ছাত্র-ছাত্রী আৰু সমাজ সেৱা ৰচনা
“ছাত্র-ছাত্রী আৰু সমাজ সেৱা” মানুহ সামাজিক জীর। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীবন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্রাণী হিচাপে সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্ৰ-ছাত্ৰীৰ প্রধান কর্তব্য যদিও ছাত্র-ছাত্রীসকলো সামাজিক প্রাণী; সমাজৰ পৰাই সিহঁতে শিক্ষা-দীক্ষা লাভ কৰে বা শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে সমাজৰ প্রতি ছাত্র-ছাত্রীসকলৰো কৰ্তব্য আৰু দায়িত্ব আছে।
বর্তমান শিক্ষাৰ যুগ যদিও সমাজৰ অধিকাংশ মানুহ আজিও অশিক্ষিত আৰু সহজ-সৰল বা হজুৱা। সেয়ে বর্তমান বিজ্ঞান তথা যুক্তিৰ যুগত অশিক্ষিত সহজ-সৰল গাঁৱলীয়া লোকে নিজকে যুগৰ লগত খাপ খুৱাই নিজৰ অধিকাৰ তথা দায়িত্ব সাব্যস্ত কৰিব নোৱাৰে। তাৰ বিপৰীতে ছাত্র-ছাত্রীসকলে কিতাপ-পত্র, বাতৰি কাকত, আলোচনী আদি অধ্যয়ন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগত জড়িত হৈ সভ্যতাৰ সর্বাধুনিক গতি-বিধিৰ বিষয়ে সহজে ভূ পাব পাৰে। সেয়ে অশিক্ষিত গাঁৱলীয়া আৰু হোজা লোকসকলক ছাত্র-ছাত্রীসকলে সভ্যতা আৰু বিকাশৰ দিশত হাতে হাত ধৰি আগবঢ়াই লৈ যাব লাগিব। স্কুল-কলেজত থকা বিভিন্ন সমাজ সেৱা বিভাগ যথা- এ. চি. চি., এন. চি. চি, এন. এছ, এছ, স্কাউট আৰু গাইড আদিত ছাত্র-ছাত্রীসকলে অংশ গ্রহণ কৰি সমাজ সেৱাত যোগদান কৰিব পাৰে।
ছাত্র-ছাত্রী সকলৰ বাবে সমাজ সেবামূলক কাম কাজৰ বিভিন্ন দিশ আছে, যথা-
সমাজৰ অধিকাংশ মানুহেই অশিক্ষিত। সেয়ে ভাৰতবৰ্ষ, পাকিস্থান, আফগানিস্থান, নেপাল আদিৰ দবে অনুন্নত দেশত প্রতিজন ছাত্র-ছাত্রীয়ে আজৰি সময়ত দুই চাৰিজন অশিক্ষিত লোকক সাক্ষৰ কৰি তুলিব পাৰে।
প্রাকৃতিক দুর্যোগ যথা- বানপানী, খৰাং বতৰ, ভূমিকম্প, মহামাৰী আদিৰ সময়ত ছাত্র-ছাত্রীসকলে ওলাই আহি সর্বসাধাৰণ লোকক সহায় কৰিব পাৰে পাৰে, ঔষধ-পাতি, কাপোৰ-কানি বিতৰণ কৰিব পাৰে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্রদান কৰিব পাৰে।
আজিৰ বিজ্ঞানৰ চৰম উৎকৰ্ষৰ যুগতো বহুতো অঞ্চলত কুসংস্কাৰ, অন্ধবিশ্বাস, বাল্য বিবাহ আদি প্রচলিত হৈ আছে। ছাত্র-ছাত্রী সকলে যুক্তিৰ ভিত্তিত সৰ্বসাধাৰণক বুজাই-বঢ়াই এনেকুৱা কুসংস্কাৰ আঁতৰ কৰিব পাৰে।
অসম তথা ভাৰতৰ অধিকাংশ অঞ্চলত আজিলৈকে উপযুক্ত ৰাস্তা-ঘাট, দলং আদিৰ বিকাশ হোৱাহি নাই। ছাত্র-ছাত্রীসকলে সিহঁতৰ বিভিন্ন সেৱামূলক সংগঠনৰ যোগেদি প্রয়োজনীয় ৰাস্তা-ঘাট, দলং আদি নির্মাণত অৰিহণা যোগাব পাৰে।
শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে খেলা-ধূলা অপৰিহাৰ্য্য। ছাত্র-ছাত্রীসকলে নিজকে খেলা-ধূলাৰ লগত জড়িত ৰাখি সৰ্বসাধাৰণ ৰাইজকো খেলা-ধূলাৰ উপকাৰিতাৰ বিষয়ে বুজাই খেলা-ধুলাৰ উপযুক্ত পৰিৱেশ ৰচনা কৰিব পাৰে।
বর্তমান বিশ্বত জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাই আছে বাবে নিঝুবা সমস্যাও প্রকট ৰূপ ধাৰণ কৰিছে। ছাত্র-ছাত্রীসকলে নিবনুৱাসকলক কর্ম সংস্থান পোৱাৰ এক সহায়ক উপায় হিচাপে আত্মসহায়ক গোট স্থাপন কৰি তাৰ যোগেদি কিছু পৰিমাণে হ’লেও অর্থ সাহাৰ্য্য দি বা দিহা-পৰামৰ্শ আগবঢ়াই সমাজৰ প্রতি সেৱা আগবঢ়াব পাৰে।
যি জাতি যিমানেই শিক্ষিত, সেই জাতি সিমানেই উন্নত। সেয়ে ছাত্র-ছাত্রীসকলে সমাজত সামাজিক পুথিভঁৰাল স্থাপন কৰি গাঁৱলীয়া মানুহক পুথি অধ্যয়নত উৎসাহ যোগাব পাৰে।
পৰিবেশ সচেতনতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ কর্তব্য আছে। আজিকালি ৰাসায়নিক বা কৃত্রিম সা-সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰ, ৰবৰ বা প্লাষ্টিক জাতীয় প্ৰৱ্যৰ ব্যৱহাৰ, খেতি-পথাৰত কীট নাশক দ্রব্যৰ ব্যৱহাৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পেলনীয়া পদার্থ, যান-বাহনৰ পৰা ওলোৱা অতিপাত শব্দ আদিয়ে আমাৰ পৰিৱেশ তথা মাটি, পানী, বায়ু আদি প্রদুষিত কৰি আছে। ছাত্র-ছাত্রীসকলে এই প্রদূষণৰ বিষয়ে জনসাধাৰণক সচেতন কৰি প্রদূষণমুক্ত পৃথিবী গঢ়াৰ বাবে উদ্বুদ্ধ কৰিব পাৰে।
ছাত্র-ছাত্রীসকলে কৰিব পৰা সমাজ সেৱাৰ আন এটি দিশ হৈছে বৃক্ষ ৰোপন। বৃক্ষ ৰোপনে প্রাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ উপৰিও সৌন্দর্য বৃদ্ধি কৰে। আমি যদি ইতিহাসৰ পাতলৈ লক্ষ্য কৰো, তেন্তে দেখা পাম যে প্রায় সৰহভাগ মহান ব্যক্তিয়েই ছাত্র জীৱনৰ পৰাই সামাজিক কাম-কাজৰ লগত জড়িত আছিল। সেয়ে মহান ব্যক্তিসকলৰ আদর্শ শিৰোগত কৰি পাঠ্যপুথি অধ্যয়ন কৰাৰ আঁৰে আঁৰে ছাত্র- ছাত্রীসকলে বিভিন্ন গঠনমূলক সমাজ সেবাত মনোনিবেশ কৰা উচিত। ০০০