বিষাদ যোগ Class 10 Assamese Chapter 15 [Updated]
অসমীয়া (বাধ্যতামূলক) | সূচীপত্ৰ |
গ্ৰুপ- খ (ঐচ্ছিক) | |
পদ্যাংশ | |
বিষাদ যোগ | ভট্টদেৱ |
চমু | প্রশ্নোত্তৰ |
১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।
(ক) মহাৰথী কাক বোলে?
উত্তৰঃ দহ হেজাৰ ধনুদ্ধাৰ সৈতে অকলে যুদ্ধ কৰিব পাৰে যোদ্ধাক ‘মহাৰথী’ বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল আছিল দ্রোণ, ভীষ্ম, কর্ণ, কৃপ, অশ্বত্থামা, বিকৰ্ণ আৰু ভূৰিশ্ৰৱা।
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।
(ঘ) আততায়ী কাক বোলে? HSLC ’19
উত্তৰঃ যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক অপকাৰ কৰে, অস্ত্ৰলৈ যুদ্ধ কৰে-এইছয় দোষত দোষীক ‘আততায়ী’ বোলে।
(ঙ) কুলক্ষয় দোষ কি? HSLC ’17, 23
উত্তৰঃ যিদোষে কুলধৰ্ম নষ্ট কৰি কুলক অধর্মী কৰি তোলে তেনে দোষকে ‘কুলক্ষয় দোষ’ বোলে।
(চ) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? HSLC ’16, 20, 24
উত্তৰঃ ভট্টদেৱৰ সম্পূর্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
(ছ) বিষাদযোগ’ পাঠটিৰ মূল কি?
নাইবা
‘বিষাদযোগ’ পাঠটি কোনখন গ্ৰন্থৰ পৰা অনা হৈছে?
উত্তৰঃ ভট্টদেৱৰ ‘কথাগীতা’। HSLC ’18, 23
৩। ভট্টদেৱৰ গুৰু কোন? HSLC ’19
উত্তৰঃ ভট্টদেৱৰ গুৰু আছিল দামোদৰ দেৱ।
৪। অর্জুনৰ ধনুখনৰ নাম কি?
উত্তৰঃ গাণ্ডীব। বচনাধর্মী প্রশ্নোত্তৰ HSLC ’18
১। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। HSLC +23
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হ’লে স্ত্রীসকল দুষ্টা হয়। স্ত্রীসকল দুষ্টা হ’লে বংশ নষ্ট হ’ব। কুলদোষে জাতি, ধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম আদি সকলো নষ্ট কৰি নৰকত ভূগিব লগা কৰে। সেয়ে কুলধর্মক মহাপাপ বুলি কোৱা হৈছে।
২। ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা……।’ এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰঃ কৌৰৱসকলৰ পিতৃ অন্ধ ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্র ৰণাঙ্গনত কুৰু-পাণ্ডৱৰ সমৰসজ্জ্বাৰ বিষয়ে জানিব বিচৰাত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উক্ত কথাষাৰ কৈছিল। সঞ্জয়ে কৈছিল যে অর্জুনে যুদ্ধক্ষেত্ৰত অস্ত্ৰ ধাৰণ নকৰি মৌন হৈ আছে। দুর্যোধনে অস্ত্র ধৰি তেওঁক যদি বধো কৰে তথাপি তেওঁ আনন্দ পাব, তেওঁক পাপে নুচুব।
৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য হ’ল: HSLC ’17
(ক) ভট্টদেৱৰ গদ্য তত্বগধুৰ আৰু নাটকীয় গুণবিশিষ্ট। কথোপকথন, প্রশ্নোত্তৰ, যুক্তিতর্ক আদিৰ ব্যৱহাৰ কৰি ভট্টদেবে গদ্যক নাটকীয়তা প্রদান কৰিছে।
(খ) তেওঁৰ গদ্যত সংস্কৃত ছদৰীতিৰ কিছুমান লক্ষণ আছে।
৪।”-এইছয় দোষত আততায়ী’ কৌৰৱসকল কি কি ছয় দোষত আততাতী হৈছিল? HSLC ’16
উত্তৰঃ আনক বিষ দিবলৈ চেষ্টা কৰা, অগ্নি দিয়া, লোকৰ ধন সৰ্বস্ব হৰণ কৰা, ৰাজ্যভাৰ কাঢ়ি নিয়া, ভার্যাক অপমান কৰা, অস্ত্ৰলৈ যুদ্ধ কৰা- এই ছয় দোষত কৌৰৱসকল ‘আততায়ী’ হৈছিল।
৫। ভট্টদেবে ‘কবিৰত্ন’ আৰু ‘ভাগবত ভট্টাচার্য’ উপাধি কিয় লাভ কৰিছিল? HSLC ’18
উত্তৰঃ ভট্টদেৱে ভাগৱত ব্যাখ্যাত ইমান বুৎপত্তি অৰ্জন কৰিছিল যে পণ্ডিতসমাজে তেওঁৰ ভাগৱত ব্যাখ্যাত সন্তুষ্ট হৈ তেওঁক ‘ভাগৱত ভট্টাচার্য’ উপাধি দিছিল। আনহাতে বৰনগৰৰ মোড়লসকলে তেওঁৰ সংস্কৃত কাব্য আৰু ভাগবত গীতাৰ ব্যাখ্যা শুনি সন্তুষ্ট হৈ তেওঁক ‘কবিৰত্ন’ উপাধি প্রদান কৰিছিল।
৬। কুৰুক্ষেত্ৰৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেবে বজোৱা শংখকেইটাৰ নাম লিখা। HSLC ’18
উত্তৰঃ কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে কৃষ্ণই পাঞ্চজন্য শংখ, অর্জুনে দেবদত্ত শংখ, ভীমে পণ্ডক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সঘোষ আৰু সহদেবে মণিপুষ্পক শংখ বজাইছিল।
৭। “যুদ্ধত স্বজনবধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।” কথাষাৰ কোনে, কাৰ আগত, কেতিয়া কৈছে?
উত্তৰঃ অর্জুনে যুদ্ধক্ষেত্ৰত সমবেত হোৱা জ্ঞাতি ভাই-ককাই আৰু আত্মীয়-স্বজনসকলক দেখি দুঃখত ভাগি পৰি যুদ্ধ নকৰে বুলি শ্রীকৃষ্ণৰ আগত উক্ত কথাষাৰ কৈছে। তেওঁ কৈছে যে আত্মীয় স্বজনক বধ কৰি কোনো ফল নহ’ব। তেওঁ বিজয়কো আকাঙ্খা নকৰে, ৰাজ্য লোভো তেওঁৰ নাই আৰু যুদ্ধৰ জৰিয়তে তেওঁ সুখ বাঞ্ছা নকৰে। কথাযাৰৰ দ্বাৰা যুদ্ধৰ প্ৰতি অর্জুনৰ ঘৃণা ভার প্রকাশ পাইছে।
৮। ‘আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা’- কুৰুক্ষেত্র যুদ্ধৰ প্ৰাক্ষণত পঞ্চপাণ্ডৱে কি কি শঙ্খ বজাইছিল? HSLC ’17
উত্তৰঃ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকক্ষণত বিভিন্নজনে বিভিন্ন শঙ্খ বজাইছিল। যেনেঃ অর্জুনে ‘দেৱদত্ত’ শংখ, ভীমে ‘পণ্ডক’ নামে মহাশংখ, যুধিষ্ঠিৰে ‘অনন্ত’, নকুলে ‘সঘোষ’ আৰু সহদেৱে ‘মণিপুষ্পক’ শঙ্খ বজাইছিল। আনহাতে কাশীৰাজ, সাত্যিক, ধৃষ্টদ্যুম্ন বিৰাট, দ্রুপদ, অভিমান্যু আদিয়ে পৃথকে পৃথকে শংখ বজাই আকাশ- বতাহ মুখৰিত কৰি কৌৰৱ সৈন্যৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।
You May Like:
- পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12
- অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Class 10 Assamese Chapter 8
- ভাৰতীয় সংস্কৃতি Class 10 Assamese Chapter 7
- জিকিৰ Class 10 Assamese Chapter 2
- বৰগীত Class 10 Assamese Chapter 1