Join WhatsApp

Join Now

Join Telegram

Join Now

বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন বা টেলিভিচন ৰচনা

By Rabbi Masrur

Published On:

বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন বা টেলিভিচন ৰচনা

বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন ৰচনা বা টেলিভিচন

আৰম্ভিণি: ‘টেলিভিচন’ হৈছে বিজ্ঞানৰ এক আধুনিক আৱিষ্কাৰ। টেলিভিচন’ ইংৰাজী শব্দ। ‘টেলি’ শব্দই ‘দূৰ’ আৰু ‘ভিচন’ শব্দই ‘দেখা বা দর্শন কার্য’ক বুজায়। অর্থাৎ টেলিভিচন হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে মানুহৰ মাত-কথাও শুনিব পাৰি। টেলিভিচন শব্দৰ প্রতিশব্দ হ’ল ‘দূৰদৰ্শন’। জন বেয়ার্ড নামৰ এজন ইংৰাজ বৈজ্ঞানিকে ১৯২৫ চনত টেলিভিচন আবিষ্কাৰ কৰে।

টেলিভিচনৰ কাৰ্যৰ আধাৰ হ’ল বিদ্যুৎ আৰু ইয়াৰ ক্রিয়া। টেলিভিচনত দেখা দৃশ্যবোৰ প্ৰথমতে শক্তিশালী কেমেৰাৰে তুলি সেইবোৰ উজ্জ্বল আৰু অনুজ্জ্বল পোহৰ বিন্দুলৈ ৰূপান্তৰিত কৰা হয়। তাৰ পিছত ইয়াক বিদ্যুৎ তৰঙ্গলৈ সলনি কৰি শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ পঠোৱা হয়। গ্রাহক যন্ত্রই এইবোৰ পূৰ্বৰ ছবি আৰু শব্দলৈ ৰূপান্তৰ কৰে ফলত টেলিভিচনৰ জৰিয়তে দূৰত ঘটা ঘটনা চাব আৰু শব্দ শুনিব পৰা যায়।

টেলিভিচনৰ দৃশ্যবোৰক আমি কলা-বগা আৰু ৰঙীন এই দুই ৰূপত চাব পাৰো। টেলিভিচন বৰ শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশত ঘটা ঘটনা নিজ ঘৰত বহিয়েই চাব পাৰি। ব্যৱসায়-বাণিজ্য, শিক্ষা আৰু প্ৰচাৰমূলক কার্যত ইয়াৰ ব্যৱহাৰ অপৰিসীম। জনমত গঠনৰ ক্ষেত্ৰত ই এক প্রভাবশালী ভূমিকা গ্রহণ কৰে। টেলিভিচনে নিয়মীয়াকৈ বহুতো মনোৰঞ্জনমূলক কাৰ্যসূচীও প্রচাৰ কৰে যিবোৰ উপভোগ কৰি আমি নানান কথা শিকাৰ উপৰিও আনন্দ উপভোগ কৰিব পাৰোঁ।

টেলিভিচনৰ যেনেকৈ উপকাৰ আছে ঠিক তেনেকৈ ইয়াৰ অপকাৰী দিশো নথকা নহয়। বহু সময়ত টেলিভিচনত প্ৰৰোচনামূলক বাতৰিও
পৰিবেশন কৰে যি বাতৰিয়ে বহু সময়ত জনসাধাৰণৰ মনত বিরূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে। টেলিভিচনত নানা ধৰণৰ কাৰ্যসূচী প্ৰচাৰ কৰা হয় যদিও সকলো কাৰ্যসূচী সকলোৰে বাবে প্রযোজ্য নহয়। অতিৰিক্ত টেলিভিচন দর্শন কার্যই আমাৰ চকু আৰু শৰীৰৰ ক্ষতি কৰে। তাৰোপৰি টেলিভিচনত প্ৰচাৰ কৰা বা-বাতৰি সদায় নিৰপেক্ষ নহয়। সেয়ে টেলিভিন চোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে সতর্কতা অবলম্বন কৰা উচিত।

টেলিভিচন আজিকালি সভ্য জগতৰ প্রয়োজনীয় বস্তু যদিও ইয়াৰ বেয়া প্রভাৱবোৰ এৰাই চলি ইয়াক যুক্তিসঙ্গতভাবে ব্যৱহাৰ কৰা উচিত। (H.S. ’17)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×