“জৈৱ বৈচিত্র্য আৰু সাম্প্ৰতিক সময় (H. S. ’20) বা জৈৱ বৈচিত্র্য আৰু মানৱ জাতিৰ অস্তিত্ব” আৰম্ভণি: ‘জৈৱ বৈচিত্র্য’ বা ‘জীৱ বৈচিত্র্য’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘বায় ‘ডিভাৰচিটি’ (Biodiversity)। ‘বায়’ (Bio) মানে জীৱ আৰু ডিভাৰচিটি (Diversity) মানে বৈচিত্র্য বা বিচিত্রতা। এতেকে ‘জৈৱ বৈচিত্র্য’ বুলিলে বিভিন্ন জাতি, প্রজাতি আৰু সম্প্ৰদায়ৰ জীৱসমূহক বুজায়। বিস্তৃত অর্থত জৈৱ বৈচিত্র্যই কোনো বিস্তৃত অঞ্চলত থকা সকলো প্ৰকাৰৰ প্ৰাণী, উদ্ভিদ, পৰিৱেশতন্ত্র, অণুজীৱ আৰু জিনীয় কণাসমূহক সামৰি লয়। জীৱ বৈচিত্র’ শব্দটো পোন প্রথমতে অ’ উইলছন নামৰ এজন বিজ্ঞানীয়ে ১৯৮৫ চনত ব্যৱহাৰ কৰিছিল। প্রকৃতিয়ে আমাৰ নীলা গ্রহ পৃথিৱীখনক জৈৱ বিচিত্র্যত সমৃদ্ধ কৰি সৃষ্টি কৰিছে। জৈৱ বৈচিত্রত্যই পৰিৱেশৰ বিভিন্ন উপাদানৰ মাজত সামভাম্যতা বজাই ৰাখে। জৈৱ বৈচিত্র্যই দেশ এখনৰ সার্বিক উন্নয়নত অৰিহণা যোগায়। জৈৱ বৈচিত্ৰত ভাৰতবৰ্ষত এখন অতি চহকী দেশ যদিও সাম্প্রতিক সময়ত বিশ্বৰ জৈৱ বৈচিত্র্যই ভয়াবহ ভাবুকিৰ সম্মুখীন হৈছে।
জৈৱ বৈচিত্র্যৰ পৰ্যায়: জৈৱ বৈচিত্র্যক তিনিটা পৰ্যায়ত ব্যাখ্যা কৰিব পাৰি, যথাঃ
(ক) জিনীয় পর্যায়ঃ একে প্রজাতিৰ ভিতৰত জিনীয় পর্যায়ত পার্থক্য থকা জীৱক জিনীয় বৈচিত্র্য বুলি কোৱা হয়। উদহৰণস্বৰূপে একে প্রজাতিৰ চাউলৰ মাজত প্রায় ৫০,০০০ জিনীয় প্ৰকাৰ থাকিব পাৰে।
(খ) প্রজাতিৰ পৰ্যায়: প্ৰজাতিৰ পর্যায়ত জিনীয় পার্থক্য থকাৰ উপৰিও এটা জাতিৰ মাজত বিভিন্ন উপ-পর্যায় বা প্রজাতি থাকে। প্রজাতিৰ পৰ্যায়ৰ এক উদাহৰণ হ’ল বাঘ আৰু সিংহ।
(গ) পৰিৱেশতন্ত্রঃ একোটা অঞ্চলত বাস কৰি থকা বিভিন্ন প্রাণী, উদ্ভিদ, অণুজীব সেই অঞ্চলৰ পাৰিৱেশিক উপাদানবোৰৰ স’তে একেলগে যি তন্ত্র গঢ়ি সেয়াই পৰিৱেশতন্ত্র।
জৈৱ বৈচিত্র্য আৰু মানব সমাজ: জৈৱ বৈচিত্র্যৰ লগত মানৱ সমাজৰ নিবিড় সম্পর্ক আছে। ই মানুহৰ জীবন প্রণালী, মানৱ সমাজৰ উন্নয়ন, মানুহৰ শাৰীৰিক আনকি মানসিক দিশকো প্রভাবিত কৰে। মানুহৰ কার্যকালপৰ বাবে কোনো অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে খেতি-বাতি বা বসবাসৰ বাবে কোনো অৰণ্য অঞ্চল ধ্বংস কৰিলে সেই অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পাই মৰুভূমিত পৰিণত হ’ব পাৰে। ফলত শস্য উৎপাদন হ্রাস পাই দুর্ভিক্ষই দেখা দিব পাৰে। সেই অঞ্চলত থকা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, প্রাণী, জীব-জন্তু আদিয়ে বাসস্থান হেৰুৱাই বিলুপ্ত হ’ব পাৰে। এই প্ৰভাৱ সুদূৰপ্ৰসাৰী আৰু ব্যাপকো হ’ব পাৰে।
জৈৱ বৈচিত্র্য সংৰক্ষণৰ প্ৰয়োজনীয়তা: প্রকৃতিৰ লগত মানুহৰ ওতঃপ্রোত সম্পর্ক আছে। কিয়নো মানুহো প্রকৃতিৰ এটি জীব। মানুহৰ প্ৰয়োজনী সকলো বস্তু প্রকৃতিৰ পৰাই লাভ কৰে। সেয়ে মানব জাতিৰ অস্তিত্বৰ বাবে জৈৱ বৈচিত্র্য সংৰক্ষণৰ প্রয়োজন আছে। ইয়াৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হ’ল-
(ক) জৈববৈচিত্র্যই কোনো এখন অঞ্চলক প্রাকৃতিক সম্পদত চহকী কৰে। প্রাকৃতিক সম্পদত অঞ্চল এটি যিমানে চহকী হয় সেই অঞ্চল সিমানে
অর্থনৈতিক প্রগতি লাভ কৰে।
(খ) প্রকৃতিত থকা জীব-জন্তু, গছ-লতা, হাবি- বননি, ভূমি, নদ-নদী, পাহাৰ-পৰ্বত আদি মানর জাতিৰ বাবে প্রয়োজনীয় সকলো বস্তুৰ ভাণ্ডাৰ। জৈৱ বৈচিত্র্য বিনষ্ট হ’লে এই ভাণ্ডাৰবোৰৰ ভাৰসাম্য নষ্ট হয় যি মানব জাতিৰ অস্তিত্বৰ বাবে ভাকুকিস্বরূপ।
(গ) জৈৱ বৈচিত্রত্যই বায়ুমণ্ডলত থকা গেছসমূহৰ ভাৰসাম্য ৰক্ষা কৰে। উদাহণৰস্বৰূপে হাবি-বননিত থকা গছ-গছনিয়ে মানুহৰ বাবে অতি প্রয়োজনীয় অক্সিজেন গেছৰ যোগান ধৰে। সেইদৰে জীৱৰ বাবে ক্ষতিকৰ কাৰ্বন-ডাই অক্সাইড গেছ নিয়ন্ত্রণ কৰে।
(ঘ) জৈৱ-বৈচিত্রই জলবায়ুৰ স্থিৰতা বজাই ৰাখে।
(ঙ) জৈৱ বৈচিত্র্যই খেতি-পথাৰৰ শস্যসমূহক বিভিন্ন প্ৰকাৰৰ কীট-পতংগ, ৰোগ-জীবাণু আদিৰ পৰা প্ৰাকৃতিক সুৰক্ষা প্রদান কৰে। উদাহৰণস্বৰূপে চৰাই-চিৰিকতিয়ে শস্যৰ বাবে অনিষ্টকৰ ফঙিৰ দৰে পতংগসমূহক খাই শস্য পথাৰক সুৰক্ষা দিয়ে।
(চ) জৈৱ বৈচিত্ৰত্যই পৰিৱেশ প্রদূষণ নিয়ন্ত্রণ কৰে।
(ছ) জৈৱ বৈচিত্র্যই প্রাকৃতিক পৰিৱেশত সৌন্দর্য দান কৰে। ফলত পর্যটন শিল্পই গা কৰি উঠি কর্মসংস্থপনৰ সৃষ্টি কৰিছে।
(জ) জৈৱ বৈচিত্ৰত্যই ভূমি ক্ষয় বোধ কৰে আৰু বহু সময়ত প্রাকৃতিক বিপর্যয়ক নিয়ন্ত্রণ কৰে।
জৈৱ বৈচিত্র্য সংৰক্ষণৰ উপায়: মানুহৰ সুখ- সমৃদ্ধি, আনন্দ-বিনোদন আদিৰ বাবে আৰু বিভিন্ন প্ৰকাৰৰ স্বাৰ্থন্বেষী কার্যকলপাৰ বাবে বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্র্য বিনষ্ট হৈ আছে। ইয়াৰ প্রত্যক্ষ আৰু পৰোক্ষ বিরূপ প্রভাৱ মানৱ জাতিৰ লগতে অন্যান্য জীৱকুলৰ ওপৰত পৰি আছে। বিজ্ঞানীসকলৰ মতে, প্রতি বছৰ কেইবা হাজাৰ প্ৰজাতিৰ প্ৰাণী বিশ্বৰ পৰা বিলুপ্ত হৈ আছে। ২০০৪ চনৰ এক সমীক্ষা মতে ভাৰতবৰ্ষত ৭৫০ প্রজাতিৰ গছ-বন আৰু প্রাণী বিলুপ্তৰ পথত। মানব জাতিৰ অস্তিত্ব যিহেতু প্রকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে জৈৱ বৈচিত্র্য সংৰক্ষণৰ একান্তই প্রয়োজন।
জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে আমি তলত উল্লেখ কৰা উপায় সমূহ গ্রহণ কৰিব পাৰো-
(ক) হাবি বননি ধ্বংস নকৰি সুৰক্ষা প্রদান কৰা আৰু অনাবাদী ভূমি, গ্রাম্যাঞ্চল, বাট-পথৰ দাঁতি আদিত অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰা।
(খ) প্লাষ্টিক, নাইলন আৰু ৰবৰ জাতীয় বস্তুৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা।
(গ) খেতি-পথাৰত কীটনাশক দ্রব্য, ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগ বন্ধ কৰি জৈৱিক সাৰ প্ৰায়োগ কৰা আৰু কীটনাশক দ্রব্য ব্যৱহাৰৰ সলনি প্রাকৃতিক উপায় অবলম্বন কৰা।
(গ) বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হোৱা উদ্ভিদ, প্রাণী, জীৱ-জন্তু আদিক সংৰক্ষণৰ বাবে বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা।
(ঘ) গ্রীণ হাউচ ইফেক্ট সৃষ্টি কৰা বিভিন্ন ডিভাহচসমূহৰ ব্যৱহাৰ বন্ধ কৰা বা হ্রাস কৰা।
(ঙ) পৰিৱেশৰ ক্ষতিকাৰক ধোঁৱা নিৰ্গত কৰা যান-বাহনৰ সংখ্যা নিয়ন্ত্রণ কৰা আৰু পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ উদ্ভাৱন কৰা।
(চ) পৰিৱেশৰ ক্ষতি সাধন কৰা কাঠ, কয়লা আদি দহন কৰা কাৰ্য নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ পৰিৱৰ্তে সৌৰশক্তি ব্যৱহাৰ সুচল আৰু সুলভ কৰা।
(ছ) পাৰমাণবিক বোমা বিস্ফোৰণ সম্পৰ্কীয় সকলো পৰীক্ষণ বন্ধ কৰা।
সামৰণি: জৈৱ বৈচিত্র্যৰ বাবেই পৃথিৱী নামৰ গ্রহখনত মানৱ জাতিৰ অস্তিত্ব সম্ভব হৈছে। সেয়ে আমি যিকোনো প্রচেষ্টা আৰু ত্যাগৰ বিনিময়ত জৈৱ বৈচিত্ৰ ৰক্ষা কৰিবই লাগিব। ইয়াৰ বাবে আমি উপৰিউক্ত উপায়সমূহ গ্রহণ কৰাৰ লগতে বিশ্বৰ প্রতিজন নাগৰিক আৰু প্ৰতিখন ৰাষ্ট্ৰই জৈৱ বৈচিত্র্য সংৰক্ষণৰ বাবে তৎপৰ হ’ব লাগিব। অন্যাথা পৃথিবী নামৰ এই অনন্য গ্রহটি মানৱ জাতিৰ বসবাসৰ বাবে অনুপযোগী হৈ ইয়াৰ বিলীন ঘটাব।