Home Ass Grammar কানাইৰ চাতুৰী Class 10 Assamese Chapter 13

কানাইৰ চাতুৰী Class 10 Assamese Chapter 13 [Updated ২০২৫]

0
Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি কানাইৰ চাতুৰী Class 10 Assamese Chapter 13 ৰ প্রশ্নোত্তৰ ইন্টাৰনেটত বিচাৰি আছে, তেনেহলে আপুনি সঠিক স্থানত উপনীত হৈছে। আজি আমি এই পোস্টত কানাইৰ চাতুৰী Class 10 Assamese Chapter 13 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

কানাইৰ চাতুৰী Class 10 Assamese Chapter 13 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- খ (ঐচ্ছিক)

পদ্যাংশ

কানাইৰ চাতুৰী (কাণখোৱা' পুথিৰ পৰা)

শ্ৰীধৰ কন্দলী

চমু 

প্রশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰঃ সমনীয়া গোপ বালকসকলে আহি কৃষ্ণক টোপনিৰ পৰা জগাবলৈ যশোদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিনলৈ টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি কৃষ্ণই কৈছিল।

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? HSLC ’17, 22, 24

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

(ঘ) ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায়।” ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে? HSLC ’19

উত্তৰঃ ইয়াত ব্ৰহ্মা আদি চৰাচৰে শ্ৰীকৃষ্ণক সেৱা কৰে বুলি কোৱা হৈছে।

(ঙ) কপিল মুনিৰ মাতৃৰ নাম কি? HSLC ’16, 18, 22, 24

উত্তৰঃ কপিল মুনিৰ মাতৃৰ নাম দেৱাহুতি।

(চ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? HSLC ’16, 17

উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

(ছ) কৃষ্ণই ক’লৈ গুচি যাব বুলি মাকক কৈছে? HSLC ’12

উত্তৰঃ কৃষ্ণই মথুৰাত থকা দৈৱকী মাতৃৰ ওচৰলৈ গুচি যাব বুলি কৈছিল।

(জ) ‘দুৰ্যশ কলংক সুমৰন্তে” – ‘সুমৰন্তে’ শব্দৰ অর্থ লিখা। HSLC ’12

উত্তৰঃ সুমৰন্তে শব্দৰ অৰ্থ ‘সোঁৱৰণ কৰা’।

(ঝ) অর্থ লিখা: চৌপৰ, ৰজনী উত্তৰঃ চৌপৰ চাৰি প্ৰহৰ ৰজনী: ৰাতি। বচনাধর্মী প্রশ্নোত্তৰ HSLC ’15

১। তথাপি তোহোক দেখন্তে ডৰত উৰি জায় মোৰ জীউ। এই কথাষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। HSLC 22

উত্তৰঃ মাতৃ যশোদাক ভয় কৰি কৃষ্ণই উক্ত কথাষাৰ কৈছে। কথাষাৰৰ মাজেদি জগতৰ ঈশ্বৰ কৃষ্ণৰ বাল্যলীলা প্রকাশ পাইছে। শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ হৈয়ো মাক যশোদাৰ গালি-শপনি আৰু ভৎর্সনা শুনিব লগা হৈছে। সাধাৰণ ল’ৰা-ছোৱালীয়ে মাকক ভয় কৰাৰ দৰে কৃষ্ণয়ো মাক যশোদাক ভয় কৰিছে।

২। ‘মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম।’ – কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? HSLC ’15

উত্তৰঃ ইয়াত শ্রীকৃষ্ণ (বিষ্ণু)ই মোহিনী ৰূপ ধাৰণ কৰিছিল বুলি কোৱা হৈছে। এবাৰ দেৱতা আৰু অসুৰসকলে সাগৰ মন্থন কৰি যি অমৃত পাইছিল সেহখিনি খাবলৈ দেৱতা আৰু অসুৰ বিলাকৰ মাজত কাজিয়া লাগিছিল। দেৱতাসকলৰ দৰে যদি অসুৰ বিলাকেও অমৃত খাবলৈ পায়, তেন্তে সিহঁতেও দেৱতাবিলাকৰ দৰে অজৰ- অমৰ হ’ব। তেতিয়া অসুৰ বিলাকৰ পাপাচাৰত গোটেই পৃথিৱী অধৰ্মৰে ভৰি পৰিব বুলি আশংকা কৰি দেৱতাৰ কাৰ্য সাধন কৰিবলৈ ভগৱান বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰিছিল। বিষ্ণুৰ মোহিনী ৰূপত অসুৰ বিলাক ভোল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। এনেদৰে বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল।

৩। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। HSLC ’16, ’20

নাইবা

মোহোৰ মুখত লাজ লাগে বৰ তোহোৰ গুণ কহন্তে।” -কাৰ গুণৰ কথা কোৱা হৈছে? এইগুণবোৰক ক’বলৈ বক্তাৰ কিয় লাজ লাগে বর্ণনা কৰা। HSLC ’19

উত্তৰঃ মাতৃ যশোদাৰ গুণ বখানিবলৈ শ্ৰীকৃষ্ণৰ লাজ লাগে। যশোদা হৈছে গোপসকলৰ ৰজা নন্দৰ পত্নী। তেওঁৰ ধন-সম্পত্তিৰ অভাৱ নাই তথাপি শ্রীকৃষ্ণক সোণৰ বাঁহী এটা দি নোৱাৰিলে। যশোদাই আধা পাক ভাত খুৱাই কৃষ্ণক গৰু চৰাবলৈ পঠাইছিল। ৰাজকুমাৰ হোৱাৰ পৰেও তেওঁৰ কাপোৰ সাধাৰণ আছিল। তেলৰ অভাৱত চুলিত জঁট বান্ধিছিল। সেয়েহে, কৃষ্ণই মাতৃ যশোদাক ভয় দেখুৱাই জন্মদাতৃ মাক দৈৱকীৰ ওচৰলৈ যাব বুলি কৈছিল।

৪। চমু টোকা লিখাঃ শ্রীধৰ কন্দলি HSLC ’12

উত্তৰঃ শ্রীধৰ কন্দলি অসমীয়া বৈষ্ণব কবি। তেওঁ মহাপুৰুষ শংকৰদেৱৰ পাছৰ সময়ৰ। তেওঁৰ কাব্য ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীর্তন’। ‘কাণখোৱা’ নিচুকনি গীতৰ আর্হিত লিখা। বিষ্ণু অৱতাৰৰ লীলা সহজ ভাষাত বৰ্ণনা কৰা হৈছে। কাব্যখন দুই অংশত ভাগ। প্রথম অংশত কৃষ্ণৰ ভয়ত টোপনি যোৱা কথা আৰু দ্বিতীয় অংশত মাকে জগাবলৈ যোৱাৰ সময়ত কৃষ্ণৰ অভিমান বৰ্ণনা কৰা হৈছে।

৫। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে ধৰণৰ কাৰ্য সমাধা কৰিছিল পাঠটিৰ আলমত বর্ণনা কৰা। HSLC ’18

উত্তৰঃ কৃষ্ণই বিভিন্ন সময়ত অৱতাৰ ধাৰণ কৰি অলৌকিক কার্য সমাধা কৰিছিল। নিজ ৰূপত বিশ্বব্রহ্মাণ্ডসৃষ্টি কৰিছিল। নাৰায়ণ ৰূপে ব্ৰহ্মাক জন্ম দি বেদৰ জ্ঞান দিছিল। চতুর্ভুজ ৰূপে অসুৰৰ ভয়ত দেৱতাসকলক উদ্ধাৰ কৰিছিল। মোহিনী রূপে অমৃত পীয়াই দেৱতাসকলক অমৰ কৰিছিল। বামন ৰূপে বলিৰ দর্পচূর্ণ কৰিছিল। এদেনদৰে শ্রীকৃষ্ণই নানান অৱতাৰ ধাৰণ কৰি বহুতো অলৌকিক কার্য সমাধান কৰিছিল।

৬। কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে উদ্ধাৰ কৰিলে?

উত্তৰঃ কবিতাটোত যশোদাক ‘কাঠবাজী’ বুলি কৈছে। ‘কাঠবাজী’ৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱৰা তিৰোতা। কৃষ্ণই পুত্র ৰূপে জন্ম লৈ যশোদাক ‘কাঠবাজী’ অপবাদৰ পৰা মুক্তি দিছিল।

৭। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) ‘কাঠবাজী বুলি জগতে হাসয় দেখিলে সুমৰি হৰি। মই আসি তোৰ ঘৰে পুত্র ভৈলো সিটো দুখ দূৰ কৰি।।’ HSLC ’15

উত্তৰঃ উক্ত কবিতাফাকি শ্রীধৰ কন্দলিৰ ‘কানাইৰ চাতুৰী’ কবিতাৰ পৰা লোৱা। এই কবিতাফাকিত শ্রীকৃষ্ণৰ মাতৃ যশোদাৰ দুখ দূৰ কৰাৰ কথা উল্লেখ কৰা হৈছে। যশোদাক ‘কাঠবাজী’ বুলি অপবাদ দিয়া হৈছিল। কৃষ্ণই পুত্র হিচাপে জন্ম লৈ যশোদাক এই অপবাদৰ পৰা মুক্তি দিয়ে। কিন্তু যশোদাই তেওঁৰ মৰম যথাযথভাবে বুজিব নোৱাৰাত কৃষ্ণই দুখ কৰিছিল।

(খ) ‘মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। তোমাৰ ঘৰে আসি বৰ যশ পাইলো লৈলো দধি চোৰ নাম।।’ HSLC ’15

উত্তৰঃ উক্ত কবিতাশাৰী শ্ৰীধৰ কন্দলিৰ ‘কানাইৰ চাতুৰী’ৰ পৰা লোৱা হৈছে। ইয়াত শ্রীকৃষ্ণৰ দুখ আৰু অভিমান প্রকাশ পাইছে। তেওঁ মোহিনী ৰূপে দেৱতাসকলৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত পুত্ৰ হৈ জন্ম লৈও তেওঁ অবহেলা পাইছিল। যশোদাই সময়মতে তেওঁক ভালকৈ খুৱাওঁতেও ব্যর্থ হৈছিল। ইয়াত দধি চোৰ নাম পোৱাৰ কথা উল্লেখ কৰি কৃষ্ণই অভিমান প্রকাশ কৰিছে।

(গ) ‘মই নাৰায়ণ তুমি গোৱালৰ জীউ। তথাপি তোহোক দেখন্তে ডৰত উৰি যায় মোৰ জীউ।।’ জগত কাৰণ HSLC ’11, 13, 14

উত্তৰঃ উক্ত কবিতাফাঁকি শ্রীধৰ কন্দলিয়ে ৰচনা কৰা ‘কানাইৰ চাতুৰী’ শিৰোনামাৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতাফাঁকিৰ মাজেদি কৃষ্ণৰ মানৱৰূপী বাল্য লীলা প্রকাশ পাইছে। ইয়াত শ্রীকৃষ্ণৰ বাল্য লীলাৰ ছবি ফুটাই তুলিছে। তেওঁ জগতৰ সৃষ্টিকর্তা আৰু পালনকর্তা হলেও, যশোদাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল। যশোদাৰ সামান্য মাতৃস্নেহত তেওঁৰ হৃদয় কম্পিত হৈছিল।

৮। কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল?

উত্তৰঃ বামন আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুয়ে বাওনা মানুহৰ ৰূপ লৈ বামন অৱতাৰ ধাৰণ কৰিছিল। তেওঁ অহংকাৰী দৈৱৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰাৰ ছলেৰে এওঁক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰাৰ বাবে তেওঁৰ যি অহংকাৰ হৈছিল তাক বিনাশ কৰিছিল।

৯। ‘কানাইৰ চাতুৰ’ কবিতাটিৰ মূলভাৱ লিখা। HSLC ’19

উত্তৰঃ শ্রীকৃষ্ণ হৈছে বিশ্বজগতৰ ঈশ্বৰ। বিশ্বৰ চৰাচৰ সকলো প্রাণীয়ে তেওঁকেই সেৱা কৰে। তেওঁ বিভিন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰি বহুতো অসাধাৰণ কাৰ্য সমাপন কৰিছে। তেওঁ এবাৰ মোহিনী ৰূপ ধৰি দেৱতাসকলক অমৃত খুৱাই অমৰ কৰিছে। কিন্তু এইজন কৃষ্ণই যশোদাৰ ঘৰত পুত্ৰ হিচাপে জন্ম গ্রহণ কৰি মাতৃ যশোদাৰ পৰা অৱহেলা পাইছে। মাতৃ যশোদাই তেওঁক পেট পুৰাই খাবলৈয়ো দিয়া নাই। তাৰোপৰি সামান্য দধি খোৱাত ‘দধিচোৰ’ বুলি অপবাদ পাইছে।

১০। “আন কাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি।” কোনে কাক উদ্দেশ্য কৰি এইদৰে কৈছে? বুজাই লিখা। HSLC ’16, ’22

উত্তৰঃ মাতৃ যশোদাই পুত্ৰ শিশু কৃষ্ণক এইদৰে কৈছে। উক্ত কথাষাৰৰ জৰিয়তে শ্রীকৃষ্ণৰ মানৱীয় শিশু- লীলা প্রকাশ পাইছে। শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ হলেও তেওঁ যশোদাৰ ঘৰত পুত্ৰৰূপে জন্ম লৈছিল। যশোদাৰ কাঠবাজি দুর্ণাম দূৰ কৰিবলৈ তেওঁ চেষ্টা কৰিছে। কিন্তু মাতৃ যশোদাই শ্রীকৃষ্ণৰ মহিমা বুজিব পৰা নাছিল, যাৰ ফলত তেওঁক ‘দধিচোৰ’ বুলি অপবাদ দিয়া হৈছিল। যশোদাই পুত্র কৃষ্ণক প্রায়েই গালি-শপনি দিছিল আৰু কেতিয়াবা তেওঁক বান্ধিও থৈছিল। উক্ত কথাষাৰৰ দ্বাৰা যশোদাই পুত্ৰ কৃষ্ণৰ ওচৰত নিজৰ দোষ মৰিষণ কৰিবলৈ আবেদন কৰিছে।

১১। “কথাক কহন্তে ক্রন্দন আসয় যত অপমান পাওঁ।” -ইয়াত কোনে কি অপমান পোৱাৰ কথা কৈছে? HSLC ’18

উত্তৰঃ ইয়াত কৃষ্ণই মাক যশোদাৰ পৰা পোৱা অপমানৰ কথা কৈছে। শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ হলেও তেওঁ যশোদাৰ ঘৰত পুত্ৰৰূপে জন্ম লৈছিল। যশোদাই তেওঁৰ মাহাত্ম্য বুজি নোপোৱা বাবে কৃষ্ণক ‘দধিচোৰ’ বুলি অপবাদ দিছিল। মাকে তেওঁক প্রায়েই গালি-শপনি পাৰিছিল আৰু কেতিয়াবা গৰুৰ পঘাৰে বান্ধিও থৈছিল। এই অপমানৰ কথা কওঁতে কান্দোন আহে কৃষ্ণই নিজৰ মনৰ দুখৰ কথা ব্যক্ত কৰিছে।

১১। “গাততে পোততে পেটাৰি বান্ধন্তে ধনত লাগিবে জুই।” -ইয়াত কোনে কিয় ধনত জুইলাগিব বুলি কৈছে? HSLC ’17

উত্তৰঃ কথাাষাৰ শিশু কৃষ্ণই মাক যশোদাক উদ্দেশ্যি কৈছে। শ্রীকৃষ্ণ জগতৰ ঈশ্বৰ হলেও তেওঁ যশোদাৰ ঘৰত পুত্ৰৰূপে ধৰা দিছিল। যশোদা গোৱালসকলৰ ৰাণী আৰু তেওঁৰ ঘৰত অজস্র ধন-সোণ থকা সত্ত্বেও মাকে তেওঁৰ বাবে সোণৰ বাঁহী এখন দিব নোৱাৰিলে। কৃষ্ণৰ বাঁহৰ বাঁহী বজাওতে ওঁঠ ফাটি তেজ ওলাইছিল। এই কথা কৈ কৃষ্ণই মাক যশোদাৰ ধনত জুই লাগিব বুলি কৈছে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here