আৰম্ভণিঃ বাতৰি কাকত হৈছে বিভিন্ন বিষয়ৰ সৰ্ব্বশেষ জ্ঞান আৰু তথ্য সমৃদ্ধ এসোপা প্রকাশিত কাগজ। ইহ’ল যোগাযোগৰ জনপ্ৰিয় আৰু সহজ মাধ্যম।
প্ৰকাৰঃ বাতৰি কাকত বিভিন্ন প্ৰকাৰৰ আছে, যেনে : দৈনিক, সাপ্তাহিক, পষেকীয়া, মাহেকীয়া, তিনিমহীয়া, ছয়মহীয়া, বছৰেকীয়া ইত্যাদি। পষেকীয়া, মাহেকীয়া, তিনিমহীয়া, ছয়মহীয়া আৰু বছৰেকীয়া কাকতবোৰক আলোচনী বোলে।
বাতৰি কাকতৰ ইতিহাসঃ আধুনিক বাতৰি কাকতৰ জন্ম ১৫৩৬ চনত ইউৰোপৰ ভেনিচ চহৰত হৈছিল। প্রথমতে ই বহু দিনৰ মূৰে মূৰে সাময়িক ভাবে প্রকাশ হৈছিল। ইয়াক ‘গেজেটা’ বুলি কোৱা হৈছিল। সপ্তদশ শতাব্দীৰ শেষ ভাগত জার্মানীত তিনিখন বাতৰি কাকত প্রকাশিত হৈছিল। তেতিয়াৰ পৰাই ই লাহে লাহে পৃথিৱীৰ বিভিন্ন দেশলৈ বিস্তাৰ লাভ কৰে। ভাৰতবৰ্ষত ১৮৭০ চনত আগাষ্টাচ হিকি নামৰ এজন ইংৰাজ ভদ্রলোকে প্রথম বাতৰি কাকত উলিয়ায়।
বাতৰি কাকতৰ উপযোগিতাঃ বাতৰি কাকতৰ যথেষ্ট উপযোগিতা আছে। যিহেতু বাতৰি কাকতে ৰাজনীতি, অর্থনীতি, সমাজ নীতি, সাহিত্য, বিজ্ঞান, খেল ধেমালী আদি বিভিন্ন বিষয়ৰ বাতৰি প্রকাশ কৰে, গতিকে বাতৰি কাকত অধ্যয়ন কৰি আমি সকলো বিষয়ৰ জ্ঞান লাভ কৰিব পাৰি। বাতৰি কাকতে মানুহৰ লগত মানুহ, জাতিৰ লগত জাতি, আৰু দেশৰ লগত দেশৰ সম্পৰ্ক বৃদ্ধি কৰে। ই আমাৰ ভাষাৰ দক্ষতাও বৃদ্ধি কৰে। কিছুমান মানুহে আনন্দৰ বাবে বা মনক সজীৱ কৰিবলৈ বাতৰি কাকত পড়ে। জনমত গঠনত বাতৰি কাকতৰ ভূমিকা অনস্বীকার্য। প্রায় প্রতিটো বাতৰি কাকতে গুৰুত্বপূৰ্ণ বাতৰিৰ ওপৰত সম্পাদকীয় প্রকাশ কৰে।
বাতৰি কাকতৰ ক্ষতিকাৰক দিশ: দুর্ভাগ্যক্রমে প্রতিটো ভাল বস্তুৰ বেয়া দিশ থকাৰ দৰে বাতৰি কাকতৰো বেয়া দিশ নথকা নহয়। কিয়নো আজিকালি বহুতো বাতৰি কাকত আছে যদিও ইয়াৰ খুৱ কম সংখ্যক কাকতেহে নিৰপেক্ষ বাতৰি প্রকাশ কৰে। কেতিয়াবা ভিত্তিহীন আৰু মিছা বাতৰিও কাকতত প্রকাশ কৰা দেখা যায় যিবোৰে পাঠকক বহু সময়ত বিপাঙত পেলায়। গতিকে বাতৰি কাকত পঢ়াৰ সময়ত কিছু সতর্ক হোৱা প্রয়োজন।
সামৰণি: বাতৰি কাকতৰ সৰ্ব্বাত্মক গুৰুত্ব আৰু তাৎপর্য অনুধাৱন কৰি ক’ব পৰা যায় যে ইয়াৰ সুফলৰ তুলনাত কুফল তুলনামূলকভাবে কম। গতিকে সকলো মানুহে বাতৰি কাকত পঢ়াৰ অভ্যাস গঠন কৰিব লাগে।
