Home Ass Grammar পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12

পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12 [Updated ২০২৫]

0

নমস্কাৰ বন্ধু বান্ধবী সকল আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12 প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12

পাৰস্যত এভুমুকি Class 10 Assamese Chapter 12

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

গদ্যাংশ

পাৰস্যত এভুমুকি

ৰথীন্দ্ৰনাথ গোস্বামী

চমু

প্রশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল:

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অবস্থিত?
উত্তৰঃ পাৰস্য উপসাগৰত।
(খ) বুশ্বেৰ কি?
উত্তৰঃ ‘বুশ্বেৰ’ ইৰানৰ এক বন্দৰ নগৰী।
(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল ক্রমে মেহদি আৰু ঘাছেম।
(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰত্বপূৰ্ণ বুলিছে?
উত্তৰঃ বুশ্বেৰ বিমান বন্দটো ইৰাণৰ এটা সামৰিক ঘাটি বাবে বন্দৰটো গুৰুত্বপূর্ণ।
(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উত্তৰঃ বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ আছে বুলি লিখকে শুনিছে।
(চ) মেহদি আৰু ঘাছেম কোন?
উত্তৰঃ মেহদি আৰু ঘাছেম দুয়ো ইৰানী যুৱক। সিহঁত জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাডলগাৰ।
(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
উত্তৰঃ মেহদি আৰু ঘিছামে কাম কৰা কোম্পানীটোৰ নাম জিঅ’লগ। ই এক ইটালীয়ান কোম্পানী।
(জ) ভেংকি ক’ত থাকে?
উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।
(ঝ) ভেংকিয়ে কি কৰে?
উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰ পৰা বিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।
(ঞ) আবুজাৰ কোন?
উত্তৰঃ আবুজাৰ লিখক আৰু ভেংকিৰ পৰ্যটন এজেন্ট।
(ট) ‘আগা’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘আগা’ শব্দটো অর্থ ‘শ্রীযুত’।
(ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল?
উত্তৰঃ পোনতে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক আছিল ছোভিয়েট ৰাছিয়া আৰু ইংলণ্ড।
(ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে? HSLC ’24
উত্তৰঃ ১৯৭৯ চনত।
(ঢ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ইমাম আয়াতুল্লা খোমোনি। HSLC ’20
(ণ) ইৰাণৰ কোনটো বিষয়ে লিখকৰ কৌতূহল বৃদ্ধি কৰিছিল?
উত্তৰঃ জাগ্ৰছ পৰ্বতমালাই।
(ত) ইৰাণৰ ৰাজধানীৰ নাম কি? HSLC ’16
উত্তৰঃ টেহৰাণ।
(থ) টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা-মেহেৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইন্টাৰনেচনেল এয়াৰপৰ্ট।
(দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰঃ ‘হোমা নজডিকে বানক স্কোৱাৰ’।
(ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীবি মহাকল্প শিলাস্তৰত অৱস্থিত।
(ন) ‘স্লামবাৰ্জাৰ’ কি?
উত্তৰঃ ‘স্লামবাৰ্জাৰ এক বহু ৰাষ্ট্ৰীয় কোম্পানীৰ কার্যালয়।
(প) ইৰাণীসকলে নৱবৰ্ষক কি বোলে? HSLC ’23
উত্তৰঃ ‘ন বোজ’ (নতুন দিন)।
(ফ) ‘বেহেস্ট-ইজাহৰা’ কি?
উত্তৰঃ বেহেস্ট-ইজাহৰা’ইৰাণৰ মুখ্য সমাধি স্থান।
(ভ) শ্বিবীন ইবাডি কোন? HSLC ’24
উত্তৰঃ শ্বিৰীন ইবাডি নবেল বঁটা বিজয়ী এজনী ইৰাণী নাৰীবাদী সংগ্রামী নেত্রী।
(ব) চেনী কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ জামছেদ নামৰ এজন ইৰানী সম্রাটে চেনী আৱিষ্কাৰ কৰিছিল।
(ম) লেখক ইৰানলৈ কি দায়িত্বত গৈছিল?
উত্তৰঃ লেখক ইৰানলৈ তেল অন্বেষণৰ দায়িত্বত গৈছিল।
(ঘ) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম ‘খোমেনি ইন্টাৰনেশ্বনেল বিমান বন্দৰ’।
(ব) ‘কেন্দ’ৰ অৰ্থ কি?
উত্তৰঃ ‘কেন্দ’ শব্দৰ অৰ্থ হ’ল চেনি।
(ল) ‘তটৰেখা’ কি?
উত্তৰঃ সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগক ‘তটৰেখা’ বুলি কোৱা হয়।
(ব) ‘পোনতে ইৰাণৰ পামাণবিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? HSLC ’18
উত্তৰঃ ইংলণ্ড আৰু ৰাছিয়া।
(শ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? HSLC ’19
উত্তৰঃ ইমাম আয়াতুল্লা খোেমনি।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং আহিলাসমূহৰ ভূমিকা কি? HSLC ’19
উত্তৰঃ মাডলিং আহিলাসমূহ তেলৰ খনন কাৰ্যত খুবেই গুৰুত্বপূর্ণ। এই আহিলাসমূহে সংগ্ৰহ কৰা তথ্য তেল ক্ষেত্ৰৰ আবিষ্কাৰত সহায় কৰাৰ উপৰিও বিপদৰ পৰা সুৰক্ষিত হৈ খনন কার্য সম্পন্ন হ’বলৈ সহায় কৰে। মাডলিং ইউনিটৰ পৰা প্ৰাপ্ত তথ্যৰ মাধ্যমে সম্ভাব্য বিপদৰ বিষয়ে আগতীয়াকৈ ভবিষ্যদ্বাণী কৰিব পাৰি। মাডলিং আহিলাসমূহৰ দ্বাৰা সংগৃহীত তথ্য সৰু গবেষণাগাৰত অধ্যয়ন কৰি তেল ক্ষেত্ৰৰ বিভিন্ন দিশ সম্পর্কে জানিব পৰা যায়।
২। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। HSLC ’18
উত্তৰঃ ইৰাণৰ ভূতত্ত্বৰ কথা উঠিলেই সর্বপ্রথমে মনলৈ আহে জাগ্রছ পৰ্বতমালাৰ কথা। এই পর্বতমালা ইৰাণৰ অন্যতম মুখ্য আকর্ষণ। আৰব প্লেট আৰু ইউৰেচীয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ তলৰ পৰা এই পর্বতমালাৰ সৃষ্টি হৈছিল। এই পর্বতমালাৰ সৃষ্টি আৰু হিমালয় পর্বতমালাৰ সৃষ্টি একে ধৰণৰ। জাগ্রছ পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ বিস্তৃত। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪,৫০০ মিটাৰ। পৰ্বতমালাৰ দক্ষিণ-পশ্চিম অংশত তেল আৰু প্রাকৃতিক গেছৰ ভাণ্ডাৰ সঞ্চিত। ইৰাণৰ তেল আৰু গেছৰ ওপৰত বহু দেশ নির্ভৰশীল।
৩। টেহৰাণৰ প্ৰাকৃতিক অবস্থা কেনেকুৱা লিখা। HSLC ’20
উত্তৰঃ টেহৰাণৰ প্ৰাকৃতিক পৰিৱেশ খুবেই
মনোমোহক। চহৰৰ কাষৰ ওখ ওখ পাহাৰৰ বাবে চহৰখনৰ সৌন্দৰ্য বৰ আকৰ্ষণীয়। গ্ৰীষ্মত মাত্র দুমাহৰ গৰম হয় আৰু বাকী সময় অত্যন্ত আৰামদায়ক। শীতকালত বৰফ পৰে, আৰু পৰ্বতৰ হিমবাহ টেহৰাণৰ পানীৰ মুখ্য উৎস। চহৰখনৰ সৌন্দৰ্যক পৰিচৰৰ লগত তুলনা কৰা হয়।
৪। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। HSLC ’16
উত্তৰঃ ইৰাণীসকলে বসন্ত ঋতুৰ আৰম্ভণিত নববর্ষ ‘ন ৰোজ’ পালন কৰে। নববর্ষ উপলক্ষে সিহঁতে নতুন কাপোৰ পিন্ধে, পিঠা পনায় ভোজন কৰে আৰু পৰিৱেশ পৰিষ্কাৰ ৰাখে। বন্ধুত্বৰ বাতাবৰণ সৃষ্টি কৰিবলৈ শত্রুতাভাৱ মার্জনা কৰে। অগ্নি প্রজ্জ্বলন আৰু খাদ্যৰ আয়োজন সিহঁতৰ পৰম্পৰা। টেবিলত সাতবিধ খাদ্য বস্তু ৰাখে যাৰ প্ৰতিটোৰ এক বিশেষ অর্থ থাকে। লগতে পবিত্র কোৰান আৰু হাফেজৰ কবিতাৰ পুথিও সজাই ৰাখে। এই সকলো আয়োজনৰ সৈতে আইনাৰ কাষত মমবাতি জ্বলাই পৰিয়ালৰ শিশুসকলে আনন্দ কৰে।
সিহঁতে এই উৎসৱ অত্যন্ত জাকজমকতাৰে পালন কৰে।
৫ বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। HSLC ’18
উত্তৰঃ বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ অন্যতম
প্রধান সমাধিস্থল। সমাধিস্থলখন কেইবাখনো কিলোমিটাৰ পৰ্যন্ত দীঘল আৰু ইয়াত খোৱা-পোৱাৰ দোকানৰ পৰা খেলপথাৰলৈ সকলো সকলো আছে।
লিখকে এই বেহেষ্ট-ই জাহাৰা দৰ্শন কৰিছিল।
৬। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
নাইবা
শিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া। HSLC ’15, 16
উত্তৰঃ শ্বিৰীন ইবাডি ইৰাণৰ এজনী বিশিষ্ট
নাৰীবাদী সংগ্রামী। তেওঁ ইৰানৰ কঠোৰ পন্থীৰ বিৰুদ্ধে শক্তিশালী সংগ্রাম চলাইছিল। চৰকাৰে তেওঁৰ ওপৰত বিভিন্ন বিধি-নিষেধ আৰোপ কৰা সত্বেও তেওঁ মানৱ অধিকাৰ ৰক্ষাৰ বাবে অত্যুৎসাহী পদক্ষেপ গ্রহণ কৰিছিল। তেওঁ ধৰ্ষণৰ সন্মুখীন মহিলা, শাসনবিৰোধী যুৱক আৰু গৃহহিংসাৰ সন্মুখীন হোৱা পত্নীৰ অধিকাৰৰ বাবে যুঁজ কৰিছিল। এই সংগ্ৰামৰ স্বীকৃতি হিচাপে তেওঁ নোবেল বঁটা লাভ কৰিছিল।
৭। পাৰস্যৰ এটা কথাই মোক সদায় আকর্ষণ কৰিছিল।’ লেখক কি এটা কথাই আকৰ্ষণ কৰিছিল? HSLC ’17
উত্তৰঃ লেখকক আকৰ্ষণ কৰা বিষয়টো হ’ল
অসমীয়াৰ দৈনন্দিন জীৱনত ব্যৱহৃত ফাচী শব্দ। পাৰস্যৰ পৰা আহি কিছুমান ফাচী শব্দ অসমীয়াত মিশ্রিত হৈছে। উদাহৰণস্বৰূপে কেঁচী, দোৱাত, চিয়াঁহী আদি ফাচী শব্দ অসমীয়াসকলে নিজৰ বুলি ব্যৱহাৰ কৰে।
৮। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই কিদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল? HSLC ’19
উত্তৰঃ সপ্তদশ শতিকাৰ শেষ ভাগত নাদিৰ শ্বাহে
আফগানিস্থানৰ পৰা মোগল সাম্রাজ্য আক্রমণ কৰে। তেওঁ মোগল সম্রাট মহম্মদ ছাহক পৰাস্ত কৰি ৰাজভঁৰাল লুট কৰে। কহিনুৰ হীৰাসহ মূল্যবান ধন- সম্পত্তি তেওঁ পাৰস্যলৈ লৈ যায়। এই ধন-সম্পত্তিৰ পৰিমাণ ইমানেই আছিল যে তিনি বছৰৰ বাবে তেওঁ দেশবাসীৰ পৰা কোনো কৰ আদায় কৰা নাছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here