Join WhatsApp

Join Now

Join Telegram

Join Now

ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 Solutions ২০২৫

By Rabbi Masrur

Updated On:

Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 Solutions ৰ প্রশ্নোত্তৰ ইন্টাৰনেটত বিচাৰি আছে, তেনেহলে আপুনি সঠিক স্থানত উপনীত হৈছে। আজি আমি এই পোস্টত ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 Solutions

ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 Solutions

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- খ (ঐচ্ছিক)

পদ্যাংশ

ধৰ ঝাড়ু ধৰ ভাই

অম্বিকাগিৰী ৰায়চৌধুৰী

চমু

প্রশ্নোত্তৰ

👉 Read Also:

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? ‘

উত্তৰঃ ‘অসম কেশৰী’।

(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঙ্ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ ‘সাতামপুৰুষীয়া সোণৰ চোতাল-ঘৰ’ জাবৰ- জোঁথৰ, মলি ইত্যাদিৰে পোত খাই আছে বুলি কবিয়ে কৈছে।

(গ) জাতিৰ জীবন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰঃ জাতিৰ জীবন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ ‘কাজল ছাইবে’ ভৰি পৰা বুলি কৈছে।

(ঙ) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? HSLC ’24

উত্তৰঃ ১৯৫০ চনৰ মাৰ্ঘেৰিটা অধিবেশনৰ সভাপতি হৈছিল।

(চ) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? HSLC ’23

উত্তৰঃ অম্বিকাগিৰি ৰায় চৌধুৰীয়ে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা লাভ কৰিছিল। ৰচনাধর্মী প্রশ্নোত্তৰ

১। ‘হ’ল এবে তোৰ সময় হ’বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই।’ ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে? HSLC ’17, 24

উত্তৰঃ বৃটিছ ৰাজত্বৰ সময়ৰ পৰা দেশখনত জাতিগত ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা-অসূয়া আদি বৃদ্ধি পাই বিশ্বৰ দৰবাৰত ভাৰতৰ গৰিমা ম্লান পৰিছিল। সেয়ে ভাৰতৰ হেৰুৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ কবিয়ে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি দেশবসীক সকীয়াই দিছে।

২। ‘নহ’লে যে বিশ্ব সভাত নহ’ব তোৰ বহাৰ ঠাই।’  বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? HSLC ’23

উত্তৰঃ বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে পৰস্পৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি পাহৰাৰ লগতে পৰাধীনতাৰ গ্লানিৰপৰা মুক্ত হ’বলৈ নিৰ্দেশ দিছে।

৩। ‘ধৰ ঝাড়ু ধৰ ভাই’ মূলভাব লিখা। কবিতাটিৰ HSLC ’24

উত্তৰঃ বিশ্ব মঞ্চত দেশৰ নিজস্ব স্থান প্রতিষ্ঠা কৰিবলৈ দেশৰ ভিতৰত থকা পৰস্পৰৰ দ্বন্দ্ব- সংঘাত, হিংসা-বিদ্বেষ, ঘৃণা আদি সম্পূর্ণভাবে দূৰ কৰাৰ লগতে পৰাধীনতাৰ শৃংখলৰ পৰা মুক্ত হোৱা প্রয়োজন। এয়াই কবিতাটোৰ মূলভাৱ।

৪। ব্যাখ্যা কৰাঃ

(ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ, ঘৃণা-ঘৃণি স্বার্থ ভেমৰ কত যে কি মলি-মামৰ ভৰি জাতিৰ জীবন যায়।

উত্তৰঃ উদ্ধৃত কবিতাংশ দশম শ্ৰেণীৰ ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াত কবিয়ে জাতীয় জীৱনৰ ক্ষতিৰ কথা উল্লেখ কৰিছে। বৃটিছৰ অধীনত ভাৰতবৰ্ষত পৰস্পৰৰ মাজত ভেদা-ভেদ, হিংসা-বিদ্বেষ, আৰু ঘৃণাৰ উদ্ভৱ হয়। ইয়াৰ ফলত জাতিৰ জীৱন বিপর্যস্ত হয়। বিশ্ব মঞ্চত ভাৰতৰ গৰিমাও লুপ্ত হয়। এইটো উপলব্ধি কৰি কবিয়ে জাতিৰ এনে অপমানজনক অৱস্থাৰ বিষয়ে শোক প্রকাশ কৰিছে।

(খ ) ধৰ ঝাড়ু ধৰ ভাই। আৰু চাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল-ছাই।

উত্তৰঃ উদ্ধৃত কবিতাংশ দশম শ্ৰেণীৰ ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাৰ পৰা সংগৃহীত। ইয়াত কবিয়ে দেশবাসীক সজাগ আৰু সক্রিয় হোৱাৰ আহ্বান জনাইছে। বৃটিছ শাসনৰ অধীনত দেশৰ লোকসকলে দুখ- কষ্ট ভোগ কৰি পৰস্পৰৰ মাজত দ্বন্দ্ব আৰু হিংসাৰ শিকলীত আবদ্ধ হয়। জাতি নিঃশেষিত হোৱাৰ অৱস্থাত উপনীত হয়। কবিয়ে এইবোৰৰ পৰা মুক্ত হোৱাৰ মুক্ত হোৱাৰ উপায় হিচাপে একত্ৰিত হৈ বিভেদ দূৰ কৰি স্বাধীনতা পুনৰুদ্ধাৰ কৰিবলৈ সকলোকে আহ্বান কৰিছে। কবিৰ মতে, সকলো মানুহে একত্রিত হৈ ঝাড়ুদাৰৰ ভূমিকা পালন কৰিলে জাতি গ্লানিমুক্ত হ’ব বুলি আশাবাদী।

৬। ‘ধৰ ঝাড়ু ধৰ ভাই‘- কবিতাটোৰ মাজেৰ কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা। ‘

উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ এটি স্বদেশপ্রেমমূলক কবিতা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত এই কবিতা ৰচনা কৰিছিল। ইয়াত কবিয়ে পৰাধীন ভাৰতবৰ্ষৰ অৱস্থা চমৎকাৰভাৱে ফুটাই তুলিছে। বৃটিছ শাসনৰ অধীনত দেশত বিভেদ, হিংসা-বিদ্বেষ, ঘৃণা, আৰু স্বাৰ্থপৰতাৰ সৃষ্টি হয়। ইয়াৰ ফলত ভাৰতৰ জাতিগত জীৱন বিপর্যস্ত হয় আৰু বিশ্ব মঞ্চত দেশৰ গৰিমা লুপ্ত হয়। কবিয়ে এই দুখ-যন্ত্ৰণাৰ অনুভৱ কৰি দেশবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। তেওঁলোকক বীৰবেশে দেশৰ সমস্যাবোৰৰ মোকাবিলা কৰি দেশৰ হেৰুৱা স্বাধীনতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰিছে। কবিয়ে কৈছে, ‘ধৰ ঝাড়ু ধৰ ভাই… নহ’লে যে বিশ্ব-সভাত নহ’ব তোৰ বহাৰ ঠাই।’ এইদৰে কবিতাখনৰ জৰিয়তে কবিৰ গভীৰ স্বদেশপ্রেম প্রকাশ পাইছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×