বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা
বিজ্ঞান হৈছে মানৱ জাতিৰ বাবে অন্যতম আশীৰ্বাদ। ই আমাৰ জীৱন-যাপন, চিন্তা-চৰ্চা আৰু কাম-কাজৰ ধৰণ সলনি কৰি দিছে। ই আমাৰ চৌপাশৰ জগতখন বুজিবলৈ সহায় কৰে আৰু আমাৰ জীৱনটো সহজ আৰু আৰামদায়ক কৰি তোলে। কিন্তু বিজ্ঞানৰ যেনেকৈ বহু উপকাৰিতা আছে ঠিক তেনেদৰে ইয়াৰ সঠিক ব্যৱহাৰ নকৰিলে কিছু ক্ষতিকাৰক প্ৰভাৱো আছে। এই ৰচনাখনত বিজ্ঞানৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
👉 Read also:
- গোলকীয় উষ্ণতা বৃদ্ধি ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ ৰচনা
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- শিক্ষা আৰু মূল্যবোধ অসমীয়া ৰচনা
- দূৰদৰ্শন (টেলিভিচন) অসমীয়া ৰচনা
- আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা ৰচনা
বিজ্ঞানৰ উপকাৰিতা
মানৱ জীৱনৰ উন্নতিঃ বিজ্ঞানে মানৱ জীৱনক অধিক আৰামদায়ক আৰু আনন্দদায়ক কৰি তুলিছে। আমি কম সময়তে বহু দূৰ যাত্ৰা কৰিব পাৰো, সমগ্ৰ বিশ্বৰ মানুহৰ সৈতে নিমিষতে যোগাযোগ কৰিব পাৰো, আৰু এসময়ত অসম্ভৱ বহুতো বিলাসীতা উপভোগ কৰিব পাৰো। বিদ্যুৎ, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ আৱিষ্কাৰে আমাৰ জীৱন-ধাৰণৰ পদ্ধতি সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।
চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিঃ বিজ্ঞানৰ এটা ডাঙৰ উপকাৰ হ’ল চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখন। বিজ্ঞানীসকলে বহু মাৰাত্মক ৰোগ নিৰাময় কৰা ভেকচিন আৰু ঔষধ আৱিষ্কাৰ কৰিছে । অস্ত্ৰোপচাৰ কৌশল আৰু চিকিৎসা সঁজুলিয়ে স্বাস্থ্যসেৱা উন্নত কৰাৰ লগতে আয়ুস বৃদ্ধি কৰিছে। আজি বৈজ্ঞানিক অগ্ৰগতিৰ বাবে জটিল ৰোগবোৰো সফলতাৰে চিকিৎসা কৰিব পৰা হৈছে।
কৃষি ক্ষেত্ৰত উন্নয়নঃ বিজ্ঞানে কৃষিক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিছে। কৃষকসকলে এতিয়া বৈজ্ঞানিক পদ্ধতি, সঁজুলি, সাৰ, উন্নত বীজ ব্যৱহাৰ কৰি অধিক শস্য উংপাদন কৰিব পাৰিছে। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে দৰিদ্ৰতা হ্ৰাস কৰাৰ লগতে খাদ্য যোগান উন্নত হোৱাত সহায়ক হৈছে।
উদ্যোগ আৰু প্ৰযুক্তিৰ বৃদ্ধিঃ বিজ্ঞানৰ ফলত নতুন উদ্যোগ আৰু প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰ হৈছে। মেচিন আৰু অটোমেচনে উৎপাদন দ্ৰুত আৰু অধিক কাৰ্যক্ষম কৰি তুলিছে। বৈজ্ঞানিক আৱিষ্কাৰৰ ফলত ৰবট, কৃত্ৰিম বুদ্ধিমত্তা, নবীকৰণযোগ্য শক্তিৰ উৎস আদি আধুনিক উদ্ভাৱন সম্ভৱ হৈছে।
যোগাযোগ আৰু পৰিবহণৰ ক্ষেত্ৰত উন্নতিঃ বিজ্ঞানৰ কৃপাত পৃথিৱীখন ‘গোলকীয় গাঁও’ত পৰিণত হৈছে। মটৰ গাড়ী, বিমান, ৰে’ল গাড়ী, জাহাজ আদিয়ে মানুহক এটা ঠাইৰ পৰা আন ঠাইলৈ দ্ৰুতগতিত যাবলৈ সুবিধা কৰি দিয়ে। মোবাইল ফোন, ইণ্টাৰনেট, আৰু চেটেলাইটে আমাক যিকোনো ব্যক্তিৰ সৈতে, যিকোনো ঠাইতে, যিকোনো সময়তে সংযোগ স্থাপন কৰাত সহায় কৰি আছে।
বিজ্ঞানৰ অপকাৰিতা
অস্ত্ৰৰ জৰিয়তে ধ্বংসঃ বিজ্ঞানৰ আটাইতকৈ বিপজ্জনক ব্যৱহাৰ হৈছে মাৰাত্মক অস্ত্ৰ সৃষ্টিত। পাৰমাণৱিক বোমা, ক্ষেপণাস্ত্ৰ আৰু ৰাসায়নিক অস্ত্ৰই নগৰ-চহৰ, গাওঁ-ভূই ধ্বংস কৰি লাখ লাখ লোকক হত্যা কৰিব পাৰে। বিজ্ঞানক কেনেকৈ শান্তিৰ পৰিৱৰ্তে ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব পাৰি, সেয়া বিগত দুই বিশ্বযুদ্ধই দেখুৱাই দিলে। সাম্প্ৰতিক সময়ত ইজৰাইলে গাজাত চলোৱা ধবংসযজ্ঞ মানৱ ইতিহাসত এক কলংকময় অধ্যায়।
পৰিৱেশ প্ৰদূষণঃ ঔদ্যোগীকৰণ আৰু প্ৰযুক্তিগত বিকাশৰ ফলত বায়ু, পানী আৰু মাটি প্ৰদূষণ হৈছে। কাৰখানাসমূহে প্ৰকৃতিৰ ক্ষতিসাধন কৰা ক্ষতিকাৰক গেছ আৰু ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। যান-বাহন আৰু বিদ্যুৎ কেন্দ্ৰসমূহেও গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনত ইন্ধন যোগাইছে।
স্বাস্থ্যজনিত সমস্যাঃ বিজ্ঞানে চিকিৎসা বিজ্ঞানৰ উন্নতি সাধন কৰিলেও বহু সমস্যাৰ সৃষ্টি কৰিছে। মেচিন আৰু কম্পিউটাৰৰ অতিমাত্ৰা ব্যৱহাৰে মানুহক এলেহুৱা আৰু অস্বাস্থ্যকৰ কৰি তুলিছে। মেদবহুলতা, মানসিক চাপ, হৃদযন্ত্ৰৰ সমস্যা আদি আধুনিক জীৱনশৈলীৰ ৰোগসমূহৰ বােব বহু পৰিমাণে বিজ্ঞান দায়ী।
নিবনুৱা সমস্যাঃ উদ্যোগ আৰু কাৰ্যালয়ত বহু মানুহৰ চাকৰিৰ ঠাই মেচিনে ল’লে। অটোমেচন আৰু কৃত্ৰিম বুদ্ধিমত্তাই ভৱিষ্যতে নিবনুৱা সমস্যা বৃদ্ধি কৰাৰ প্ৰকট সম্ভাৱনা আছে। আগতে যিেবাৰ কাম মানুহে কৰোতে বহু সময় লাগিছিল সেয়া আজি মেচিনৰ জৰিয়তে অলপ সময়ৰ ভিতৰতে কৰিব পাৰি। ফলত মানুহে কৰ্মসংস্থান হেৰুৱাই আছে।
প্ৰযুক্তিৰ অপব্যৱহাৰঃ কিছুমান মানুহে বৈজ্ঞানিক উদ্ভাৱনক ভুল উদ্দেশ্যত অপব্যৱহাৰ কৰে। আধুনিক ডিজিটেল জগতখনত চাইবাৰ অপৰাধ, অনলাইন জালিয়াতি, ডাটা চুৰি আদি সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ইণ্টাৰনেট উপযোগী হ’লেও ই ভুল তথ্যৰো উৎস। ভূল তথ্য ব্যৱহাৰ কৰি বহুতো মানুহে নানান ক্ষতিৰ সন্মুখীন হৈছে।
বিজ্ঞানৰ ব্যৱহাৰৰ ভাৰসাম্য ৰক্ষাঃ বিজ্ঞান নিজে ভাল বা বেয়া বিেবচনা কৰিব নোৱাৰে। মানুহে ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰতহে ইয়াৰ নিৰ্ভৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে। যদি বিজ্ঞানক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা হয়, তেন্তে ই মানৱ সমাজলৈ শান্তি আৰু সমৃদ্ধি ক¿Iÿয়াই আনিব। কিন্তু অসাৱধানতাৰে বা স্বাৰ্থপৰতাৰে ব্যৱহাৰ কৰিলে ই ক্ষতি আৰু ধ্বংসৰ কাৰণ হ’ব। গতিকে আমি সকলোৰে কল্যাণৰ বাবে বিজ্ঞানক দায়িত্বশীল আৰু নৈতিকভাৱে ব্যৱহাৰ কৰিব লাগিব।
👉 Read also:
- আধুনিক সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা
- মাদক দ্রব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ ৰচনা
- ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্রভাব ৰচনা
- ৰেডিঅ’ ৰচনা
- জৈৱ বৈচিত্র্য আৰু সাম্প্ৰতিক সময় ৰচনা
সামৰণি
বিজ্ঞানে আমাৰ জীৱনটোক অধিক আৰামদায়ক আৰু উন্নত কৰি তুলিছে যদিও ই নতুন প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। বিজ্ঞানৰ উপকাৰিতা বহুত যইদও ইয়াৰ সম্ভাৱ্য ক্ষতিও কম নহয়। সেয়ে মানৱ প্ৰজ্ঞা ব্যৱহাৰ কৰি বিজ্ঞানক শান্তি, প্ৰগতি আৰু মানৱতাৰ উৎকৰ্ষ সাধনৰ বাবে ব্যৱহাৰ কৰা উচিত।