পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা Essay in Assamese
👉 Read Also:
- অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা
- অসমৰ বানপানী ৰচনা
- শিক্ষা আৰু মূল্যবোধ ৰচনা
- মোৰ প্ৰিয় গ্রন্থ ৰচনা
- দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা
প্ৰস্তাৱনাঃ
পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা Essay in Assamese, আমাৰ চাৰিওফালে থকা প্রাকৃতিক আৰু মানৱসৃষ্ট সকলো বস্তু একেলগ হৈ পৰিৱেশ গঠিত কৰে। এই পৰিৱেশৰ স্বাভাৱিক অবস্থা যদি নষ্ট হয়, তেতিয়া তাক ‘পৰিৱেশ প্রদূষণ’ বুলি কোৱা হয়। বর্তমান সময়ত জনসংখ্যা বৃদ্ধি আৰু মানুহৰ অতিৰিক্ত সুবিধা গ্ৰহণৰ প্ৰৱণতাৰ ফলত পৃথিৱীৰ পৰিৱেশ দ্রুতগতিত প্ৰদূষিত হৈ আছে। সম্প্রতি এই সমস্যা সমগ্র বিশ্বৰ বাবে এক গুৰুত্বপূর্ণ প্রত্যাহ্বানৰ ৰূপ ধাৰণ কৰিছে। পৰিবেশ প্ৰদূষণ মূলত চাৰিটা দিশত দেখা যায় -বায়ু প্রদূষণ, ভূমি প্রদূষণ, জল প্রদূষণ, আৰু শব্দ প্রদূষণ।
বায়ু প্ৰদূষণঃ
আমাৰ বায়ুমণ্ডল পাঁচটা প্রধান গেছৰ সমন্বয়ত গঠিত। কিন্তু গছ-গছনিৰ হ্রাস, কল- কাৰখানাৰ ধোঁৱা, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু পাৰমাণৱিক বিস্ফোৰণৰ ফলত বায়ুত অশুদ্ধ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ ফলত অক্সিজেনৰ অভাৱত শ্বাস-প্রশ্বাসৰ সমস্যা আৰু বিভিন্ন বেমাৰ দেখা দিছে।
ভূমি প্রদূষণঃ
ভূমি হৈছে খাদ্যৰ প্ৰধান উৎস। কিন্তু ৰাসায়নিক সাৰ আৰু প্লাষ্টিক জাতীয় সামগ্ৰীৰ অপব্যৱহাৰে ভূমিৰ উৰ্বৰতা শক্তি হ্রাস কৰিছে। ইয়াৰ ফলত কৃষিৰ উৎপাদন হ্রাস পাই পৰিৱেশৰ ওপৰত কুপ্রভাৱ পেলাইছে।
জল প্ৰদূষণঃ
জলক জীৱনৰ সমাৰ্থক বুলি কোৱা হয়। কিন্তু কল-কাৰখানাৰ আবৰ্জনা, কীটনাশক দ্রব্য, আৰু মল-মূত্র নদ-নদী আৰু বিলত পৰি পানীক প্ৰদূষিত কৰি তুলিছে। এই জল প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ লগতে জলজ জীৱৰ জীৱনলৈও ভাবুকি সৃষ্টি কৰিছে।
শব্দ প্ৰদূষণঃ
অতিৰিক্ত যান-বাহনৰ শব্দ, কল কাৰখানাৰ শব্দ আৰু বিস্ফোৰণৰ শব্দই মানৱ মগজুৰ ওপৰত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে। পৰিৱেশ প্ৰদূষণৰ পৰিণাম: পৰিবেশ প্ৰদূষণৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিছে। বায়ু আৰু জল প্রদূষণে টাইফয়েড, মেলেৰীয়া, আৰু ক্যানচাৰৰ দৰে বেমাৰৰ সংখ্যা বৃদ্ধি ঘটাইছে। লগতে জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাবে ই এক ভয়ংকৰ অৱস্থা সৃষ্ট কৰিছে।
সমাধানঃ
পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ কিছু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্রহণ কৰিব পাৰি। প্রথমতে, গছপুলি ৰোপণ কৰি বায়ুমণ্ডত অক্সিজেনৰ সমতা ৰক্ষা কৰিব পাৰি।
দ্বিতীয়তে, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি বিকল্প বস্তুৰ ব্যৱহাৰ নিশ্চিত কৰি ভূমি আৰু জল প্ৰদূষণ বহু পৰিমাণে হ্রাস কৰিব পাৰি।
তৃতীয়তে, কল-কাৰখানাৰ ধোঁৱা আৰু আৱৰ্জনা নিয়ন্ত্ৰণ কৰি বায়ুমণ্ডলত কার্বনডাই অক্সাইৰ মাত্রা হ্রাস কৰিব পাৰি।
চতুৰ্থতে, পৰিবেশ সচেতনতা বৃদ্ধি কৰি প্ৰতিজন ব্যক্তিক দায়িত্বশীল কৰিলে পৰিৱেশ প্ৰদূষণৰ পৰা প্রকৃতিক ৰক্ষা কৰিব পাৰি। HSLC ’18
সামৰণিঃ
পৰিবেশ আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ। ইয়াৰ সংৰক্ষণ মানেই আমাৰ জীৱন আৰু প্ৰকৃতিৰ সুৰক্ষা। সেয়ে পৰিবেশৰ প্ৰতি মনোযোগী হৈ ইয়াক সুস্থ আৰু প্ৰদূষণমুক্ত কৰিবলৈ বিশ্বজুৰি সচেতনতা বৃদ্ধি কৰিব নিত্যান্তই জৰুৰী।
👉 Read Also:
- দূৰদৰ্শন (টেলিভিচন) ৰচনা
- মোৰ জীৱনৰ লক্ষ্য ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- অসমৰ কুটিৰ শিল্প অসমীয়া ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা