৈ এটা ‘কুল’ বা ‘খুটা’, এক বা ততোধিক কুল লগ লাগি এখন ‘খেল’ আৰু এখন বা অধিক খেল লগ লাগি এখন ‘গাঁৱ’ৰ সৃষ্টি কৰে। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বুলি কোৱা হয়। হাৰী কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূর্ণ পদবী। ভৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ ‘বৰঘৰ’ বা ‘ন’বাৰ’ৰ উপস্থিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱাৰ উপৰিও বাসগৃহটোক ‘ন’বাৰ’ হিচাপে অভিহিত কৰা হয়। তাৎপর্যপূর্ণভাৱে পৰিয়াল কেন্দ্রিক পূজা- অৰ্চনাবোৰো তাতেই সমাপন কৰা হয়।
৪। ‘বৈচিত্রময় অসম’ নামৰ দ্রুত পাঠটিত সন্নিবিষ্টি অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পার্বণ সম্পর্কে চমুকৈ লিখা। HSLC ’23
উত্তৰঃ বৈচিত্রময় অসম’ নামৰ দ্রুতপাঠটিত সন্নিবিষ্ট বিভিন্ন জনগোষ্ঠীৰ মাজত পৰা ইয়াত তিৱাসকল আৰু আদিবাসীসকলৰ উৎসব-পার্বণ সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল তিৱাসকলঃ তিৱাসকলে পালন কৰা বিভিন্ন পূজা, উৎসৱ-পাৰ্বণবোৰ হৈছে বানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱা, খাল্লাং ৰাৱানে ফুজা, পান্থাইচ্যৱা, জোনবিল মেলা, গোসাঁই উলিওৱা মেলা, বিহু ইত্যাদি। আদিবাসীকসলঃ আদিবাসীসকলৰ এক প্রধান উৎসৱ হৈছে ‘কৰম উৎসৱ’। এই উৎসৱ ভাদ মাহৰ একদাশী দিনা উদ্যাপন কৰা হয়। ‘কৰম’ প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। ‘কৰম’ এবিধ গছৰ নাম। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম গছৰ ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। এই পূজাৰ সময়ত ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা পৰব (চাৰহুল), চহৰাই, মাগে, ফাগুৱা ইত্যাদি উৎসৱ উদ্যাপন কৰে।
৫। তিৱাসকলৰ ধর্মীয় বিশ্বাসৰ বিষয়ে লিখা?
উত্তৰঃ তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। প্রকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসব-পার্বণত তেওঁলোকে পূর্বপুৰুষকো দেৱতা বুলি পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা, যেনে শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ, নৱবৈষ্ণৱবাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলবোৰত বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্টধর্মই গজালি মেলে।
৬। তিৱাসকলৰ সাজ-সজ্জাৰ বিষয়ে কি জানা লিখা?
উত্তৰঃ স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুলৰ চানেকীযুক্ত বস্ত্র তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা, তাল্লা, থেনাচ, ফালি, ফাগা ইত্যাদি আৰু মহিলাসকলে কাং, ফাঙ্কাই, নাৰা ইত্যাদি পৰিধান কৰে। তদুপৰি কেইবাবিধৰ মণি, যেনে- চাপ্স, চিংলি ল, কল্ পান্থা তিৱাসকলে পৰিধান কৰে। খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং নামৰ অলংকাৰকেইবিধ কাণত পৰিধান কৰে। লিখা।
৭। ‘মিচিং’ জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰঃ মিচিং জনগোষ্ঠীটো হ’ল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি। সিহঁতক ‘মিৰি’ নামেৰেও জনা যায়। তেওঁলোকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানর। মিচিং জনগোষ্ঠীৰ মাজত কেইবাপ্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্র গণনা পুৰুষৰ ফালৰ পৰা কৰা হয়। মনে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধীনতা আছে। কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে। মিচিং গাঁওবিলাকত শান্তি-সম্প্রীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে। কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে ‘কীবাং’ বা মেল পাতি গাঁওবুঢ়াৰ তত্ত্বাৱধানত দোষীৰ বিচাৰ কৰা হয়। মিচিং পুৰুষসকলে পৰম্পৰাগত মিবু গালুগ, গন্ত, উগন, টঙালি, দুমীৰ আদি পৰিধান কৰে। তেনেকৈ মহিলাসকলে হাতে বোৱা ৰিহা-মেখেলা, ৰিবি-গাচেং আদি পৰম্পৰাগৰ পোছাক পৰিধান কৰে। প্ৰচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে। দিঞি-পল’ মিচিংসকলৰ স্বকীয় ধর্ম। অৱশ্যে আজিকালি মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায়। মিচিংসকলে জাতীয় উৎসৱ আলি-আঃয়ে নৃগাঙৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পালন কৰে।
You May Like:
- পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12
- অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8
- ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7
- জিকিৰ Class 10 Assamese Chapter 2
- বৰগীত Class 10 Assamese Chapter 1