ঐতিহাসিক পটভূমি থকা স্থানক বুৰঞ্জী প্রসিদ্ধ ঠাই বুলি কোৱা হয়। সাধাৰণতে নতুন ঠাই চাবলৈ, নতুন কথা শিকিবলৈ, অতীতৰ ঘটনাৰ সাক্ষীস্বৰপ কীৰ্তিচিহ্নক নিজ চকুৰে চাবলৈ মানুহৰ মনৰ ভিতৰত তীব্র কৌতূহল আৰু হাবিয়াস জন্মে। এনে কৌতুহল নিবৃতিৰ বাবেই মানুহে ঠাই ভ্রমণ কৰে।
ঐতিহাসিক ঠাই ভ্ৰমণৰ প্ৰতি মোৰো দুৰ্ব্বলতা আছে। মই ভাৰতৰ বিভিন্ন ঐতিহাসিক স্থানবোৰ দৰ্শন কৰাৰ এক সূদূৰ সপোন মনতে পুহি ৰাখিছো। ইতিমধ্যে মই অসমৰ ঐতিহাসিক ঠাই শোণিতপুৰ ভ্ৰমণ কৰিছো। এই ভ্ৰমণৰ বিষয়ে মই ইয়াত কিছুকথা ক’বলৈ ওলাইছো।
শোণিতপুৰ আছিল ঐতিহাসিক বাণৰজাৰ ৰাজধানী। আমি ইতিহাসত পঢ়িছো যে বাণৰজাৰ ঊষা নামেৰে এগৰাকী সুন্দৰী জীয়েক আছিল। ৰজাই নিজৰ জীয়েকক পরুষ মানুহৰ সংস্পৰ্শৰ পৰা নিলগত ৰাখিবলৈ অগ্নিগড় নামেৰে এটি দুর্গ সাজিছিল আৰু তাত সশস্র পহৰাৰ মাজত নিজৰ জীয়েকক সুৰক্ষিত কৰি ৰাখিছিল। কিন্তু এদিনাখন তাই শ্রীকৃষ্ণৰ নাতি অনিৰুদ্ধক সপোনত দেখা পাই তেওঁৰ প্ৰেমত পৰে আৰু চিত্ৰলেখা নামৰ তাইৰ সখিয়েকৰ সহায়ত অনিৰুদ্ধক মাতি আনে আৰু গোপনে তেও’ব লগত পলাই যায়।
ঊষা পলাই যোৱাৰ বাতৰি পাই বাণ ৰজাই সসৈন্যে অনিৰুদ্ধক আক্ৰমণ কৰি বন্ধী কৰে। ইপিনে নাতিয়েক বন্ধী হোৱা বাতৰি পাই শ্রীকৃষ্ণই বানৰজাৰ ৰাজ্য আক্ৰমণ কৰে। বাণৰজা প্রভু শিৱৰ ভক্ত আছিল। বাণ ৰজাৰ এনে দুর্যোগৰ সময়ত শিরই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে। ফলত শ্রীকৃষ্ণ আৰু বাণৰজাৰ মাজত তয়াময়া ৰণ হয়। যুদ্ধত বাণৰজা পৰাজয় হয় আৰু শ্রীকৃষ্ণই অনিৰুদ্ধ আৰু ঊষাদেৱীক দ্বাৰকালৈ লৈ গৈ দুয়োজনৰ বিবাহ পাতি দিয়ে। এই যুদ্ধ দুই দেৱতা অর্থাৎ হৰি (শ্রীকৃষ্ণ) আৰু হৰ (শিব) ৰ মাজত হোৱা বাবে ইয়াক ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয়।
বাণৰজাৰ সেই প্রাচীন ৰাজধানী আৰু ঊষাদেরীক সুৰক্ষা দি ৰখা সেই অগ্নিগড় চাবলৈ মনত বহু দিনৰ পৰাই হেঁপাহ আছিল আৰু যোৱা বছৰ গৰমৰ বন্ধত মই তালৈ ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। সৌভাগ্যক্রমে মোৰ সম্বন্ধীয় খুৰায়েকৰ ল’ৰা এজন চাকৰিসূত্রে তাত থাকে। তেওঁৰ ওচৰত মোৰ হেঁপাহৰ বিষয়ে কোৱাত তেওঁ মোক তেওঁৰ লগত সেইখন ঠাইলৈ লৈ যায়। আমি দুয়ো জুলাই মাহৰ প্রথম দিনাই ৰাতিৰ বাছত উঠি তেজপুৰলৈ যাওঁ। তাত মই প্রায় একসপ্তাহ থাকো আৰু এই সময়খিনিত তেওঁ মোক শোণিতপুৰৰ বহুতো ঐতিহাসিক ঠাইলৈ লৈ যায়।
ঠাইখন প্রাকৃতিক সৌন্দৰ্যৰে ভ’ৰপুৰ এখন সুন্দৰ ঠাই। এই ঠাইখন ইমানেই চাফ-চিকুন যে মই চাই বিস্ময়ত অবাক হ’লো। আমি অগ্নিগড়, মহা ভৈৰৱী মন্দিৰ আৰু বাণ ৰজাৰ ৰাজধানীৰ ধ্বংসাৱশেষ চালো। এইদৰে তাত এসপ্তাহ থাকি মনৰ দীর্ঘদিনীয়া কৌতুহল নিবাৰণ কৰি ওভতি আহিলো। ঠাইখনৰ স্মৃতি মোৰ চিৰদিনলৈ মনত থাকিব।
