Join WhatsApp

Join Now

Join Telegram

Join Now

দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা Essay in Assamese

By Rabbi Masrur

Published On:

দৈনন্দিন জীৱনত বিজ্ঞান অসমীয়া ৰচনা Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা Essay in Assamese: দৈনন্দিন জীৱনত বিজ্ঞান, বিজ্ঞান বুলিলে শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানক বুজোৱা হয়। বর্তমান যুগ হৈছে চৰম বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰে আমাৰ দৈনন্দিন জীৱন অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদানঃ

আজিৰ দিনত বিজ্ঞান আমাৰ জীৱনৰ প্ৰতিটো দিশ প্ৰভাৱিত কৰিছে।

প্রথমতে, বিজ্ঞানৰ বলত যোগাযোগ ব্যবস্থা ইমান উন্নত হৈছে যে ই পৃথিৱীৰ পৰিসৰেই সলনি কৰি দিছে। অতীতত মানুহে খোজকাঢ়ি, পিঠিত সামগ্রী কঢ়িয়াই বা জন্তুৰ সহায়ত পৰিবহণ কৰিছিল। কিন্তু বিজ্ঞানৰ আৱিষ্কাৰৰ ফলত, আজি আমি মটৰগাড়ী, ৰেলগাড়ী, উৰাজাহাজ, ট্রামগাড়ী আদিৰ সহায়ত অধিক সোনকালে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ আৰু পৰিবহণ কৰিবলৈ সক্ষম হৈছো। ইয়াৰ উপৰি, টেলিফোন, মোবাইল ফোন, ৰেডিঅ’, টেলিভিছন আৰু কম্পিউটাৰৰ দৰে আৱিষ্কাৰে গোটেই পৃথিৱীখনক সৰলভাৱে সংযোগ কৰিছে।

দ্বিতীয়তে, চিকিৎসাৰ জগতত বিজ্ঞানৰ উন্নতিৰ বাবে আজি প্রায় সকলো ৰোগৰ চিকিৎসা সম্ভৱ হৈছে। এক্স-বে, এম.আৰ. আই, আল্ট্রাছাউণ্ড আদি নানান চিকিৎসা সঁজুলি বিজ্ঞানৰ আৱিষ্কাৰে সম্ভৱ কৰি তুলিছে।

তৃতীয়তে, বিজ্ঞানে আমাৰ জীৱনৰ প্ৰতি ক্ষণ সহজ আৰু আৰামদায়ক কৰি তুলিছে। এলার্ম ঘড়ীয়ে আমাক সঠিক সময়ত জগাই তোলে। বিদ্যুৎচালিত আখলৰ সহায়ত আমি সহজে আহাৰ প্ৰস্তুত কৰো। টেলিভিছন, ৰেডিঅ’ আৰু ইন্টাৰনেটৰ জৰিয়তে পলম নকৰাকৈ আমি প্রতি মুহূৰ্তৰ বাতৰি পাইছো। (HSLC ’19)

সামৰণিঃ

নিঃসন্দেহে বিজ্ঞানে আমাৰ জীবন অধিকতৰ আৰামদায়ক কৰি তুলিছে। যদিও ইয়াৰ কিছু বেয়া দিশ আছে, তথাপি ইয়াৰ সৎ দিশ বেয়া দিশতকৈ বহুগুণে বেছি। আমি বিজ্ঞানৰ আৱিষ্কাৰসমূহ যুক্তিসংগতভাৱে ব্যৱহাৰ কৰা উচিত।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment