Join WhatsApp

Join Now

Join Telegram

Join Now

দূৰদৰ্শন (টেলিভিচন) ৰচনা Essay in Assamese

By Rabbi Masrur

Published On:

দূৰদৰ্শন (টেলিভিচন) অসমীয়া ৰচনা Essay in Assamese

দূৰদৰ্শন (টেলিভিচন) ৰচনা Essay in Assamese

দূৰদৰ্শন (টেলিভিচন) ৰচনা Essay in Assamese:, টেলিভিচন হৈছে আধুনিক বিজ্ঞানৰ এক চমকপ্রদ আবিষ্কাৰ। টেলিভিচন হৈছে এবিধ যন্ত্ৰ, যাৰ দ্বাৰা দূৰৰ দৃশ্য দেখা যায় আৰু সেই দৃশ্যৰ সৈতে শব্দও শুনিবলৈ পোৱা যায়। টেলিভিচনৰ অসমীয়া প্রতিশব্দ হৈছে ‘দূৰদৰ্শন’। জন বয়ার্ড নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৯২৫ চনত টেলিভিচন আৱিষ্কাৰ কৰিছিল।

👉 Read Also:

টেলিভিচনৰ কাৰ্য পদ্ধতিঃ

টেলিভিচন বিদ্যুৎ আৰু তাঁৰ ক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। টেলিভিচনত দেখা দৃশ্য কেমেৰাৰ সহায়ত ধাৰণ কৰি পোহৰৰ বিন্দুৰ দৰে ৰূপান্তৰিত কৰা হয়। তাৰপিছত, সেইবোৰ বিদ্যুৎ তৰঙ্গ আৰু শব্দ তৰঙ্গৰ সৈতে ইথাৰ জগতলৈ প্ৰেৰণ কৰা হয়। গ্রাহক যন্ত্রই সেই দৃশ্য আৰু শব্দ পুনৰ দৃশ্যমান আৰু শুনিবলৈ যোগ্য কৰি তোলে।

টেলিভিচনৰ উপকাৰিতাঃ

টেলিভিচন এক শক্তিশালী মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশৰ ঘটনা ঘৰত বহি চাব পাৰি। শিক্ষা, ব্যবসায়, আৰু জনপ্ৰচাৰত ইয়াৰ বহল প্রয়োগ হয়। লগতে, মনোৰঞ্জনমূলক কাৰ্যসূচীও প্ৰচাৰ কৰা হয়।

টেলিভিচনৰ অপকাৰিতাঃ

টেলিভিচনৰ কিছুমান অপকাৰী দিশো আছে। কেতিয়াবা টেলিভিচনত প্ৰৰোচনামূলক বাতৰি প্ৰচাৰিত হয়, যিয়ে জনসাধাৰণৰ মাজত বিভ্রান্তি সৃষ্টি কৰে। ইয়াৰ উপৰি, অধিক সময় টেলিভিচন চাই থাকিলে চকুৰ ক্ষতি হয় আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। (HSLC ’19, ’23)

সামৰণিঃ

টেলিভিচন আজি আমাৰ জীৱনৰ এক অঙ্গ হৈ পৰিছে। কিন্তু ইয়াৰ কুপ্ৰভাৱৰ পৰা আঁতৰি, সঠিক আৰু যুক্তিসঙ্গতভাৱে ব্যৱহাৰ কৰাটো জৰুৰী। তেতিয়াহে ই জনসাধাৰণৰ বাবে লাভজনক হব।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment