Join WhatsApp

Join Now

Join Telegram

Join Now

পর্যটন আৰু অসম ৰচনা

By Rabbi Masrur

Updated On:

পর্যটন আৰু অসম ৰচনা

পর্যটন আৰু অসম ৰচনা

“পর্যটন আৰু অসম ৰচনা (H. S. ’20)” আৰম্ভণি: নেদেখা বস্তু দেখিবলৈ, নজনা কথা জানিবলৈ, নুশুনা কথা শুনিবলৈ মানুহৰ এক সহজাত কৌতূহল আছে। এই কৌতুহল নিবাৰণৰ বাবে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। এনেদৰে কৌতূহল নিবাৰণৰ বাবে কোনো নতুন ঠাই লৈ যোৱা বা ভ্রমণ কৰাই হৈছে ‘পর্যটন’। প্রকৃতিয়ে পৃথিবীখনক অনিন্দ্য সৌন্দর্য সুষমা আৰু ৰহস্যৰ সৈতে সৃষ্টি কৰিছে। সেয়ে এইবোৰ দেখি, স্পর্শ কৰি মানুহে নয়ন-মন সার্থক কৰাৰ দুৰ্বাৰ আকাঙ্খা কৰে। পৃথিৱীত পৰ্যটনৰ বাবে বহুতো স্থান আছে। ভাৰতৰ নুমলী জীয়ৰী অসমকো প্রকৃতিয়ে সৌন্দৰ্যৰ অনুপম সুষমাৰে সৃষ্টি কৰিছে। ইয়াৰ পাহাৰ-পৰ্বত, হাবি-বননি, জান-জুৰি, খাল-বিল সকলোতে সৌন্দৰ্যৰ আকৰেৰে ভৰি আছে। সেয়ে এইবোৰে দূৰ-বিদেশৰ মানুহক হাত বাউল দি মাতে আৰু প্রতি বছৰ দেশ-বিদেশৰ বহু পর্যটক এইবোৰ চাবলৈ অসমলৈ ঢাপলি মেলে।

পৰ্যটনৰ শ্ৰেণী বিভাগ: পর্যটন বা দর্শনীয় স্থানসমূহক সাধাৰণতে দুই শ্রেণীত ভাগ কৰিব পাৰি, যথাঃ প্রকৃতি সৃষ্ট স্থান আৰু মানৱ সৃষ্ট স্থান। অসমত দুয়ো শ্ৰেণীৰ স্থানেই বিদ্যমান। প্রকৃতিসৃষ্ট স্থানসমূহৰ ভিতৰত অসমৰ হাবি-বননি বিশেষকৈ কাজিৰঙা, মানস অভয়াৰণ্য, মাজুলী, সুন্দৰ সেউজী চাহ বাগিছাসমূহ আৰু বহুতো। আনহাতে মানবসৃষ্ট স্থানসমূহৰ ভিতৰত কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, অসম ৰাজ্যিক যাদুঘৰ, বশিষ্ঠাশ্রম, শীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ, অগ্নিঘৰ, শিৱদৌল, জয়সাগৰ, তলাতল ঘৰ আৰু বহুতো।

উদ্যোগ হিচাপে পর্যটন: বিংশ শতিকাৰ পৰা পর্যটন বিশ্বৰ এক বিশাল উদ্যোগ হিচাপে প্রতিষ্ঠিত হৈছে। প্ৰতিবছৰ বিশ্বৰ এক প্রান্তৰ মানুহ আন প্রান্তলৈ মনৰ দুৰ্বাৰ কৌতুহল নিবাৰণৰ বাবে ভ্রমণ কৰিবলৈ লৈছে। সেয়ে পর্যটন স্থানসমূহ এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে। এতিয়া বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই পর্যটকসকলক আকৰ্ষণ কৰাৰ বাবে তৎপৰ হৈছে আৰু পর্যটকসকলৰ সুবিধা আৰু বিনোদনৰ বাবে মূলধন বিনিয়োগ কৰি আছে আৰু নানান আঁচনি গ্রহণ কৰি আছে। পর্যটন উদ্যোগৰ পৰা সাধাৰণতে তলত উল্লেখ কৰা দৰে লাভৱান হ’ব পাৰি-

প্রথমতে, পর্যটকসকল সাধাৰণতে বেলেগ বাষ্ট্র বা ৰাজ্যৰ পৰা আহে। সেয়ে সিহঁতে পর্যটন স্থানতে থকা-খোৱাৰ সুবিধা গ্রহণ কৰে। ফলত সংশ্লিষ্ট হোটেল, গাইড, যাতায়তৰ বাবে থকা বাহন আদিৰ মালিকসলক আর্থিকভাবে লাভবান হয়। বহু সময়ত বিদেশী পর্যটকসকলে পর্যটন স্থানীয় থলুৱা সামগ্রী সিহঁতৰ ভ্ৰমণৰ স্মৃতি বা সাক্ষী হিচাপে ক্ৰয় কৰি লৈ যায়। ফলত স্থানীয় ব্যৱসায়ীসকল লাভবান হয়।

দ্বিতীয়তে, পর্যটন যিহেতু উদ্যোগ হিচাপে প্রতিষ্ঠিত হৈছে সেয়ে এই উদ্যোগত বহুত লোকে নিয়োজিত হৈ কর্মসংস্থান বৃদ্ধি কৰিছে।

তৃতীয়তে, পর্যটন উদ্যোগৰ বাবে থলুৱা সংস্কৃতিৰ প্ৰচাৰ হৈ বিশ্বত পৰিচিতি লাভ কৰিছে। উদাহৰণস্বৰূপে মাজুলী ভ্রমণ কৰা কোনো পর্যটকে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ লগত পৰিচয় হ’ব পাৰে।

চতুৰ্থতে, পৰ্যটনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লোকসকলৰ লগত সভ্যতা, সংস্কৃতি, চিন্তা-চর্চা, দর্শন, মনৰ ভাৱ-অনুভূতি আদিৰ বিনিময় সহজতে সম্ভৱ হৈছে। ফলত আন্তর্জাতিক বুজাপৰা আৰু সহযোগিতা বৃদ্ধি পাইছে।

পর্যটক আকৰ্ষণৰ বাবে কৰণীয় দিশ: দুখৰ বিষয় যে অসমত বহুতো পর্যটন স্থান থকা সত্বেও ইয়াত ই এক উদ্যোগ হিচাপে প্রতিষ্ঠিত হ’ব পৰা নাই। অসমত পর্যটনক এক লাভজনক উদ্যোগ হিচাপে প্রতিষ্ঠিত কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰি-

প্রথমতে, অসমৰ পৰ্যটন স্থানসমূহৰ বিষয়ে বিশ্বক অৱগত কৰিব লাগিব। পর্যটন স্থানসমূহৰ তাৎপর্য, ইতিহাস, গুরুত্ব আদি বিশ্বৰ আগত দাঙি ধৰিব লাগিব যাতে বিশ্বৰ পৰ্যটকসকলে স্থানসমূহ দৰ্শন কৰিবলৈ কৌতূহলী হৈ উঠে। ইয়াৰ বাবে ইন্টাৰনেট, ফেচবুক, টুইটাৰ, আদিত স্থানসমূহৰ বিষয়ে লিখা-মেলা কৰিব লাগিব।

দ্বিতীয়তে, পর্যটন স্থানসমূহ সুপৰিকল্পনাৰে সজাই-পৰাই তুলিব লাগিব। পর্যটকসকলৰ বাবে থকা আৰু খোৱাৰ পৰ্যাপ্ত সুযোগ-সুবিধা সৃষ্টি কৰিব লাগিব।

তৃতীয়তে, পর্যটন স্থানলৈ যাতায়ত আৰু যোগাযোগ ব্যবস্থা উন্নত কৰিব লাগিব।

চতুর্থতে, পর্যটকসকল যিহেতু বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহে সেয়ে সিহঁতৰ নিৰ্দেশনাৰ বাবে দক্ষ আৰু উপযুক্ত গাইডৰ ব্যৱস্থা কৰিব লাগিব আৰু গাইডসকল ইংৰাজী ভাষাৰ লগতে কেইবাটাও ভাষাত দক্ষ হ’ব লাগিব।

পঞ্চমতে, পর্যটন স্থলীৰ আশে-পাশে থকা লোকসকল অতিথিপৰায়ণ আৰু শিষ্টাচাৰী হ’ব লাগিব।

সামৰণি: অসমত লাভজনক পর্যটন শিল্পৰ এক প্ৰচুৰ সম্ভৱনা আছে। ইয়াৰ বাবে উপৰিউক্ত ব্যৱস্থাসমূহ গ্রহণ কৰিলে অসমত এই শিল্পই নিশ্চয় গা কৰি উঠিব আৰু অসমে প্রতিবছৰ বৈদেশিক মুদ্রা অর্জন কৰাত সক্ষম হ’ব। আমি আশাবাদী যে অসমবাসী তথা চৰকাৰে এই পৰ্যটন উদ্যোগৰ সমস্যাসমূহ আঁতৰ কৰি ইয়াক এক লাভজনক ব্যৱসায়লৈ উন্নীত কৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment